ভাৰতে ১৯৬৮ চনৰ পোনপ্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন পেৰালিম্পিকত অংশগ্ৰহণ কৰিছিল, আৰু তাৰ পাছত ১৯৭২ চনত পুনৰ অংশগ্ৰহণ কৰিছিল। পিছে তাৰ পাছত ১৯৮৪ চনলৈকে অংশগ্ৰহণ কৰা নাছিল। তেতিয়াৰ পাছৰে পৰা ভাৰতে প্ৰতিখন গ্ৰীষ্মকালীন পেৰালিম্পিকত অংশগ্ৰহণ কৰিছে। ভাৰতে কেতিয়াও শীতকালীন পেৰালিম্পিক গেমছত অংশগ্ৰহণ কৰা নাই।১
ইতিহাস
২০০০ দশকৰ পূৰ্বে
১৯৭২ চনৰ হাইডেলবাৰ্গ পেৰালিম্পিকত মুৰলীকান্ত পেটকাৰে ৩৭.৩৩১ ছেকেণ্ডৰ বিশ্ব ৰেকৰ্ড সময়ত ৫০ মিটাৰ ফ্ৰীষ্টাইল সাঁতুৰি ভাৰতক প্ৰথমটো স্বৰ্ণ প্ৰদান কৰে। সেই বছৰ ভাৰতে ৪২খন অংশগ্ৰহণকাৰী দেশৰ ভিতৰত ২৪তম স্থান লাভ কৰিছে। ১৯৮৪ চনত যোগিন্দৰ সিং বেদীয়ে পুৰুষৰ শ্বট পুটত ৰূপৰ পদক অৰ্জন কৰাৰ লগতে ডিচকাছ আৰু জেভলীন থ্ৰ'ত ব্ৰঞ্জৰ পদক অৰ্জন কৰি মুঠ ৩টা পদক লাভ কৰে। আন এজন ভাৰতীয় ভীমৰাও কেচৰকাৰে জেভলীন থ্ৰ'ত ৰূপৰ পদক অৰ্জন কৰে। ভাৰতে অংশগ্ৰহণকাৰী ৫৪খন দেশৰ ভিতৰত ৩৭তম স্থান লাভ কৰিছিল।২
২০০০-২০১০ দশক
ইয়াৰে পাছত ভাৰতে প্ৰতিটো পেৰালিম্পিক গেমছত অংশগ্ৰহণ অব্যাহত ৰাখিছিল, কিন্তু ২০০৪ চনত এথেন্সত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকলৈকে কোনো পদক লাভ কৰিব সক্ষম হোৱা নাছিল। ২০০৪ এথেন্সত পেৰালিম্পিত দেৱেন্দ্ৰ ঝাঝাৰীয়াই৩ জেভলিন থ্ৰ'ত স্বৰ্ণ পদক আৰু ৰাজিন্দৰ সিঙে ৫৬ কিলোগ্ৰাম শাখাৰ পাৱাৰলিফ্টিংত বাবে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। ভাৰতে ১৩৬খন ৰাষ্ট্ৰৰ ক্ষেত্ৰৰ ভিতৰত ৫৩তম স্থান লাভ কৰিছিল।
লণ্ডনত অনুষ্ঠিত ২০১২ চনৰ পেৰালিম্পিকত বাওঁ ভৰিত প্ৰতিবন্ধকতাৰে জন্ম গ্ৰহণ কৰা ভাৰতীয় খেলুৱৈ এইচ এন গিৰীশাই পুৰুষৰ হাই জাম্প এফ-৪২ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছিল। প্ৰতিবেদন অনুসৰি ২০১২ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ সময়ত ভাৰতীয় দলৰ প্ৰশিক্ষক আৰু এছকৰ্টসকলক গেমছ ভিলেজত থকাৰ পৰা বঞ্চিত কৰা হৈছিল কাৰণ তেওঁলোকৰ বাবে দিয়া অনুমতিৰ পাছ ভাৰতীয় পেৰালিম্পিক সমিতিৰ বিষয়াসকলে ব্যৱহাৰ কৰি আছিল।৪ দলটোৰ ১০জন খেলুৱৈক ছজন প্ৰশিক্ষক আৰু পাঁচজন এছকৰ্টৰ প্ৰয়োজন আছিল, কিন্তু মাত্ৰ দুজন এছকৰ্টকহে পাছ দিয়া হৈছিল। পেৰালিম্পিক কমিটিৰ সাধাৰণ সম্পাদক ৰতন সিঙে স্বিকাৰ কৰিছিল যে তেওঁ তেওঁৰ পুত্ৰক লগত লৈ গৈছিল, সমিতিৰ সভাপতিয়ে তেওঁৰ পত্নীক লগত লৈ গৈছিল, আৰু কোষাধ্যক্ষজনে তেওঁৰ পত্নী আৰু কন্যাক লগত লৈ গৈছিল।৫
ভাৰতে ২০১৬ ৰিঅ' গ্ৰীষ্মকালীন পেৰালিম্পিকত ৫খন ক্ৰীড়াত ১৯জন প্ৰতিযোগী প্ৰেৰণ কৰিছিল।৬ প্ৰতিযোগিতাখনত ভাৰতে ২টা স্বৰ্ণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জেৰে মুঠ ৪টা পদক লাভ কৰিছিল। দেৱেন্দ্ৰ ঝাঝাৰীয়াই বিশ্ব ৰেকৰ্ড গঢ়ি জেভলিন থ্ৰ'ত স্বৰ্ণ পদক জয় কৰিছিল।৭ মাৰীয়াপ্পান থানগাভেলুই হাই জাম্পত স্বৰ্ণ পদক, দীপা মালিকে শ্বট পুটত ৰূপৰ পদক আৰু বৰুণ সিং ভাটীয়ে হাই জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। দীপা মালিক পেৰালিম্পিকত পদক বিজয়ী প্ৰথম গৰাকী ভাৰতীয় মহিলা।
২০২০ দশক
২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতৰ হৈ ৯খন ক্ৰীড়াত ৫৪জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ৫টা স্বৰ্ণ, ৮টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ১৯টা পদকেৰে পদক তালিকাৰ ২৪ তম স্থানত থাকি টকিঅ' ২০২০-ত এয়া ভাৰত আছিল সৰ্বকালৰ শ্ৰেষ্ঠ পেৰালিম্পিক প্ৰদৰ্শন। টেবুল টেনিছ খেলুৱৈ ভাৱিনা পেটেলে একক চি৪ শাখাত ফাইনেলত প্ৰৱেশ কৰি চীনৰ ঝাও য়িঙৰ হাতত ৩-০ ব্যৱধানত পৰাস্ত হৈ ভাৰতৰ বাবে প্ৰথম ৰূপৰ পদক লাভ কৰে।৮৯ নিশাদ কুমাৰে এছিয়ান ৰেকৰ্ড গঢ়ি পুৰুষৰ হাই জাম্প টি৪৭ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে।১০ বিনোদ কুমাৰে পুৰুষৰ ডিচকাছ থ্ৰ'ৰ এফ৫২ শাখাত ব্ৰঞ্জৰ পদকৰ বাবে স্থান লাভ কৰিছিল১১১২ যদিও টকিঅ' পেৰালিম্পিকৰ প্ৰতিযোগিতা সমিতিয়ে তেওঁক প্ৰতিবন্ধকতা শ্ৰেণীবিভাজন মূল্যায়নত অযোগ্য বুলি বিবেচনা কৰাৰ ফলত তেওঁ ব্ৰঞ্জৰ পদক হেৰুৱায়।১৩ মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ ইভেণ্টত অৱনী লেখাৰাই স্বৰ্ণ পদক জয় কৰি পেৰালিম্পিকত স্বৰ্ণ বিজয়ী প্ৰথম ভাৰতীয় মহিলা ৰূপে পৰিগণিত হয়।১৪ লেখাৰাই একেখন সমাৰোহতে মহিলাৰ আৰ৮ ৫০ মিটাৰ এয়াৰ ৩ পজিচন এছএইচ১ শাখাতো ব্ৰঞ্জৰ পদক অৰ্জন কৰি ব্যক্তিগত দ্বিতীয়টো পদক লাভ কৰে। ইয়াৰ ফলত তেওঁ একেখন পেৰালিম্পিকত একাধিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলাৰূপেও পৰিগণিত হয়।১৫ যোগেশ কাথুনিয়াই পুৰুষৰ ডিচকাছ থ্ৰ' এফ৫৬-ত ৰূপৰ পদক১৬ আৰু পুৰুষৰ জেভলীন থ্ৰ' এফ৪৬-ত দেৱেন্দ্ৰ ঝাঝাৰীয়া আৰু সুন্দৰ সিং গুৰ্জাৰে ক্ৰমে ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।১৭ পুৰুষৰ জেভলীন থ্ৰ' এফ৬৪ শাখাত সুমিত আন্তিলে ৬৮.৫৫ মিটাৰৰ বিশ্ব অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন কৰে।১৮ ক্ৰীড়া শ্বুটাৰ সিংৰাজ আধানাই পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ শ্ৰেণীত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।১৯ পুৰুষৰ হাই জাম্প টি৬৩ শ্ৰেণীত মাৰীয়াপ্পান থানগাভেলু আৰু শৰদ কুমাৰে ক্ৰমে ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।২০ প্ৰবীণ কুমাৰে পুৰুষৰ হাই জাম্প টি৬৪ শিতানত ৰূপৰ পদক অৰ্জন কৰে২১ আৰু হৰবিন্দৰ সিঙে আৰ্চাৰীৰ পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ অপেনত ব্ৰঞ্জৰ পদক লাভ কৰে, যি হৈছে ভাৰতে আৰ্চাৰীত লাভ কৰা প্ৰথম পেৰালিম্পিক পদক।২২ শ্বুটিং প্ৰতিযোগিতাৰ মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ শাখাত মনীষ নাৰৱালে স্বৰ্ণ পদক আৰু সিংৰাজ আধানাই ৰূপৰ পদক অৰ্জন কৰে।২৩ সিংৰাজৰ এয়া আছিল সমাৰোহৰ দ্বিতীয়টো পদক। প্ৰথমবাৰ বাবে পেৰালিম্পিকত সংযোজন হোৱা বেডমিণ্টনত ভাৰতে মুঠ ৪টা পদক লাভ কৰে; সেইকেইটা হৈছে পুৰুষৰ একক এছএল৩ শাখাত প্ৰমোদ ভগতৰ স্বৰ্ণ আৰু মনোজ চৰকাৰৰ ৰূপৰ পদক,২৪ পুৰুষৰ একক এছএল৪ শাখাত সুহাস ললিনাকেৰী য়াথিৰাজৰ ৰূপৰ পদক২৫ আৰু পুৰুষৰ একক এছএইছ৬ শাখাত কৃষ্ণা নাগৰৰ স্বৰ্ণ পদক।২৬
পদকসমূহ
গ্ৰীষ্মকালীন সমাৰোহৰ পদকসমূহ
| সমাৰোহ | খেলুৱৈ | স্বৰ্ণ | ৰূপ | ব্ৰঞ্জ | মুঠ | স্থান |
|---|---|---|---|---|---|---|
| ১৯৬০ ৰোম | অংশগ্ৰহণ কৰা নাছিল | |||||
| ১৯৬৪ টকিঅ' | ||||||
| ১৯৬৮ টেল আভিভ | ১০ | ০ | ০ | ০ | ০ | - |
| ১৯৭২ হাইডেলবাৰ্গ | ১০ | ১ | ০ | ০ | ১ | ২৫ |
| ১৯৭৬ টৰণ্টো | অংশগ্ৰহণ কৰা নাছিল | |||||
| ১৯৮০ আৰ্নহেম | ||||||
| / ১৯৮৪ ষ্টোক মেণ্ডেভিল/নিউয়ৰ্ক | ৫ | ০ | ২ | ২ | ৪ | ৩৭ |
| ১৯৮৮ ছিউল | ২ | ০ | ০ | ০ | ০ | - |
| ১৯৯২ বাৰ্চিলোনা | ৯ | ০ | ০ | ০ | ০ | - |
| ১৯৯৬ আটলাণ্টা | ৯ | ০ | ০ | ০ | ০ | - |
| ২০০০ চিডনী | ৪ | ০ | ০ | ০ | ০ | - |
| ২০০৪ এথেন্স | ১২ | ১ | ০ | ১ | ২ | ৫৩ |
| ২০০৮ বেইজিং | ৫ | ০ | ০ | ০ | ০ | - |
| ২০১২ লণ্ডন | ১০ | ০ | ১ | ০ | ১ | ৬৭ |
| ২০১৬ ৰিঅ' | ১৯ | ২ | ১ | ১ | ৪ | ৪৩ |
| ২০২০ টকিঅ' | ৫৪ | ৫ | ৮ | ৬ | ১৯ | ২৪ |
| ২০২৪ পেৰিছ | ভৱিষ্যতৰ সমাৰোহ | |||||
| ২০২৮ লছ এঞ্জেলছ | ভৱিষ্যতৰ সমাৰোহ | |||||
| মুঠ | ৯ | ১২ | ১০ | ৩১ | - |
শীতকালীন সমাৰোহৰ পদকসমূহ
| সমাৰোহ | খেলুৱৈ | স্বৰ্ণ | ৰূপ | ব্ৰঞ্জ | মুঠ | স্থান |
|---|---|---|---|---|---|---|
| ১৯৭৬ Örnsköldsvik | অংশগ্ৰহণ কৰা নাছিল | |||||
| ১৯৮০ গেইলো | ||||||
| ১৯৮৪ ইন্সব্ৰুক | ||||||
| ১৯৮৮ ইন্সব্ৰুক | ||||||
| ১৯৯২ এলবাৰ্টভিল | ||||||
| ১৯৯৪ লিলেহাইমাৰ | ||||||
| ১৯৯৮ নাগানো | ||||||
| ২০০২ চল্ট লেক চিটি | ||||||
| ২০০৬ টুৰিণ | ||||||
| ২০১০ ভেংকুভাৰ | ||||||
| ২০১৪ চ'চি | ||||||
| ২০১৮ পিয়ংচাং | ||||||
| ২০২২ বেইজিং | ভৱিষ্যতৰ সমাৰোহ | |||||
| ২০২৬ মিলান/কৰ্টিনা ডি এম্পেজ্জো | ভৱিষ্যতৰ সমাৰোহ | |||||
| মুঠ | ০ | ০ | ০ | ০ | − |
গ্ৰীষ্মকালীন ক্ৰীড়া অনুসৰি পদকসমূহ
| ক্ৰীড়া | স্বৰ্ণ | ৰূপ | ব্ৰঞ্জ | মুঠ |
|---|---|---|---|---|
| ৪ | ৯ | ৫ | ১৮ | |
| ২ | ১ | ২ | ৫ | |
| ২ | ১ | ১ | ৪ | |
| ১ | ০ | ০ | ১ | |
| ০ | ১ | ০ | ১ | |
| ০ | ০ | ১ | ১ | |
| ০ | ০ | ১ | ১ | |
| মুঠ | ৯ | ১২ | ১০ | ৩১ |
শীতকালীন ক্ৰীড়া অনুসৰি পদকসমূহ
| ক্ৰীড়া | স্বৰ্ণ | ৰূপ | ব্ৰঞ্জ | মুঠ |
|---|---|---|---|---|
| মুঠ | ০ | ০ | ০ | ০ |
পদক বিজয়ীসকল
| পদক | নাম/দল | সমাৰোহ | ক্ৰীড়া | শাখা |
|---|---|---|---|---|
| মুৰলীকান্ত পেটকাৰ | ১৯৭২ হাইডেলবাৰ্গ | পুৰুষৰ ৫০ মিটাৰ ফ্ৰীষ্টাইল ৩ | ||
| ভীমৰাও কেচৰকাৰ | / ১৯৮৪ ষ্টোক মেণ্ডেভিল/নিউয়ৰ্ক | এথলেটিকছ | পুৰুষৰ জেভলীন এল৬ | |
| যোগিন্দৰ সিং বেদী | এথলেটিকছ | পুৰুষৰ শ্বট পুট এল৬ | ||
| যোগিন্দৰ সিং বেদী | এথলেটিকছ | পুৰুষৰ জেভলীন এল৬ | ||
| যোগিন্দৰ সিং বেদী | এথলেটিকছ | পুৰুষৰ ডিচকাছ থ্ৰ' এল৬ | ||
| দেৱেন্দ্ৰ ঝাঝাৰীয়া | ২০০৪ এথেন্স | এথলেটিকছ | পুৰুষৰ জেভলীন এফ৪৪/৪৬ | |
| ৰাজিন্দৰ সিং ৰহেলু | পাৱাৰলিফ্টিং | পুৰুষৰ ৫৬ কিগ্ৰা | ||
| গিৰীশা নাগাৰাজেগৌড়া | ২০১২ লণ্ডন | এথলেটিকছ | পুৰুষৰ হাই জাম্প এফ৪২ | |
| মাৰীয়াপ্পান থানগাভেলু | ২০১৬ ৰিঅ' | এথলেটিকছ | পুৰুষৰ হাই জাম্প এফ৪২ | |
| দেৱেন্দ্ৰ ঝাঝাৰীয়া | এথলেটিকছ | পুৰুষৰ জেভলীন এফ৪৬ | ||
| দীপা মালিক | এথলেটিকছ | মহিলাৰ শ্বট পুট এফ৫৩ | ||
| বৰুণ সিং ভাটী | এথলেটিকছ | পুৰুষৰ হাই জাম্প এফ৪২ | ||
| অৱনী লেখাৰা | ২০২০ টকিঅ' | শ্বুটিং | মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ | |
| সুমিত আন্তিল | এথলেটিকছ | পুৰুষৰ জেভলীন এফ৬৪ | ||
| মনীষ নাৰৱাল | শ্বুটিং | মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ | ||
| প্ৰমোদ ভগত | বেডমিণ্টন | পুৰুষৰ একক এছএল৩ | ||
| কৃষ্ণা নাগৰ | বেডমিণ্টন | পুৰুষৰ একক এছএছ৬ | ||
| ভাৱিনা পেটেল | টেবুল টেনিছ | মহিলাৰ টেবুল টেনিছ একক চি৪ | ||
| নিশাদ কুমাৰ | এথলেটিকছ | পুৰুষৰ হাই জাম্প টি৪৭ | ||
| যোগেশ কাথুনিয়া | এথলেটিকছ | পুৰুষৰ ডিচকাছ থ্ৰ' এফ৫৬ | ||
| দেৱেন্দ্ৰ ঝাঝাৰীয়া | এথলেটিকছ | পুৰুষৰ জেভলীন এফ৪৬ | ||
| মাৰীয়াপ্পান থানগাভেলু | এথলেটিকছ | পুৰুষৰ হাই জাম্প টি৬৩ | ||
| প্ৰবীণ কুমাৰ | এথলেটিকছ | পুৰুষৰ হাই জাম্প টি৬৪ | ||
| সিংৰাজ আধানা | শ্বুটিং | মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ | ||
| সুহাস ললিনাকেৰী য়াথিৰাজ | বেডমিণ্টন | পুৰুষৰ একক এছএল৪ | ||
| সুন্দৰ সিং গুৰ্জাৰ | এথলেটিকছ | পুৰুষৰ জেভলীন এফ৪৬ | ||
| সিংৰাজ আধানা | শ্বুটিং | পুৰুষৰ পি১ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ | ||
| শাৰদ কুমাৰ | এথলেটিকছ | পুৰুষৰ হাই জাম্প টি৬৩ | ||
| অৱনী লেখাৰা | শ্বুটিং | মহিলাৰ আৰ৮ ৫০ মিটাৰ ৰাইফল ৩ পজিচন এছএইচ১ | ||
| হৰবিন্দৰ সিং | আৰ্চাৰী | পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ অপেন | ||
| মনোজ চৰকাৰ | বেডমিণ্টন | পুৰুষৰ একক এছএল৩ |
একাধিক পদক বিজয়ী
| খেলুৱৈ | সমাৰোহৰ | ক্ৰীড়া | মুঠ | |||
|---|---|---|---|---|---|---|
| যোগিন্দৰ সিং বেদী | / ১৯৮৪ ষ্টোক মেণ্ডেভিল/নিউয়ৰ্ক | এথলেটিকছ | ০ | ১ | ২ | ৩ |
| দেৱেন্দ্ৰ ঝাঝাৰীয়া | ২০০৪ এথেন্স ২০১৬ ৰিঅ' ২০২০ টকিঅ' | এথলেটিকছ | ২ | ১ | ০ | ৩ |
| মাৰীয়াপ্পান থানগাভেলু | ২০১৬ ৰিঅ' ২০২০ টকিঅ' | এথলেটিকছ | ১ | ১ | ০ | ২ |
| অৱনী লেখাৰা | ২০২০ টকিঅ' | শ্বুটিং | ১ | ০ | ১ | ২ |
| সিংৰাজ আধানা | ২০২০ টকিঅ' | শ্বুটিং | ০ | ১ | ১ | ২ |
| প্ৰীতি পাল | ২০২৪ পেৰিছ | এথলেটিকছ | ০ | ০ | ২ | ২ |
লগতে চাওক
তথ্যসূত্ৰ
- ↑ India at the Paralympics on paralympic.org
- ↑ (2012-08-08). The lesser-known Olympics. blogger
- ↑ (2004-12-19). Never before shown: A gold medal winner from India. paralympic village
- ↑ (September 3, 2012). Not provided with escort, alleges Paralympics athlete. thehindu.com. The Hindu
- ↑ Kumar, Nandini. (September 2, 2012). Officials ditch special athletes at Paralympics. epaper.timesofindia.com. Mumbai Mirror, re-published online by e-paper. পৃ. 22
- ↑ (8 August 2016). LIST OF PLAYERS SELECTED TO REPRESENT INDIA AT THE RIO PARALYMPIC GAMES 2016. Paralympic Committee of India
- ↑ (2016-09-14). Paralympics 2016 · Devendra Jhajharia breaks World Record to win Gold at Paralympics.
- ↑ (2021-08-29). Tokyo Paralympics: Bhavina Patel creates history, becomes the first Indian para-paddler to win silver
- ↑ Historic! Paddler Bhavina Patel assures silver medal by entering Paralympics final, to play for gold tomorrow
- ↑ Aug 29, PTI / Updated:; 2021; Ist, 18:24. Nishad Kumar wins silver in men's high jump in Paralympics
- ↑ (29 August 2021). Tokyo Paralympics 2021: Vinod Kumar wins bronze in discus throw. espn.com
- ↑ dhunt.in/ldU0b?s=a&uu=0x3decfdfd072ac655& link|date=September 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ Livemint. (2021-08-30). Tokyo Paralympics: Vinod Kumar declared ineligible in classification assessment
- ↑ Tokyo Paralympics: Avani Lekhara Wins Gold In Women's 10m Air Rifle (SH1)
- ↑ (2021-09-03). Avani Lekhara becomes first Indian woman to win multiple medals at Paralympics. ESPN
- ↑ Paralympics 2020: Yogesh Kathuniya wins silver medal in discus throw
- ↑ Tokyo Paralympics: Devendra Jhajharia Wins Silver, Bronze For Sundar Singh Gurjar In Men's Javelin (F46)
- ↑ Tokyo Paralympics: Sumit Antil Wins Javelin (F64) Gold, Sets New World Record
- ↑ Sportstar, Team. Singhraj Adana wins bronze in shooting at Tokyo Paralympics
- ↑ Sportstar, Team. Tokyo Paralympics: Thangavelu Mariyappan wins silver, Sharad Kumar takes bronze in men's high jump
- ↑ Tokyo Paralympics: Praveen Kumar wins silver in men's high jump, becomes India's 11th medallist. India Today
- ↑ Harvinder Singh wins bronze, India's first ever archery medal at Paralympics. www.telegraphindia.com
- ↑ (2021-09-04). Tokyo Paralympics: India's Manish Narwal bags gold, Singhraj Adhana wins silver in shooting. Zee News
- ↑ Tokyo Paralympics: Pramod Bhagat Wins Gold In Badminton Men's Singles SL3. NDTVSports.com
- ↑ Badminton Men's Singles SL4 - Gold Medal Match Results. Olympics.com. Tokyo Organising Committee of the Olympic and Paralympic Games
- ↑ (5 September 2021). Badminton – Men's Singles SH6 - Gold Medal Match. olympics.com. TOCOG
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেৰালিম্পিকত ভাৰত” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৭৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।