কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। লোকবিশ্বাস অনুসৰি, আকাশ বন্তিৰ পোহৰত উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়।১ অসমৰ স্থানবিশেষে আকাশ বন্তি পদূলিমুৰতো লগোৱা হয়। ইকৰা, নল, বা কুমলীয়া বাঁহৰ সৰু পাবেৰে আকাশ বন্তি সাজিব পাৰি। ছটুকুৰা সৰু ইকৰা বা নলৰ পাব লৈ ৰছীৰে সিঁ এটা পিৰামিড আকৃতিৰ গঠন সাজি লোৱা হয়। এই গঠনৰ তলৰফালে ওলোটা পিৰামিড আকৃতিৰ আন এক গঠন সজা হয়। ঔটেঙাৰ বখল বা মাটি চাকি দুয়োটা পিৰামিডৰ মাজৰ সমতল অংশত বা তলৰ ওলোটা পিৰামিডৰ শংকু অঞ্চলত ৰাখিব পাৰি। সাধাৰণতে এইদৰেই এই আকাশবন্তি সজা হয় আৰু ইয়াক পদূলিমূৰত ওখকৈ আঁৰি দিয়া হয়। মাজুলীৰ আউনীআটী সত্ৰত কাতিমাহত সমগ্ৰ মাহ ধৰি আকাশ বন্তি প্ৰজ্বলন কৰা হয়।
আকাশ বন্তি আৰু কৃষি উপযোগিতা
অসমৰ উৎসৱসমূহ বিশেষকৈ বিহু কৃষি ভিত্তিক উৎসৱ। তিনিটি বিহুৰ এটা বিহু কাতি বিহু বা কঙালী বিহু। কঙালী বিহুৰ লগৰ জড়িত এটা প্ৰথা আকাশ বন্তি জ্বলোৱা। এই আকাশ বন্তি জ্বলোৱা এটা কাৰণ খেতি পথাৰৰ পোক-পতংগ নিয়ন্ত্ৰণ কৰা। আকাশ বন্তি খেতি পথাৰ বা পদূলি মুখত এডাল ওখ বাঁহৰ ওপৰত চাকি জ্বলোৱা হয়। কাতি মাহত সাধাৰণতে পথাৰত পোক-পতংগৰ সংখ্যা কিছু বৃদ্ধি হয় আৰু কৃষকৰ পথাৰত ধান বা অন্য খেতি সমূহত বিভিন্ন প্ৰকাৰৰ পোক-পতংগ আহি পৰে আৰু সেই পোক-পতংগবোৰে ওপৰত জ্বলি থকা সৰিয়হ তেলৰ চাকিৰ পোহৰত আকৰ্ষিত হৈ আহে আৰু জুইত পৰি মৰে২ আগৰ দিনত পোক-পতংগ নিমন্ত্ৰণ বাবে কোনো ধৰণৰ ৰাসায়নিক কীটনাশক দ্ৰব্য পোৱা নগৈছিল বাবে এনেকৈ কিছু পোক-পতংগ কৃষক সকলে নিয়ন্ত্ৰণ কৰিছিল।
তথ্যসূত্ৰ
- ↑ চুতীয়া, সতীশ. কাতি বিহুৰ লোকাচাৰ. বিকাশপেডিয়া
- ↑ বৰঠাকুৰ, কস্তুৰী. (১৮ অক্টোবৰ ২০২৩). কাতি বিহুৰ সৈতে কি সম্পৰ্ক আকাশবন্তিৰ? আঁৰৰ লোকবিশ্বাস কি?. pragnews.com. প্ৰাগ নিউজ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকাশ বন্তি” প্ৰবন্ধৰ সংশোধন ৫২০৩০০ (২৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।