অৰ্থনীতি আৰু উদ্যোগ
কৃষি, চাহ, বাণিজ্য, উদ্যোগ আৰু জীৱিকা · ২৬০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কেডবাৰী ডেইৰী মিল্ক
ডেইৰী মিল্ক (Cadbury Dairy Milk) যুক্তৰাষ্ট্ৰৰ দ্য হাৰ্শ্বে কোম্পানী কেডবাৰীৰ দ্বাৰা উৎপাদিত এবিধ মিল্ক চকলেট। ১৯০৫ চনত ইউ কেত ইয়াৰ আত্মপ্ৰকাশ ঘটে।
-
কোছিভৰ চিত্ৰিত মৃৎশিল্প
কোছিভৰ চিত্ৰিত মৃৎশিল্প হুতছুলসকলৰ পৰম্পৰাগত লোকশিল্প আৰু ইউক্ৰেইনীয় মৃৎশিল্পৰ এটা প্ৰকাৰ। ইয়াত বিভিন্ন ধৰণৰ বাচন-বৰ্তন, শিশুৰ খেলনা, স্মাৰক সামগ্ৰী, চৌকাৰ টাইল আৰু সজ্জাগত টাইল নিৰ্মাণ কৰা হয়। এই মৃৎশিল্প জটিল নিৰ্মাণ পদ্ধতি আৰু বিশেষ চিত্ৰশৈলীৰ বাবে পৰিচিত।
-
ক্ষেত্ৰীয় গ্ৰামীণ বেংক
ক্ষেত্ৰীয় গ্ৰামীণ বেংক (Regional Rural Bank) ভাৰতবৰ্ষৰ একপ্ৰকাৰৰ বেংক ব্যৱস্থা। ১৯৭৬ চনৰ ক্ষেত্ৰীয় গ্ৰামীণ বেংক আইনৰ অধীনত ক্ষেত্ৰীয় গ্ৰামীণ বেংক বা আঞ্চলিক গাঁৱলীয়া বেঙ্ক স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হয়।
-
খলিহৈ
খলিহৈ (ইংৰাজী: Mustard Oil Cake বা Mustard Cake) হৈছে সৰিয়হ গুটিৰ পৰা তেল উলিওৱাৰ পাছত অৱশিষ্ট থকা পদাৰ্থ। এই জৈৱিক উপজাত দ্ৰব্যটো জৈৱিক সাৰ আৰু পশু-পক্ষীৰ খাদ্য হিচাপে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। সৰিয়হ খলিহৈত উচ্চ মানৰ প্ৰ'টিন, নাইট্ৰ'জেন, ফছফ'ৰাছ আৰু পটেছিয়াম থাকে।
-
গুণ্টুৰ জলকীয়া
গুণ্টুৰ জলকীয়া হৈছে ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ আৰু প্ৰকাশম জিলাত উৎপাদিত জলকীয়াৰ এক প্ৰকাৰ। এই জলকীয়াবোৰ বিশ্বব্যাপী প্ৰসিদ্ধ আৰু ভাৰতৰ পৰা এছিয়াৰ অন্যান্য দেশ, কানাডা আৰু ইউৰোপলৈ ৰপ্তানি কৰা হয়।
-
গৌৰী প্ৰধান তেজৱানী
গৌৰী প্ৰধান তেজৱানী:Gauri Pradhan Tejwani (জন্ম প্ৰধান) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। তেওঁ 'কুটুম্ব'ত গৌৰি আগৰৱাল মিত্তল, 'ক্যোঁকী সাছ ভি কভি বহু থি'ত নন্দিনী ঠাক্কৰ বিৰাণী, 'স্পেচিয়েল স্কোৱাড'ত ডাঃ দীপিকা ঘোষ, 'লেফ্ট ৰাইট লেফ্ট'ত কেপ্টেইন সোণা দাস আৰু 'তু…
-
গ্ৰীণপ্লাই ইণ্ডাষ্ট্ৰীজ লিমিটেড
গ্ৰীণপ্লাই ইণ্ডাষ্ট্ৰীজ লিমিটেড (Greenply), এটা ভাৰতীয় গৃহ অভ্যন্তৰ আন্তঃগাঁথনি কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় পশ্চিম বংগৰ কলকাতাত। কোম্পানীটো নেচনেল ষ্টক এক্সচেঞ্জ (NSE) আৰু বম্বে ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কৰা হৈছে।
-
ঙাহ ল'ও ডৰ
ঙাহ ল'ও ডৰ (Nghah Lou Dawr/Nghah Loh Dawr) হৈছে মিজোৰামত পৰম্পৰাগতভাৱে প্ৰচলিত কিনা-বেচাৰ এক পদ্ধতি য'ত বিক্ৰেতাৰ অবিহনেই বিপণী এখনৰ পণ্যসামগ্ৰী গ্ৰাহকসকলে পছন্দ অনুসৰি নিৰ্দিষ্ট মূল্য পৰিশোধ কৰি ক্ৰয় কৰাৰ ব্যৱস্থা আছে।
-
চাকি
চাকি, দিয়া, দীপক, দীপ, হৈছে তেলৰ সহায়ত জ্বলোৱা একপ্ৰকাৰৰ মাটি বা ধাতুৰে তৈয়াৰী কম পোহৰৰ উৎস। চাকিৰ ধাৰক অংশত তেল বা ঘিঁউ দি কপাহৰে তৈয়াৰী শলিতাৰ সহায়ত চাকি জ্বলোৱা হয়। চাকিৰ উৎপত্তি ভাৰতবৰ্ষৰ বৈদিক সনাতনী সমাজত হোৱা বুলি ভাগৱত উল্লেখ আছে।
-
চাহ : অসমৰ অন্যতম পৰিচয়
অসমৰ বিভিন্ন পৰিচয়সমূহৰ ভিতৰত চাহখেতি অন্যতম। চাহ শব্দটো চীনা শব্দৰ পৰা অহা। চীনদেশত চাহক ‘চা' বুলি কয়। চাহৰ ইংৰাজী প্ৰতিশব্দ Tea। চিংফৌ ভাষাত চাহক ‘ফিনাপ' অথবা ‘ফালাপ' বুলি কয়। আহোম ভাষাত ‘নাম - ফালাপ' বুলি কয়। ‘নাম' মানে পানী আৰু ‘ফালাপ' মানে চাহ।
-
চাৰ্টাৰ্ড ফাইনেঞ্চিয়েল এনালিষ্ট
চাৰ্টাৰ্ড ফাইনেঞ্চিয়েল এনালিষ্ট (Chartered Financial Analyst (CFA)) হৈছে আমেৰিকাভিত্তিক CFA Institute (পূৰ্বতে Association for Investment Management and Research বা AIMR)-এ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিনিয়োগ আৰু বিত্তীয় পেছাদাৰীসকলক আগবঢ়োৱা এক স্নাতকোত্তৰ স্তৰৰ পেছাদাৰী প্ৰমাণ-পত্ৰ কাৰ্যসূচী।
-
চিত্ৰকথি
চিত্ৰকথি হৈছে এনে এটা বৃত্তিগত জাতিৰ নাম, যাৰ পৰম্পৰাগত জীৱিকা আছিল বিভিন্ন ঠাইত প্ৰবাস কৰা ছবিৰ সহায়ত কাহিনী কোৱা।
-
চিলন চাহ
চিলন চাহ (Ceylon tea) শ্ৰীলংকাত উৎপাদিত চাহৰ এবিধ ব্ৰেণ্ড। এই শব্দটোৱে ঐতিহাসিকভাৱে সেই দেশৰ চাহকো সূচায়। চিলন চাহক কেৱল ভৌগোলিক বৰ্ণনাকাৰী হিচাপেই নহয়, শ্ৰীলংকাৰ সংস্কৃতি, ঐতিহ্য আৰু পৰিচয়ৰ ঘাইখুঁটা হিচাপেও বৰ্ণনা কৰা হৈছে।
-
চিৱান বাচন
চিৱান ৱেৰ বা চিৱান বাচন ( Shiwan ware, চীনা ভাষাত:石灣窯) হৈছে একপ্ৰকাৰ চীনা মৃৎশিল্প। গুৱাংডং গুৱাংঝুৰ প্ৰাদেশিক চহৰ ফছানৰ চিৱানজেন মহকুমাত অৱস্থিত ভাটিত এই মৃৎশিল্প তৈয়াৰ কৰা হয়। ই উপকূলীয় অঞ্চলৰ বৃহত্তৰ বাচন-বৰ্তন উৎপাদন গোটৰ এক অংশ, যাক সামগ্ৰিকভাৱে কেণ্টন ষ্ট’নৱেৰচ্ বুলি জনা যায়।
-
চীনা কাগজ ভাঁজ কৰাৰ শিল্প
চীনা কাগজ ভাঁজ শিল্প (Chinese paper folding) , বা ঝে-ঝি, হৈছে মধ্যযুগীয় চীনত উৎপত্তি হোৱা কাগজ ভাঁজ কৰাৰ এক শিল্পকলা। ২০শ শতিকাৰ জাপানী কাগজ শিল্পী আকিৰা য়োশিজাৱাৰ কৰ্মই জাপানী শব্দ অৰিগামিক ব্যাপক জনপ্ৰিয়তা প্ৰদান কৰে।
-
চীনৰ চাহ
চীনা চাহক ছটা সুকীয়া ভাগত ভাগ কৰিব পাৰি: বগা চাহ, সেউজীয়া চাহ, হালধীয়া চআহ, উলং চাহ, ক'লা চাহ, আৰু পোষ্ট-ফাৰ্মেণ্টেড টি। আন কিছুমানে সুগন্ধি আৰু সংকোচিত চাহৰ বাবে শ্ৰেণী যোগ কৰে। এই সকলোবোৰ কেমেলিয়া চাইনেন্সিছ উদ্ভিদৰ জাতৰপৰা আহে। বেছিভাগ চীনা চাহ চীনত খেতি আৰু খোৱা হয়।
-
চূন পান
চূন পান হৈছে শ্ৰীলংকাৰ একপ্ৰকাৰৰ সাধাৰণ ভ্ৰাম্যমাণ ব্ৰেড বিক্ৰেতা। চুন পান ডেলিভাৰীত বিথোভেন সংগীতৰ শৈলীক সংযুক্ত কৰা হৈছে আৰু লগতে বেকাৰীৰ সামগ্ৰীসমূহ বেছিভাগেই পাওৰুটী, গ্ৰাহকক ৰাজপথত আৰু ঘৰৰ দুৱাৰমুখে দুৱাৰমুখে বিক্ৰী কৰা হয়।
-
চেনিৰ চিত্ৰকলা
চেনি চিত্ৰকলা ( Sugar painting) হৈছে চীনৰ পৰম্পৰাগত লোকশিল্প আৰু চেনিৰ মিঠাইৰ এক প্ৰকাৰ য'ত মাৰ্বল বা ধাতুৰ পৃষ্ঠত গৰম, গলিত চেনি ব্যৱহাৰ কৰি দ্বিমাত্ৰিক (সমতল) আকৃতি সৃষ্টি কৰা হয়। গলিত চেনিখিনি কাঁহ বা তামৰ পৰা তৈয়াৰী সৰু লেডল এটাত স্কুপ কৰি লোৱা হয়।
-
জয়াপ্ৰভা
জয়াপ্ৰভা (জন্ম: ১৯৫৭) এগৰাকী ভাৰতীয় সমালোচক আৰু কবি, যিয়ে তেলুগু ভাষাত সাহিত্য চৰ্চা কৰে। তেওঁক তেলুগু সাহিত্য সমালোচনা আৰু কবিতাত নাৰীবাদী আন্দোলনৰ এগৰাকী অগ্ৰণী ব্যক্তি হিচাপে গণ্য কৰা হয়।
-
জাৰি সূতা
জাৰি (Zari) সূতা হৈছে পৰম্পৰাগতভাৱে মিহি সোণ বা ৰূপৰ পৰা তৈয়াৰী এবিধ সূতা যি পৰম্পৰাগত ভাৱে ভাৰতীয়, বাংলাদেশী আৰু পাকিস্তানী কাপোৰত ব্যৱহাৰ কৰা হয়, বিশেষকৈ শাৰী আদিত পাৰী হিচাপে ব্যৱহাৰ কৰা হয়।
-
টছৰ পাট
টছৰ পাট (Tussar silk) সূতা, যাক কেতিয়াবা তুছাৰ, তাছৰ, তুছুৰ বা টুছাৰ বুলি বানান কৰা হয় আৰু ইয়াক সংস্কৃতত কোছা ৰেচম বুলিও কোৱা হয়। মথ প্ৰজাতিৰ অন্তৰ্গত কেইবাটাও প্ৰজাতিৰ পাট পলুৰ পৰা উৎপাদিত হয়।
-
ডোংয়াং কাঠ খোদাই শিল্প
ডোংয়াং কাঠ খোদাই (Dongyang Wood Carving) (东阳木雕) হৈছে চীনৰ ঝেজিয়াং প্ৰদেশৰ ডোংয়াং চহৰৰপৰা উৎপত্তি হোৱা চীনা শিল্পৰ এক পৰম্পৰাগত ধাৰা। এই শিল্পধাৰা জটিল নক্সা, সূক্ষ্ম কাৰুকাৰ্য আৰু সবিশেষৰ প্ৰতি বিশেষ মনোযোগৰ বাবে পৰিচিত।
-
দাৰ্জিলিং চাহ
দাৰ্জিলিং চাহ কেমেলিয়া চিনেনচিচ্ প্ৰজাতিৰপৰা উৎপাদিত, যি ভাৰতৰ পশ্চিম বংগৰ দাৰ্জিলিং জিলা বা কালিম্পং জিলাত খেতি আৰু প্ৰক্ৰিয়াকৰণ কৰা হয়। ২০০৪ চনৰপৰা দাৰ্জিলিং চাহ শব্দটোৱে দাৰ্জিলিং আৰু কালিম্পঙৰ ভিতৰৰ কিছুমান বাগিচাত উৎপাদিত সামগ্ৰীক বুজাই পঞ্জীয়নভুক্ত ভৌগোলিক ইংগিত হিচাপে পৰিগণিত হৈছে।
-
দিল্লী হাট
দিল্লী হাট হৈছে ভাৰতৰ দিল্লীত অৱস্থিত এখন প্ৰৱেশ-মূল্য দি সোমোৱাৰ ব্যৱস্থা থকা মুকলি বজাৰ, ফুড প্লাজা আৰু হস্তশিল্প থলী। এই অঞ্চলটো দিল্লী পৰ্যটন আৰু পৰিবহণ উন্নয়ন নিগমে (ডিটিটিডিচি) পৰিচালনা কৰে। ই গাওঁ অঞ্চলত বহা পৰম্পৰাগত সাপ্তাহিক বজাৰৰ দৰে নহয়; দিল্লী হাট এক স্থায়ী বজাৰ।
-
ধোকৰা
ধোকৰা (ডোক্ৰা বুলিও বানান কৰা হয়) হৈছে অলৌহ ধাতুৰ ঢালাইত লষ্ট ৱাক্স ব্যৱহাৰ কৰাৰ কৌশল। এই ধৰণৰ ধাতুৰ ঢালাই ভাৰতত ৪,০০০ বছৰতকৈও অধিক সময় ধৰি ব্যৱহাৰ হৈ আহিছে আৰু এতিয়াও ব্যৱহাৰ কৰা হয়। এনেধৰণৰ সামগ্ৰীসমূহৰ ভিতৰত অন্যতম হৈছে মহেঞ্জো-দাৰোৰ ডেন্সিং গাৰ্লৰ প্ৰতিমূৰ্তি।
-
নতুনগ্ৰামৰ কাঠৰ পুতলা
নতুনগ্ৰামৰ কাঠৰ পুতলা হ’ল ভাৰতত জনপ্ৰিয় এবিধ কাঠৰ পুতলা, বিশেষকৈ পশ্চিমবংগৰ বৰ্ধমান জিলাত ইয়াৰ প্ৰচলন অধিক। কাঠৰ পুতলা তৈয়াৰ কৰাটো কিছুমান ভাৰতীয় সংস্কৃতিৰ এক পৰম্পৰাগত চৰ্চা আৰু নতুনগ্ৰামৰ পুতলাসমূহৰ বিশেষ সাংস্কৃতিক গুৰুত্ব আছে কাৰণ এইবোৰ পোনপটীয়াকৈ দেৱী লক্ষ্মীৰ সৈতে জড়িত।
-
নিজামছ্ গেৰাণ্টিড ষ্টেট ৰেলৱে
নিজামছ্ গেৰাণ্টিড ষ্টেট ৰেলৱে (Nizam's Guaranteed State Railway; NGSR) ১৮৭৯ চনৰ পৰা ১৯৫০ চনলৈকে ভাৰতত সক্ৰিয় হৈ থকা এটা ৰেল কোম্পানী আছিল। ই হায়দৰাবাদ প্ৰদেশৰ নিজামৰ মালিকানাধীন আছিল। ইয়াৰ সম্পূৰ্ণ নাম আছিল হিজ এক্সেলটেড হাইনেছ, দ্য নিজামছ্ গেৰাণ্টিড্ ষ্টেট ৰেলৱে।
-
নেইনা চাহনী হত্যাকাণ্ড
১৯৯৫ চনত সংঘটিত হোৱা তন্দুৰ হত্যাকাণ্ডৰ বলি হৈছিল নৈনা চাহনী। ১৯৯৫ চনৰ ২ জুলাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ নেতা সুশীল শৰ্মাই ২৯বছৰীয়া চাহনীক হত্যা কৰে। এই হত্যাকাণ্ডৰ বাবে সুশীল শৰ্মাক দোষী সাব্যস্ত কৰে বিচাৰ আদালত, দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে।
-
নেচনেল ষ্টক একচেঞ্জ
নেচনেল ষ্টক এক্সচেঞ্জ অফ ইণ্ডিয়া লিমিটেড (NSE) (এন.এছ.ই.) হৈছে মুম্বাইস্থিত ভাৰতৰ এক আগশাৰীৰ ষ্টক এক্সচেঞ্জ। এনএছই বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান যেনে বেংক আৰু বীমা কোম্পানীৰ মালিকানাধীন। নেচনেল ষ্টক একচেঞ্জ ১৯৯২ চনত প্ৰতিষ্ঠা কৰা হৈছিল।ব্যৱসায়ৰ ক্ষেত্ৰত এইটো বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টক এক্সচেঞ্জ।
-
নেপাল ৰাষ্ট্ৰ বেংক
নেপাল ৰাষ্ট্ৰ বেংক। ( নেপালী: नेपाल राष्ट्र बैंक) নেপাল ৰাষ্ট্ৰ বেংক আইন, ১৯৫৫-ৰ অধীনত ১৯৫৬ খ্ৰীষ্টাব্দত (নেপালী তাৰিখ: বৈচাখ ১৪, ২০১৩ খ্ৰীষ্টাব্দ) ত স্থাপন কৰা হৈছিল, যাতে ঘৰুৱা বিত্তীয় খণ্ডৰ বিকাশত পথ প্ৰদৰ্শনৰ লগতে কেন্দ্ৰীয় বেঙ্কিং দায়িত্ব পালন কৰা হয়।