মাটিৰ হিচাপ হৈছে মাটিৰ জোখ-মাখ লোৱা আৰু সেই জোখ অনুসৰি দৰ নিৰ্ণয়ৰ এক প্ৰক্ৰিয়া। সোণৰ দাম উঠা নমা হৈ থাকাৰ বিপৰীতে মাটিৰ দাম সদায় বাঢ়ি গৈ থাকে। কোনোদিন নকমে।
পুৰণি বা ব্ৰিটিছ পদ্ধতি
চৰকাৰীভাৱে এইটো পদ্ধতি অচল। এই পদ্ধতিটো বৰ্তমানো সাধাৰণ মানুহৰ মাজত জনপ্ৰিয়। এই নিয়মমতে-১
১২ ফুট = ১ নল
১৪৪ বৰ্গফুট = এক লেচা মাটি =১ নল × ১ নল (অৰ্থাৎ ১২ ফুট × ১২ ফুট বা ৬ ফুট × ২৪ ফুট ইত্যাদি)
২০ লেচা = ১ কঠা = ২০ × ১৪৪ = ২৮৮০ বৰ্গফুট,
১০০ লেচা = ৫ কঠা = ১ বিঘা = ১০০ × ১৪৪ = ১৪৪০০ বৰ্গফুট,
গতিকে, ১ বিঘা = ১৪৪০০ বৰ্গফুট,
আকৌ ৪ বিঘা = ১ পুৰা = ৪ × ১৪৪০০ = ৫৭৬০০ বৰ্গফুট,
এক একৰ = ৩ বিঘা ২.৫ লেচা,
এক হেক্টৰ = ১০৭৬৩৯.১০৪২ বৰ্গফুট।
হিচাপবোৰ ফুটৰ পৰা কৰা বৰ্গমিটাৰলৈ নিব পাৰি। য'ত এক ফুট = ০.৩০৪৮ মিটাৰ। গতিকে এক বিঘা মাটিত হ'ব ১৩৩৭.৮০ বৰ্গমিটাৰ। বা ১৩৩৭.৮০ বৰ্গমিটাৰ (৩৭.৫৭৬ মিটাৰ × ৩৬.৫৭৬ মিটাৰ) বা এক বিঘা।
উদাহৰণঃ যদি এডোখৰ মাটিৰ পূবদিশৰ দৈৰ্ঘ্য ৬০ ফুট,উত্তৰ দিশৰ দৈৰ্ঘ্য ২০ ফুট, পশ্চিম দিশৰ দৈৰ্ঘ্য ৫০ ফুট আৰু দক্ষিণ দিশৰ দৈৰ্ঘ্য ৪০ ফুট। মাটি কিমান আছে আমি উলিয়াব পাৰো এনেকৈ-
পূব আৰু পশ্চিমৰ দৈৰ্ঘ্যৰ গড় =(৬০+৫০)÷২ = ৫৫ ফুট
তেনেকৈ উত্তৰ আৰু দক্ষিণৰ দৈৰ্ঘ্যৰ গড়= ৩০ ফুট
এতিয়া, মাটিখিনিৰ কালি= ৫৫×৩০ = ১৬৫০ বৰ্গফুট
আমি যদি লেচালৈ নিব লাগে ১৪৪ ৰে হৰণ কৰিব লাগিব। গতিকে মুঠ মাটি হব = ১৬৫০÷১৪৪ = ১১.৪৫ লেচা
গতিকে মুঠ মাটি হ'ল= ১১ লেচা ৬৫ বৰ্গফুট (যিহেতু, ০.৪৫×১৪৪ = ৬৫)।
এটা কথা মনত ৰাখিব লাগিব যে মাটিখিনিৰ আকৃতি কেনেকুৱা-বৰ্গাকৃতিৰ হ'লে বাহু×বাহু, আয়তাকাৰ হ'লে-দীঘ×প্ৰস্থ, ত্ৰিকোন আকৃতিৰ হলে আকৌ বেলেগ হ'ব ইত্যাদি।
আন এটা প্ৰশ্নঃ দুই বিঘা, এক কঠা আৰু দুই লেচা মাটি তিনিজনৰ মাজত ভগালে এজনৰ ভাগত কিমানকৈ মাটি পৰিব? উত্তৰঃ আমি জানো যে, ২ লেচা=২×১৪৪=২৮৮ বৰ্গফুট এক কঠা=২০ লেচা=১৪৪×২০=২৮৮০ বৰ্গফুট তেনেদৰে, দুই বিঘা=২×১৪৪×১০০=২৮৮৮০ বৰ্গফুট গতিকে, মুঠ মাটি=২৮৮+২৮৮০+২৮৮৮০=৩১৯৬৮ বৰ্গফুট সেয়েহে এজনৰ ভাগত পৰিব=৩১৯৬৮÷৩=১০৬৫৬ বৰ্গফুটকৈ
চৰকাৰী পদ্ধতি বা মেট্ৰিক পদ্ধতি
চৰকাৰীভাৱে প্ৰয়োগ হোৱা পদ্ধতিটোক মেট্ৰিক পদ্ধতি বোলে। এই পদ্ধতিমতে-
১০০ বৰ্গ মিটাৰ = ১ আৰ্ = ১০০ চেন্টিআৰ্
এক পুৰা মাটি চৰকাৰী হিচাপলৈ পৰিৱৰ্তন কৰিবৰ বাবে প্ৰথমই ১ পুৰাক বৰ্গফুটলৈ নিব লাগিব ৷ তাৰ পিছত সিমান বৰ্গফুটক বৰ্গ মিটাৰত কিমান হ’ব হিচাপ কৰিব লাগিব ৷
এই পদ্ধতিতঃ
এক লেচা মাটি = ০.১৩৪ আৰ্
দহ লেচা = ১.৩৪ আৰ্
পোন্ধৰ লেচা = ২.০১ আৰ্
এক কঠা = ২.৬৮ আৰ্
এক বিঘা = ১৩.৪ আৰ্।
তথ্যসূত্ৰ
- ↑ (1900). MANUAL OF MENSURATION & SURVEING FOR MANDAL & PATWARIES IN ASSAM.pdf. Assam Administration
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাটিৰ হিচাপ” প্ৰবন্ধৰ সংশোধন ৫১১৩০৬ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।