শুভংকৰ (mascot) হৈছে কোনো ব্যক্তি, জন্তু বা অন্যকোনো বস্তু, যিয়ে সৌভাগ্য কঢ়িয়াই অনা বুলি বিশ্বাস কৰা হয় বা যিকোনো দল যেনে শিক্ষানুষ্ঠান, পেছাদাৰী খেলুৱৈৰ দল, সমিতি, সেনা দল বা ব্ৰেণ্ড নাম আদিৰ ৰাজহুৱা পৰিচয় বহন কৰে।
উপভোক্তা পণ্যৰ বাবে কাল্পনিক প্ৰতিনিধি মুখপাত্ৰ হিচাপে শুভংকৰৰ প্ৰয়োগ হয়। খেলৰ জগত খনত মাৰ্চেণ্ডাইজিংৰ বাবেও ইয়াৰ ব্যৱহাৰ হয়। সাধাৰণতে ই কোনো দল এটাৰ গোপন নামৰ সৈতে সম্পৰ্কিত।১
ইতিহাস
শুভংকৰ শব্দটিৰ ইংৰাজী প্ৰতিশব্দ mascot ফৰাচী শব্দ mascotte-ৰ পৰা সৃষ্টি হোৱা, যাৰ অৰ্থ হৈছে সৌভাগ্যকৰ্ষক। ইয়াৰ দ্বাৰা যিকোনো ঘৰুৱা সৌভাগ্য বাহকক বুজোৱা হয়। এই শব্দটি ১৮৬৭ চনত প্ৰথম বাৰৰ বাবে এগৰাকী ফৰাচী ৰচনাকাৰ এডমণ্ড অ'ড্ৰেনৰ দ্বাৰা ব্যৱহাৰ হৈছিল যি ১৮৮০ চনত পৰিবেশনৰ বাবে 'দ্য অ'পেৰা লা মেচকট' লিখিছিল। ১৮৮১ চনত এই শব্দটো ইংৰাজী ভাষাত অন্তৰ্ভুক্ত হয়। অৱশ্যে ইয়াৰ আগলৈকে এই শব্দটো ফ্ৰান্সৰ লোকসকলৰ বাবে পৰিচিত আছিল আৰু ইয়াক বাজী মাৰোঁতাসকলে শ্লেং বা অপশব্দ হিচাপে ব্যৱহাৰ কৰিছিল। এই শব্দটো যাদুকৰী বা ডাইনী বুজোৱা শব্দ মেচক'ৰ পৰা উদ্ভৱ হোৱা। ঊনবিংশ শতিকাৰ আগলৈকে মেচকট শব্দটো কেশবন্ধনী বা চলিত জাহাজত খোদিত মূৰ্তি আদিৰ দৰে জড় বস্তুৰ সৈতে সম্পৰ্কিত আছিল। কিন্তু সেই সময়ৰ পৰা বৰ্তমানলৈকে, এই শব্দটো সৌভাগ্যসূচক জন্তু, বস্তু আদিৰ সৈতে জড়িত হৈ আহিছে।২৩
বিভিন্ন ক্ষেত্ৰত শুভংকৰ
ক্ৰীড়া
ক্ৰীড়া দল সমূহৰ বহুতৰে অফিচিয়েল শুভংকৰ আছে, আটাইতকৈ পুৰণিবোৰৰ ভিতৰত ১৯০৮ চনত চিকাগো কাবছৰ টেক্সিডাৰ্মি মাউণ্ট, আৰু পিছত একেটা দলে ১৯১৬ চনত এটা জীৱিত জন্তু ব্যৱহাৰ কৰে। কিছুদিন পিছতে তেওঁলোকে এই জন্তু বিধক বাৰণ কৰে আৰু ২০১৪ চনলৈকে কোনোধৰণৰ শুভংকৰ ব্যৱহাৰৰ পৰা বিৰত থাকে। পিছলৈ এই দলটোৱে শুভংকৰ আন এটা সংস্কৰণ প্ৰৱৰ্তন কৰিছিল যিটো আছিল পোছাক পৰিহিত এজন ব্যক্তি।৪
আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ৰীড়া দলৰ যুৱ অনুৰাগীসকলে শুভংকৰ ভূমিকা পালন কৰে। এই প্ৰতিনিধিসকলৰ বহুতেই চিকিৎসাজনিত সমস্যাত ভোগা, আৰু তেওঁলোকৰ ইচ্ছাৰ প্ৰতি খেলুৱৈৰ দল সমূহে বা বিজয়ী খেলুৱৈয়ে এনেদৰে সন্মান প্ৰদৰ্শন কৰে।৫৬ ইয়াৰোপৰি বৃদ্ধ বা বয়স্ক লোককো ৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাবোৰে প্ৰতিনিধি দলবোৰৰ বাবে শুভংকৰৰ ভূমিকা পালনৰ হেতু আমন্ত্ৰণ কৰে।৭
অলিম্পিকৰ শুভংকৰবোৰৰ ভিতৰত আছে বিভিন্ন কাল্পনিক চৰিত্ৰ, সাধাৰণতে অঞ্চল একোটাৰ স্থানীয় প্ৰাণী বা মানৱ ব্যক্তিত্ব, যি অলিম্পিক আৰু পেৰালিম্পিক গেমছ অনুষ্ঠিত হোৱা ঠাইখনৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰে। শুভংকৰবোৰে প্ৰায়ে অলিম্পিক গেমছক কম বয়সীয়া দৰ্শক, বিশেষকৈ শিশু আৰু শিশুৰ বাবে মূল আকৰ্ষণ হৈ পৰে। ইয়াৰ দ্বাৰা ক্ৰীড়াৰ প্ৰতি তেওঁলোকৰ আগ্ৰহক প্ৰেৰিত কৰা হয়।
শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিভিন্ন শীতকালীন/গ্ৰীষ্মকালীন অলিম্পিক খেলৰ শুভংকৰবোৰৰ ভিতৰত আছে 'মিগা', 'কোৱাটচি', 'মুকমুক' (ভেঙ্কুভাৰ, ২০১০), 'ৱেনলক আৰু মেণ্ডেভিল' (লণ্ডন, ২০১২), 'বেলি মিস্কা', 'বৰফৰ বাঘ', 'জাইকা' (চচি, ২০১৪) আৰু 'ভিনিচিয়াছ' আৰু 'টম' (ৰিঅ', ২০১৬) এই প্ৰতিটোৱেই তেওঁলোকৰ নিজ নিজ প্ৰতিনিধিত্ব দেশ সমূহত একোটা আইকনিক প্ৰতীক হৈ পৰিছে।৮
২০০৭ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ, অৰ্থাৎ ভাৰতৰ ৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ, অসমৰ সৰুসজাই খেলপথাৰত ৯ ফেব্ৰুৱাৰী ২০০৭ ৰ পৰা ১৮ ফেব্ৰুৱাৰী ২০০৭ লৈ অনুষ্ঠিত হৈছিল। এই ক্ৰিয়া অনুষ্ঠানৰ শুভংকৰ আছিল 'ৰংমন'। ৰংমন হৈছে হাতত জুইৰ শিখা লৈ থকা এটা প্ৰতীকী শুভংকৰ যাৰ শিৰ অংশ আছিল অসম গৌৰৱ এশিঙীয়া গঁড়ৰ আৰু তলৰ অংশ আছিল এজন বিহুৱা ডেকাৰ।৯
ব্যৱসায়িক নিগম
বণিজৰ জগত খনত শুভংকৰ বা বিজ্ঞাপনৰ চৰিত্ৰবোৰ প্ৰায়ে দেখা যায়। এনে শুভংকৰবোৰৰ ভিতৰত আছে 'চেষ্টাৰ চিতা', 'কিবলাৰ এল্ফ', 'দ্য ফ্ৰুট অফ দ্য লুম গাইজ', 'মিকি মাউচ', লিটল চিজাৰৰ বাবে 'পিজ্জা পিজ্জা গাই', 'ৰকি দ্য এল্ফ', 'কোকা-কোলা ভালুক' আৰু 'এনবিচি পিকক'। এই চৰিত্ৰবোৰৰ জনপ্ৰিয়তাৰ বাবে সাধাৰণতে পিছলৈ কোম্পানী বা ব্ৰেণ্ডৰ নাম উল্লেখ নকৰাকৈয়ে পণ্য সম্পৰ্কে মানুহ জ্ঞাত। বিজ্ঞাপনৰ অনুমতি নথকা সামগ্ৰীৰ ক্ষেত্ৰত শুভংকৰবোৰে ব্ৰেণ্ডৰ মুখ্য প্ৰতিনিধি হিচাপে ভূমিকা পালন কৰিবলৈ সক্ষম হয়। উদাহৰণ স্বৰূপে, এনে বহু ব্যৱসায়ৰে জড়িত শুভংকৰ বোৰে অলাভজনক অনুষ্ঠান, বা ক্ৰীড়াত অংশগ্ৰহণ কৰিব পাৰে আৰু দৰ্শকৰ মনোৰঞ্জন কৰোঁতে তেওঁলোকৰ ব্ৰেণ্ডৰ প্ৰচাৰ সম্ভৱ হৈ উঠে। কিছুমান শুভংকৰ হৈছে কেৱল কাৰ্টুন বা ভাৰ্চুৱেল চৰিত্ৰ, আন কিছুমান বিজ্ঞাপনৰ চৰিত্ৰ, ইয়াৰ উপৰি কিছুমান প্ৰকৃততে পোছাক হিচাপে সৃষ্টি কৰা হয় আৰু ট্ৰেডশ্ব' বা বিভিন্ন অনুষ্ঠানত ৰাইজৰ সন্মুখত এই পোছাক পৰিহিত বিভিন্ন ভাৱ ভংগীৰ লোকক দেখা যায়।১০
চৰকাৰী
জাপানত শুভংকৰ
জাপানত পৌৰসভা সমূহৰ বহুতৰে শুভংকৰ আছে, যাক য়ুৰু-চাৰা (ゆるキャラ; হেপবাৰ্ণ: য়ুৰু কিয়াৰা) বুলি জনা যায়। য়ুৰু-চাৰাৰ দ্বাৰা বিভিন্ন ব্যাৱসায়িক গোষ্ঠীয়ে তেওঁলোকৰ সামগ্ৰীৰ প্ৰচাৰৰ বাবে সৃষ্টি কৰা শুভংকৰবোৰ বুজোৱা হয়।১১
নাছাৰ শুভংকৰ
কেমিলা কৰোনা এছডিঅ' হৈছে নাছাৰ সৌৰ গতিবিজ্ঞান পৰ্যৱেক্ষণালয়ৰ (এছডিঅ') মিছন মেচকট আৰু ই শিক্ষা আৰু ৰাজহুৱা প্ৰসাৰৰ (ইপিঅ') সৈতে এই অভিযানটোক সহায় কৰে।১২
সেনা বাহিনীৰ শুভংকৰ

সামৰিক গোটবোৰতো শুভংকৰ জনপ্ৰিয়।
ৰয়েল ৱেলছৰ ছাগলীটো আনুষ্ঠানিকভাৱে এটা শুভংকৰ নহয় যদিও ই এক ৰেংকিংযুক্ত সৈনিক। লেন্স কৰ্পোৰেল উইলিয়াম উইণ্ডচাৰ নামৰ ছাগলীটোৱে ২০০৯ চনৰ ২০ মে' তাৰিখে অৱসৰ গ্ৰহণ কৰে, আৰু এই স্থানত "উইলিয়াম উইণ্ডছৰ ২"ক আনি সেই বছৰৰ ১৫ জুনত আনুষ্ঠানিকভাৱে নিয়োগ কৰা হয়। ১৩১৪
সামাজিক অনুষ্ঠান
বিভিন্ন সামাজিক সংগঠন, সমিতি, শিক্ষানুষ্ঠান, সেৱা প্ৰতিষ্ঠান আদিৰো শুভংকৰ থাকে। শিক্ষানুষ্ঠান সমূহৰ প্ৰায়ে উচ্চ-উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয় সমূহৰ বিভিন্ন অনুষ্ঠান আদিত শুভংকৰে ভূমিকা পালন কৰে। ইয়াৰ ভিতৰত কোনো জন্তু, চৌহদত কোনো মূৰ্ত্তি, বিশেষ পোছাক পৰিহিত শিক্ষাৰ্থী হ'ব পাৰে। এনে কিছুমান শুভংকৰ যেনে: 'আৰ্মি মুলেচ' - তিনিটা খচ্চৰ, যি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক একাডেমীৰ (ৱেষ্ট পইণ্ট) আৰ্মি ব্লেক নাইটছৰ শুভংকৰ হিচাপে কাম জনা যায়।১৫ 'আৰ্টি দ্য ফাইটিং আৰ্টিচোক' – ১৯৭০ৰ দশকৰ আৰম্ভণিৰ পৰা স্কটছডেল কমিউনিটি কলেজৰ আৰ্টিচোক মাস্কট।১৫১৬ 'আৰ্ভি দ্য গোল্ডেন ঈগল' – ৰক ভেলী কলেজৰ গোল্ডেন ঈগল মাস্কট। ২০১৩ চনৰ শেষৰ ফালে এই মাস্কটটো উদ্বোধন কৰা হৈছিল।১৭ অসমৰ বড়োলেণ্ড অঞ্চলত উপলব্ধ দুষ্পাপ্য সোণালী বান্দৰ এই অঞ্চলৰ শুভংকৰ বুলি মনা হয়।১৮
তথ্যসূত্ৰ
- ↑ Marc's Collection of Mascots: Introduction. Halcyon.com
- ↑ Mascots. Fisu.net
- ↑ Where Are You From? – Credo Reference. Search.credoreference.com
- ↑ Brown, David. (27 January 2012). Photo: 1908 Cubs protect their mascot's back. Yahoo! Sports
- ↑ Halewood, Simon. (6 July 2011). Wimboldsley couple celebrate after grandson walks tall with England heroes. Crewe Chronicle
- ↑ (2011). Brazil Mascot Competition. The Scottish Football Association. The Scottish Football Association Ltd
- ↑ (1970-01-01). Six Nations: Scrum V meets England's biggest fan – their mascot. BBC Sport
- ↑ History of Olympic Mascots 1968-2014 – Photos & Origins. Olympic.org
- ↑ ৰংমন
- ↑ Quinn, Renee C. (2013-02-11). All-time Best Corporate Character Mascots. IPWatchdog.com · Patents & Patent Law
- ↑ McKirdy, Euan. (12 May 2014). Japanese cuteness overload could result in mascot cull. CNN
- ↑ Sample, Ian. (2012-04-23). Nasa mascot Camilla hits the stratosphere. The Guardian
- ↑ (20 May 2009). Retiring army goat's new zoo home. BBC News
- ↑ Royal Welsh tackle Great Orme to find regimental goat. www.dailypost.co.uk
- ↑ "Animal, Vegetable, Mascot", New York Times, November 2, 2008
- ↑ Bosslett, Lindsay. Mascot Watch. The Chronicle of Higher Education
- ↑ Rock Valley College Golden Eagles – Arvee the Golden Eagle. rvcsports.com
- ↑ Golden Langur
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুভংকৰ” প্ৰবন্ধৰ সংশোধন ৬৩৪৭৮৮ (১০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।