ব্ৰাজিলৰ শ্ৰুতিকথা (ইংৰাজী: Brazilian mythology) বা ব্ৰাজিলৰ পৌৰাণিক কাহিনী হৈছে ব্ৰাজিলৰ বিভিন্ন উৎসৰ সাংস্কৃতিক উপাদানৰ সৈতে ব্ৰাজিলৰ লোককথা, পৰম্পৰা, কিংবদন্তি চৰিত্ৰ আৰু স্থান, মানুহ আৰু দেৱতা সম্পৰ্কীয় বিশ্বাসসমূহ সন্নিবিষ্ট কৰা জনশ্ৰুতিৰ সম্ভাৰ। আদিতে এই শ্ৰেণীটো থলুৱা উপাদানৰ বাবে সীমাবদ্ধ আছিল যদিও বৰ্তমান তলৰ বিষয়সমূহো অন্তৰ্ভুক্ত কৰি ইয়াক সম্প্ৰসাৰিত কৰা হৈছে:
- পৰ্তুগীজ বসতিপ্ৰধান লোকসকলে অনা মধ্যযুগীয় আইবেৰিক পৰম্পৰা;
- ইউৰোপৰ অন্যান্য ৰাষ্ট্ৰ যেনে ইটালী, জাৰ্মানী আৰু পোলেণ্ডৰ লোককথা;
- ঔপনিৱেশিক সময়ত আফ্ৰিকানসকলে দাস হিচাপে ব্ৰাজিললৈ অনা আফ্ৰিকান ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা;
- তিনিটা ভিন্ন পৰম্পৰাৰ সংস্পৰ্শৰ ফলত ব্ৰাজিলত উৎপত্তি হোৱা উপাদানসমূহ;
- পুৰণি পৰম্পৰাৰ পুনৰ ব্যাখ্যা কৰা সমসাময়িক উপাদান।
ব্ৰাজিলৰ পৌৰাণিক কাহিনীৰ বহু উপাদান আন দেশৰ পৰম্পৰাৰ বিশেষকৈ দক্ষিণ আমেৰিকাৰ প্ৰতিবেশী দেশ আৰু পৰ্তুগালৰ পৰম্পৰাৰ পৰা অনুপ্ৰাণিত হৈছে।
কিংবদন্তি চৰিত্ৰ
আলেমোয়া (Alemoa) – ফাৰ্নাণ্ডো ডি ন’ৰ’নহা দ্বীপৰ সৈতে জড়িত এগৰাকী জাৰ্মান-সদৃশ মুখাৱয়ব মহিলা ভূত। তাই অবিবেচক পুৰুষক প্ৰলোভিত কৰি মৃত্যুৰ ফালে কঢ়িয়াই লৈ ফুৰে বুলি কোৱা হয়। "Alemoa" হৈছে পৰ্তুগীজ ভাষাৰ "alemã" শব্দৰ অপ্ৰভংশ
আনহাংগা (Anhangá)১২ – প্ৰায়ে জীৱ-জন্তু (বিশেষকৈ মাইকী আৰু পোৱালি)ক সুৰক্ষা প্ৰদান কৰা আৰু ৰঙা চকুৰ বগা হৰিণ হিচাপে দেখা দিয়া এটা আত্মা। একে উচ্চাৰণৰ বাবে আনহাংগাক প্ৰায়ে আনহাংগুৱেৰা (Anhanguera) বুলি ভুল কৰা হয় যদিও আনহাংগাক ভয় কৰা হয় যদিও চয়তান বুলি গণ্য কৰা নহয়। এটা কিংবদন্তিমতে এজন খিলঞ্জীয়া ব্যক্তিয়ে এবাৰ তাৰ মাকক আকৰ্ষণ কৰিবৰ বাবে এটা পোৱালিক অত্যাচাৰ কৰিছিল। তাই ওচৰ পাওঁতে সি তাইক হত্যা কৰিলে মাথোঁ এইটো বুজিবলৈ যে অনহাংগাই ভ্ৰম ব্যৱহাৰ কৰাৰ বাবে সি নিজৰ মাকক হত্যা কৰিলে।
আনহাংগুৱেৰা (Anhanguera) – প্ৰাথমিক জেচুইট মিছনেৰীসকলে চয়তানৰ সমতুল্য হিচাপে ব্যৱহাৰ কৰা নাম।
বেৰ্ণুকা (Bernunça) – চাণ্টা কাটাৰিণা ৰাজ্যৰ লোককথাৰ এটা অদ্ভুত জন্তু।
বেষ্টা-ফেৰা (Besta-fera) – অশ্বনৰৰ দৰে জীৱ, যাক চয়তান বুলি ভবা হয়। নামটোক মোটামুটিভাৱে "ফেৰেল বিষ্ট" বুলি অনুবাদ কৰিব পাৰি।
বয়-বুম্বা (Boi-Bumbá) – এই জীৱটোক বুম্বা মেউ বয় বুলিও কোৱা হয়।৩
বইটাটা (Boitatá) – ম’হৰ শিং আৰু বিশাল অগ্নিসম জ্বলন্ত চকু থকা এটা বিশাল সাপ। ই ৰাতি মুকলি পথাৰত হাঁহি হাঁহি ঘূৰি ফুৰে। কেতিয়াবা প্ৰকাণ্ড অগ্নিময় সাপ বুলিও বৰ্ণনা কৰা হয়। ইয়াৰ চকুলৈ চালে মানুহ অন্ধ হৈ পৰে।
বইউনা (Boiuna) – এটা বিশাল, নিশাচৰ সাপ যিটো আমাজনৰ নদীৰ ব্যক্তিত্ব আৰু সেই অঞ্চলত বাস কৰা বহু বাসিন্দাই ইয়ালৈ ভয় কৰে। ‘দ্য ৰিভাৰ’ নামৰ এক দূৰদৰ্শন অনুষ্ঠানৰমতে এয়া এক পবিত্ৰ অঞ্চল আৰু তাত কোনো প্ৰৱেশ কৰিব নালাগে।৪
বটো – এনকেণ্টাডো নামৰ আমাজন নদীৰ এটা ডলফিন। ই এজন সুদৰ্শন পুৰুষৰ ৰূপ লৈ যুৱতীসকলক ভোলাবলৈ যত্ন কৰে। সিহঁতক গৰ্ভধাৰণ কৰাৰ পিছত তেওঁ মহিলাগৰাকীক পৰিত্যাগ কৰে আৰু কেতিয়াও সেই একেটা ছদ্মবেশ ধাৰণ তাইৰ গাঁৱলৈ উভতি নাহে। এই কাহিনীটোৰ দ্বাৰা সম্ভৱতঃ অকলশৰীয়া মাতৃসকলে পিতৃহীন সন্তানক তেওঁলোকৰ পিতৃ কোন সেয়া বুজাবলৈ চেষ্টা কৰিছিল।
বুম্বা-মেউ-বয় (Bumba-meu-Boi) – হৈছে এটা ষাড় গৰু আৰু ই ব্ৰাজিলৰ উত্তৰ অঞ্চলৰ জনগোষ্ঠীসমূহে নৃত্য আৰু সংগীতেৰে উদযাপন কৰা লোককথাৰ অংশ।৩
কাবেকা ছাণ্টানিকা (Cabeça Satânica) – ইউৰোপীয় মূলৰ এটা ব্ৰাজিলৰ বিচৰণকাৰী মূৰৰ ভৌতিক কাহিনী। ৰাতি অকলে বিচৰণ কৰা মানুহে তেওঁৰ ফালে পিঠি দি থকা এজন অচিনাকি মানুহ এজন দেখা পায়। ইয়াৰ শৰীৰটো গলি গৈ মাটিত মিলি যায় আৰু কেৱল তাৰ দীঘল চুলি, বহল চকু আৰু এটা ডাঙৰ দুষ্টামিপূৰ্ণ হাঁহি থকা মূৰটোহে বাকী থাকে। ভুক্তভোগীৰ ফালে জঁপিয়াই বা বাগৰি যায়। ইয়াৰ নামৰ অৰ্থ হৈছে "চয়তানৰ মূৰ"।
কাইপোৰা (Caipora) – কাইপোৰা হৈছে অৰণ্যৰ আত্মা। ই গছত বাস কৰে আৰু ৰাতি ওলাই আহি বাট হেৰুওৱা লোকসকলক খেদি ফুৰে।
কেপেলোবো (Capelobo) – এটা সংকৰ অদ্ভুত জীৱ যাৰ মূৰটো এটা এণ্টইটাৰৰ দৰে, শৰীৰটো মানুহৰ দৰে, আৰু পিছফালটো ছাগলীৰ দৰে। এই জীৱটোৱে নিৰ্মমভাৱে আক্ৰমণ কৰি নিজৰ ভুক্তভোগীক হত্যা কৰে, তেওঁলোকৰ মগজু চুহি খায়।৫
চাই (Ci) – টুপিয়ানসকলৰ আদিম দেৱী (নামটোৰ অৰ্থ হৈছে "মাতৃ")।
কোব্ৰা-গ্ৰেণ্ড (Cobra-Grande) – সাপৰ দৰে এটা বিশাল জীৱ।
কৰ্পো-চেকো (Corpo-Seco) – ইমানেই দুষ্ট মানুহ যে পৃথিৱীয়ে তাৰ মাংস নপচাই আৰু চয়তানেও তাৰ আত্মা ঘূৰাই দিয়ে। অন্তিম বিচাৰৰ দিনলৈকে সি জগতত নিষ্ফলভাবে বিচৰণ কৰি ফুৰে বুলি কোৱা হয়।
কুকা (Cuca) – ভাবুকিপূৰ্ণ, অতিপ্ৰাকৃতিক, পুৰণি কিংবদন্তি জীৱ। তাই সোনকালে শুই নোযোৱা সৰু ল’ৰা-ছোৱালীক আক্ৰমণ আৰু অত্যাচাৰ কৰে। তাইৰ নামটো "লাওখোলা" বা “নিষ্ঠুৰ” অৰ্থ প্ৰকাশ কৰা পৰ্তুগীজ শব্দৰ পৰা আহিছে।৬
কুৰুপিৰা (Curupira) – এবিধ (পুৰুষ) অৰণ্যৰ জিন বা বন্য দানৱ যিয়ে অৰণ্যৰ জীৱ-জন্তু আৰু গছক সুৰক্ষা দিয়ে। ইয়াৰ চুলি ৰঙা জুইলৈ পৰিণত কৰাৰ ক্ষমতা আছে আৰু পিছফাললৈ মুখ কৰি থকা ভৰি দুখনে চিকাৰীক বিভ্ৰান্ত কৰিব পাৰে। চিকাৰী আৰু কাঠ কটা মানুহক ই ঘৃণা কৰে। ব্ৰাজিলৰ লোককথাৰ ইতিহাসত নথিভুক্ত হোৱা এইটোৱেই আছিল প্ৰথম জীৱ।৭
এনকাণ্টাডো (Encantado) – এই জীৱবিধ যাদুকৰীভাৱে চিৰদিন অন্য এক মাত্ৰাত আবদ্ধ হৈ থাকে কিন্তু অভাগা জীৱন যাপন কৰে।
হোমেন ডু থাকো (Homem do Saco; আক্ষৰিক অৰ্থত, "বস্তা মানুহ" বা "মোনা মানুহ") – এজন মধ্যবয়সীয়া বা বয়সস্থ ব্যক্তি। এই ব্যক্তিজনে ঘৰে ঘৰে গৈ দুষ্ট সৰু ল'ৰা-ছোৱালীক নিজৰ মোনা বা বস্তাত ভৰাই লৈ যায়। এই কাহিনীটো ভাল কাম নকৰিলে ভয় খুৱাবৰ বাবে মাক-দেউতাকে ল’ৰা-ছোৱালীক কৈছিল।
ইয়াৰা (Iara) – মিঠা পানীৰ এক প্ৰকাৰৰ জলপৰী।৮
তথ্যসূত্ৰ
- ↑ Anhangá. Michaelis On-Line
- ↑ Botelho, João Bosco; Weigel, Valéria Augusta C. M. (September 2011). Comunidade sateré-mawé Y'Apyrehyt: ritual e saúde na periferia urbana de Manaus. História, Ciências, Saúde-Manguinhos. পৃ. 723–744
- ↑ Brazilian Dramatic Dances: Bumba-meu-boi. maria-brazil.org
- ↑ Dunnell, Tony. (2019-02-01). Myths And Legends of the Amazon's Pink River Dolphin. South American Vacations
- ↑ (2016-08-11). Capelobo. Portal São Francisco
- ↑ Skeat, Walter W.; Skeat, Walter William. (29 May 1993). The Concise Dictionary of English Etymology. Wordsworth Editions. পৃ. 91. ISBN 9781853263118
- ↑ Curupira - Brazilian Folklore. Kurupira.net
- ↑ A história da lenda da sereia Iara (The story of the legend of the mermaid Iara)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰাজিলৰ শ্ৰুতিকথা” প্ৰবন্ধৰ সংশোধন ৪১৪৭১৯ (২৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।