ভাৰত ৰত্ন
মূল প্ৰবন্ধ: ভাৰত ৰত্ন
ভাৰত ৰত্ন ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান। সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। কেৱল ভাৰতৰ ব্যক্তিকে নহয় বিদেশী ব্যক্তি যেনে খান আব্দুল গফ্ফৰ খান (পাকিস্তান), নেলছন মেণ্ডেলা (দক্ষিণ আফ্ৰিকা) আদিকো এই সন্মানেকে বিভূষিত কৰা হৈছে। ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন প্ৰদান কৰা হয়। সেই বছৰ চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু চি ভি ৰামনক এই সন্মান যচা হৈছিল।১
পদ্ম সন্মান
মূল প্ৰবন্ধ: পদ্মবিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী
সাহিত্য, সংস্কৃতি, বিজ্ঞান, ক্ৰীড়া, মানৱ সেৱা আদি দিশত খ্যাতি অৰ্জন কৰা আৰু বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক ভাৰত চৰকাৰে পদ্ম সন্মান প্ৰদান কৰে। তিনিধৰণৰ পদ্ম সন্মান প্ৰদান কৰা হয়। সেয়া হৈছে--
- পদ্মবিভূষণ- পদ্ম সন্মান সমূহৰ ভিতৰত এই সন্মান শীৰ্ষ স্থানীয়। এই সন্মান পোৱাসকলক যিটো স্মাৰক দিয়া হয়, সেইটো ঘূৰণীয়া এটা ট্ৰফি। ইয়াৰ মাজতে সোণৰ বগা পাত চৰোৱা, চাৰিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকিত কৰা থাকে।
- পদ্মভূষণ-পদ্ম সন্মান সমূহৰ ভিতৰত এই সন্মান দ্বিতীয় স্থানত। ইয়াৰ স্মাৰকটোও পদ্মবিভূষণত দিয়াটোৰ দৰেই, কেৱল তাৰ পদুম ফুলটোৰ প্ৰতীকটোত তিনিটা পাহি আছে।
- পদ্মশ্ৰী- পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান তৃতীয় স্থানত আছে। ইয়াৰ স্মাৰকটোত পদুম ফুলৰ যিটো প্ৰতীক আছে, তাৰ পাহি পাঁচটা।
এই তিনিও প্ৰকাৰৰ স্মাৰক গুলপীয়া ৰিবনৰ সহায়ত প্ৰাপ্যজনৰ বুকুত আঁৰি দিয়া হয়। ১৯৫৪ চনৰ পৰা পদ্ম সন্মান প্ৰদান কৰি অহা হৈছে। অৱশ্যে কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে ১৯৭৭ চনৰ আগষ্ট মাহৰ পৰা ১৯৮০ চনৰ জানুৱাৰীলৈকে আৰু ন্যায়ালয়ৰ এটা গোচৰৰ বাবে ১৯৯৩ চনৰ পৰা ১৯৯৭ চনলৈকে এই সন্মান প্ৰদান কৰা হোৱা নাছিল। এক বিশেষ অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই সন্মান সমূহ প্ৰদান কৰে।১
অশোক চক্ৰ
মূল প্ৰবন্ধ: অশোক চক্ৰ (পদক)
অশোক চক্ৰ হ'ল বীৰত্বৰ বাবে দিয়া সৰ্ব্বোচ্চ অসামৰিক পদক। অতি বিক্ৰম, সাহসিকতাৰে নিজৰ জীৱন বলিদান দি হলেও শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়া ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। ভাৰতৰ আনবোৰ সন্মানৰ উপৰিও সৈন্য বাহিনীত বিশিষ্ট সেৱা আৰু নাগৰিকৰ জীৱন ৰক্ষা কৰাৰ বাবে পৰম বিশিষ্ট সেৱা পদক, অতি বিশিষ্ট সেৱা পদক, বিশিষ্ট সেৱা পদক, জীৱন ৰক্ষা পদক, সৰ্বোত্তম জীৱন ৰক্ষা পদক, উত্তম জীৱন ৰক্ষা পদক আদি বঁটা দিয়া হয়॥১
ভাৰতীয় জ্ঞানপীঠ বঁটা
মূল প্ৰবন্ধ: জ্ঞানপীঠ বঁটা
ভাৰতীয় জ্ঞানপীঠ বঁটা ভাৰতৰ সৰ্ব্বোচ্চ সাহিত্য-সন্মান। ইংৰাজীকে আদি কৰি ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত থকা আধুনিক ভাষাসমূহৰ যিকোনো ভাষাৰ সাহিত্য-ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতি বছৰে ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়। ১৯৬৫ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাত আছে নগদ পাঁচ লাখ টকা, এখন মানপত্ৰ আৰু সৰস্বতীৰ এটি ব্ৰঞ্জৰ মূৰ্তি। আৰম্ভণিতে কোনো এখন নিদিষ্ট গ্ৰন্থৰ বাবেহে লেখকজনক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল যদিও ১৯৮২ চনৰ পৰা লেখকজনৰ সামগ্ৰিক সাহিত্যকৃৰ্তিৰ মূল্যায়ন কৰিহে এই বঁটা প্ৰদানৰ নিয়ম প্ৰচলিত হয়॥১
সাহিত্য অকাডেমি বঁটা
মূল প্ৰবন্ধ: সাহিত্য অকাডেমি বঁটা
ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ উত্কৰ্ষ আৰু বিকাশত উদগনি যোগোৱাৰ অৰ্থে সাহিত্য অকাডেমিয়ে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি আহিছে। অকাডেমিয়ে তেওঁলোকৰ দ্বাৰা স্বীকৃত ২২টা ভাষাৰ অকাডেমী বঁটা আগবঢ়ায়। ১৯৯৫ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাৰ অৰ্থমূল্য ৪০ হাজাৰ টকা আৰু এখন তাম্ৰপত্ৰ। মূল ভাষাৰ উপৰি অনূদিত গ্ৰন্থৰ বাবেও সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়।১
দাদাচাহেব ফাল্কে বঁটা
মূল প্ৰবন্ধ: দাদাচাহেব ফাল্কে বঁটা
ভাৰতীয় চলচ্চিত্ৰৰ জনকৰূপে অভিহিত দাদাচাহেব ফাল্কেৰ স্মৃতি ৰক্ষাৰ্থে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হয়। ভাৰতীয় চলচ্চিত্ৰৰ উত্কৰ্ষ আৰু বিকাশৰ হকে উল্লেখনীয় বৰঙণিৰ স্বীকৃতিস্বৰূপে এই বঁটা আগবঢ়োৱা হয়। ভাৰতীয় চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ বঁটাৰূপে স্বীকৃত এই বঁটাৰ অৰ্থমূল্য দুই লাখ টকা। ইয়াৰ লগতে বিজয়ীজনক এখন প্ৰশস্তি পত্ৰ আৰু এখন আলোবান প্ৰদান কৰা হয়। ১৯৬৯ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে।১
আন্তৰ্জাতিক গান্ধী শান্তি পুৰস্কাৰ
মূল প্ৰবন্ধ: আন্তৰ্জাতিক গান্ধী শান্তি পুৰস্কাৰ
মহাত্মা গান্ধীৰ অহিংস নীতিত বিশ্বাস ৰাখি বিশ্বশান্তি তথা সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰ সাধনৰ হকে প্ৰয়াস কৰা ব্যক্তি বা সংগঠনক এই বঁটা প্ৰদান কৰা হয়। মহাত্মা গান্ধীৰ ১২৫ বছৰীয়া জন্ম দিৱস উপলক্ষে ১৯৯৫ চনৰ পৰা প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাৰ অৰ্থমূল্য এক কোটি টকা।
ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদভাৱনা বঁটা
মূল প্ৰবন্ধ: ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদভাৱনা বঁটা
শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সন্ত্ৰাসবাদ বিৰোধিতাৰ বাবে কাম কৰা ব্যক্তি বা সংস্থাক এই বঁটা প্ৰদান কৰা হয়। ১৯৯২ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। ভাৰতৰ জাতীয় কংগ্ৰেছৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ আৰু ২.৫ লাখ টকা।১
ভাৰতেন্দু বঁটা
মূল প্ৰবন্ধ: ভাৰতেন্দু বঁটা
১৯৮৩ চনৰ পৰা ভাৰত চৰকাৰে সাংবাদিকতা, প্ৰকাশন, প্ৰচাৰ আদি ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে ভাৰতেন্দু বঁটা আগবঢ়াই আহিছে। প্ৰথম অৱস্থাত এই বঁটা হিন্দী ভাষাৰ লিখনিৰ ক্ষেত্ৰতহে আগবঢ়োৱা হৈছিল।
ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা
মূল প্ৰবন্ধ: মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা
এই বঁটা ১৯৯১-৯২ চনৰ পৰা প্ৰদান কৰি অহা হৈছে। ক্ৰীড়া ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে নগদ তিনি লাখ টকা, এটা মেডেল আৰু এখন প্ৰশস্তি পত্ৰ।
কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা
মূল প্ৰবন্ধ: কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা
১৯৯০ চনত স্থাপিত কমল কুমাৰী ফাউণ্ডেছনে সংস্কৃতি (সাহিত্য, শিক্ষা, চাৰুকলা আৰু পৰিবেশ্য কলা) আৰু বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে এক লাখ টকা, এটা ট্ৰফি আৰু এখন প্ৰশস্তি পত্ৰ।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
মূল প্ৰবন্ধ: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
সৰ্বভাৰতীয় আৰু আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বিভিন্ন দিশত প্ৰতি বছৰে বিভিন্ন বঁটা প্ৰদান কৰা হয়। সৰ্বভাৰতীয় ভিত্তিত নিৰ্বাচিত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে স্বৰ্ণকমল আৰু আন আঞ্চলিক ভাষাৰ চলচ্চিত্ৰৰ বাবে ৰজতকমল বঁটা প্ৰদান কৰা হয়।
অনান্য
- পৰম বীৰ চক্ৰ
- মহাবীৰ চক্ৰ
- বীৰ চক্ৰ
- সংগীত-নাটক একাডেমী বঁটা
- ললিত কলা একাডেমী বঁটা
- শান্তিস্বৰূপ ভাটনাগৰ বঁটা
- ভাৰততেন্দু বঁটা
- ইন্দিৰা গান্ধী শান্তি পুৰস্কাৰ
- ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় সংহতি পুৰস্কাৰ
- অৰ্জুন বঁটা
- দ্ৰোণাচাৰ্য বঁটা
- যনুমালাল বাজাজ বঁটা
- গোবিন্দ বল্লভ পন্ত বঁটা
- নেহেৰু ৰচনা প্ৰতিযোগিতা পুৰস্কাৰ
- মূৰ্তি দেৱী বঁটা
- হাফিজ আলি খান বঁটা
- বিৰছা মুণ্ডা বঁটা
- দয়াৱতী মোদী বঁটা
- গোৱেংকা বঁটা
- গুজৰমল মোদী বঁটা
- শিক্ষকলৈ ৰাষ্ট্ৰীয় বঁটা
- কবিৰ সন্মান
- লতা মংগেশকাৰ বঁটা
- শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা
- ব্যাস সন্মান
- সৰস্বতী সন্মান
- ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদভাৱনা বঁটা
- মহাত্মা গান্ধী শান্তি বঁটা
- জৱাহৰলাল নেহেৰু বঁটা
- জি ডি বিৰলা বঁটা
আৰু চাওক
- ৰাষ্ট্ৰপতি পুৰস্কাৰ
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
- www.medals.org.uk/india/india-text.htm Current orders, decorations and medals of India
- articles.timesofindia.indiatimes.com/keyword/pad
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. জানানে (নতুন সংস্কৰণ). ইলা শৰ্মা, জ্যোতি প্ৰকাশণ. পৃ. ১৭৮, ১৭৯, ১৮০,১৮১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৪০১১৫ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।