ভাৰতৰ অৰ্থনীতি
১২ প্ৰবন্ধ
-
ভাৰতীয় টকা
ভাৰতীয় টকা (চিহ্ন:; ক’ড: INR) হৈছে ভাৰতৰ চৰকাৰী মুদ্ৰাৰ নাম। ভাৰতীয় মুদ্ৰাৰ মুখ্য নাম হৈছে ৰুপীয়া, ইংৰাজীত Rupee (ৰুপী), কিন্তু কেৱল বঙালী আৰু অসমীয়া ভাষাতহে ইয়াক টকা বুলি কোৱা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে টকা প্ৰস্তুত কৰি বাণিজ্যিক বেংকসমূহৰ দ্বাৰা ৰাইজৰ মাজত বিতৰণ কৰে।
-
ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ
ৰাজহুৱা খণ্ডৰ উদ্যোগ (Public Sector Undertakings) ভাৰত চৰকাৰ বা ভাৰতৰ ৰাজ্য চৰকাৰসমূহে প্ৰতিষ্ঠা কৰা ৰাজহুৱা প্ৰতিষ্ঠান। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণৰ দ্বাৰা, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰ্যবাহী আদেশৰ দ্বাৰা, কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত সংসদৰ আইন আৰু ৰাজ্য চৰকাৰৰ ৰাজ্য চৰকাৰৰ আইন…
-
বম্বে ষ্টক বিনিময় কেন্দ্ৰ
বম্বে ষ্টক বিনিময় কেন্দ্ৰ বা বম্বে ষ্টক এক্সেঞ্জ (Bombay Stock Exchange, BSE) ভাৰতৰ এক ষ্টক বিনিময় কেন্দ্ৰ। ১৮৭৫ চনত মুম্বাইৰ দালাল ষ্ট্ৰীটত ইয়াক স্থাপিত কৰা হৈছিল এই বিনিময় কেন্দ্ৰ এছিয়াৰ প্ৰথম গুজৰাটৰ আহমেদাবাদত অৱস্থিত ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় এক্সেঞ্জ India International Exchange বম্বে…
-
ভাৰতীয় টকাৰ ইতিহাস
খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰাই ভাৰতীয় টকাৰ ইতিহাস আৰম্ভ হয়। চীনা ৱেন আৰু লিডিয়ান ষ্টেটাৰৰ লগতে প্ৰাচীন ভাৰত মুদ্ৰাৰ প্ৰাৰম্ভিক প্ৰচলনকাৰী দেশসমূহৰ অন্যতম। হিন্দী ৰূপিয়া শব্দটো মৰিয়াই চেপেটা কৰা ৰূপ (ধাতু) অৰ্থাৎ ৰূপৰ মূদ্ৰা বা মোহৰ মাৰি চিহ্নিত কৰা কাৰ্যক বুজোৱা সংস্কৃত শব্দ ৰূপৰ পৰা উদ্ভৱ হৈছে।
-
অসমৰ অৰ্থনীতি
অসমৰ অৰ্থনীতি মূলতঃ কৃষিকেন্দ্ৰিক। অসমৰ ৬৯% ব্যক্তি কৃষিৰ সৈতে জড়িত। উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ হৈছে: চাহপাত, মৰাপাট, ধান, কুঁহিয়াৰ ইত্যাদি। মূল উৎপাদন ধান।
-
ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধান
ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধান (Gender pay gap in India) হৈছে বেতনপ্ৰাপ্ত নিযুক্তি আৰু শ্ৰমিক মাজত মহিলা আৰু পুৰুষৰ মাজত উপাৰ্জনৰ পাৰ্থক্য। ২০১৩ বৰ্ষত ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধান ২৪.৮১% বুলি অনুমান কৰা হৈছিল।
-
ভাৰতীয় টকাৰ চিহ্ন
ভাৰতীয় টকাৰ চিহ্ন ₹ (কোড: INR) হৈছে ভাৰতীয় টকাৰ মুদ্ৰা চিহ্ন, ভাৰতৰ চৰকাৰী মুদ্ৰা। উদয় কুমাৰৰ দ্বাৰা ডিজাইন কৰা, ইয়াক ভাৰত চৰকাৰে ১৫ জুলাই ২০১০ তাৰিখে জনসাধাৰণৰ আগত উপস্থাপন কৰিছিল, ভাৰতীয় বাসিন্দাসকলৰ মাজত মুকলি প্ৰতিযোগিতাৰ জৰিয়তে ইয়াৰ বাছনিৰ পিছত।
-
ব্ৰিটিছ ভাৰতৰ মুদ্ৰা
ভাৰতত ব্ৰিটিছ ট্ৰেডিং পোষ্টবোৰ প্ৰথমে সপ্তদশ শতিকাৰ আৰম্ভণিতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে (ইআইচি) স্থাপন কৰিছিল, যি দ্ৰুততাৰে উপমহাদেশৰ এক গুৰুত্বপূৰ্ণ অংশ সামৰি ডাঙৰ উপনিবেশলৈ বিকশিত হৈছিল।
-
ভাৰতত শ্ৰম
ভাৰতত শ্ৰম বুলিলে ভাৰতৰ অৰ্থনীতিত থকা কৰ্মসংস্থাপনক বুজোৱা হয়। ২০২০ চনত ভাৰতত প্ৰায় ৪৭৬.৬৭ নিযুত শ্ৰমিক আছিল। এই সংখ্যা চীনৰ পিছত বিশ্বৰ দ্বিতীয় বৃহৎ কৰ্মশক্তি। ইয়াৰে কৃষি খণ্ডত ৪১.১৯ শতাংশ, উদ্যোগ খণ্ডত ২৬.১৮ শতাংশ আৰু সেৱা খণ্ডত ৩২.৩৩ শতাংশ কৰ্মশক্তি নিয়োজিত আছিল।
-
ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য
ৰাষ্ট্ৰসংঘ পৃথিৱীৰ দেশ সমূহক দুটা ভাগত ভাগ কৰিছে। উন্নত ৰাষ্ট্ৰ আৰু উন্নয়নশীল ৰাষ্ট্ৰ। ভাৰত এখন উন্নয়নশীল ৰাষ্ট্ৰ। ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য বিষয় তলত বহলে আলোচনা কৰা হল। কম জনমুৰি আয়:
-
ভাৰতত স্বনিযুক্ত পেছা
ভাৰতত স্বনিযুক্ত কৰ্মীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। ২০২০ চনত ভাৰতত প্ৰায় ১৫ নিযুত স্বনিযুক্ত কৰ্মী বা স্বনিযুক্ত পেছাত জড়িত লোক আছিল বুলি অনুমান কৰা হৈছিল।
-
ভাৰতৰ শক্তি খণ্ড
ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম বিদ্যুৎ উৎপাদনকাৰী দেশ। ২০২৩–২৪ চনৰ বিত্তীয় বৰ্ষত (বিত্তীয় বছৰ) দেশত মুঠ বিদ্যুৎ উৎপাদন আছিল ১,৯৪৯ টেৰাৱাট ঘণ্টা৷ ইয়াৰে ১,৭৩৪ টেৰাৱাট ঘণ্টা ইউটিলিটিৰ দ্বাৰা উৎপাদন কৰা হৈছিল।