অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অন্তিম পন্থাৰ পত্ৰসমূহ

অন্তিম পন্থাৰ পত্ৰ (Letters of last resort)-সমূহ বুলিলে যুক্তৰাজ্য (গ্ৰেট ব্ৰিটেইন আৰু উত্তৰ আয়াৰলেণ্ড)-ৰ প্ৰধানমন্ত্ৰীয়ে হাতেলিখা চাৰিখন চিঠিক বুজোৱা হয় যিকেইখন তেওঁ চাৰিখন ব্ৰিটিছ ক্ষেপণাস্ত্ৰযুক্ত ডুব-জাহাজ (Ballistic missile submarine) ৰ আদেশকাৰী বিষয়া (Commanding Officer)লৈ উদেশ্য কৰি…

হালনাগাদ: ২৬ ডিচেম্বৰ ২০২০ ৩০৫ শব্দ · ২ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

অন্তিম পন্থাৰ পত্ৰ (Letters of last resort)-সমূহ বুলিলে যুক্তৰাজ্য (গ্ৰেট ব্ৰিটেইন আৰু উত্তৰ আয়াৰলেণ্ড)-ৰ প্ৰধানমন্ত্ৰীয়ে হাতেলিখা চাৰিখন চিঠিক বুজোৱা হয় যিকেইখন তেওঁ চাৰিখন ব্ৰিটিছ ক্ষেপণাস্ত্ৰযুক্ত ডুব-জাহাজ (Ballistic missile submarine) ৰ আদেশকাৰী বিষয়া (Commanding Officer)লৈ উদেশ্য কৰি লিখে। এই পত্ৰ কেইখনৰ কথা সম্পূৰ্ণ একে। যদিহে কেতিয়াবা কোনো শত্ৰুপক্ষৰ পাৰমাণৱিক আক্ৰমণৰ ফলত ভূমিত থকা ব্ৰিটিছ চৰকাৰ ধ্বংস হয় আৰু প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মৃত্যুত সিদ্ধান্ত ল'বলৈ তেওঁ মনোনীত কৰা দেশৰ "দ্বিতীয়জন মানুহ" দুয়োকে হত্যা অথবা নিষ্ক্ৰিয় কৰা হয় তেন্তে সেই বিষয়া কেইজনে কি কাৰ্যপন্থা গ্ৰহণ কৰিব সেই সম্পৰ্কে যিকোনো তদনান্তীন প্ৰধানমন্ত্ৰীয়ে পত্ৰখনত আদেশ দি থয়। এই আদেশ সমূহ যদি কিবা কাৰণত কাৰ্যকৰী কৰিব লগীয়া হয় তেন্তে সেয়ে হয়তো মহাৰাণীৰ ব্ৰিটিছ চৰকাৰৰ শেষ চৰকাৰী কাৰ্য্য হব।

পত্ৰখন প্ৰতিখন ডুবযানৰ নিয়ন্ত্ৰণ-কক্ষত থকা চন্দুকত থোৱা হয়।১ প্ৰধানমন্ত্ৰী সলনি হলে পুৰণি পত্ৰখন নোখোলাকৈয়ে নষ্ট কৰা হয় আৰু তাৰ ঠাইত নতুন পত্ৰ ৰাখা হয় যাতে পত্ৰখনৰ কথাখিনি প্ৰধানমন্ত্ৰীৰ বাহিৰে আন কোনেও গম নাপায়।২

অন্তিম পন্থাৰ পত্ৰসমূহ যুক্তৰাজ্যই অবলম্বন কৰা পাৰমাণৱিক নষ্ট-ঘাতক পন্থাৰ কাৰ্যকৰী ব্যৱস্থা যাতে যিকোনো শত্ৰুপক্ষয়ে দেশখনৰ ওপৰত পাৰমাণৱিক প্ৰথমাঘাত (First strike) কৰাৰ পৰা বিৰত থাকে।

ব্যৱস্থাৱলী

পাৰমাণৱিক আক্ৰমণৰ ফলত প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মৃত্যুত সিদ্বান্ত লবলৈ তেওঁ মনোনীত কৰা দেশৰ "দ্বিতীয়জন মানুহ" নোহোৱা হলে, সেই সময়ত সাগৰ-গৰ্ভত থকা ডুব-জাহাজকেইখনৰ আদেশকাৰী বিষয়াকেইজনে কিছুমান বিশেষ পৰীক্ষাৰ দ্বাৰা নিশ্চিত হব লাগিব যে অন্তিম পন্থাৰ আদেশ সন্নিবিষ্ট পত্ৰখন খোলা হবনে নহয়। যিকোনো মুহূৰ্তত অন্ততঃ যিকোনো এখন ক্ষেপনাস্ত্ৰযুক্ত ডুব-জাহাজ সাগৰ-গৰ্ভত পহৰাত থাকে।

পিটাৰ হিন্নিচ্ছি (Peter Hennessy) ৰ কিতাপ The Secret State: Whitehall and the Cold War, 1945 to 1970 ত উল্লেখ থকা মতে আদেশকাৰী বিষয়াকেইজনে ব্ৰিটিছ চৰকাৰ কাৰ্যতঃ আছেনে নাই সেই সম্পৰ্কে নিশ্চিত হ'বলৈ কৰা পৰীক্ষাসমূহৰ ভিতৰত সেইমুহূৰ্তত BBC Radio 4 য়ে অনুষ্ঠান সম্প্ৰচাৰ কৰি আছেনে নাই তাকো বিচাৰ কৰি চাব।৩

উপায়

প্ৰধানমন্ত্ৰীয়ে তলত দিয়া চাৰিপ্ৰকাৰ অন্তিম পন্থা অৱলম্বনৰ আদেশ দি থয় বুলি ২০০৮ চনত BBC Radio 4 ত সম্প্ৰচাৰিত এক অনুষ্ঠানৰ পৰা জনা যায় -

  • পাৰমাণৱিক প্ৰত্যাক্ৰমণ
  • প্ৰত্যাক্ৰমণ নকৰা
  • নিজে সিদ্ধান্ত লোৱা
  • ডুব-জাহাজখন কোনো মিত্ৰ-দেশৰ অধীনলৈ লৈ যোৱা

তথ্যসূত্ৰ

  1. ↑ Rosenbaum, Ron. (January 2009). The Letter of Last Resort. Slate Magazine
  2. ↑ Rosenbaum, Ron. (January 2009). The Letter of Last Resort. Slate Magazine
  3. ↑ HMS Apocalypse: Deep in the Atlantic, a submarine waits on alert with nuclear missiles that would end the world... Daily Mail

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্তিম পন্থাৰ পত্ৰসমূহ” প্ৰবন্ধৰ সংশোধন ২৫৬১৭২ (২৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।