১৯৯৫ চনত সংঘটিত হোৱা তন্দুৰ হত্যাকাণ্ডৰ বলি হৈছিল নৈনা চাহনী।১ ১৯৯৫ চনৰ ২ জুলাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ নেতা সুশীল শৰ্মাই ২৯বছৰীয়া চাহনীক হত্যা কৰে।২ এই হত্যাকাণ্ডৰ বাবে সুশীল শৰ্মাক দোষী সাব্যস্ত কৰে বিচাৰ আদালত, দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে। ২০১৩ চনৰ অক্টোবৰ মাহত শৰ্মাৰ মৃত্যুদণ্ডক উচ্চতম ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডলৈ ৰূপান্তৰিত কৰে।৩৪
তন্দুৰ হত্যাকাণ্ডৰ গোচৰ
পত্নী নাইনা চাহনীৰ সৈতে মাতলুব কৰিমৰ বন্ধুত্বক লৈ আপত্তি কৰিছিল সুশীল শৰ্মাই। মাতলুব আৰু নাইনা সহপাঠী আৰু সহযোগী কংগ্ৰেছ কৰ্মী আছিল। সুশীলে নাইনাক মাতলুবৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক থকাৰ সন্দেহ কৰিছিল। ১৯৯৫ চনৰ ২ জুলাইৰ নিশা সুশীল ঘৰলৈ আহি নেইনাক ফোনত কথা পাতি মদ খাই থকা দেখিলে। নেইনাই সুশীলক দেখি ফোনটো কাটি দিলে। সুশীলে ফোনটো পুনৰ ডায়েল কৰিলে আৰু সিটো মূৰত মাতলুবক বিচাৰি পালে। ক্ষুব্ধ হৈ তেওঁ নেইনাক মাৰাত্মকভাৱে গুলীয়াই হত্যা কৰে। মৃতদেহটো বগিয়া নামৰ ৰেষ্টুৰেণ্ট এখনলৈ লৈ গৈ ৰেষ্টুৰেণ্টৰ মেনেজাৰ কেশৱ কুমাৰৰ সৈতে মৃতদেহটো নষ্ট কৰিবলৈ চেষ্টা কৰে। মৃতদেহটো জ্বলাবলৈ তন্দুৰ (মাটিৰ অভেন)ত ভৰাই থোৱা হৈছিল।৫ আৰক্ষীয়ে কেশৱ কুমাৰক গ্ৰেপ্তাৰ কৰে যদিও শৰ্মা পলায়ন কৰিবলৈ সক্ষম হয়। ১৯৯৫ চনৰ ১০ জুলাইত তেওঁ আত্মসমৰ্পণ কৰে।৩ গোচৰটোত ডিএনএ প্ৰমাণৰ ব্যৱহাৰ কৰি ভুক্তভোগীৰ পৰিচয়ও প্ৰতিষ্ঠা কৰা হৈছিল।
প্ৰথম মৰণোত্তৰ পৰীক্ষা লেডী হাৰ্ডিং মেডিকেল কলেজত কৰা হৈছিল আৰু মৃত্যুৰ কাৰণ পোৰাৰ আঘাত বুলি মতামত দিয়া হৈছিল। দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ নিৰ্দেশত, আৰু টি.ডি.ডোগ্ৰাৰ নেতৃত্বত তিনিখন ভিন্ন চিকিৎসালয়ৰ তিনিজনীয়া চিকিৎসকৰ দলে চলাইছিল। তেওঁলোকে মূৰ আৰু ডিঙিৰ অঞ্চলত দুটা গুলী ধৰা পেলাইছিল, মতামত দিছিল যে মৃত্যুৰ কাৰণ আগ্নেয়াস্ত্ৰৰ আঘাত। ইয়াৰ লগে লগে তদন্তৰ গতিপথ সলনি হ’ল আৰু প্ৰকৃত কাহিনী পোহৰলৈ আহিল। এই গোচৰটো এটা ফলপ্ৰসূ দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ বাবে এক ল্যাণ্ডমাৰ্ক হিচাপে ধৰা হয়।৬ দিল্লী আৰক্ষীয়ে এই গোচৰৰ তদন্ত কৰি ১৯৯৫ চনৰ ২৭ জুলাইত চেচন আদালতত অভিযোগনামা দাখিল কৰে। ২০০৩ চনৰ ৭ নৱেম্বৰত সুশীল শৰ্মাক মৃত্যুদণ্ড দিয়া হয় আৰু ৰেষ্টুৰেণ্টৰ পৰিচালক কেশৱ কুমাৰক সাত বছৰৰ কঠোৰ কাৰাদণ্ড বিহা হয়।৩
জিলা আদালতৰ ৰায়ৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনায় শৰ্মাই। আদালতে নিম্ন আদালতৰ সিদ্ধান্তক সমৰ্থন কৰে।৩ ২০০৩ চনত চহৰৰ আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে, যিটো পিছলৈ ২০০৭ চনত দিল্লী উচ্চ ন্যায়ালয়ে সমৰ্থন কৰে। ২০১৩ চনত এছ চিয়ে তেওঁৰ মৃত্যুদণ্ড হ্ৰাস কৰি কয় যে শৰ্মাই পত্নীৰ মৃতদেহ কাটি পেলোৱাৰ "কোনো প্ৰমাণ নাই।"৭ ২০১৩ চনৰ ৮ অক্টোবৰত মুখ্য ন্যায়াধীশ পি শান্তাশিৱম আৰু উচচতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জনা দেশাই আৰু ৰঞ্জন গগৈয়ে শৰ্মাৰ দোষী সাব্যস্ত হোৱাটো সমৰ্থন কৰে। কিন্তু আদালতে তেওঁৰ মৃত্যুদণ্ডক যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰে কাৰণ শৰ্মাৰ কোনো অপৰাধমূলক পূৰ্বসূৰী নাই আৰু ই সমাজৰ বিৰুদ্ধে অপৰাধ নহয়, কিন্তু পত্নীৰ সৈতে ব্যক্তিগত সম্পৰ্কৰ টান হোৱাৰ বাবে অভিযুক্তই সংঘটিত অপৰাধ।৪
২০১৮ চনৰ ২১ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে সুশীল শৰ্মাক তৎকালীনভাৱে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।৮ ২০১৮ চনৰ ডিচেম্বৰ মাহত তেওঁ জেলৰপৰা ওলাই আহিছিল।৯
তথ্যসূত্ৰ
- ↑ (3 November 2003). Tandoor Murder Case: Sushill Sharma found guilty. Express India
- ↑ (15 November 2022). From the India Today archives (1995) · Naina Sahni: Murder most foul. India Today
- ↑ (8 October 2013). Timeline of events
- ↑ Venkatesan, J. (8 October 2013). Sushil Kumar spared noose in tandoor murder case. The Hindu
- ↑ (28 October 2003). Tandoor Case: Murder most foul
- ↑ (8 October 2013). Samachar.Com
- ↑ 'Tandoor' murder case: Delhi HC seeks explanation for rejecting Sushil Sharma's release. Hindustan Times
- ↑ (21 December 2018). Release tandoor killer Sushil Sharma from jail: Delhi High Court. India Today
- ↑ (19 November 2023). Tandoor Murder: The 1995 Killing of Naina Sahni That Still Haunts Delhi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেইনা চাহনী হত্যাকাণ্ড” প্ৰবন্ধৰ সংশোধন ৫৮২৮৫৫ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।