এডিটাথন (Edit-a-thon) বা সম্পাদনা মেলা হৈছে এক অনুষ্ঠান য'ত আন্তঃজাল জগতৰ কোনো বিশেষ সমূদায় যেনে ৱিকিপিডিয়া, অপেন ষ্ট্ৰীট মেপ, লোকেল ৱিকি আদিৰ সম্পাদকসকলে কোনো এক নিৰ্দিষ্ট বিষয়ৰ ওপৰত আধাৰিত বিষয়ৰ প্ৰবন্ধ লিখে, অনুবাদ কৰে বা উন্নীতকৰণ প্ৰক্ৰিয়াত অংশ লয়। এই অষ্ঠানবোৰত সাধাৰণতে নতুন সম্পাদকৰ বাবে মৌলিক সম্পাদনাৰ প্ৰশিক্ষণ অন্তৰ্ভুক্ত থাকে আৰু অধিক সাধাৰণ সামাজিক সাক্ষাৎৰ সৈতে একত্ৰিত কৰা হ'ব পাৰে। "এডিট" আৰু "মাৰাথান" শব্দৰ সংমিশ্ৰণত এডিটাথন শব্দটোৰ সৃষ্টি হৈছে। ই হয় "অফলাইন" বা অনলাইন বা দুয়োটাৰ এক মিহলি সংস্কৰণ হ'ব পাৰে। যদি ই অফলাইন নহয় তেন্তে, ইয়াক সাধাৰণতে "ভাৰ্চুৱেল এডিটাথন" বা "অনলাইন এডিটাথন" বুলি কোৱা হয়।
বিষয়
এই অনুষ্ঠানবোৰত সাধাৰণতে সাংস্কৃতিক ঐতিহ্যৰ স্থান, যাদুঘৰ সংগ্ৰহ, মহিলাৰ ইতিহাস, কলা, উৎসৱ, নাৰীবাদ, ৱিকিপিডিয়াত লিঙ্গৰ ব্যৱধান সংকুচিত কৰা, আৰু সামাজিক ন্যায়ৰ বিষয় অন্তৰ্ভুক্ত কৰা হয়।১২৩৪৫৬
মহিলা, আফ্ৰিকান আমেৰিকান, আৰু এলজিবিটি সম্প্ৰদায়ৰ সদস্যসকলে ৱিকিপিডিয়াৰ যৌন আৰু বৰ্ণগত সজ্জাৰ ব্যৱধান পূৰণ কৰিবলৈ৭আৰু আফ্ৰিকা সম্পৰ্কীয় বিষয়ৰ নিম্ন প্ৰতিনিধিত্বক প্ৰত্যাহ্বান জনোৱাৰ বাবে এডিটাথন অনুষ্ঠিত কৰি আহিছে।৮
সংগঠকসমূহ
স্থান অনুসৰি বিভিন্ন ৱিকিপিডিয়া সম্প্ৰদায়ে এই এডিটাথন সমূহৰ আয়োজন কৰে। অপেনষ্ট্ৰীটমেপ সম্প্ৰদায়ৰ দ্বাৰাও বহু এডিটাথনৰ আয়োজন কৰা হয়।৯১০
লগতে চাওক
- WikiGap Challenge on Meta-wiki - Example of high-impact virtual edit-a-thon / writing challenge in March 2020
- Meta-wiki Category:Edit-a-thons
- Meta-wiki Category:Wikimedia meetups
তথ্যসূত্ৰ
- ↑ Lavin, Talia. (2016-03-11). A Feminist Edit-a-Thon Seeks to Reshape Wikipedia. The New Yorker
- ↑ Content, Sara Boboltz Associate Editor of Viral; Post, The Huffington. (2015-04-15). Editors Are Trying To Fix Wikipedia's Gender And Racial Bias Problem. The Huffington Post
- ↑ Social Justice Wikipedia Edit-a-thon workshop - University of Victoria. www.uvic.ca
- ↑ Smith, Michelle R. (16 October 2013). Female scientists getting their due on Wikipedia. Associated Press
- ↑ Katzner, Ben. (1 February 2014). SCSU group participates in edit-a-thon for Wikipedia website. St. Cloud Times
- ↑ Koh, Adeline. (30 May 2013). How to Organize Your Own Wikipedia Edit-a-Thon. The Chronicle of Higher Education
- ↑ Reynosa, Peter. (3 December 2015). Why Don't More Latinos Contribute to Wikipedia?. El Tecolote
- ↑ Wexelbaum, Rachel S., Katie Herzog, and Lane Rasberry. "Queering Wikipedia." (2015)
- ↑ Villeda, Ian. (12 April 2013). OpenStreetMap #Editathon at MapBox
- ↑ Foster, Mike. (18 October 2013). Fall 2013 OpenStreetMap Editathon
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এডিটাথন” প্ৰবন্ধৰ সংশোধন ৩৮০২৬৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।