অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

এলকেন

জৈৱ ৰসায়নত এলকেন (Alkane) বা পেৰাফিন (Paraffin) (পুৰণি নাম) হৈছে এবিধ সংপৃক্ত মুক্ত শৃংখলযুক্ত হাইড্ৰ'কাৰ্বন। এটা এলকেন হাইড্ৰ'জেন আৰু কাৰ্বন পৰমাণুৰ দ্বাৰা গঠিত য'ত কাৰ্বন পৰমাণুবোৰ এক বান্ধনিৰে যুক্ত হৈ থাকে। এলকেনৰ সাধাৰণ ৰাসায়নিক সংকেত হ'ল CnH2n+2।

হালনাগাদ: ৭ মাৰ্চ ২০২৪ ৩৬০ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

জৈৱ ৰসায়নত এলকেন (Alkane) বা পেৰাফিন (Paraffin) (পুৰণি নাম) হৈছে এবিধ সংপৃক্ত মুক্ত শৃংখলযুক্ত হাইড্ৰ'কাৰ্বন। এটা এলকেন হাইড্ৰ'জেন আৰু কাৰ্বন পৰমাণুৰ দ্বাৰা গঠিত য'ত কাৰ্বন পৰমাণুবোৰ এক বান্ধনিৰে যুক্ত হৈ থাকে। এলকেনৰ সাধাৰণ ৰাসায়নিক সংকেত হ'ল CnH2n+2।১ উদাহৰণস্বৰূপে, n=1 ৰ ক্ষেত্ৰত CH4, যাৰ নাম মিথেন। মিথেন হৈছে এলকেন পৰিয়ালৰ প্ৰথম সদস্য। এলকেনসমূহৰ পৰিসৰ মিথেনৰ নিচিনা সৰল যৌগৰ পৰা আৰম্ভ কৰি পেণ্টাক'ণ্টেন বা ৬-ইথাইল-২-মিথাইল-৫-(১-মিথাইল‌ইথাইল) অক্টেন (টেট্ৰাডেকেনৰ (C14H30) এটা সমযোগী) আদিৰ নিচিনা ডাঙৰ তথা জটিল যৌগলৈ বিস্তৃত হৈ আছে।

বিশুদ্ধ আৰু প্ৰায়োগিক ৰসায়ন বিজ্ঞানৰ আন্তৰ্জাতিক সংস্থাই (IUPAC) সংজ্ঞায়িত কৰিছে যে এলকেনসমূহ “সাধাৰণ সংকেত CnH2n+2 বিশিষ্ট অচক্ৰীয় শাখাযুক্ত বা শাখাবিহীন হাইড্ৰ'কাৰ্বন, আৰু সেয়েহে এইবোৰ সম্পূৰ্ণ হাইড্ৰ'জেন পৰমাণু আৰু সংপৃক্ত কাৰ্বন পৰমাণুৰে গঠিত”। অৱশ্যে, কিছুমান উৎসত একচক্ৰীয় (অৰ্থাৎ চাইক্ল'এলকেনসমূহ যাৰ সাধাৰণ সংকেত CnH2n) বা বহুচক্ৰীয় হাইড্ৰ'কাৰ্বনকে ধৰি যিকোনো সংপৃক্ত হাইড্ৰ'কাৰ্বন বুজাবলৈ এলকেন শব্দটো ব্যৱহাৰ কৰা হৈছে।২

এটা এলকেনত প্ৰত্যেকটো কাৰ্বন পৰমাণু চাৰিডাল ছিগমা বান্ধনিসহ (C–C বা C–H) sp3-সংকৰিত হৈ থাকে আৰু প্ৰত্যেকটো হাইড্ৰ'জেন পৰমাণু কাৰ্বন পৰমাণুৰ (এডাল C–H বান্ধনিত) এটাৰ লগত সংযুক্ত হৈ থাকে। এটা অণুত সংযোজিত কাৰ্বন পৰমাণুৰ আটাইতকৈ দীঘল শৃংখলাটোক ইয়াৰ কাৰ্বন কংকাল বা কাৰ্বন মেৰুদণ্ড বুলি কোৱা হয়। কাৰ্বন পৰমাণুৰ সংখ্যাক এলকেনৰ আকাৰ হিচাপে গণ্য কৰিব পৰা যায়।

উচ্চতৰ এলকেনৰ এটা গোট হৈছে মম (প্ৰমাণ বায়ুমণ্ডলীয় উষ্ণতা আৰু চাপত (SATP) থকা এবিধ কঠিন পদাৰ্থ) যাৰ কাৰ্বন মেৰুদণ্ডত কাৰ্বন পৰমাণুৰ সংখ্যা ১৭ তকৈ বেছি। পুনৰাবৃত্তি ঘটা –CH2 এককৰ সৈতে এলকেনসমূহে জৈৱিক যৌগৰ এক সমজাত শৃংখলা গঠন কৰে য'ত তাৰ সদস্যসকলৰ আণৱিক ভৰ ১৪.০৩ ডেল্টনৰ গুণিতকৰ দ্বাৰা পৃথক হয়।

মিথেন মিথেনোজেনিক বেক্টেৰিয়াৰ দ্বাৰা উৎপন্ন হয়। কিছুমান দীঘল-শৃংখলযুক্ত এলকেনে কিছুমান নিৰ্দিষ্ট প্ৰাণীৰ প্ৰজাতিত ফেৰ'ম'ন হিচাপে আৰু উদ্ভিদ তথা ভেঁকুৰত সুৰক্ষামূলক মম হিচাপে কাম কৰে যদিও বেছিভাগ এলকেনৰে বেছি জৈৱিক কাৰ্যকলাপ নাই। সেইবোৰক আণৱিক গছ হিচাপে গণ্য কৰিব পাৰি যাৰ ওপৰত জৈৱিক অণুৰ অধিক সক্ৰিয়/বিক্ৰিয়ক কাৰ্যকৰী গোটসমূহ ওলোমাই ৰাখিব পাৰি।

পেট্ৰ'লিয়াম (খাৰুৱা তেল) আৰু প্ৰাকৃতিক গেছ হৈছে এলকেনৰ দুটা মুখ্য বাণিজ্যিক উৎস।

এটা এলকাইল গোট হৈছে এলকেনৰ ওপৰত আধাৰিত এক আণৱিক খণ্ড যিয়ে বন্ধনৰ বাবে এটা মুক্ত যোজ্যতা বহন কৰে।

গঠন আৰু শ্ৰেণীবিভাজন

সাধাৰণতে C-C (কাৰ্বন-কাৰ্বন) এক বান্ধনিৰ দূৰত্ব ১.৫৩ Å (১ মিটাৰ = 10-10 আংষ্টৰ্ম)।৩ সংপৃক্ত হাইড্ৰ'কাৰ্বনবোৰ ৰৈখিক, শাখাযুক্ত বা চক্ৰীয় হ'ব পাৰে। ইয়াৰে তৃতীয় গোটটোক প্ৰায়েই চাইক্ল'এলকেন বুলি কোৱা হয়।১ ৰৈখিক, শাখাযুক্ত আৰু চক্ৰীয় এলকেনবোৰক একত্ৰিত কৰিলে অতি জটিল গাঁথনিও পাব পাৰি।

ভৌতিক ধৰ্ম

এলকেনসমূহৰ কোনো ৰং নাই।৪ কম আণৱিক ভৰযুক্ত এলকেনসমূহ গেছ, মধ্যমীয়া আণৱিক ভৰযুক্ত এলকেনসমূহ তৰল আৰু বেছি আণৱিক ভৰযুক্ত এলকেনসমূহ কঠিন।৫৬

এলকেনসমূহৰ তালিকা

এলকেনসাংকেতিক চিহ্নউতলাংক [°C]গলনাংক [°C]ঘনত্ব [kg/m3] (20 °C ত)সমযোগী
মিথেনCH4-১৬২−১৮২০.৬৫৬ (গেছ)১
ইথেনC2H6−৮৯−১৮৩১.২৬ (গেছ)১
প্ৰ'পেনC3H8−৪২−১৮৮২.০১ (গেছ)১
বিউটেনC4H10০−১৩৮২.৪৮ (গেছ)২
পেণ্টেনC5H12৩৬−১৩০৬২৬ (তৰল)৩
হেক্সেনC6H14৬৯−৯৫৬৫৯ (তৰল)৫
হেপ্টেনC7H16৯৮−৯১৬৮৪ (তৰল)৯
অ'ক্টেনC8H18১২৬−৫৭৭০৩ (তৰল)১৮
ন'নেনC9H20১৫১−৫৪৭১৮ (তৰল)৩৫
ডেকেনC10H22১৭৪−৩০৭৩০ (তৰল)৭৫
আনডেকেনC11H24১৯৬−২৬৭৪০ (তৰল)১৫৯
ড'ডেকেনC12H26২১৬−১০৭৪৯ (তৰল)৩৫৫
ট্ৰাইডেকেনC13H28২৩৫−৫.৪৭৫৬ (তৰল)৮০২
টেট্ৰাডেকেনC14H30২৫৩৫.৯৭৬৩ (তৰল)১৮৫৮
পেণ্টাডেকেনC15H32২৭০১০৭৬৯ (তৰল)৪৩৪৭
হেক্সাডেকেনC16H34২৮৭১৮৭৭৩ (তৰল)১০,৩৫৯
হেপ্টাডেকেনC17H36৩০৩২২৭৭৭ (কঠিন)২৪,৮৯৪
অ'ক্টাডেকেনC18H38৩১৭২৮৭৮১ (কঠিন)৬০,৫২৩
ন'নাডেকেনC19H40৩৩০৩২৭৮৫ (কঠিন)১৪৮,২৮৪
আইক'ছেনC20H42৩৪৩৩৭৭৮৯ (কঠিন)৩৬৬,৩১৯
ট্ৰায়াক'ণ্টেনC30H62৪৫০৬৬৮১০ (কঠিন)৪,১১১,৮৪৬,৭৬৩
টেট্ৰাক'ণ্টেনC40H82৫২৫৮২৮১৭ (কঠিন)
পেণ্টাক'ণ্টেনC50H102৫৭৫৯১৮২৪ (কঠিন)
হেক্সাক'ণ্টেনC60H122৬২৫১০০৮২৯ (কঠিন)
হেপ্টাক'ণ্টেনC70H142৬৫৩১০৯৮৬৯ (কঠিন)

তথ্যসূত্ৰ

  1. ↑ G. P. Moss, P. A. S. Smith, D. Tavernier. (1995). Article Glossary of class names of organic compounds and reactivity intermediates based on structure (IUPAC Recommendations 1995). Pure and Applied Chemistry. পৃ. 1307-1375
  2. ↑ (29 November, 2016). Alkanes. LibreTexts
  3. ↑ Smith, Michael B.; March, Jerry. (2007). Advanced Organic Chemistry: Reactions, Mechanisms, and Structure. Wiley-Interscience. পৃ. 23. ISBN 978-0-471-72091-1
  4. ↑ Archived copy
  5. ↑ Molecule Gallery - Alkanes. www.angelo.edu
  6. ↑ Allaby. (1988). Illustrated Dictionary of Science, Andromeda. Windmill Books (Andromeda International)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলকেন” প্ৰবন্ধৰ সংশোধন ৪১০১৩৫ (৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।