অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ভাৰতৰ সেউজ বিপ্লৱ

ভাৰতৰ সেউজ বিপ্লৱ:The Green Revolution in India আছিল ১৯৬০ চনৰ পৰা আৰম্ভ হোৱা এছোৱা সময়, যি সময়ত ভাৰতৰ কৃষি ব্যৱস্থাক প্ৰযুক্তি গ্ৰহণৰ দ্বাৰা আধুনিক ঔদ্যোগিক ব্যৱস্থালৈ ৰূপান্তৰিত কৰা হৈছিল।

হালনাগাদ: ৩১ মে’ ২০২৬ ৬২৯ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ সেউজ বিপ্লৱ:The Green Revolution in India আছিল ১৯৬০ চনৰ পৰা আৰম্ভ হোৱা এছোৱা সময়, যি সময়ত ভাৰতৰ কৃষি ব্যৱস্থাক প্ৰযুক্তি গ্ৰহণৰ দ্বাৰা আধুনিক ঔদ্যোগিক ব্যৱস্থালৈ ৰূপান্তৰিত কৰা হৈছিল। ইয়াত উচ্চ উৎপাদনক্ষম জাতৰ (HYV) বীজ, যান্ত্ৰিক কৃষি সঁজুলি, জলসিঞ্চনৰ সুবিধা, কীটনাশক ব্যৱহাৰ, আৰু সাৰ ব্যৱহাৰৰ দৰে প্ৰযুক্তিৰ অৱলম্বন কৰা হৈছিল। ভাৰতত এই পৰিৱর্তনৰ মূল নেতা আছিল কৃষি বিজ্ঞানী এম এছ স্বামীনাথন। এই সময়ছোৱা নৰমেন ব'ৰলগৰ দ্বাৰা আৰম্ভ কৰা বৃহৎ গ্ৰীন ৰেভলুছনৰ অংশ আছিল, তেও উন্নয়নশীল দেশত কৃষি উৎপাদনশীলতা বৃদ্ধিৰ বাবে কৃষি গৱেষণা আৰু প্ৰযুক্তি ব্যৱহাৰ কৰিছিল।১ শস্যৰ বিভিন্ন প্ৰজাতি বা শ্ৰেণী নিৰ্বাচন কৰি বিভিন্ন উপকাৰী গুণবিশিষ্ট যেনে: ৰোগ প্ৰতিৰোধ, সাৰৰ প্ৰতিক্ৰিয়া, উৎপাদনৰ গুণগত মান আৰু উচ্চ উৎপাদনক্ষমতা আদি বৈশিষ্ট্যৰ বাবে সংকৰ জাতৰ সৃষ্টি কৰিব পাৰি।

কংগ্ৰেছ নেতা লালবাহাদুৰ শাস্ত্ৰী আৰু ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বত ২৩ ভাৰতৰ ভিতৰত সেউজ বিপ্লৱ আৰম্ভ হয় ১৯৬৮ চনত, যাৰ ফলত বিশেষকৈ পঞ্জাব, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশত খাদ্য শস্যৰ উৎপাদন বৃদ্ধি পায়। এই কামৰ মূল মাইলৰ খুঁটি আছিল উচ্চ উৎপাদনক্ষম ঘেঁহুৰ প্ৰজাতিৰ বিকাশ,৪ আৰু ৰাষ্ট প্ৰতিৰোধক্ষম ঘেঁহুৰ নতুন প্ৰজাতি সৃষ্টিৰ উন্নয়ন।৫৬

উল্লেখযোগ্য ব্যক্তি আৰু প্ৰতিষ্ঠান

“ডেকা-বুঢ়া, শিক্ষিত-অশিক্ষিত কৃষকসকলে সহজেই নতুন কৃষি বিজ্ঞানৰ দিশত আগবাঢ়িছে। কলেজৰ স্নাতক যুৱক-যুৱতী, অৱসৰপ্ৰাপ্ত বিষয়া, প্ৰাক্তন সেনাবাহিনীৰ লোক, নিৰক্ষৰ কৃষক আৰু ক্ষুদ্ৰ কৃষকে নতুন বীজ ল’বলৈ শাৰী পাতি থকা দৃশ্য দেখি অভিভূত হৈ পৰিছো।” এম এছ স্বামীনাথন, (১৯৬৯) পঞ্জাব মিৰাকেল। ভাৰতৰ ইলাষ্ট্ৰেটেড উইকলি। ৭

ভাৰতৰ সেউজ বিপ্লৱৰ সময়ত কেইবাজনো লোকে কৰা প্ৰচেষ্টাৰ বাবে স্বীকৃতি লাভ কৰিছে-

  • ভাৰতৰ মূল স্থপতি বা সেউজ বিপ্লৱৰ পিতৃ এম.এছ. স্বামীনাথন।৮
  • সেই সময়ৰ খাদ্য আৰু কৃষি মন্ত্ৰী ভাৰতৰত্ন চিদাম্বৰম সুব্ৰমণিয়ামকসেউজ বিপ্লৱৰ ৰাজনৈতিক পিতৃ বুলি অভিহিত কৰা হৈছে।৯
  • দিলবাগ সিং আথৱাল,ক ঘেঁহু বিপ্লৱৰ পিতৃ বুলি কোৱা হয়।১০
  • আত্মৰাম ভৈৰৱ যোশীৰ দৰে বিজ্ঞানী।
  • ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (IARI)ৰ দৰে প্ৰতিষ্ঠান।

অনুশীলন

ঘেঁহু উৎপাদন

সেউজ বিপ্লৱৰ মূল সাফল্য আছিল অধিক উৎপাদনক্ষম ঘেঁহুৰ জাত৪আৰু ঘেঁহুৰ মৰিছা প্ৰতিৰোধী প্ৰজাতি বিকাশ কৰাৰ বাবে।৫ বীজৰ উচ্চ উৎপাদনক্ষম জাত (HYV) প্ৰৱৰ্তন আৰু সাৰ আৰু জলসিঞ্চনৰ কৌশলৰ মান উন্নত কৰাৰ ফলত দেশত খাদ্য শস্যৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাকৈ উৎপাদন বৃদ্ধি পালে, যাৰ ফলত ভাৰতত কৃষিৰ উন্নতি ঘটিল। লগতে অন্যান্য শস্যৰ সৈতে ঘেঁহুৰ সংকৰণ কৰি বেলেগ বেলেগ জাত যেনে, কল্যাণ সোণা আৰু সোণালিকা প্ৰৱৰ্তন কৰা হ’ল।১১ গ্ৰহণ কৰা পদ্ধতিসমূহৰ ভিতৰত আছিল আধুনিক কৃষি পদ্ধতিৰে বীজৰ উচ্চ উৎপাদনক্ষম জাত (HYVs)১২ ব্যৱহাৰ কৰা।

ঘেঁহুৰ উৎপাদনে ভাৰতৰ স্বাৱলম্বীতাক উচ্চ শিখৰত অৱস্থান কৰালে। উচ্চ উৎপাদনক্ষম বীজ আৰু জলসিঞ্চনৰ সুবিধাৰ লগতে কৃষকৰ উৎসাহে কৃষি বিপ্লৱৰ ধাৰণাটো গতিশীল কৰিলে। কিন্তু ৰাসায়নিক কীটনাশক আৰু সাৰৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ বাবে মাটি আৰু পথাৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে (যেনে, মাটিৰ অৱক্ষয়)।

অন্যান্য পদ্ধতি

আন আন পদ্ধতিসমূহৰ ভিতৰত আছে জলসিঞ্চনৰ আন্তঃগাঁথনি, কীটনাশক, কীটনাশক আৰু ঘাঁহনিনাশক ব্যৱহাৰ, হোল্ডিং একত্ৰিত কৰা, ভূমি সংস্কাৰ, উন্নত গ্ৰাম্য আন্তঃগাঁথনি, কৃষি ঋণৰ যোগান, ৰাসায়নিক বা কৃত্ৰিম সাৰ ব্যৱহাৰ, স্প্ৰিংকলাৰ বা ড্ৰিপ জলসিঞ্চন ব্যৱস্থাৰ ব্যৱহাৰ, উন্নত জলসিঞ্চনৰ ব্যৱহাৰৰ যন্ত্ৰপাতি।

সেউজ বিপ্লৱৰ যুক্তি

আন্তঃৰাষ্ট্ৰীয় দাতা সংস্থা আৰু ভাৰত চৰকাৰে জাৰি কৰা উন্নয়নমূলক কাৰ্যসূচীৰ অংশ হিচাপে ১৯৬৬-৬৭ চনৰ শেষৰ ফালে পঞ্জাৱত প্ৰথমবাৰৰ বাবে ভাৰতৰ সেউজ বিপ্লৱৰ আচনী প্ৰৱৰ্তন কৰা হয়।১৩

ব্ৰিটিছ ৰাজৰ সময়ত ভাৰতৰ কৃষি অৰ্থনীতি শোষণৰ একপক্ষীয় সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল আছিল।১৪ ফলস্বৰূপে যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল তেতিয়া দুৰ্বল দেশখন সঘনাই দুৰ্ভিক্ষ, আৰ্থিক অস্থিৰতা আৰু কম উৎপাদনশীলতাৰ সমস্যাত পৰি জুৰুলা হৈ পৰিছিল। এই কাৰকসমূহে ভাৰতত উন্নয়নৰ কৌশল হিচাপে সেউজ বিপ্লৱ ৰূপায়ণ কৰাতো অৱশ্যভাম্বী কৰি তুলিছিল।

সঘন দুৰ্ভিক্ষ: ১৯৬৪–৬৫ আৰু ১৯৬৫–৬৬ চনত ভাৰতত দুটা ভয়াৱহ খৰাং পৰিস্থিতিৰ পৰিপেক্ষিতত দেশৰ ক্ৰমবৰ্ধমান জনসংখ্যাৰ মাজত খাদ্যৰ নাটনি আৰু দুৰ্ভিক্ষই দেখা দিছিল।১৫ আধুনিক কৃষি প্ৰযুক্তিয়ে সঘনে হোৱা দুৰ্ভিক্ষক প্ৰতিহত কৰিবলৈ কৌশল আগবঢ়োৱা যেন দেখা গৈছিল।১৬ স্বাধীনতাৰ পূৰ্বে ভাৰতৰ দুৰ্ভিক্ষৰ সন্দৰ্ভত বিতৰ্ক চলি আছে, কিছুমানে যুক্তি দিছে যে ১৯শ আৰু ২০শ শতিকাত ব্ৰিটিছ কৰ আৰু কৃষি নীতিয়ে ইয়াক তীব্ৰতৰ কৰি তুলিছিল,১৬ আৰু আন কিছুমানে ঔপনিৱেশিক শাসনৰ প্ৰভাৱ দুৰ্ভিক্ষ ওপৰত নাই বুলিছিল।

বিত্তীয় অভাৱ: অৰ্থনৈতিক ভাবে দুৰ্বল কৃষকসকলে চৰকাৰ আৰু বেংকৰ পৰা ঋণ লাভ কৰাত অতি অসুবিধা পাইছিল আৰু সেয়েহে, ঋণদাতাসকলৰ সহজ চিকাৰ হৈ পৰিছিল। তেওঁলোকে উচ্চ হাৰত সুত লোৱা মালিকৰ পৰা ঋণ লব লগা লৈছিল, আৰু ঋণ পৰিশোধ কৰিব নোৱাৰি পিছলৈ কৃষকসকলে মালিকৰ পথাৰত কাম কৰি ঋণ পৰিশোধ কৰিব লগাত পৰিছিল (কৃষি শ্ৰমিক)। সেউজ বিপ্লৱৰ সময়ছোৱাত সঠিক বিত্তীয় সাহায্য দিয়া হোৱা নাছিল, যিয়ে ভাৰতৰ কৃষকসকলৰ বাবে বহুত সমস্যা আৰু দুখ-কষ্টৰ সৃষ্টি কৰিছিল। ঋণৰ অধীনত থকাসকলক চৰকাৰে সহায় কৰিছিল।

কম উৎপাদনশীলতাঃ ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যাৰ পৰিপ্ৰেক্ষিতত দেশৰ পৰম্পৰাগত কৃষি পদ্ধতিত উৎপাদন হোৱা খাদ্য পৰ্যাপ্ত নহৈছিল। ১৯৬০ চনৰ ভিতৰত এই কম উৎপাদনশীলতাৰ বাবে ভাৰতত খাদ্য শস্যৰ নাটনি অন্য উন্নয়নশীল দেশতকৈ অধিক ভয়াৱহ আছিল। কৃষি প্ৰযুক্তিৰ উন্নতিয়ে উৎপাদনশীলতা বৃদ্ধিত সুযোগ প্ৰদান কৰিছিল।১৬

তথ্যসূত্ৰ

  1. ↑ Hardin, Lowell S. 2008. "Meetings That Changed the World: Bellagio 1969: The Green Revolution." Nature (25 Sep 2008):470-71. Cited in Sebby 2010
  2. ↑ Swaminathan, M. S. (10 August 2009). From Green to Ever-Green Revolution. The Financial Express
  3. ↑ Rajagopal, Gopi. (13 October 2016). The Stories of Ehrlich, Borlaug and the Green Revolution. The Wire (India)
  4. ↑ About IARI. IARI
  5. ↑ (7 February 1950). Rust-resistant Wheat Varieties. Work at Pusa Institute. The Indian Express
  6. ↑ Newman, Bryan. 2007. "A Bitter Harvest: Farmer Suicide and the Unforeseen Social, Environmental and Economic Impacts of the Green Revolution in Punjab, India." Development Report 15. Food First. Cited in Sebby 2010
  7. ↑ Swaminathan, M. S. (2013-09-01). Genesis and Growth of the Yield Revolution in Wheat in India: Lessons for Shaping our Agricultural Destiny. Agricultural Research. পৃ. 183–188
  8. ↑ Rudolf, John Collins. (2010-01-19). Father of India's Green Revolution Says Nation Is Threatened by Global Warming. The New York Times
  9. ↑ Dugger, Celia W. (2000-11-10). Chidambaram Subramaniam, India's 'Green' Rebel, 90, Dies. The New York Times
  10. ↑ (15 May 2017). 'Father of Wheat Revolution' DS Athwal passes away. Hindustan Times
  11. ↑ The Green Revolution in India. U.S. Library of Congress (released in ৰাজহুৱা ক্ষেত্ৰ)
  12. ↑ Rowlatt, Justin. (2016-12-01). IR8: The miracle rice which saved millions of lives. BBC News
  13. ↑ Dutta, Swarup. (June 2012). Green Revolution Revisited: The Contemporary Agrarian Situation in Punjab, India. Social Change. পৃ. 229–247
  14. ↑ Davis, Mike. (2017). Late Victorian holocausts: El Niño famines and the making of the Third World. ISBN 978-1-78168-360-6
  15. ↑ Sangha, Kamaljit Kaur. (2014). Modern agricultural practices and analysis of socio-economic and ecological impacts of development in agriculture sector, Punjab, India - A review. Indian Journal of Agricultural Research. পৃ. 331
  16. ↑ Jain, H. K. (2012). Green revolution: history, impact and future. Studium Press LLC. ISBN 978-1-4416-7448-7

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ সেউজ বিপ্লৱ” প্ৰবন্ধৰ সংশোধন ৬১০২৫০ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।