অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আমেৰিকান শ্ৰুতিকথা

আমেৰিকান শ্ৰুতিকথা (ইংৰাজী: American mythology) বা আমেৰিকান পৌৰাণিক কাহিনী হৈছে ১৭০০ চনৰ শেষৰ ফালে প্ৰথম ঔপনিবেশকাৰীসকলে বসতি স্থাপন কৰাৰ সময়ৰে পৰা আমেৰিকাত প্ৰচলিত কিংবদন্তি কাহিনী আৰু লোককথাৰ সৈতে জড়িত পৰম্পৰাগত কাহিনীসমূহ।

হালনাগাদ: ১ মে’ ২০২৬ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

আমেৰিকান শ্ৰুতিকথা (ইংৰাজী: American mythology) বা আমেৰিকান পৌৰাণিক কাহিনী হৈছে ১৭০০ চনৰ শেষৰ ফালে প্ৰথম ঔপনিবেশকাৰীসকলে বসতি স্থাপন কৰাৰ সময়ৰে পৰা আমেৰিকাত প্ৰচলিত কিংবদন্তি কাহিনী আৰু লোককথাৰ সৈতে জড়িত পৰম্পৰাগত কাহিনীসমূহ। "আমেৰিকান পৌৰাণিক কাহিনী" বুলিলে কাহিনীসমূহৰ আধুনিক অধ্যয়নকো বুজায়, আৰু যিকোনো যুগৰ অন্য সংস্কৃতিৰ সাহিত্য আৰু শিল্পক প্ৰতিনিধিত্ব কৰা বিষয়বস্তুকো বুজায়।

আমেৰিকাৰ পৌৰাণিক কাহিনীৰ অন্তৰ্গত কাহিনীসমূহ হৈছে বিগফুট, পল বুনিয়ান, দ্য ল’ন ৰেঞ্জাৰ আৰু অবিশ্বাস্য কাহিনী আদি।

থলুৱা আমেৰিকান ম’হ

আমেৰিকাৰ থলুৱা সংস্কৃতি বহুল পৰিমানে পৌৰাণিক কাহিনীৰ সৈতে জড়িত। তেওঁলোকে পৌৰাণিক কাহিনীৰ সহায়ত নিজৰ জীৱন আৰু পূৰ্বপুৰুষৰ জীৱনৰ মহান কাহিনীসমূহ উপস্থাপন কৰে। মানুহ আৰু কিছুমান বিশেষ প্ৰাণীৰ মাজৰ অলৌকিক সংযোগৰ বিষয়ে বুজাবলৈও তেওঁলোকে পৌৰাণিক কাহিনীসমূহ ব্যৱহাৰ কৰিছিল। আমেৰিকাৰ থলুৱা পৌৰাণিক কাহিনীৰ এটা অতি গুৰুত্বপূৰ্ণ দিশ আছিল ম’হ, যাক বাইচন (মেঠোন) বুলিও কোৱা হয়। ম'হক আমেৰিকাৰ থলুৱা লোকসকলৰ বাবে সম্ভাৱ্য খাদ্যৰ উৎস হিচাপে দেখা গৈছিল যদিও বিশেষকৈ বন্দুক আৱিষ্কাৰ হোৱা আগতে ইয়াক চিকাৰ কৰাটো অতি কঠিন আছিল সেয়ে ইয়াৰ চিকাৰ কৰাৰ আগতে নৃত্য আৰু প্ৰাৰ্থনাকে ধৰি বহুতো লোকাচাৰ অনুষ্ঠিত কৰা হৈছিল। আমেৰিকাৰ বেছিভাগ থলুৱা আচাৰ-অনুষ্ঠান ম'হ ধৰা আৰু হত্যাৰ অসুবিধাৰ সৈতে জড়িত আছিল।১

ম’হক চিকিৎসা বিজ্ঞানৰ জ্ঞান থকা পবিত্ৰ প্ৰাণী বুলিও গণ্য কৰা হৈছিল, আত্মা জগতৰ ভিতৰতো ইহঁতক অতি শক্তিশালী সত্তা হিচাপে গণ্য কৰা হৈছিল। ম’হৰ শৰীৰৰ বিভিন্ন অংগসমূহো বহুতো গুৰুত্বপূৰ্ণ ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা হৈছিল।২

ভয়ানক জীৱ

উত্তৰ আমেৰিকাৰ লোককথাত অবিশ্বাস্য কাহিনীৰ জীৱবোৰক হাস্যৰসৰ সৃষ্টি কৰি কাঠ কটা শিবিৰত বা ইয়াৰ আশে-পাশে বিশেষকৈ গ্ৰেট লেক অঞ্চলত প্ৰান্তৰত বাস কৰে বুলি কোৱা হয়।৩৪৫ বৰ্তমান এই শব্দটো একেধৰণৰ কাল্পনিক জন্তুৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়।

আমেৰিকাৰ লোককথাত বৰ্ণিত ভয়ংকৰ জীৱ বোৰ হৈছে এগ্ৰ'পেলটাৰ, এক্সহেণ্ডল হাউণ্ড, বল-টেইলড কেট, বিগফুট, কেকটাছ কেট, ডাংগাভেনহুটাৰ, গ্লাৱাকাছ, গাম্বেৰু, হাইডবিহাইণ্ড, হোডাগ, জেকেলপ, জাৰ্চি ডেভিল, চাইডহিল গ'গাৰ, স্প্লিণ্টাৰকেট, স্কুংক, টিকটেলাৰ, ৱাম্পাছ কেট, বেল্ড বাজাৰ্ড, গিলিগালু বাৰ্ড, গুফাছ বাৰ্ড, ফোৰ বিয়েৰিং ট্ৰাউট, হুপ স্নেক, জইণ্ট স্নেক, স্নেলিগাষ্টাৰ আৰু স্নো স্নেক ইত্যাদি।

এগ্ৰ'পেলটাৰ

ডাঠ অৰণ্যৰ গছৰ খোৰোঙত বাস কৰা এই জীৱটোৱে হাবিৰ মাজেৰে পাৰ হৈ যোৱা অসাৱধান ব্যক্তিৰ গালৈ কাঠৰ টুকুৰা আৰু গছৰ ডাল নিক্ষেপ কৰি আক্ৰমণ কৰে।

এক্সহেণ্ডেল হাউণ্ড

কুকুৰৰ দৰে এই জীৱটোৰ মূৰটোৰ আকৃতি কুঠাৰৰ দৰে আৰু দেহটো কুঠাৰৰ নালটোৰ দৰে, সেয়ে জীৱটোৰ নাম এক্সহেণ্ডেল হাউণ্ড।৬ ই সম্পূৰ্ণৰূপে কুঠাৰৰ নালৰ পৰা গঠিত খাদ্যৰ দ্বাৰা জীৱন নিৰ্বাহ কৰে। খাদ্যৰ সন্ধানত এই নিশাচৰ৬ প্ৰাণীটো শিবিৰে শিবিৰে ঘূৰি ফুৰে।৭ ই ৰঙা ওক গছৰ পৰা তৈয়াৰী কুঠাৰৰ নাল পছন্দ নকৰে।৬

বল-টেইলড কেট

দেখিবলৈ পাহাৰীয়া সিংহৰ দৰে মেকুৰীসদৃশ এই জীৱটোৰ দীঘল নেজ ডালত এটা গোলাকৃতিৰ গধুৰ বল সংযুক্ত হৈ থাকে আৰু ইয়াৰ দ্বাৰা ই নিজৰ চিকাৰক আক্ৰমণ কৰে।

বিগফুট

আমেৰিকান শ্ৰুতিকথাত বৰ্ণনা কৰা বিগফুট হৈছে এক প্ৰকাৰৰ পৌৰাণিক জীৱ। এই জীৱটোক প্ৰায়ে ক’লা, গাঢ় বাদামী বা গাঢ় ৰঙা চুলিৰে আবৃত বৃহৎ, পেশীবহুল আৰু দুটা ভৰি থকা মানুহ বা বান্দৰৰ দৰে জীৱ বুলি বৰ্ণনা কৰা হয়।৮৯

তথ্যসূত্ৰ

  1. ↑ Mamet, David. (2013). American Buffalo. Smithsonian. পৃ. 12–13
  2. ↑ Native American Indian Buffalo Legends, Meaning and Symbolism from the Myths of Many Tribes. www.native-languages.org
  3. ↑ Dorson, Richard M. Man and Beast in American Comic Legend. (Bloomington, IN: Indiana Univ. Press, 1982.)
  4. ↑ Leach, Maria. Funk & Wagnalls Standard Dictionary Of Folklore, Mythology and Legend. (New York: Funk & Wagnalls Company, 1949.)
  5. ↑ South, Malcolm. Mythical and Fabulous Creatures: A Source Book and Research Guide. (Westport, CT: Greenwood Publishing Group, 1984.)
  6. ↑ Tryon, Henry Harrington. (1939). Fearsome Critters. Idlewild Press. পৃ. 5
  7. ↑ Paul Bunyan natural history: describing the wild animals, birds, reptiles and fish of the big woods about Paul Bunyan's old time logging camps | Turning Points in Wisconsin History | Wisconsin Historical Society. www.wisconsinhistory.org
  8. ↑ Bigfoot (a.k.a. Abominable Snowman of the Himalayas, Mapinguari (the Amazon), Sasquatch, Yowie (Australia) and Yeti (Asia)). The Skeptic's Dictionary
  9. ↑ (2008). Sasquatch. Encyclopædia Britannica

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমেৰিকান শ্ৰুতিকথা” প্ৰবন্ধৰ সংশোধন ৬০৩৭১৫ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।