অবিশ্বাস্য কাহিনী (ইংৰাজী: Tall tale) হৈছে সত্য আৰু বাস্তৱিক যেন লগাকৈ সম্পৰ্কিত কিছুমান অবিশ্বাস্য উপাদান থকা কাহিনী। কিছুমান অবিশ্বাস্য কাহিনী প্ৰকৃত পৰিঘটনাৰ অতিৰঞ্জিত সংস্কৰণ, উদাহৰণস্বৰূপে মাছৰ কাহিনী ("জালৰ পৰা ওলাই যোৱা মাছটো") যেনে, "সেই মাছটো ইমানেই ডাঙৰ আছিল যে, মই নাওখন টানি অনাৰ সময়ত ই নাওখন প্ৰায় ডুবাই পেলাইছিল!" আন কিছুমান অবিশ্বাস্য কাহিনী হৈছে ইউৰোপৰ গ্ৰাম্য অঞ্চল, আমেৰিকাৰ সীমান্ত, কানাডাৰ উত্তৰ-পশ্চিম অঞ্চল, অষ্ট্ৰেলিয়াৰ আউটবেক বা ঔদ্যোগিক বিপ্লৱৰ আৰম্ভণি আদি চিনাকি পৰিৱেশত ৰচিত সম্পূৰ্ণ কাল্পনিক কাহিনী।
পৰিঘটনাবোৰ প্ৰায়ে এনেদৰে কোৱা হয় যে কওতাজনক কাহিনীৰ এটা অংশ হোৱা যেন লাগে; অবশ্যে সাধাৰণতে ভাল সুৰতেই কাহিনীবোৰ উপস্থাপন কৰা হয়। কিংবদন্তিবোৰক অবিশ্বাস্য কাহিনীৰ পৰা মূলতঃ সময়ৰ ভিত্তিত পৃথক কৰা হয়; বহুতো কিংবদন্তি বক্তাই নিজৰ নায়কৰ কৃতিত্বক অতিৰঞ্জিত কৰে, কিন্তু অবিশ্বাস্য কাহিনীত ইমান অধিক অতিৰঞ্জিতা সংযোগ কৰা হয় যে ই কাহিনীটোৰ ওপৰত আধিপত্য বিস্তাৰ কৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰ
অবিশ্বাস্য কাহিনী আমেৰিকাৰ বৰ্তমান লোকসাহিত্য তথা শ্ৰুতিকথাৰ এক মৌলিক উপাদান হৈ পৰিছে। আমেৰিকাৰ সীমান্তৰ ৰুক্ষ মানুহবোৰ গোট খোৱাৰ সময়ত প্ৰায়ে হোৱা গৰ্ব কৰা প্ৰতিযোগিতাবোৰৰ পৰা এই অবিশ্বাস্য কাহিনীটোবোৰৰ উৎপত্তি হৈছিল বুলি কোৱা হয়। তলত তালিকাভুক্ত কৰা কিছুমান পুৰণি পশ্চিমৰ কিংবদন্তি ব্যক্তিৰ কাহিনী এই অবিশ্বাস্য কাহিনীৰ শৈলীৰ পৰাই অনুকৰণ কৰা বুলিব পাৰি।
ট’ষ্টমাষ্টাৰছ ইণ্টাৰনেশ্যনেল (Toastmasters International) ৰাজহুৱা ভাষণ সংঘসমূহে অনুষ্ঠিত কৰা ছমহীয়া ভাষণ-প্ৰতিযোগিতাত অবিশ্বাস্য কাহিনীৰ প্ৰতিযোগিতাও অন্তৰ্ভুক্ত কৰা হয়। অংশগ্ৰহণকাৰী প্ৰতিজন বক্তাক অবিশ্বাস্য কাহিনী হিচাপে চমু ভাষণ প্ৰদান কৰিবলৈ তিনিৰ পৰা পাঁচ মিনিট সময় দিয়া হয়, আৰু তাৰ পিছত কেইবাটাও কাৰকৰ ওপৰত ভিত্তি কৰি সেই ভাষণবোৰৰ বিচাৰ কৰা হয়। বিজয়ীয়ে পৰৱৰ্তী পৰ্যায়ৰ প্ৰতিযোগিতালৈ আগবাঢ়ি যায়।
নন চেকুইটাৰ (comic strip Non Sequitur) নামৰ ধাৰাবাহিক ব্যংগ চিত্ৰ শৃংখলাৰ কমিক চৰিত্ৰ কেপ্তেইন এডিয়ে কেতিয়াবা অবিশ্বাস্য কাহিনী কোৱা দেখা যায়;১ তেওঁ সঁচা কথা কৈছে নে বাস্তৱিক পৰিঘটনাক অতিৰঞ্জিত কৰিছে নে কাহিনী এটা সম্পূৰ্ণৰূপে ৰচনা কৰিছে সেয়া পাঠকৰ ওপৰত এৰি দিয়া হয়।
প্ৰকৃত ব্যক্তিৰ বিষয়ে
কিছুমান অবিশ্বাস্য কাহিনীত বাস্তৱ মানুহৰ কাহিনি অতিৰঞ্জিত কৰি উপস্থাপন কৰা হয়। তলত এনে কেইটামান চৰিত্ৰ বিষয়ে উল্লেখ কৰা হৈছে:
জনী এপলচিড (Johnny Appleseed) – এজন বন্ধুত্বপূৰ্ণ লোক-নায়ক। তেওঁ পশ্চিমৰ অঞ্চল ভ্ৰমণ কৰি আপেল গছ ৰোপণ কৰিছিল কাৰণ তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ অভিভাৱক পৰীয়ে (guardian angel) সেয়া কৰিবলৈ কৈছিল।
জনী ব্লাড (Johnny Blood) – এজন আমেৰিকান ফুটবল খেলুৱৈ যি খেল পথাৰত কৰা বন্য আচৰণৰ বাবে প্ৰসিদ্ধ আছিল।
জিম ব'ৱি (Jim Bowie) – এজন কেণ্টাকিয়ান সীমান্তৱৰ্তী ব্যক্তি, টেক্সাছ ৰেঞ্জাৰ, আৰু ভূমি জল্পনা-কল্পনাৰ ব্যক্তি যিয়ে আলামোৰ যুদ্ধত২ (Battle of the Alamo) টেক্সাছ বাবে যুঁজিছিল। তেওঁ ব’ৱি নাইফ নামৰ এবিধ বিশেষ অস্ত্ৰৰ৩৪ বাবে পৰিচিত। এই অস্ত্ৰৰে তেওঁ বিপক্ষৰ আভ্যন্তৰিণ অংগ দেহৰ পৰা বাহিৰ কৰি দিছিল।
ডেনিয়েল বুনে (Daniel Boone) – এপ্লাচিয়ান পৰ্বতমালাৰ পশ্চিমে প্ৰথম ইংৰাজী ভাষী উপনিবেশ প্ৰতিষ্ঠা কৰিছিল।৫
পিটাৰ ফ্ৰান্সিস্কো (Peter Francisco) – আমেৰিকাৰ বিপ্লৱী যুদ্ধৰ নায়ক
কেলামিটি জেন (Calamity Jane) – এগৰাকী আমেৰিকান সীমান্তৱৰ্তী মহিলা, নিছানবাজ আৰু গল্পকাৰ।৬৭৮
জিগাৰ জনছন (Jigger Johnson) - খালী হাতেৰে জীয়া ববকেট নামৰ এবিধ মেকুৰীজাতীয় প্ৰাণী ধৰা, মদ্যপান কৰি কাজিয়া কৰা ইত্যাদি বিভিন্ন কামৰ বাবে জনাজাত এজন কাঠমিস্ত্ৰী।৯১০
মলি পিচাৰ (Molly Pitcher) – কেপ্টেইন মলি নামেৰে জনাজাত এগৰাকী আমেৰিকাৰ বিপ্লৱী যুদ্ধ নায়িকা।১১
কাল্পনিক ব্যক্তি
আমেৰিকাত অবিশ্বাস্য কাহিনীত কিছুমান কিংবদন্তি ব্যক্তিৰ নামো পোৱা যায়:
পল বুনিয়ান (Paul Bunyan) – বিশাল কাঠ কটা মানুহ যিয়ে এক মিনিটত ৫০টা পেনকেক খায়, কুঠাৰেৰে গ্ৰেণ্ড কেনিয়ন খান্দিছিল, ভৰিৰ ছাপেৰে মিনেছ’টাৰ দহ হাজাৰ হ্ৰদ বনাইছিল, আৰু তেওঁৰ লগত “বেব দ্য ব্লু অক্স” (Babe the blue ox) নামৰ এটা ম’হ থাকে যিয়ে মিচিচিপি নদীখন নিৰ্মাণ কৰিছিল।
টনি বিভাৰ (Tony Beaver) – পশ্চিম ভাৰ্জিনিয়াৰ এজন কাঠমিস্ত্ৰী আৰু পল বুনিয়ানৰ খুলশালীয়েক
পেকছ বিল (Pecos Bill) – কিংবদন্তি কাউবয় যি "বন্য পশ্চিম বশ কৰিছিল"।
কৰ্ডউড পিট (Cordwood Pete) – কাঠমিস্ত্ৰী পল বুনিয়ানৰ সৰু ভাতৃ
ফেবল্ড ফেবল্ডছন (Febold Feboldson) – নেব্ৰাস্কাৰ এজন কৃষক যিয়ে খৰাং পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিব পাৰিছিল
জনী কাউ (Johnny Kaw) – এজন কাল্পনিক কানছাছবাসী যাৰ পৌৰাণিক মৰ্যাদা নিজেই এটা অৰ্থত এটা কল্পনা আছিল, কাৰণ ইয়াক শেহতীয়াকৈ, ১৯৫৫ চনত সৃষ্টি কৰা হৈছিল। এই মূল্যায়নৰ অনুগামীসকলে এনে কাহিনীক নকল বুলি গণ্য কৰে।
জো মেগাৰাক (Joe Magarac) – তীখাৰে নিৰ্মিত পিটচবাৰ্গৰ এজন তীখা কৰ্মী।১২
আলফ্ৰেড বুলটপ ষ্টৰমালং (Alfred Bulltop Stormalong) – এজন বিশাল নাৱিক যাৰ জাহাজ ইমানেই ডাঙৰ আছিল যে ই চন্দ্ৰকো চুই গৈছিল।১৩
তথ্যসূত্ৰ
- ↑ Holtz, Allan. (2012). American Newspaper Comics: An Encyclopedic Reference Guide. The University of Michigan Press. পৃ. 289. ISBN 9780472117567
- ↑ Todish et al. (1998), p. 29
- ↑ Evans, John. (December 1989). Bowie (Boo-wee) or Bowie (Bo-wee)? What's in a Name?. Alamo Journal. পৃ. 6
- ↑ Davis, William C. (1998). Three Roads to the Alamo: The Lives and Fortunes of David Crockett, James Bowie, and William Barret Travis. HarperCollins. পৃ. 35. ISBN 0-06-017334-3
- ↑ Lofaro 2012, পৃ. 180–183
- ↑ Fraga, Kaleena. (2019-05-31). Calamity Jane: Hard-Scrabble Wild West Heroine Or Compulsive Liar?. All That's Interesting
- ↑ From the real Calamity Jane to 'Madam Moustache': pioneer women of the Wild West. HistoryExtra
- ↑ (2020-02-11). The Life and Legend of Calamity Jane. CrimeReads
- ↑ Appalachia Appalachian Mountain Club, 1964
- ↑ Monahan, Robert. "Jigger Johnson", New Hampshire Profiles magazine, Northeast Publications, Concord, New Hampshire, April, 1957
- ↑ Koestler-Grack, Rachel A. Molly Pitcher: Heroine of the War for Independence. Philadelphia: Chelsea House Publishers, 2006
- ↑ Joe Magarac, a legendary Croatian steel worker in the USA. www.croatia.org
- ↑ Osborne, Mary Pope, American Tall Tales, p. 17
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অবিশ্বাস্য কাহিনী” প্ৰবন্ধৰ সংশোধন ৬৩২৩৯৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।