বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অগবাঞ্জে
অগবাঞ্জে অডিনানী (ইগবো: ọ̀dị̀nànị̀) ভাষাত এটা দুষ্ট আত্মা বুলি ধাৰণা কৰা হৈছে, যিয়ে ইচ্ছাকৃতভাৱে এটা পৰিয়ালক দুৰ্ভাগ্যৰ সম্মুখীন কৰাব পাৰে। ইগবোলেণ্ডত অগবাঞ্জেৰ ওপৰত বিশ্বাস এসময়ৰ দৰে শক্তিশালী নহয় যদিও এতিয়াও কিছুমান বিশ্বাসী আছে।
-
অতীতৰ কথা
অতীতৰ কথা প্ৰয়াত ত্ৰৈলোক্য নাথ গোস্বামীৰআত্মজীৱনী। ত্ৰৈলোক্য নাথ গোস্বামীয়ে তেখেতৰ জীৱন কালত সংঘটিত সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিস্থিতি পৰিৱেশ আদিৰ বৰ্ণনাৰে তেখেতৰ আত্মজীৱনীখন লিখি উলিয়াই।
-
অন্তিম পন্থাৰ পত্ৰসমূহ
অন্তিম পন্থাৰ পত্ৰ (Letters of last resort)-সমূহ বুলিলে যুক্তৰাজ্য (গ্ৰেট ব্ৰিটেইন আৰু উত্তৰ আয়াৰলেণ্ড)-ৰ প্ৰধানমন্ত্ৰীয়ে হাতেলিখা চাৰিখন চিঠিক বুজোৱা হয় যিকেইখন তেওঁ চাৰিখন ব্ৰিটিছ ক্ষেপণাস্ত্ৰযুক্ত ডুব-জাহাজ (Ballistic missile submarine) ৰ আদেশকাৰী বিষয়া (Commanding Officer)লৈ উদেশ্য কৰি…
-
অবিশ্বাস্য কাহিনী
অবিশ্বাস্য কাহিনী (ইংৰাজী: Tall tale) হৈছে সত্য আৰু বাস্তৱিক যেন লগাকৈ সম্পৰ্কিত কিছুমান অবিশ্বাস্য উপাদান থকা কাহিনী। কিছুমান অবিশ্বাস্য কাহিনী প্ৰকৃত পৰিঘটনাৰ অতিৰঞ্জিত সংস্কৰণ, উদাহৰণস্বৰূপে মাছৰ কাহিনী ("জালৰ পৰা ওলাই যোৱা মাছটো") যেনে, "সেই মাছটো ইমানেই ডাঙৰ আছিল যে, মই নাওখন টানি অনাৰ সময়ত ই…
-
অভি-নীল হত্যাকাণ্ড
অভি-নীল হত্যাকাণ্ড (2018 Karbi Anglong lynching বা Abhi-Neel Murder Case) ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমোকাত সংঘটিত হৈছিল। ডকমোকালৈ ফুৰিব যোৱা গুৱাহাটীৰ বাসিন্দা অভিজিত নাথ আৰু নীলোৎপল দাসক সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুবৰণ কৰিছিল।
-
অভিসাৰ ধৰ্ষণ
অভিসাৰ ধৰ্ষণ (Date rape) হৈছে এক প্ৰকাৰৰ অভিসাৰ হিংসা বা পৰিচিত লোকৰ দ্বাৰা হোৱা ধৰ্ষণ। এই প্ৰকাৰৰ ধৰ্ষণত দুয়োটা পক্ষৰ মাজত এক প্ৰকাৰৰ ৰোমাণ্টিক বা সম্ভাৱ্য যৌন সম্পৰ্ক থাকিব পাৰে।
-
অভ্যাস
অভ্যাস (Habit) মানে হ’ল, নিয়মিতভাৱে পুনৰাবৃত্তি ঘটা আৰু অৱচেতনভাৱে তেনে ঘটাৰ প্ৰৱণতা থকা আচৰণৰ এক নিত্য সূচী। ১৯০৩ চনত “আমেৰিকান জাৰ্নেল অৱ চাইক'লজী’’ত প্ৰকাশিত এখন গৱেষণা পত্ৰই "মনোবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা অভ্যাস, মানসিক অভিজ্ঞতাৰ পূৰ্বৰ পুনৰাবৃত্তিৰ দ্বাৰা আহৰণ কৰা চিন্তা, ইচ্ছা বা অনুভৱৰ, কম…
-
অমলা আৰু কমলা
অমলা (প্ৰায় ১৯১৮ – ২১ ছেপ্টেম্বৰ ১৯২১) আৰু কমলা (প্ৰায় ১৯১২ – ১৪ নৱেম্বৰ ১৯২৯) ভাৰতৰ বংগৰ মিদনাপুৰ (বৰ্তমান পশ্চিম বংগ)ৰ দুগৰাকী "বন্য শিশু" আছিল, যিসকলক কুকুৰনেচীয়া বাঘৰ পৰিয়ালে ডাঙৰ-দীঘল কৰা বুলি জনাজাত হৈ উঠিছিল। তেওঁলোকৰ কাহিনীয়ে মূলসুঁতিৰ সমাজৰ যথেষ্ট মনোযোগ আৰু বিতৰ্কৰ সৃষ্টি কৰিছিল।
-
অসুৰৰ তালিকা
অসুৰ (সংস্কৃত: असुर) হৈছে হিন্দু ধৰ্মত অধিক উপকাৰী দেৱ(সুৰ বুলিও জনা যায়)ৰ সৈতে জড়িত সত্ত্বা বা ক্ষমতা বিচৰা বংশৰ এটা শ্ৰেণী।
-
আই এন এছ ভেণ্ডুৰুথি
ভাৰতৰ কেৰালাৰ উইলিংডন দ্বীপত অৱস্থিত ভাৰতীয় নৌসেনাৰ ঘাটি হৈছে আই এন এছ ভেণ্ডুৰুথী। ই দক্ষিণ নৌসেনাৰ কমাণ্ডৰ মুখ্য কাৰ্যালয় হিচাপে কাম কৰে। ই ভাৰতীয় নৌসেনাৰ সৰ্ববৃহৎ প্ৰশিক্ষণ প্ৰতিষ্ঠান। আই এন এছ গৰুডা হৈছে আই এন এছ ভেণ্ডুৰথীৰ ভিতৰত অৱস্থিত নৌসেনাৰ বিমান কেন্দ্ৰ।
-
আই পি এড্ৰেছ
আই পি এড্ৰেছ বা ইণ্টাৰনেট প্ৰটোকল ঠিকনা (IP Address) হৈছে এটা সংখ্যাগত লেবেল যেনে 192.0.2.1 যি যোগাযোগৰ বাবে ইণ্টাৰনেট প্ৰটোকল ব্যৱহাৰ কৰা কম্পিউটাৰ নেটৱৰ্কৰ সৈতে সংযুক্ত ডিভাইচত নিযুক্ত কৰা হয়। আই পি এড্ৰেছসমূহে দুটা মূল কাৰ্য্য কৰে: নে'টৱৰ্ক আন্তঃপৃষ্ঠ চিনাক্তকৰণ, আৰু অৱস্থান ঠিকনাকৰণ।
-
আইজাক নিউটনৰ নামেৰে নামকৰণ কৰা বস্তুসমূহৰ তালিকা
এইখন ছাৰ আইজাক নিউটনৰ নামেৰে নামাকৰণ কৰা বস্তুসমূহৰ এখন তালিকা।
-
আকাশ বন্তি
কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। লোকবিশ্বাস অনুসৰি, আকাশ বন্তিৰ পোহৰত উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়। অসমৰ স্থানবিশেষে আকাশ বন্তি পদূলিমুৰতো লগোৱা হয়। ইকৰা, নল, বা কুমলীয়া বাঁহৰ সৰু পাবেৰে আকাশ বন্তি সাজিব পাৰি।
-
আবু তাহেৰ
আবু তাহেৰ (আবু তাহের; ১৪ নৱেম্বৰ ১৯৩৮ – ২১ জুলাই ১৯৭৬) এজন বাংলাদেশী স্বাধীনতা সংগ্ৰামী আৰু বাওঁপন্থী বিপ্লৱী নেতা আছিল। বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত তেওঁ চেক্টৰ ১১ ৰ চেক্টৰ কমাণ্ডাৰ আছিল। মুক্তিযুদ্ধত তেওঁৰ অসামান্যতাৰ বাবে তেওঁ "বীৰ উত্তম" খিতাপ জিকিছিল।
-
আমেৰিকান শ্ৰুতিকথা
আমেৰিকান শ্ৰুতিকথা (ইংৰাজী: American mythology) বা আমেৰিকান পৌৰাণিক কাহিনী হৈছে ১৭০০ চনৰ শেষৰ ফালে প্ৰথম ঔপনিবেশকাৰীসকলে বসতি স্থাপন কৰাৰ সময়ৰে পৰা আমেৰিকাত প্ৰচলিত কিংবদন্তি কাহিনী আৰু লোককথাৰ সৈতে জড়িত পৰম্পৰাগত কাহিনীসমূহ।
-
আশ্ৰম (হিন্দু জীৱন ব্যৱস্থা)
আশ্ৰম (आश्रम; ) হৈছে প্ৰাচীন আৰু মধ্যযুগীয় হিন্দু ধৰ্মীয় গ্ৰন্থসমূহত আলোচিত জীৱনৰ চাৰিটা পৰ্যায়ৰ এক পদ্ধতি। এই চাৰিটা আশ্ৰম হৈছে ব্ৰহ্মচৰ্য (শিক্ষাৰ্থী জীৱন), গৃহস্থ (গাৰ্হস্থ্য জীৱন), বানপ্ৰস্থ (অৱসৰ/অৰণ্যবাস), আৰু সন্ন্যাস (ত্যাগী জীৱন)। আশ্ৰম পদ্ধতি হিন্দুধৰ্মৰ ধৰ্ম ধাৰণাৰ এক গুৰুত্বপূৰ্ণ অংশ।
-
আস্ক আৰু এম্বলা
আস্ক আৰু এম্বলা (ইংৰাজী: Ask and Embla; পুৰণি নৰ্ছ ভাষা: Askr ok Embla) — ক্ৰমে পুৰুষ আৰু মহিলা — আছিল নৰ্ছ পৌৰাণিক কাহিনীমতে দেৱতাই সৃষ্টি কৰা মানুহৰ প্ৰথম দুই সদস্য।
-
ইউক্ৰেইন ৰাষ্ট্ৰীয় অপেৰা
ইউক্ৰেইন ৰাষ্ট্ৰীয় অপেৰা বা কিয়েভ অপেৰা গোটটো ১৮৬৭ চনৰ গ্ৰীষ্মকালত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হৈছিল। অডেছা অপেৰাৰ পিছত আৰু লভিভ অপেৰাৰ আগত ই ইউক্ৰেইনৰ দ্বিতীয় পুৰণি অপেৰা প্ৰতিষ্ঠান। কিয়েভ অপেৰা কোম্পানীয়ে কিয়েভ অপেৰা গৃহত অনুষ্ঠান পৰিৱেশন কৰে।
-
ইউক্ৰেইনৰ সাতটা আশ্চৰ্য
ইউক্ৰেইনৰ সাতটা আশ্চৰ্য (ইউক্ৰেইনীয়ান: Сім чудес України) হৈছে ২০০৭ চনৰ জুলাই মাহত অনুষ্ঠিত 'ইউক্ৰেইনৰ সাতটা আশ্চৰ্য' প্ৰতিযোগিতাত নিৰ্বাচিত হোৱা ইউক্ৰেইনৰ সাতটা ঐতিহাসিক আৰু সাংস্কৃতিক কীৰ্তিচিহ্ন।
-
ইণ্ডোনেছিয়াৰ নাম
ইণ্ডোনেছিয়াৰ নাম(Names of Indonesia)টো ইণ্ডোনেছিয়া গণৰাজ্য বা ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জক বুজাবলৈ সাধাৰণভাৱে আৰু চৰকাৰীভাৱে ব্যৱহৃত নাম; কিন্তু আন নাম যেনে নুছান্টাৰা আৰু ইষ্ট ইণ্ডিজও জনা যায়।
-
উইংফুট এয়াৰ এক্সপ্ৰেছ দুৰ্ঘটনা
উইংফুট এয়াৰ এক্সপ্ৰেছ আছিল গুডইয়াৰৰ আৰম্ভণিৰ এখন ব্লিম্প আৰু জুই লাগি ১৯১৯ চনৰ ২১ জুলাইত চিকাগোৰ ইলিনয় ট্ৰাষ্ট এণ্ড ছেভিংছ বিল্ডিঙত খুন্দা মাৰিছিল। গুডইয়াৰ টায়াৰ এণ্ড ৰবৰ কোম্পানীয়ে নিৰ্মিত আৰু মালিকানাধীন টাইপ এফ ডি বিমান জাহাজখনে গ্ৰাণ্ট পাৰ্কৰ পৰা হোৱাইট চিটি বিনোদন পাৰ্কলৈ যাত্ৰী কঢ়িয়াই…
-
উৰ্ট মেঘ
ওৰ্ট মেঘ বা অ'পিক-ওৰ্ট মেঘ ( বা ) জ্যোৰ্তিবিজ্ঞানীসকলৰ মতে সূৰ্য্যৰ চাৰিওফালে ১,০০,০০০ জ্যোৰ্তিবিজ্ঞান একক (A.U.) দূৰত্বত সূৰ্য্যক প্ৰদক্ষিণ কৰি থকা গ্ৰহাণুপুঞ্জ আৰু ধূমকেতুৰ অঞ্চল বা পটী।
-
এ লেটাৰ টু এ হিন্দু
এ লেটাৰ টু এ হিন্দু (A Letter to a Hindu) লিঅ' টলষ্টয়ে তাৰক নাথ দাসলৈ ১৯০৮ চনৰ ১৪ ডিচেম্বৰত লিখা এখন চিঠি। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনৰ হকে ৰাছিয়াৰ লেখক আৰু চিন্তাবিদজনৰ পৰা সমৰ্থন বিচাৰি দাসে লিখা দুখন চিঠিৰ উত্তৰ আছিল 'এ লেটাৰ টু এ হিন্দু'।
-
এডমাণ্ড বাৰ্ক
এডমাণ্ড বাৰ্ক ( ইংৰাজী: Edmund Burke; ১২ জানুৱাৰী, ১৭২৯ - ৯ জূলাই, ১৭৯৭) ডাবলিনত জন্মগ্ৰহণ কৰা বাৰ্কে ১৭৬৬ চনৰ পৰা ১৭৯৪ চনৰ ভিতৰত হুইগ পাৰ্টিৰ সৈতে গ্ৰেট ব্ৰিটেইনৰ হাউছ অৱ কমনছত সংসদৰ সদস্য (এম পি) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
এডিটাথন
এডিটাথন (Edit-a-thon) বা সম্পাদনা মেলা হৈছে এক অনুষ্ঠান য'ত আন্তঃজাল জগতৰ কোনো বিশেষ সমূদায় যেনে ৱিকিপিডিয়া, অপেন ষ্ট্ৰীট মেপ, লোকেল ৱিকি আদিৰ সম্পাদকসকলে কোনো এক নিৰ্দিষ্ট বিষয়ৰ ওপৰত আধাৰিত বিষয়ৰ প্ৰবন্ধ লিখে, অনুবাদ কৰে বা উন্নীতকৰণ প্ৰক্ৰিয়াত অংশ লয়।
-
এফ. চি. বাৰ্চিলোনা
ফুটবল ক্লাব বাৰ্চিলোনা, সাধাৰণতে এফ চি বাৰ্চিলোনা আৰু কথিত ভাষাত বাৰ্চা নামেৰে জনাজাত, স্পেইনৰ কাটালনিয়াৰ বাৰ্চিলোনাত অৱস্থিত এটা পেছাদাৰী ফুটবল ক্লাব, যিয়ে স্পেনিছ ফুটবলৰ শীৰ্ষ পৰ্যায়ৰ লা লিগাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
-
এমিৱে বাণ্টাই
বিলাল শ্বেইখ নামেৰে জন্মগ্ৰহণ কৰা এমিৱে বাণ্টাই এজন জনপ্ৰিয় ভাৰতীয় ৰেপাৰ, গায়ক, গীতিকাৰ। ২০১৪ চনত তেওঁৰ একক গীত "গ্লিণ্ট লক"ৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল আৰু তেতিয়াৰ পৰাই ভাৰতীয় ৰেপ জগতৰ অন্যতম পৰিচিত ব্যক্তি হিচাপে পৰিগণিত হৈছে।
-
এলকেন
জৈৱ ৰসায়নত এলকেন (Alkane) বা পেৰাফিন (Paraffin) (পুৰণি নাম) হৈছে এবিধ সংপৃক্ত মুক্ত শৃংখলযুক্ত হাইড্ৰ'কাৰ্বন। এটা এলকেন হাইড্ৰ'জেন আৰু কাৰ্বন পৰমাণুৰ দ্বাৰা গঠিত য'ত কাৰ্বন পৰমাণুবোৰ এক বান্ধনিৰে যুক্ত হৈ থাকে। এলকেনৰ সাধাৰণ ৰাসায়নিক সংকেত হ'ল CnH2n+2।
-
ওমলা পদ্য
ওমলা পদ্য বা নাৰ্ছাৰী পদ্য (ইংৰাজী: Nursery rhyme) হৈছে ভাৰত আৰু আন বহু দেশৰ শিশুসকলৰ বাবে ৰচিত এক প্ৰকাৰক পৰম্পৰাগত কবিতা বা গীত। এই প্ৰকাৰৰ পদ্যৰ ইংৰাজী Nursery rhyme শিৰোনামটোৰ ব্যৱহাৰ অষ্টাদশ শতিকাৰ শেষৰ ফালে নাইবা উনবিংশ শতিকাৰ আৰম্ভণিৰ পৰাহে হৈছে।
-
ক'লা চাউল
ক'লা চাউল (Black rice) হৈছে Oryza sativa প্ৰজাতিৰ এক প্ৰকাৰৰ চাউল। ইয়াক purple rice বুলিও জনা যায়। ইয়াৰে কিছুমান আঠাজাতীয় চাউল। বৰ্তমান সময়ত ক'লা চাউলৰ বিভিন্ন প্ৰকাৰ উপলব্ধ।