অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অভিসাৰ ধৰ্ষণ

অভিসাৰ ধৰ্ষণ (Date rape) হৈছে এক প্ৰকাৰৰ অভিসাৰ হিংসা বা পৰিচিত লোকৰ দ্বাৰা হোৱা ধৰ্ষণ। এই প্ৰকাৰৰ ধৰ্ষণত দুয়োটা পক্ষৰ মাজত এক প্ৰকাৰৰ ৰোমাণ্টিক বা সম্ভাৱ্য যৌন সম্পৰ্ক থাকিব পাৰে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩৮৬ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

অভিসাৰ ধৰ্ষণ (Date rape) হৈছে এক প্ৰকাৰৰ অভিসাৰ হিংসা বা পৰিচিত লোকৰ দ্বাৰা হোৱা ধৰ্ষণ। এই প্ৰকাৰৰ ধৰ্ষণত দুয়োটা পক্ষৰ মাজত এক প্ৰকাৰৰ ৰোমাণ্টিক বা সম্ভাৱ্য যৌন সম্পৰ্ক থাকিব পাৰে। এনে ধৰ্ষণ পৰিচিত লোকৰ মাজতো হʼব পাৰে য'ত ভুক্তভোগী আৰু অপৰাধী এক অ-ৰোমাণ্টিক, সম্পৰ্কত থাকে, উদাহৰণ স্বৰূপে সহকৰ্মী বা চুবুৰীয়া।১২৩৪৫৬ অভিসাৰ ধৰ্ষণ হৈছে অসন্মতিপূৰ্ণ যৌন সম্পৰ্ক বা বলপুৰ্বক যৌন আক্ৰমণ যʼত শাৰীৰিক আঘাত নহবও পাৰে। ধৰ্ষণত সাধাৰণতে শাৰীৰিক আঘাত একমাত্ৰ প্ৰমাণ হিচাপে অভিযোজিত কৰা হয়। যিহেতু অভিসাৰ ধৰ্ষণত শাৰীৰিক আঘাত জড়িত নহবও পাৰে, সেয়েহে এনে ধৰ্ষণ প্ৰায়ে প্ৰলোভন বুলি ভুল বুজা হয় আৰু সঠিকভাৱে সংজ্ঞায়িত কৰা নহয়।৭ ১৯৮০ দশকৰ পৰা, অভিসাৰ ধৰ্ষণ কিছুমান দেশত বহুলভাৱে প্ৰচলিত হ'বলৈ ধৰিছ। ই বিশেষকৈ মহাবিদ্যালয় চৌহদত প্ৰচলিত, আৰু সঘনাই সুৰা বা অন্যান্য ঔষধ সেৱন কৰিও কৰা হয়।৮ অভিসাৰ ধৰ্ষণৰ ভুক্তভোগীসকলৰ সৰ্বোচ্চ বয়স কিশোৰ বয়সৰ শেষৰ ফালৰ পৰা কুৰি বছৰৰ আৰম্ভণিলৈকে হয়।৯

অৱলোকন

অভিসাৰ ধৰ্ষণৰ এটা বিশেষত্ব হৈছে যে বেছিভাগ ক্ষেত্ৰত ভুক্তভোগী মহিলা হয়, অপৰাধীক জানে,১০১১ আৰু ধৰ্ষণৰ ঘটনাটো ওভয় পক্ষৰ মাজত প্ৰকৃত বা সম্ভাৱ্য ৰোমাণ্টিক বা যৌন সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত সংঘটিত হʼব পাৰে।১২১১ অপৰাধীজনে ভুক্তভোগী এজনক তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্ভোগ কৰিবলৈ বাধ্য কৰিবলৈ শাৰীৰিক বা মানসিক ভাবুকি ব্যৱহাৰ কৰিব পাৰে। কেতিয়াবা ভুক্তভোগীয়ে সুৰাপান বা আন ড্ৰাগৰ সেৱন কৰা অৱস্থাত সন্মতি বা অসন্মতি দিবলৈ মানসিকভাৱে সক্ষম নাথাকে, তেতিয়া অপৰাধীয়ে এনে অৱস্থাৰ সুবিধা লʼব পাৰে।১৩আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় পৰিসংখ্যা ব্যুৰোৰ মতে, অভিসাৰ ধৰ্ষণ হৈছে ধৰ্ষণৰ ঘটনাবোৰৰ মাজত আটাইতকৈ সঘনাই সংঘটিত হোৱা ধৰ্ষণ।১৪ সুৰাপান বা ধৰ্ষণৰ ড্ৰাগ গ্ৰহণ কৰি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত অভিসাৰ ধৰ্ষণৰ ঘটনা প্ৰায়েই সংঘটিত হয়। সাধাৰণতে ১৬ ৰ পৰা ২৪ বছৰ বয়সৰ মহিলা আটাইতকৈ সঘনাই এই ধৰ্ষণৰ চিকাৰ হোৱা দেখা যায়।১৫১৬

ইতিহাস

অভিসাৰ ধৰ্ষণৰ ঘটনা তুলনামূলকভাৱে নতুন। ঐতিহাসিকভাৱে, অভিসাৰ ধৰ্ষণক এজন অচিনাকি ব্যক্তিৰ দ্বাৰা ধৰ্ষণতকৈ কম গুৰুতৰ বুলি গণ্য কৰা হয় যদিও ই এক জটিল সামাজিক সমস্যা।১৭ ১৯৮০ৰ দশকৰ পৰা ই কিছুমান দেশত বেছিভাগ এই প্ৰকাৰৰ ধৰ্ষণ দেখা গৈছে। ইয়াক ক্ৰমান্বয়ে মহিলাৰ প্ৰতি হোৱা হিংসাৰ এক প্ৰকাৰৰ সামাজিক সমস্যা হিচাপে দেখা গৈছে।১৮ এই বিষয়যটো বিতৰ্কিত, কিয়নো কিছুমান লোকে বিশ্বাস কৰে যে ভুক্তভোগীসকল প্ৰকৃততে যৌকাৰ্য্যত ইচ্ছুক,আৰু অংশগ্ৰহণকাৰীসকলক সন্মতি দিয়ে। আকৌ আন কিছুমানে বিশ্বাস কৰে যে এনে ধৰ্ষণ গুৰুতৰভাৱে কম প্ৰতিবেদিত হয় আৰু এনে ধৰ্ষণৰ দাবী কৰা প্ৰায় সকলো মহিলাই প্ৰকৃততে ধৰ্ষণৰ বলি হয়।১১ বিংশ শতিকাৰ অন্তিম দশকবোৰৰ পৰা, পৃথিৱীৰ বেছিভাগ অংশত, ধৰ্ষণক এজন ব্যক্তিৰ তাৎক্ষণিক সন্মতি অবিহনে যৌন সম্ভোগ বুলি গণ্য কৰা হয়, যাৰ ফলত ধৰ্ষণ আইনগতভাৱে অবৈধ বুলি গণ্য কৰা হয়। কিছুমান ন্যায়ালয়ে নিৰ্দিষ্ট কৰিছে যে সুৰা বা অন্যান্য ড্ৰাগৰ দ্বাৰা দুৰ্বল হোৱা লোকসকল যৌন সম্পৰ্কত সন্মতি দিবলৈ অক্ষম।১৯ এবাৰ সন্মতি দিয়াৰ পাছত ইয়াক প্ৰত্যাহাৰ কৰিব পাৰিনে নোৱাৰি এই বিষয়ে ন্যায়ালয়সমূহ একমত নহয়।১১

ভাৰতীয় প্ৰেক্ষাপটত অভিসাৰ ধৰ্ষণ

অভিসাৰ ধৰ্ষণৰ ভাৰতীয় প্ৰেক্ষাপটতো পৰিলক্ষিত হৈছে। ভাৰতত সংঘটিত হোৱা প্ৰায় ৭০% যৌন নিৰ্যাতনৰ ঘটনা প্ৰতিবেদনত দেখা গৈছে যে অভিযুক্ত, ভুক্তভোগী বা দুয়োপক্ষই ধৰ্ষণৰ সময়ত কোনো ধৰণৰ ড্ৰাগ বা সুৰাৰ নিচাত থাকে।২০এনে ধৰ্ষণৰ ক্ষেত্ৰত সঘনাই ব্যৱহৃত ঔষধ হৈছে ৰুফিজ।২১ এনে ঔষধ সাধাৰণতে ৰেল আৰু বাছত যাত্ৰী সকলক ডকাইতি কৰিবলৈ ব্যৱহাৰ কৰা হয়, আৰু লগতে মহিলাসকলকৰ ওপৰত যৌন নিৰ্যাতনৰ বাবেও ব্যৱহাৰ কৰা হয়। এই ঔষধবোৰৰ প্ৰভাৱত ভুক্তভোগীসকল শাৰীৰিকভাৱে অসহায় হৈ পাৰে আৰু যৌন সম্পৰ্ক অস্বীকাৰ কৰিব নোৱাৰে, আৰু কি ঘটিছিল মনত ৰাখিব নোৱাৰে।২২ ঔষধবোৰৰ প্ৰায়ে কোনো ৰং, গোন্ধ বা সোৱাদ নাথাকে আৰু ভুক্তভোগীৰ অজ্ঞাতে সহজে সোৱাদযুক্ত পানীয়ৰ লগত মিলাই দিয়া হয়।২৩

তথ্যসূত্ৰ

  1. ↑ Dziuba-Leatherman, Jennifer. (1994). Acquaintance and Date Rape: An Annotated Bibliography. Greenwood. পৃ. 1. ISBN 978-0313291494
  2. ↑ Horvath, Miranda. (2009). Rape: Challenging Contemporary Thinking. Willan. পৃ. 117. ISBN 978-1843925194
  3. ↑ Belgrave, Faye Z. (2013). African American Psychology: From Africa to America. SAGE Publications. পৃ. 501. ISBN 978-1412999540
  4. ↑ Parrot, Andrea. (1998). Coping With Date Rape and Acquaintance Rape. Rosen Publishing Group. পৃ. 30. ISBN 978-0823928613
  5. ↑ Wiehe, Vernon R. (1995). Intimate Betrayal: Understanding and Responding to the Trauma of Acquaintance Rape. SAGE Publications. পৃ. 3–4. ISBN 978-0803973619
  6. ↑ Kaminker, Laura. (2002). Everything You Need to Know About Dealing With Sexual Assault. Rosen Pub Group. পৃ. 16–18. ISBN 978-0823933037
  7. ↑ Pineau, L. (1989). Date rape: A feminist analysis. Law and Philosophy, 8(2), 217-243
  8. ↑ Smith, Merril D. (2004). The Encyclopedia of Rape. Greenwood. p. 54. ISBN 978-0313326875
  9. ↑ What is rape and date rape? · girlshealth.gov. www.girlshealth.gov
  10. ↑ Smith, Merril D. (2004). Encyclopedia of Rape. Greenwood Press. পৃ. 55. ISBN 978-0313326875
  11. ↑ Kuersten, Ashlyn K. (2003). Women and the Law: Leaders, Cases, and Documents. ABC-CLIO. পৃ. 143–144. ISBN 978-0874368789
  12. ↑ Smith, Merril D. (2004). Encyclopedia of Rape. Greenwood Press. পৃ. 55. ISBN 978-0313326875
  13. ↑ Baumeister, Roy F. (2007). Encyclopedia of Social Psychology. 217–218: SAGE Publications. p. 217. ISBN 978-1412916707
  14. ↑ Hammond, Elizabeth M.; Berry, Melissa A.; Rodriguez, Dario N. (2011-09-01). The influence of rape myth acceptance, sexual attitudes, and belief in a just world on attributions of responsibility in a date rape scenario. Legal and Criminological Psychology. পৃ. 242–252
  15. ↑ Loiselle, Marc i; Fuqua, Wayne R. (2007-04-01). Alcohol's effects on women's risk detection in a date-rape vignette. Journal of American College Health. পৃ. 261–266
  16. ↑ Frintner, Mary Pat; Rubinson, Laurna. (1993-12-01). Acquaintance Rape: The Influence of Alcohol, Fraternity Membership, and Sports Team Membership. Journal of Sex Education and Therapy. পৃ. 272–284
  17. ↑ Ward, Colleen (1995). Attitudes toward Rape: Feminist and Social Psychological Perspectives (Gender and Psychology series). SAGE Publications. ISBN 978-0803985940
  18. ↑ Team, Content (2015-06-06). "Date Rape - Definition, Examples, Cases, Processes". Legal Dictionary. Retrieved 2021-09-05
  19. ↑ Facts about Date-Rape Drugs. www.idph.state.il.us
  20. ↑ Singh, G., Singh, P., & Jyoti, P. (2020). Date Rape Drugs in Sexual Assaults: A Threat to Indian Society. European Journal of Molecular & Clinical Medicine, 7(7), 4677-4683
  21. ↑ ফগল্হেূোল ঊগসা, হলা ৮, ২০০৪চ www.hindustantimes.com/india/beware-of-date-rape
  22. ↑ Singh, G., Singh, P., & Jyoti, P. (2020). Date Rape Drugs in Sexual Assaults: A Threat to Indian Society. European Journal of Molecular & Clinical Medicine, 7(7), 4677-4683
  23. ↑ The Times of India, January, 2, 2006; timesofindia.indiatimes.com/city/mumbai/date-rap

সম্পৰ্কিত শ্ৰেণী

ধৰ্ষণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিসাৰ ধৰ্ষণ” প্ৰবন্ধৰ সংশোধন ৬২৪১৩১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।