অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বৰআই ছিটা

বৰআইৰ ছিটা বা টীকা সৰ্বপ্ৰথম আৱিষ্কৃত সফল ৰোগ প্ৰতিষেধক। ১৭৯৮ চনত এডৱাৰ্ড জেনাৰে ইয়াৰ প্ৰথম প্ৰয়োগ কৰিছিল। এডৱাৰ্ড জেনাৰে লক্ষ্য কৰিছিল যে গোৱালনীসকলৰ মাজত যাৰ আগতে 'গো-বসন্ত' (cow pox) ওলাই গৈছে, তেওঁলোক বৰআইৰ দ্বাৰা আক্ৰান্ত নহয়।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১,৯৪০ শব্দ · ১১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বৰআইৰ ছিটা বা টীকা সৰ্বপ্ৰথম আৱিষ্কৃত সফল ৰোগ প্ৰতিষেধক। ১৭৯৮ চনত এডৱাৰ্ড জেনাৰে ইয়াৰ প্ৰথম প্ৰয়োগ কৰিছিল। এডৱাৰ্ড জেনাৰে লক্ষ্য কৰিছিল যে গোৱালনীসকলৰ মাজত যাৰ আগতে 'গো-বসন্ত' (cow pox) ওলাই গৈছে, তেওঁলোক বৰআইৰ দ্বাৰা আক্ৰান্ত নহয়। তেওঁ দেখুৱাইছিল যে গো-বসন্তৰ বীজাণু গাত থাকিলে বৰআইৰপৰা ৰক্ষা পাব পাৰি।

প্ৰতিষেধক বা ছিটা বুজাবলৈ ইংৰাজীত ব্যৱহৃত vaccine শব্দটি আহিছিল গৰুৰ বৰআই বুজাবলৈ ব্যৱহৃত Variolae Vaccinae শব্দৰপৰা। জেনাৰে গো-বসন্ত বুজাবলৈ শব্দটো ব্যৱহাৰ কৰিছিল আৰু তাৰপৰাই ভেকচিন শব্দটো জনপ্ৰিয় হৈ পৰে।১ Vaccination (প্ৰতিষেধক ছিটা প্ৰদান) শব্দটো ছপা আখৰত প্ৰথম ব্যৱহাৰ কৰিছিল জেনাৰৰ বন্ধু ৰিচাৰ্ড ডেনিংয়ে ১৮০০ চনত।২ প্ৰাৰম্ভিক সময়ত অকল বৰআইৰ প্ৰতিষেধক ছিটাৰ বাবেহে vaccine শব্দটো ব্যৱহাৰ হৈছিল যদিও ১৮৮১ চনত আন এগৰাকী বিজ্ঞানী লুই পেষ্ট'ৰ-য়ে জেনাৰৰ সন্মানত নতুনকৈ আৱিষ্কৃত সকলো প্ৰতিষেককে ভেকচিন বোলাৰ প্ৰস্তাৱ ৰাখে।

ছিটা আৱিষ্কাৰৰ পূৰ্বৰ ইতিহাস

ছিটাৰ আৱিষ্কাৰৰ আগলৈ বৰআই এটা মাৰাত্মক ৰোগ হিচাপে গণ্য কৰা হৈছিল। মহামাৰী ৰূপে বিয়পা এই ৰোগত কেতিয়াবা ৩৫%-ৰ ওপৰত মৃত্যুৰ হাৰ দেখা গৈছিল।৩ ইতিহাসৰ লিপিবদ্ধ তথ্যৰপৰা জনা যায় যে কৃত্ৰিম ভাৱে বৰআইৰ প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়াস আগেয়েও আছিল। ভাৰতত খ্ৰী.পূ. ১৫০০ শতিকাতে কৃত্ৰিম ভাৱে বৰআইৰ বীজাণু গাত সুমুৱাই প্ৰতিৰোধ গঢ়াৰ উপায়ৰ বিষয়ে চিকিৎসক ধনন্তৰীয়ে উল্লেখ কৰিছিল।৪৫ অৱশ্যে এই বিষয়ে মত-পাৰ্থক্য নথকা নহয়। কিছুসংখ্যক গৱেষকৰ মতে সংস্কৃত পুথিত উল্লেখিত প্ৰতিষেধক ব্যৱস্থা ছিটাৰ দৰে নাছিল।৬ বৰআইৰ ছিটা প্ৰদানৰ বিষয়ত নিশ্চিত উল্লেখ পোৱা যায় চীনা লিখক ৱান কুৱান-ৰ (১৪৯৯-১৫৮২) দুঝেন হিন্‌ফা গ্ৰন্থত। এই গ্ৰন্থ ১৫৪৯ খ্ৰীষ্টাব্দত প্ৰকাশ পাইছিল।৭ অৱশ্যে বৰআইৰ বাবে ছিটা প্ৰদান চীনত ব্যাপকভাৱে প্ৰচলিত হৈছিল মিং বংশৰ সম্ৰাট লংগিং-ৰ সময়ত (১৫৬৭-১৫৭২)।৮ বৰআইৰ উখহা দোবৰা-ৰ শুকাই যোৱা অংশৰ গুড়ি সুস্থ মানুহৰ নাকত ফুৱাই সুমুৱাই দি ছিটা প্ৰদান কৰা হৈছিল। এনেদৰে ছিটা প্ৰদান কৰা ব্যৱস্থাক ইংৰাজীত variolation বোলা হয়। variolation-ৰ দ্বাৰা গাত বীজাণু সোমোৱাৰ ফলত বৰআইৰ খন্তেকীয়া আৰু নৰম ৰূপ এটা প্ৰকাশ পায়, আৰু আগলৈ বৰআই হোৱাৰ সম্ভাৱনা নাথাকে। অৱশ্যে এই পদ্ধতিত ০.৫-২.০% ব্যক্তিৰ ৰোগত মৃত্যু হোৱাৰ আশংকা থাকে।

বীজাণু গাত সুমুৱাই প্ৰতিৰোধ দিয়াৰ ব্যৱস্থা সপ্তদশ শতিকাৰ তুৰস্ক, পাৰস্য আৰু আফ্ৰিকাৰ চিকিৎসকসকলে ব্যৱহাৰ কৰা জানিবলৈ পোৱা যায়। ১৭১৪ আৰু ১৭১৬ চনত তুৰস্কৰ পদ্ধতিৰে ইংৰাজ ৰাজ-প্ৰতিনিধিৰ ইষ্টানবুল স্থিত কাৰ্যালয়ত দুগৰাকী ব্যক্তিক ছিটা দিছিল ইংৰাজ চিকিৎসক ইমানুৱেল টিম'নি৯ আৰু গিয়াক'ম' পাইলাৰিনিয়ে। ব্ৰিটিছ ৰাজদূতৰ পত্নী মেৰী ৱৰ্টলী মণ্টেগু-য়ে ১৭২১ চনত ছিটা প্ৰদানৰ এই পদ্ধতি (variolation) ইংলেণ্ডলৈ নিয়ে।১০ ১৭২১ চনত লণ্ডনত বৰআইৰ প্ৰাদুৰ্ভাৱ দেখা দিয়াত ৰাজপৰিয়ালটো ৰোগ সংক্ৰমণৰ ভয়ে দেখা দিয়ে৯ আৰু লেডী মণ্টেগুৱে কৰা প্ৰচেষ্টাৰে ছিটা প্ৰদানৰ সিদ্ধান্ত লয়। মেৰী মণ্টেগুৱে নিজৰ ৫ আৰু ৪ বছৰীয়া পুত্ৰ আৰু জীয়ৰীকো ছিটা প্ৰদান কৰাইছিল। অৱশ্যে ৰাজপৰিয়ালৰ চিকিৎসকে এই ব্যৱস্থা নিৰাপদ নহ'বও পাৰে বুলি মত দিয়ে আৰু প্ৰথমে কাৰাবন্দীৰ গাত প্ৰদান কৰা হয়। কেই সপ্তাহমানৰ ভিতৰতে কাৰাবন্দীসকলৰ ৰোগ ভাল হোৱা দেখি ৰাজপৰিয়ালৰ সদস্যয়ো ছিটা লয় আৰু ব্ৰিটিছ জনসাধাৰণকো ছিটাৰ নিৰাপত্তাৰ আশ্বাস দিয়ে।

এক মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পাছত ১৭২১ চনত উত্তৰ আমেৰিকাত ছিটা প্ৰদান (variolation) ব্যৱস্থাৰ আৰম্ভণি হয়। এই ব্যৱস্থাৰ কথা ১৭০৬ চনত প্ৰথম জানিব পৰা গৈছিল। বষ্টন চহৰৰ এজন দাস অনিছমাছ (Oneismus)-ৰ দেহত আফ্ৰিকাত থকা সময়তে ছিতা প্ৰদান কৰা হৈছিল। ১১ অৱশ্যে এইদৰে ছিটা প্ৰদান কৰা ব্যৱস্থাক তীব্ৰ সমালোচনা কৰা হৈছিল।১২ কিন্তু পৰীক্ষাত দেখা যায় যে ২৪৪ জন ছিটা লোৱা ব্যক্তিৰ মাজত বৰাইৰ ৰোগত মাত্ৰ ৬ জনৰ মৃত্যু হোৱাৰ বিপৰীতে, ছিটা নোলোৱা ৫৯৮০ জন ৰোগীৰ ৮৪৪ গৰাকী বৰআইত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল। লাহে সমগ্ৰ উপনিৱেশতে ছিটা-প্ৰদানৰ ব্যৱস্থা গঢ়ি উঠে।১৩

প্ৰাৰম্ভিক ছিটাপ্ৰদান

জেম্‌ছ গিল্‌ৰে-ৰ দ্বাৰা অংকিত কাৰ্টুন: ইয়াত জেনাৰৰ প্ৰৱৰ্তিত ছিটা প্ৰদান বিষয়ত সেই সময়ত হোৱা বিতৰ্ক প্ৰতিফলিত হৈছে (১৮০২)
জেম্‌ছ গিল্‌ৰে-ৰ দ্বাৰা অংকিত কাৰ্টুন: ইয়াত জেনাৰৰ প্ৰৱৰ্তিত ছিটা প্ৰদান বিষয়ত সেই সময়ত হোৱা বিতৰ্ক প্ৰতিফলিত হৈছে (১৮০২)ছবি: James Gillray · Public domain

ছিটা-প্ৰদানৰ প্ৰাৰম্ভিক কালছোৱাত সংক্ৰমণৰ মাত্ৰা অতি বেছি আছিল। পেষ্ট'ৰৰ বীজাণু তত্ব আৰু লিষ্টাৰৰ 'সংক্ৰমণনাশক'ৰ বিষয়ে তেতিয়াও জনা হোৱা নাছিল। সেয়ে ছিটা নিৰ্মাণৰ সময়ত দুই-তিনিটা বীজাণুৰ প্ৰৱেশ ঘটিছিল। লণ্ডনৰ বৰআই চিকিৎসালয়ৰ মূৰব্বী আৰু ছিটা-দায়ক উইলিয়াল উডভিলে ছিটা প্ৰস্তুত কৰাৰ সময়ত গো-বসন্তৰ বীজাণূৰ লগত বৰআইৰ বীজাণু অজ্ঞাতে মিহলোৱাৰ ফলতে variolation হৈছিল বুলি কোৱা হয়। ছিটা প্ৰস্তুত কৰাৰ বাবে গো-বসন্তৰ নমুনা আহৰণ কৰাৰ সময়ত ভুল হোৱাৰ বাবে অন্যান্য ৰোগৰ বীজাণু মিহলি হোৱা বুলিও অনুমান কৰা হয়।১৪

প্ৰাম্ভিক পৰীক্ষণৰ সময়ছোআত ১৭৫৮ চনত এগৰাকী আমেৰিকান ব্যক্তি জনাথন এডৱাৰ্ডছৰ ছিটা লোৱা কালত মৃত্যু ঘটে। বৰ আইৰ ছিতাৰ প্ৰথম পৰিসংখ্যা গ্ৰহন আৰু বিশ্লেষণৰ কাম ১৭২৭ চনতে আৰম্ভ হৈছিল, কাম কৰিছিল জেম্‌ছ জুৰিনে। ১৭৬৬ চনত ডেনিয়েল বাৰ্নুলিয়ে পুনৰ পৰিসংখ্যা সংগ্ৰহ আৰু বিশ্লেষণ কৰে।১৫ আন এগৰাকী গৱেষক ডা. জন ফিউষ্টাৰে ১৭৬৫ চনত "Cowpox and its ability to prevent smallpox" নামৰ এক গৱেষণা পত্ৰ লণ্ডন মেডিকেল ছ'চাইটিৰ আগত পাঠ কৰে।১৬ তেওঁ দেখুৱাইছিল যে ছিটা প্ৰদানৰ পাছত আগতে গো-বসন্ত হৈ যোৱা ৰোগীৰ ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া দেখা নাযায়।

এডৱাৰ্ড জেনাৰৰ জন্ম আৰু মৃত্যু হৈছিল ইংলেণ্ডৰ বাৰ্কলিত। ১৩ বছৰ বয়সত তেখেত ডেনিয়েল লুডল'ৰ অধীনত আৰু পাছলৈ শল্য-চিকিৎসক জৰ্জ হাৰ্ডৱিক-ৰ অধীনত কাম কৰে। ছডবুৰী নামৰ ঠাইত থাকোঁতেই তেখেতে লক্ষ্য কৰিছিল যে গৰু-ম'হৰ লগত কাম কৰা মানুহৰ মাজত বৰআই ওলোৱা দেখা নাযায়। তেখেতে দুয়োটাৰ মাজত এটা কাৰ্য-কাৰণ সম্পৰ্ক অনুমান কৰিছিল, কিন্তু সেই সময়ত তেখেতে ইয়াতকৈ বেছি ভবা নাছিল। ১৭৭০ চনৰপৰা ১৭৭২ চনলৈ জেনাৰে লণ্ডনৰ ছেইণ্ট জৰ্জেছ হস্পিটাল-ত উচ্চ প্ৰশিক্ষণ লয়। প্ৰশিক্ষণৰ অন্তত বাৰ্কলী-লৈ উভতি আহি ৰোগী চোৱা আৰম্ভ কৰে।২ বৰআয়ে মহামাৰী ৰূপ লোৱাৰ সময়ত তেখেতে গো-পালনৰ লগত জড়িত লোকসকলক ছিটা ল'বলৈ উপদেশ দিয়ে, কিন্তু তেওঁলোকে কৈছিল যে আগতে গো-বসন্ত হৈ যোৱাৰ বাবে তেওঁলোকক বৰ আই নোলায়। এই খবৰে তেখেতে আগতে অনুমান কৰা সম্বন্ধটো নিশ্চিত কৰে। ইয়াৰ পাছতে তেওঁ বৰ আইৰ ওপৰত মনোনিবেশ কৰিবলৈ আৰম্ভ কৰে, আৰু স্থানীয় মেডিকেল ছ'চাইটি-ক বৰআই সম্বন্ধে এখন পত্ৰ পাঠ কৰে।

বৰআইৰৰ প্ৰতিৰোধ আৰু গৰু-ম'হৰ লগত কাম কৰাৰ মাজৰ সম্বন্ধৰ বিষয়ে আন বহুতেই অনুমান কৰিছিল। ১৭৭০ চনৰ পাছত কম পক্ষেও চাৰিজন ব্যক্তিয়ে বৰআইৰ প্ৰতিৰোধৰ বাবে গো-বসন্তৰ টীকা দিয়াৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছিল। এই ছয়গৰাকী ব্যক্তিৰ ভিতৰত আছিল: ছেভেল (Sevel), জেনছেন (Jensen), বেঞ্জামিন জেষ্টি (Benjamin Jesty, ১৭৭৪), ৰেণ্ডেল (Rendall), আৰু প্লেট (Plett, ১৭৯১). ১৭৯৬ চনত এগৰাকী গুৱালনী ছাৰা নেল্ম্‌ছ গো-বসন্তৰ চিকিৎসাৰ বাবে জেনাৰৰ ওচৰলৈ আহে। জেনাৰে নিজৰ তত্ব পৰীক্ষা কৰিবলৈ ছাৰাৰ আঠ বছৰীয়া পুত্ৰ জেম্‌ছ ফিপ্‌ছ-ৰ গাত মাকৰ গো-বসন্তৰ জোলাৰ দ্ৰৱ টীকা হিচাপে সুমুৱাই দিয়ে। পাতলীয়া জ্বৰ আৰু ক্ষত স্থানত এটা জোলা উঠি জেম্‌ছৰ ৰোগ ভাল হৈ যায়। ইয়াৰে দুমাহ পাছত জেনাৰে জেম্‌ছৰ গাত বৰআইৰ জোলাৰ দ্ৰৱ সুমুৱাই চায়। কিন্তু জেম্‌ছৰ গাত কোনো লক্ষণ ফুটি উঠা দেখা নগ'ল। ল'ৰাটোৱে বৰআইৰ প্ৰতিৰোধী ক্ষমতা গঢ়ি তুলিছিল।

জেনাৰে পৰ্যবেক্ষণ কৰা কথাখিনি এখন গৱেষণা পত্ৰ হিচাপে ৰয়েল ছ'চাইটী-লৈ প্ৰেৰণ কৰে ১৭৯৭ চনৰ এপ্ৰিল মাহত। তেখেতৰ পত্ৰখন এতিয়া পোৱা নাযায়। কাৰণ তেখেতে সেইখন ছ'চাইটীৰ ঠিকনালৈ পঠিওৱা নাছিল, পঠিয়াইছিল ছ'চাইটি-ৰ সভাপতি ছাৰ জোছেফ বেংকছলৈ ব্যক্তিগত পত্ৰ হিচাপেহে। জোছেফ বেংকছে পত্ৰখনক এভৰাৰ্ড হোম-লৈ মতামতৰ বাবে প্ৰেৰণ কৰে। এভৰাৰ্ড হোম-ৰ মন্তব্যহে প্ৰকাশিত হৈছিল। প্ৰকাশ পাইছিল ১৭৯৯ চনত। তেখেতৰ মন্তব্যত তেখেতে জেনাৰৰ তত্ব সম্পূৰ্ণ ৰূপে বিশ্বাস কৰা নাছিল যদিও আৰু পৰীক্ষা কৰি চাবলৈ পৰামৰ্শ দিছিল।১৭ জেনাৰে পৰামৰ্শ মানি তেখেতৰ পৰীক্ষা চলাই যায় আৰু ১৭৯৮ চনত তেখেতৰ ২৩-টা কেছ-ৰ বিশ্লেষণ প্ৰকাশ কৰে। এই ২৩ টা কেছৰ ভিতৰত ভিতৰত ছিটা দিয়া ৰোগীৰ উপৰিও প্ৰাকৃতিকভাৱে গো-বসন্ত হৈ যোৱাৰ পাছত বৰআই নোলোৱা ৰোগীও আছিল। জেনাৰে ঠিক কিমানজন ৰোগীত পৰীক্ষা কৰিছিল শুদ্ধকৈ জনা নাযায়। কাৰণ ২৩ নং কেছৰ বিৱৰণীত জেনাৰে 'কেবাজনো শিশু আৰু প্ৰাপ্তবয়স্ক' বুলি উল্লেখ কৰিছে। সম্ভৱত: কমেও চাৰিগৰাকী ৰোগী য'ত জেনাৰে বৰআইৰে টীকা দিছিল, তেওঁলোক কোনো অসুবিধা নোহোৱাকৈ ৰৈছিল। সিদ্ধান্ত হিচাপে জেনাৰে দেখুৱাইছিল যে গো-বসন্তৰে প্ৰস্তুত কৰা টীকাৰে নিৰাপদ ভাৱে বৰআই প্ৰতিহত কৰিব পাৰি। কিন্তু দিৰ্ঘদিনীয়া পৰীক্ষা অবিহনেই তেওঁ এইবুলিও ঘোষণা কৰিছিল যে এই প্ৰতিৰোধ ব্যৱস্থা জীৱনজোৰা হয়। জীৱনজোৰা প্ৰতিৰোধ ক্ষমতা প্ৰকৃততে এই ছিটাৰপৰা হোৱা নাছিল।১ জেনাৰে 'আচল' গো-বসন্ত আৰু 'নকল' গো-বসন্ত বুলি দুটা ভাগত ভগোৱাৰ প্ৰয়াস কৰিছিল। যিবোৰ গো-বসন্তৰ টীকাই হ'বলগীয়া লক্ষণবোৰ সৃষ্টি কৰা নাছিল বা প্ৰয়োজনতকৈ বেছিকৈ কৰিছিল, তেনেবোৰক জেনাৰে 'নকল' গো-বসন্ত বুলি অভিহিত কৰিছিল। আধুনিক গৱেষণাৰপৰা জনা গৈছে যে জেনাৰে আচল আৰু নকল বুলি অসংক্ৰামক ছীটা, বা আন ভাইৰাছ (যেনে. paravaccinia/milker's nodes), বা বেক্টেৰিয়াৰে সংক্ৰমিত হৈ পৰা কোনো জোলাৰ কথা বুজাইছিল। এই বিষয়টোৱে সেই সময়ত বেছ খেলিমেলিৰ সৃষ্টি কৰিছিল যদিও, পাছলৈ এইখিনি প্ৰতিষেধকৰ গৱেষণাৰ বাবে গুৰুত্বপূৰ্ণ দিশ বুলি বিবেচিত হয়।১৮

১৮০০ চনৰ আগতেই জেনাৰৰ কৰ্ম সকলো মুখ্য ইউৰোপীয় ভাষাত প্ৰকাশ পায় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেঞ্জামিন ৱাটাৰহাউচৰ ওচৰ পাইগৈ।১৯ প্ৰতিষেধকটোক লৈ কিছু সন্দেহ থকা সত্বেও সমগ্ৰ ইউৰোপ আৰু আমেৰিক যুক্তৰাষ্ট্ৰত ইউআৰ বহুল ব্যৱহাৰ হ'বলৈ ধৰে।২০ ২১

The Balmis Expedition took the vaccine to Spanish America in 1804
The Balmis Expedition took the vaccine to Spanish America in 1804ছবি: Ecelan · CC BY-SA 4.0

১৮০৪ চনত বাল্‌মিছ অভিযান নামৰ চৰকাৰী স্পেনীয় অভিযান এটাই সমুদ্ৰপথেৰে গোটেই স্পেনীয় সাম্ৰাজ্যত এই প্ৰতিষেধক বিলাবলৈ আৰম্ভ কৰে।২২

গো-বসন্তৰ ছিটা প্ৰথম কোনে দিছিল সেয়া নিশ্চিতভাৱে ক'ব নোৱাৰি কিন্তু বেঞ্জামিন জেষ্টি আৰু জন ফিউষ্টাৰ সম্পৰ্কে কিছু তথ্য পোৱা যায়। ১৭৭৪ চনত ডৰ্চেটৰ খেতিয়ক জেষ্টিয়ে লক্ষ্য কৰিলে যে তেওঁৰ পৰিয়ালত বাস কৰা গোৱালনী দুগৰাকীৰ বৰআই প্ৰতিৰোধ ক্ষমতা আছে। গতিকে তেওঁ পৰিয়ালৰ সকলোকে গো-বসন্তৰ বীজাণু সুমুৱাই দিলে।২৩ ১৭৯০-৯২ চনত পিটাৰ প্লেট নামে হলষ্টেইনৰ শিক্ষক এজনে University of Kielৰ চিকিৎসা কৰ্মীসকলৰ মাজত গো-বসন্তৰ বীজাণু প্ৰদানৰ আংশিক ফলাফলৰ প্ৰতিবেদন দিয়ে।২৪ জন ফিউষ্টাৰ নামৰ জেনাৰৰ শল্য চিকিৎসক বন্ধুজনে ১৭৬৫ চনমানতে গো-বসন্তৰ ছিটাৰ সম্ভাৱনা আলোচনা কৰিছিল। ১৭৯৬ চনমানত জেনাৰে প্ৰতিষেধক দিয়াৰ সময়তে তেৱোঁ গো-বসন্তৰ বীজাণু মানুহৰ গাত সুমুৱাই চাইছিল বুলি জনা যায়।২৫ অনুমান কৰিব পাৰি যে বীজাণুৰ বাবে বৰ‌আইৰ সলনি গো-বসন্তৰ কথা বিবেচনা আৰু ১৮শ শতিকাৰ শেষৰফালে চেষ্টা কৰ হৈছিল। গতিকে গো-বসন্তৰ ছিটাৰ ক্ষেত্ৰত জেনাৰ প্ৰথম ব্যক্তি নাছিল। কিন্তু প্ৰমাণসমূহ প্ৰকাশ কৰি বিনামূলীয়কৈ প্ৰতিষেধক বিলোৱা তেৱেঁই প্ৰথম ব্যক্তি আছিল। WHO-ৰ আনুষ্ঠানিক বিৱৰণ Smallpox and its Eradication-ত লেখকে জেনাৰৰ কথা লিখিছিল:২৬

Publication of the Inquiry and the subsequent energetic promulgation by Jenner of the idea of vaccination with a virus other than variola virus constituted a watershed in the control of smallpox for which he, more than anyone else deserves the credit.

প্ৰতিষেধকৰ বহুল ব্যৱহাৰৰ লগে লগে কিছুমান ইউৰোপীয় দেশে ইয়াক বাধ্যতামূলক কৰে। আনহাতে ইয়াৰ নিৰাপত্তাক লৈ সংশয় হওঁতে নিয়ম বাতিলো কৰা হৈছিল।২৭২৮ ইংলেণ্ডত ১৮৫৩ প্ৰতিষেধক অধিনিয়মৰ যোগেদি কেঁচুৱাৰ টীকাকৰণ বাধ্যতামূলক কৰা হয়। ১৮৭১ চনমানত নিয়ম নমনা মাক-দেউতাকক জৰিমনা বিহা হৈছিল আৰু জৰিমনা নিদিলে কাৰাবদ্ধ কৰা হৈছিল।২৯ ইয়াৰ ফলত বিৰোধ বাঢ়ে আৰু ১৮৯৮ চনৰ প্ৰতিষেধক অধিনিয়মত এটা conscience clause অন্তৰ্ভুক্ত কৰা হয়। ইয়াত দুজন বিচাৰকে চহী কৰা বিৰোধ পত্ৰ এখন দাখিল কৰিলে এই নিয়মৰ পৰা সাৰিব পাৰি। ১৯০৭ চনৰ আন এক অধিনিয়মত বিধিবদ্ধ ঘোষণাৰ জৰিয়তে ৰেহাইৰ অনুমতি দিয়া হয়। ইয়াৰ ফলত কেঁচুৱাৰ বাধ্যতামূলক টীকাকৰণৰ মুদা মৰে।৩০

আমেৰিকা যুক্তৰাষ্ট্ৰত বেলেগ বেলেগ ৰাষ্ট্ৰই প্ৰতিষেধকৰ নিয়মাৱলী প্ৰস্তুত কৰিছিল। ১৮০৯ চনত প্ৰথমে মাচাচুচেট্‌ছে বাধ্যতামূলক প্ৰতিষেধক ঘোষণা কৰে।৩১ কেঁচুৱাৰ বাধ্যতামূলক টীকাকৰণৰ বাবে প্ৰতিষেধক দিয়াসকলকে বিদ্যালয়লৈ যোৱাৰ অনুমতি দিয়া হৈছিল।৩২ Those seeking to enforce compulsory vaccination argued that the public good overrode personal freedom, a view supported by the U.S. Supreme Court in Jacobson v. Massachusetts in 1905, a landmark ruling which set a precedent for cases dealing with personal freedom and the public good.

Louis T. Wright,৩৩ an African American and Harvard Medical School graduate (1915), introduced intradermal vaccination for smallpox for the soldiers while serving in the Army during প্ৰথম বিশ্বযুদ্ধ.৩৪

Leslie Collier developed a freeze-drying method to produce a more heat-stable smallpox vaccine in the late 1940s.৩৫৩৬ Collier added a key component, peptone, a soluble protein, to the process. This protected the virus, enabling the production of a heat-stable vaccine in powdered form. Previously, smallpox vaccines would become ineffective after one to two days at ambient temperature.

The development of his vaccine production method played a large role in enabling the বিশ্ব স্বাস্থ্য সংস্থা to initiate its global smallpox eradication campaign in 1967.

নিৰ্মূলকৰণ

বৰাআই নিৰ্মূল আঁচনিৰ প'ষ্টাৰ
বৰাআই নিৰ্মূল আঁচনিৰ প'ষ্টাৰছবি: Public domain

বিশ্ব স্বাস্থ্য সংস্থাই ১৯৭৭ চনত বৰআই নিৰ্মূল কৰে। বিশ্বজুৰি মহামাৰীৰ ব্যাপক সন্ধান আৰু প্ৰতিষেধক আঁচনিৰ দ্বাৰা এই কাম সিদ্ধ হৈছিল। কিন্তু বৰ‌আইৰ কাৰক ভেৰিঅ'লা ভাইৰাছটো সম্পূৰ্ণকৈ ধ্বংস কৰা নহ'ল। ভাইৰাছবিধৰ তিনিটা জ্ঞাত ভঁৰালৰ এটা ইংলেণ্ডৰ বাৰ্মিংহামত অৱস্থিত আছিল আৰু দুৰ্ঘটনাবশতঃ জেনেট পাৰ্কাৰ নামৰ কৰ্মীগৰাকীৰ মৃত্যুৰ পিছত ইয়াক ধ্বংস কৰা হয়। আন দুটা ক্ৰমে আটলাণ্টা, জৰ্জিয়াৰ Centers for Disease Control and Prevention আৰু ক'ল্‌স্ত'ভ', ৰাচিয়াৰ State Research Center of Virology and Biotechnology (VECTOR)ত অৱস্থিত। সম্ভাব্য জৈৱিক অস্ত্ৰৰ মোকাবিলা কবিবলৈ আৰু ভৱিষ্যতে আৱিষ্কাৰ হ'ব পৰা প্ৰাকৃতিক ভেৰিঅ'লা ভাইৰাছৰ গৱেষণাৰ বাবে এই ভঁৰাল দুটা ৰখা হৈছে বুলি তেওঁলোকে কয়।

উত্তৰ-নিৰ্মূলকৰণ প্ৰতিষেধক

জেনাৰে প্ৰতিষেধকৰ বাবে গো-বসন্তৰ ভাইৰাছ ব্যৱহাৰ কৰিছিল যদিও আজিকালি ছিটাত গো-বসন্ত আৰু বৰ‌আইৰ লগত মিল থকা vaccinia (fলেটিন vacca = গৰু) নামৰ এবিধ ভাইৰাছ থাকে। ই কম মাত্ৰাৰ সংক্ৰমণ কৰিব পাৰে। কিন্তু দেহৰ প্ৰতিৰোধ তন্ত্ৰ দুৰ্বল হৈ থাকিলে (যেনে- কিম'থেৰাপী লৈ থকা ৰোগী, এইড্‌ছ ৰোগী, বেচু হোৱা লোক) ই জটিলতাৰ সৃষ্টি কৰে আৰু সেইবাবে ইয়াক গৰ্ভৱতী মহিলাৰ বাবে নিৰাপদ বুলি গণ্য কৰা নহয়। এমাহৰ ভিতৰত গৰ্ভ ধাৰণ কৰাৰ পৰিকল্পনা থাকিলে সন্তান জন্ম নোহোৱালৈকে এই ছিটা ল'ব নালাগে। মহামাৰীৰ ক্ষেত্ৰত মহিলাগৰাকীয়ে সম্ভৱ হ'লে গৰ্ভধাৰণ পিছুৱাব লাগে। অতি কম সংখ্যক মানুহৰ দেহত প্ৰতিষেধকটোৱে নানা বিৰূপ ক্ৰিয়া কৰিব পাৰে যাৰ ভিতৰত সকলোতকৈ গভীৰ হৈছে স্নায়ৱিক প্ৰণালীৰ ক্ষতি।৩৭ দুৰ্বল কৰি তোলা vaccinia ভাইৰাছেৰে ছিটা নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে, কিন্তু তেনে ছিটাৰ কাৰ্যকাৰিতা সম্পৰ্কে কিছু গৱেষকে প্ৰশ্ন তুলিছে। Centers for Disease Control and Prevention (CDC),ৰ মতে "অনাবৃত হোৱাৰ ৩ দিনৰ ভিতৰত ছিটা ল'লে বেছিভাগ মানুহৰে বৰ‌আই প্ৰতিৰোধ হ'ব বা লক্ষণৰ প্ৰাবল্য বহুগুণে কমি যাব। অনাবৃত হোৱাৰ ৪-৭ দিনৰ ভিতৰত ছিটা ল'লে ৰোগটোৰ পৰা কিছু সুৰক্ষা পোৱা যাব বা প্ৰাবল্যৰ তাৰতম্য হ'ব।"

২০০৭ চনৰ মে' মাহত FDA-ৰ প্ৰতিষেধক আৰু জৈৱিক সামগ্ৰী সম্পৰ্কীয় উপদেষ্টা সমিতিয়ে প্ৰকাশ কৰে যে Acambis-এ প্ৰস্তুত কৰা জীৱিত ভাইৰাছ ACAM2000 বৰ‌আইৰ বাবে সুৰক্ষিত আৰু উপযুক্ত। কিন্তু পিছত দেখা যোৱা অত্যাধিক বিৰূপ ক্ৰিয়াৰ বাবে এই প্ৰতিষেধকটো CDC-ৰ ওচৰত জৰুৰীকালিন অৱস্থাৰ বাবেহে সাঁচি ৰখা হৈছে।৩৮

এটা নতুন, সুৰক্ষিত প্ৰতিষেধক বিকাশ কৰাৰ মুখ্য সমস্যা এয়ে যে প্ৰতিৰোধী ক্ষমতাযুক্ত ব্যক্তিৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ বাহিৰে ইয়াৰ গুণাগুণ মানুহৰ ওপৰত পৰীক্ষা কৰিব নোৱাৰি আৰু আন জন্তুৰ প্ৰাকৃতিকভাৱে বৰআই নহয়। গৱেষণাগাৰত বান্দৰক সংক্ৰমিত কৰি চোৱা হৈছে যদিও কেৱল জন্তুক মানুহৰ ৰোগেৰে কৃত্ৰিমভাৱে সংক্ৰমিত কৰি চালে মিছা আৰু অনুপযুক্ত ফলাফল ওলাব পাৰে। সুৰক্ষা আৰু গুণাগুণ সাব্যস্ত কৰিবলৈ জন্তুৰ ওপৰত কৰা পৰীক্ষাৰ তথ্য মানুহৰ লগত মিলাই চাব‌ই লাগিব।

আমেৰিকা যুক্তৰাষ্ট্ৰত FDA-ই বৰ‌আই আৰু বান্দৰ-বসন্তৰ বাবে কেৱল বৰ‌আইৰ ছিটাকে অনুমোদন দিছে। সংক্ৰমণ হোৱাৰ পিছত ছিটা দিলে লক্ষণসমূহ ফুটি উঠাৰ আগতেই দিব লাগে।

বৰ্তমানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনাই এই নিয়ম কৰি দিছে যে মধ্য-পূব এছিয়াত কৰ্মত নিয়োজিত সকলো কৰ্মচাৰীয়েই যোৱাৰ আগতে বৰ‌আইৰ ছিটা লব লাগিব। যুক্তৰাষ্ট্ৰৰ সীমাৰ বাহিৰলৈ যোৱা স্থলসেনা, জলসেনা বা নাবিকৰ বাবেও এই নিয়মটো প্ৰযোজ্য।

HIV-ৰ বিৰুদ্ধে সুৰক্ষা

শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে যে বৰ‌আই ভাইৰাছে HIVৰ বিৰুদ্ধে কিছু সুৰক্ষা প্ৰদান কৰে। বৰ‌আইৰ ভাইৰাছ আৰু HIV দুয়োটাই শ্বেত ৰক্ত কণিকাৰ পৃষ্ঠভাগত থকা CCR5 নামৰ উপগ্ৰাহকবিধৰ লগত সংযুক্ত হয়। গৱেষকসকলে অনুমান কৰামতে আশীৰ দশকৰ প্ৰথমভাগত HIV ভয়াবহভাৱে বিয়পি পৰাৰ কাৰণ আছিল সত্তৰৰ দশকৰ শেষৰফালে বৰ‌আইৰ নিৰ্মূলকৰণ আৰু বিশ্বজুৰি এই প্ৰতিষেধকৰ ব্যৱহাৰ বন্ধ কৰা। এটা পৰীক্ষাত বৰ‌আই ছিটাই HIV-ৰ সংজনন পাঁচগুণ কমাই পেলোৱা দেখা গৈছে।৩৯

প্ৰতিষেধক ভঁৰাল

২০০১ চনৰ শেষৰফালে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সংযুক্ত ৰাজ্য চৰকাৰে ৰাইজক জৈৱসন্ত্ৰাসবাদৰ কোনো "নিৰ্দিষ্ট বা বিশ্বাসযোগ্য" ভাবুকি নাই বুলি কৈও বৰ‌আইৰ ছিটা সাঁচি ৰখাৰ কথা চিন্তা কৰে।৪০ পিছলৈ State Research Center of Virology and Biotechnology VECTOR প্ৰতিষ্ঠানৰ সঞ্চালকে সঁকিয়াই দিয়ে যে সন্ত্ৰাসবাদীয়ে সহজেই কম মজুৰি পোৱা ছোভিয়েট গৱেষকক ফুচুলাই বৰ‌আইৰ সঁচ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। তেওঁ এই বুলি কয়- "All you need is a sick fanatic to get to a populated place. The world health system is completely unprepared for this."৪১

সংযুক্ত ৰাজ্যত প্ৰতিষেধকবিধ যোগান ধৰিবলগীয়া প্ৰতিষ্ঠানৰটোৰ মালিক পল ড্ৰেয়চনৰ ৰাজনৈতিক সংযোগৰ কথা ফাদিল হোৱাত বিতৰ্কৰ সৃষ্টি হয়। লগতে আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহাৰ কৰা প্ৰতিষেধককৈ ইয়াৰ প্ৰকাৰ বেলেগ হোৱাকো লৈ প্ৰশ্ন উঠে।৪২ প্ৰতিষেধকৰ প্ৰয়োজনীয়তা আৰু বিৰূপ ক্ৰিয়াক লৈ প্ৰশ্ন উঠাত আমেৰিকা যুক্তৰাষ্ট্ৰত পৰিকল্পনা কৰা সমূহীয়া টীকাকৰণ স্থগিত ৰখা হয়।৪৩

অতিৰিক্ত পঠন

  • Metzger W, Mordmueller BG. (2007). Vaccines for preventing smallpox. Cochrane Database Syst Rev. পৃ. CD004913

বহিঃ সংযোগ

তথ্যসূত্ৰ

  1. ↑ Baxby, Derrick. (1999). Edward Jenner's Inquiry; a bicentenary analysis. Vaccine. পৃ. 301–7
  2. ↑ Bailey, Ian. (1996). Edward Jenner (1749-1823); naturalist, scientist, country doctor, benefactor to mankind. Journal of Medical Biography. পৃ. 63–70
  3. ↑ Ryan KJ, Ray CG (eds). (2004). Sherris Medical Microbiology. McGraw Hill. পৃ. 525–8. ISBN 0-8385-8529-9
  4. ↑ Shelton, Herbert M. (ca. 1950). Vaccine and Serum Evils. Dr. Shelton's Health School. পৃ. 5
  5. ↑ Bourzac K; Bernoulli, D. (2002). Smallpox: Historical Review of a Potential Bioterrorist Tool. Journal of Young Investigators. পৃ. –
  6. ↑ Wujastyk D. (1995). Oriental Medicine: An Illustrated Guide to the Asian Arts of Healing. Serindia Publications. পৃ. 19–38. ISBN 0-906026-36-9
  7. ↑ Needham J. (1999). Science and Civilization in China: Volume 6, Biology and Biological Technology. Cambridge University Press. পৃ. 134
  8. ↑ Temple R. (1986). The Genius of China: 3,000 Years of Science, Discovery, and Invention. Simon and Schuster. পৃ. 137. ISBN 0-671-62028-2
  9. ↑ Behbehani AM; Blower, Sally. (1983). The smallpox story: life and death of an old disease. Microbiol Rev. পৃ. 455–509
  10. ↑ Aboul-Enein, Basil H.; Ross, Michael W.; Aboul-Enein, Faisal H. (2012). Smallpox inoculation and the Ottoman contribution: A Brief Historiography. Texas Public Health Journal. পৃ. 12
  11. ↑ Willoughby B. (12 February 2004). BLACK HISTORY MONTH II: Why Wasn't I Taught That?. Tolerance in the News
  12. ↑ Open Collections Program: Contagion, The Boston Smallpox Epidemic, 1721
  13. ↑ Fenner, F.; Henderson, D. A.; Arita, I. (1988). Smallpox and Its Eradication (History of International Public Health, No. 6). World Health Organization. ISBN 92-4-156110-6
  14. ↑ আৰ্কাইভ কপি
  15. ↑ Blower S, Bernoulli D. (2004). An attempt at a new analysis of the mortality caused by smallpox and of the advantages of inoculation to prevent it. 1766. Rev. Med. Virol.. পৃ. 275–88
  16. ↑ Hopkins, Donald R. (2002). The greatest killer: smallpox in history. University of Chicago Press. পৃ. 80. ISBN 0226351661
  17. ↑ Baxby, Derrick. (1999). Edward Jenner's unpublished cowpox Inquiry and the Royal Society: Everard Home's report to Sir Joseph Banks. Medical History. পৃ. 108–110
  18. ↑ Baxby, Derrick. (2001). Smallpox Vaccine, Ahead of Its Time – How the Late Development of Laboratory Methods and Other Vaccines Affected the Acceptance of Smallpox Vaccine. Jenner Museum. পৃ. 12–16. ISBN 978-0-9528695-1-1
  19. ↑ Hopkins 2002, p. 262–267
  20. ↑ Bazin, Hervé. (2000). The Eradication of Smallpox. Academic Press. পৃ. 94–102. ISBN 0-12-083475-8
  21. ↑ Rusnock, Andrea. (2009). Catching Cowpox: the early spread of smallpox vaccination. Bull. Hist. Med.. পৃ. 17–36
  22. ↑ Smith, Michael M. (1970). The 'Real Expedición Marítima de la Vacuna' in New Spain and Guatemala. Trans Amer. Phil. Soc. N.s.. পৃ. 1–74
  23. ↑ Pead, Patrick P. (2003). Benjamin Jesty: new light in the dawn of vaccination. Lancet. পৃ. 2104–9
  24. ↑ Plett, Peter C. (2006). Übrigen Entdecker der Kuhpockenimpfung vor Edward Jenner. Sudhoffs Arch.. পৃ. 219–32
  25. ↑ Williams, Gareth. (2010). Angel of Death; the story of smallpox. Palgrave Macmillan. পৃ. 162–173. ISBN 978-0-230-27471-6
  26. ↑ Fenner et al 1988, p. 264
  27. ↑ Williams p. 236–240
  28. ↑ Williamson, Stanley. (2007). Vaccination Controversy; the rise, reign and decline of compulsory vaccination. Liverpool University Press. ISBN 9781846310867
  29. ↑ Williamson 2007, p. 202−213
  30. ↑ Williamson 2007, p. 233–238
  31. ↑ Hopkins 2002, p. 84–86
  32. ↑ George, Newell A. (1952). Compulsory Smallpox Vaccination. Publ. Hlth. Rep.. পৃ. 1135–1138
  33. ↑ A Brief Biography of Dr. Louis T. Wright. North by South: from Charleston to Harlem, the great migration
  34. ↑ Spotlight on Black Inventors, Scientists, and Engineers. Department of Computer Science of Georgetown University
  35. ↑ Collier, L H. (1955). The development of a stable smallpox vaccine. The Journal of hygiene. পৃ. 76–101
  36. ↑ (22 March 2011). Professor Leslie Collier. The Telegraph
  37. ↑ Joanne Cono, M.D, Christine G. Casey, M.D, David M. Bell, M.D. (2 অক্টোবৰ, 2013). Smallpox Vaccination and Adverse Reactions. Centers for Disease Control and Prevention
  38. ↑ (17 May 2007). Vaccines and Related Biological Products Advisory Committee Meeting. Food and Drug Administration
  39. ↑ (17 May 2010). Smallpox demise linked to spread of HIV infection. The BBC
  40. ↑ Womack, Sara. (22 October 2001). Talks on medicines to fight bio-terrorism. The Telegraph
  41. ↑ Aris B, Highfield R, Broughton PD. (6 November 2001). Warning of smallpox terror risk. The Daily Telegraph
  42. ↑ Elliott, Francis. (14 April 2002). Labour claims unravel over vaccine deal. The Telegraph
  43. ↑ DeBoer, Kara. (20 May 2002). Study: Should America vaccinate?. The Michigan Daily

সম্পৰ্কিত শ্ৰেণী

প্ৰতিষেধক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰআই ছিটা” প্ৰবন্ধৰ সংশোধন ৬৩৭৫৬৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।