অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

চিৱান বাচন

চিৱান ৱেৰ বা চিৱান বাচন ( Shiwan ware, চীনা ভাষাত:石灣窯) হৈছে একপ্ৰকাৰ চীনা মৃৎশিল্প। গুৱাংডং গুৱাংঝুৰ প্ৰাদেশিক চহৰ ফছানৰ চিৱানজেন মহকুমাত অৱস্থিত ভাটিত এই মৃৎশিল্প তৈয়াৰ কৰা হয়। ই উপকূলীয় অঞ্চলৰ বৃহত্তৰ বাচন-বৰ্তন উৎপাদন গোটৰ এক অংশ, যাক সামগ্ৰিকভাৱে কেণ্টন ষ্ট’নৱেৰচ্‌ বুলি জনা যায়।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৩৩৯ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

চিৱান ৱেৰ বা চিৱান বাচন ( Shiwan ware, চীনা ভাষাত:石灣窯) হৈছে একপ্ৰকাৰ চীনা মৃৎশিল্প। গুৱাংডং গুৱাংঝুৰ প্ৰাদেশিক চহৰ ফছানৰ চিৱানজেন মহকুমাত অৱস্থিত ভাটিত এই মৃৎশিল্প তৈয়াৰ কৰা হয়। ই উপকূলীয় অঞ্চলৰ বৃহত্তৰ বাচন-বৰ্তন উৎপাদন গোটৰ এক অংশ, যাক সামগ্ৰিকভাৱে কেণ্টন ষ্ট’নৱেৰচ্‌১ বুলি জনা যায়। পাহাৰ আৰু জংঘলেৰে আৱৰা এই অঞ্চলটোত ড্ৰেগন ক্লিনচ্‌ (বাচনৰ ভাটি) সমূহ পাহাৰৰ ঢালত বনাবৰ বাবে উপযুক্ত ঢাল আৰু তাৰ বাবে প্ৰয়োজনীয় ইন্ধনৰ ব্যৱস্থা আছিল২ আৰু এই অঞ্চলটো মুখ্য বন্দৰৰ কাষতে আছিল।

নৱপ্ৰস্তৰ যুগৰ পৰাই এই অঞ্চলত মৃৎশিল্পৰ উৎপাদন চলি আহিছে আৰু এতিয়া ১০০ৰো অধিক ভাটিত খনন কৰা হৈছে; কিন্তু মিংগ ৰাজবংশৰ ৰাজত্বৰ সময়তহে বৃহৎ পৰিসৰত বেলেগ বেলেগ ধৰণৰ বাচনৰ উৎপাদন আৰম্ভ হৈছিল, আৰু এই উৎপাদন এতিয়ালৈকে চলি আছে। নেনফেং ভাটি প্ৰায় ৫০০ বছৰ ধৰি চলি আহিছে, আৰু এতিয়া ই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।৩ চিৱান বাচন-বৰ্তনসমূহ বিভিন্ন শৈলীত উপলব্ধ, বিভিন্ন ব্যৱহাৰিক উদ্দেশ্যৰে বিভিন্ন বাচনৰ উৎপাদন হয়। পশ্চিমীয়া ভাষাত সেইবোৰ বেছিভাগেকেই ষ্টনৱেৰ বা শিলৰ সামগ্ৰী বোলা হয়। চিৱানৰ সৈতে ঘাইকৈ তিনি প্ৰকাৰৰ সামগ্ৰী জড়িত হৈ আছে; সেইবোৰ হ’ল ছাদৰ টাইল আৰু স্থাপত্যৰ অলংকৰণ সামগ্ৰী আৰু কিং ৰাজবংশৰ ৰাজত্বকালৰপৰা আৰম্ভ হোৱা জুন শৈলীৰ বাচন-বৰ্তনৰ অনুকৰণ আৰু বিভিন্ন ৰঙৰ লোকপ্ৰিয় মূৰ্তিসমূহ।

বাচন-বৰ্তন সামগ্ৰীসমূহ

১৯২০ৰ দশকত হংকঙৰ এটা স্মাৰক খিলানপথত চকচকে টাইল আৰু ৰিলিফ
১৯২০ৰ দশকত হংকঙৰ এটা স্মাৰক খিলানপথত চকচকে টাইল আৰু ৰিলিফছবি: Chong Fat · CC BY-SA 3.0

আগৰ সামগ্ৰীসমূহ বেছিভাগেই ডাঠ, বেছি চকচকীয়া আৰু ব্যৱহাৰিক উদ্দেশ্যৰ বাবে ডিজাইন কৰা হৈছিল, আৰু পিছলৈ নিৰ্মিত আলংকাৰিক বাচনসমূহো সেই সময়ৰ চীনা মানদণ্ড অনুসৰি তুলনামূলকভাৱে ৰুক্ষ আছিল। ভাটাবোৰ আছিল ডাঙৰ অট্টালিকাৰ বাবে ব্যৱহাৰ কৰা অলংকৃত বা সম্পূৰ্ণ ভাস্কৰ্য্যৰ উপাদানকে ধৰি ছাদৰ টাইলছৰ বৃহৎ উৎপাদনকাৰী। তেওঁলোকে মাৰ্টাবান নামৰ ডাঙৰ কিন্তু মাৰ্জিত ষ্ট’ৰেজ জাৰও উৎপাদন কৰিছিল, যিবোৰ হয়তো কেতিয়াবা খাদ্য সামগ্ৰী থকা, আৰু কেতিয়াবা খালী পাত্ৰ হিচাপে বিতৰণ কৰা হৈছিল। টাইলছ আৰু মাৰ্টাবান দুয়োটাকে চীন আৰু পূব এছিয়াৰ বাকী অংশলৈ ব্যাপকভাৱে ৰপ্তানি কৰা হৈছিল। এইবোৰৰ উৎপাদন মিং বংশৰ শেষৰ ফালে বা হয়তো কিং বংশৰ আৰম্ভণিতে আৰম্ভ হোৱা যেন লাগে।৪

তথ্যসূত্ৰসমূহ

  • "Grove": "Shiwan", in The Grove Encyclopedia of Decorative Arts, p. 348, Volume 1, ed. Gordon Campbell, google books
  • Vainker, S.J., Chinese Pottery and Porcelain, 1991, British Museum Press, 9780714114705
  • Valenstein, S. (1998). A handbook of Chinese ceramics (fully available online), Metropolitan Museum of Art, New York.

অধিক পঢ়ক

  • চাংহাই পিপলছ আৰ্ট মিউজিয়াম, ছেকিৱান ইয়ো (চিৱান ৱেৰে) চাইনীজ চিৰামিক লাইব্ৰেৰী, খণ্ড। 24, টকিঅ’, 1982।

তথ্যসূত্ৰ

  1. ↑ Valenstein, 273
  2. ↑ British Museum, meiping PDF,A.75(expand comments)
  3. ↑ "A Visit to Fushan in 2006: The old Shiwan (Shekwan) kilns near Guangzhou (Canton)", by Jan-Erik Nilsson, gotheborg.com
  4. ↑ Vainker, 146-147, 173

সম্পৰ্কিত শ্ৰেণী

চীনচীনৰ লোকশিল্প

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিৱান বাচন” প্ৰবন্ধৰ সংশোধন ৬৩৮৭২৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।