অভি-নীল হত্যাকাণ্ড (2018 Karbi Anglong lynching বা Abhi-Neel Murder Case) ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমোকাত সংঘটিত হৈছিল। ডকমোকালৈ ফুৰিব যোৱা গুৱাহাটীৰ বাসিন্দা অভিজিত নাথ আৰু নীলোৎপল দাসক সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুবৰণ কৰিছিল। চ'চিয়েল মিডিয়া যোগে বিয়পি পৰা এটা ভুৱা বাতৰিৰ প্ৰভাৱত এই হত্যাকাণ্ড সংঘটিত হৈছিল।১
ঘটনাক্ৰম
গুৱাহাটীৰ দুজন যুৱক অভিজিত নাথ আৰু নীলোৎপল দাসে বন্ধৰ দিন উপভোগ কৰিবলৈ ২০১৮ৰ ৮ জুনত দিনৰ দহবজাত গুৱাহাটীৰ পৰা এখন ক'লা ৰঙৰ মহিন্দ্ৰ চাফাৰী গাড়ীৰে কাৰ্বি আংলং জিলাৰ ডিফু মহকুমাৰ কাংথিলাংচো (Kangthilangso) জলপ্ৰপাতলৈ যাত্ৰা কৰিছিল। ২৯ বছৰীয়া নীলোৎপল দাস বৃত্তিত এজন চাউণ্ড ইঞ্জিনিয়াৰ আছিল আৰু গোৱাৰ এটা ষ্টুডিঅ'ত কৰ্মৰত আছিল। মাত্ৰ কেইদিনমান আগতে তেওঁ গুৱাহাটীৰ নিজা ঘৰলৈ আহিছিল।২ নিশা আঠমান বজাত তেওঁলোক কাঞ্চি লাংচোৰ পৰা উভতি আহোঁতে বাটতে পোৱা পানীজুৰি গাঁওত সোপাধৰাৰ সন্দেহত স্থানীয় লোকে তেওঁলোকৰ গাড়ীখন ৰখায়। স্থানীয় লোকসকলৰ উগ্ৰমূৰ্তি দেখি তেওঁলোকে পলাবলৈ চেষ্টা কৰে যদিও তেওঁলোকক আগচি ধৰি নিৰ্মমভাবে মাৰধৰ কৰিবলৈ লয়। পুলিচৰ তথ্যমতে ২৫০ মান স্থানীয় লোক ঘটনাস্থলীত আছিল। উপস্থিত লোকৰ কোনোবা এজনে মোবাইলত ৰেকৰ্ড কৰা আৰু চ'ছিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত দেখা গৈছিল যে নীলোৎপল দাসে, "মই আচল অসমীয়া হয়...অসমীয়া হয় মই....মই সঁচাকৈ অসমীয়া হয়। মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস, মাৰ নাম ৰাধিকা দাস..." বুলি আক্ৰমণকাৰীসকলক জীৱনৰক্ষা কৰিবলৈ কাতৰ অনুৰোধ জনাইছিল যদিও আক্ৰমণকাৰীসকলে সেই কথা গ্ৰাহ্য কৰা নাছিল।১ ডকমোকা পুলিচে নিশা ৮-৪৫ত খবৰ পাই ঘটনাস্থলীলৈ যাত্ৰা কৰে। কিন্তু অতি বেয়াকৈ আহত হোৱা অভিজিৎ আৰু নীলোৎপলে চিকিৎসালয় পোৱাৰ আগতেই প্ৰাণত্যাগ কৰে। তেওঁলোকৰ গাড়ী আৰু মোবাইল ফোনো আক্ৰমণকাৰীয়ে বিনষ্ট কৰে।২
আক্ৰমণৰ কাৰণ
ঘটনাটো সংঘটিত হোৱাৰ তিনি-চাৰি দিন আগতে সোপাধৰা সংক্ৰান্তীয় এটা হোৱাটচএপ মেছেজ আৰু মুখ বাগৰি অহা ভুৱা খবৰে় অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।৩ ক'লা ৰঙৰ গাড়ী লৈ জলপ্ৰপাত চাবলৈ যোৱা যুৱকদ্বয়ক দেখি অঞ্চলটোৰ ৰাইজে তেওঁলোকক সোপাধৰা বুলি সন্দেহ কৰিছিল; বিশেষকৈ তেওঁলোকে ৰখা দীঘলকৈ চুলিয়ে এই সন্দেহ অধিক ঘনীভূত কৰিছিল। দুজন সন্দেহজনক যুৱক অঞ্চলটোত প্ৰৱেশ কৰা বুলি ওলোৱা খবৰ মুহূৰ্ত্ততে বিয়পি পৰিছিল আৰু এজন দুজনকৈ লোক গোট খাব ধৰিছিল। তাৰোপৰি তেওঁলোকে সেই গ্ৰামাঞ্চলৰ মাজেৰে বহু পলমকৈ উভতি আহিছিল।২
আইনী প্ৰক্ৰিয়া
এই ঘটনা সংক্ৰান্তত পুলিচে ডকমোকা থানাত এটা কেচ পঞ্জীয়ন কৰে। ৰাইজক বিপথে পৰিচালিত কৰি হত্যাকাণ্ড সংঘটিত কৰা মূলব্যক্তি আলফা জৰ্জ টিমুঙকে৪ ধৰি ৪৭জন অভিযুক্তক পুলিচে গ্ৰেপ্তাৰ কৰে। পুলিচে ৮০০ পৃষ্ঠা জোৰা অভিযোগনামা ডিফু আদালতত দাখিল কৰে।১
স্থানীয় কাৰক কিছুমানৰ বাবে হ'ব পৰা অবাঞ্চিত প্ৰভাৱৰ আশংকা কৰি এই হত্যাকাণ্ডৰ কেচটো ২০১৮ৰ ৪ চেপ্তেম্বৰত নগাঁও আদালতলৈ বদলি কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ মনজিত ভূঞাৰ ডিভিজনেল বেঞ্চে এই কেচটোৰ বিচাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত চলাবলৈ নগাঁও আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশক আদেশ দিয়ে। নগাঁও জিলা আৰু চেচন আদালতে চাৰিজন প্ৰত্যক্ষদৰ্শীৰ বিবৃতি লিপিবদ্ধ কৰে। ২০১৮ৰ ১ ডিচেম্বৰত আদালতে ৪৭জন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনাম শুনে।১
নামাকৰণ বিতৰ্ক
কিছু দল-সংগঠন আৰু অনুষ্ঠানে কাংথিলাংচো জলপ্ৰপাতৰ নাম "অভি-নীল জলপ্ৰপাত" কৰিবলৈ অসম চৰকাৰক দাবী জনাইছিল। এই দাবীৰ বিৰুদ্ধাচৰন কৰি কাৰ্বি ছাত্ৰসন্থাই ডিফু প্ৰেছ ক্লাৱত এখন প্ৰেছমেল পাতি চৰকাৰক (KSA) উক্ত জলপ্ৰপাতৰ নতুন নামাকৰণ নকৰিবলৈ সকিয়াই দিয়ে। তেওঁলোকে লগতে সমাজৰ সকলো শ্ৰেণীকে এই বিষয়টো লৈ পুনৰাবৃত্তি কৰি নাথাকিবলৈ আহ্বান জনায়।৫
তথ্যসূত্ৰ
- ↑ Dokmoka Mob Lynching: Abhi-Neel case awaits justice, First Death Anniversary observed today
- ↑ Duo lynched in Karbi Anglong
- ↑ Fears mount over WhatsApp's role in spreading fake news
- ↑ Main Accused In Assam's Karbi Anglong Mob Attack Case Arrested
- ↑ Do not Rename Kangthilangso Waterfall as Abhi-Neel Waterfall: Karbi Student Association
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভি-নীল হত্যাকাণ্ড” প্ৰবন্ধৰ সংশোধন ৫৬৬৫৩৯ (২৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।