অৰ্থনীতি আৰু উদ্যোগ
কৃষি, চাহ, বাণিজ্য, উদ্যোগ আৰু জীৱিকা · ২৬০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নেপালৰ কৃষি
নেপালৰ কৃষি নেপালৰ অৰ্থনীতিত কৃষিয়ে আধিপত্য বিস্তাৰ কৰিছে। ১৯৮০ চনৰ শেষৰ ফালে ই ৯০%তকৈ অধিক জনসংখ্যাৰ জীৱিকাৰ ব্যৱস্থা কৰিছিল। কিন্তু মুঠ মাটিৰ প্ৰায় ২০%হে খেতি কৰিব পৰা আছিল।৫ কৃষি খণ্ড ৰাষ্ট্ৰীয় অৰ্থনীতিৰ মেৰুদণ্ড হৈয়েই আছে।
-
পদুম ৰেচম
পদুম ৰেচম বা পদ্ম সূতা (lotus silk) হৈছে সূক্ষ্ম পদুমৰ কাণ্ডৰ আঁহ ব্যৱহাৰ কৰি উৎপাদিত এক প্ৰকাৰৰ সূতা আৰু ইয়াৰে উৎপাদিত বস্ত্ৰ। এই কাপোৰৰ উৎপত্তি প্ৰথমে ম্যানমাৰ (বাৰ্মা)ত হৈছিল, আৰু বৰ্তমান ভিয়েটনামৰ সৰু সৰু কুটিৰ উদ্যোগসমূহো ইয়াৰ উৎপাদন আৰু বয়নৰ সৈতে জড়িত হৈ পৰিছে।
-
পাকিস্তানৰ ধান উৎপাদন
পাকিস্তানৰ ধান উৎপাদন বিশ্বৰ ধানৰ বজাৰত পাকিস্তানে উল্লেখযোগ্য স্থান দখল কৰাৰ লগতে ধান উৎপাদনকাৰী দেশসমূহৰ ভিতৰত অন্যতম। ধান খণ্ডই দেশৰ অৰ্থনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ, জনসংখ্যাৰ এক বুজন অংশক জীৱিকাৰ যোগান ধৰাৰ লগতে কৃষি ৰপ্তানিত যথেষ্ট অৰিহণা যোগায়। পাকিস্তান বিশ্বৰ দশম বৃহত্তম ধান উৎপাদনকাৰী দেশ।
-
পাৰ্লে-জি
পাৰ্লে-জি (Parle-G) হৈছে ভাৰতৰ পাৰ্লে প্ৰডাক্টছৰ দ্বাৰা নিৰ্মিত বিস্কুটৰ এক ব্ৰেণ্ড। ২০১১ চনত নীলছনৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে ই বিশ্বৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা বিস্কুটৰ ব্ৰেণ্ড।
-
পিগি বেংক
পিগি বেংক (Piggy Bank) হ'ল এটা বাকচ বা বন্ধ পাত্ৰ,য'ত মুদ্ৰা সাঁচি ৰাখিব পাৰি৷ কিন্তু এই বেংকৰ লগত পিগি বা গাহৰিৰ কোনো সম্পৰ্ক নাই৷ আনকি সাঁচিব জনা জন্তু হিচাপেও গাহৰিৰ নাম নাই৷ কুকুৰে কেতিয়াবা হাড় মাটিত পুতি ভৱিষ্যতৰ বাবে সাঁচি থয়,কেৰ্কটুৱায়ো বাদাম সাঁচে,কিন্তু গাহৰিয়ে একো সাঁচি নাৰাখে৷
-
ফ্ৰিচ্ছ-ৱঘ-লৱেল উপপাদ্য
ইকনমেট্ৰিক্সত ফ্ৰিচ্ছ-ৱঘ-লৱেল উপপাদ্য অৰ্থনীতিবিদ ৰাগনাৰ ফ্ৰিচ্ছ, ফ্ৰেডেৰিক ৱঘ আৰু মাইকেল লৱেলে আগবঢ়োৱা আৰু প্ৰমাণিত কৰা এটি অতিকৈ গুৰুত্বপূৰ্ণ উপপাদ্য। উপপাদ্যটি প্ৰথমে ফ্ৰিচ্ছ আৰু ৱঘে ১৯৩৩ত প্ৰমাণ কৰিছিল আৰু ১৯৬৩ত লৱেলে সাধাৰণ ৰূপত প্ৰমাণ কৰিছিল।
-
ব'ৰ'লিন
ব'ৰ'লিন ভাৰত ৰ এটা জনপ্ৰিয় এণ্টিচেপ্টিক সুগন্ধী ক্ৰীম আৰু একেনামৰ ব্ৰেণ্ড। ক'লকাতাৰ বাঙালী ব্যৱসায়িক গৌৰমোহন দত্তৰ দ্বাৰা ১৯২৯ চনত ইয়াক বজাৰত মুকলি কৰা হৈছিল। সময়ৰ সৈতে ব্ৰেণ্ডটোৰ জনপ্ৰিয়তা বৃদ্ধি পালে আৰু ই হৈ পৰিল জাতীয় অৰ্থনীতিৰ স্বাৱলম্বনৰ এক চিহ্ন। ই বৰ্তমানেও এক অতিকৈ জনপ্ৰিয় ব্ৰেণ্ড।
-
বন্য ৰেচম
বন্য ৰেচম (Wild silk) খেতি কৰা ৰেচমৰ পলুতকৈ উৎপাদনৰ পৰিসৰ বহু কম যদিও বহু দেশত প্ৰাচীন কালৰ পৰাই বনৰীয়া ৰেচম জনা আৰু ব্যৱহাৰ কৰা হৈছে। ৰেচমৰ খোলা বা বাহ প্ৰায়ে কাগজ বা কাপোৰৰ সৈতে মিল খায় আৰু বহু সমাজত ইয়াৰ ব্যৱহাৰ স্বতন্ত্ৰভাৱে উদ্ভৱ হৈছে।
-
বাঁহৰ চালনি
বাঁহৰ চালনি হৈছে অসমত ব্যৱহৃত এক পৰম্পৰাগত বাঁহৰ সঁজুলি, যাৰ সহায়ত চাউল, দাইল, আটা, বালি আদি বস্তু পৃথক কৰা হয়। চালনি সাধাৰণতে গোলাকাৰ আৰু ওপৰত মুকলি অৱস্থাত থাকে। এই সঁজুলিটো অসমীয়া গৃহস্থালিৰ এক অবিচ্ছেদ্য অংশ আৰু কৃষিভিত্তিক সমাজত অত্যন্ত প্ৰয়োজনীয় বস্তু।
-
বাঢ়নী
বাঢ়নী এবিধ ঠাই পৰিষ্কাৰ কৰাত ব্যৱহাৰ হোৱা বাঁহৰ কাঠিৰে তৈয়াৰ কৰা সঁজুলি। মানুহৰ দৈনন্দিন জীৱনত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে থাকিবলৈ বাঢ়নী এবিধ অতি আৱশ্যকীয় উপাদান। বাঁহৰ কাঠি বা খেৰৰ টান অংশ তমাল বা ৰছীৰ সহায়ত এফালে মুঠা মাৰি বান্ধি বাঢ়নী তৈয়াৰ কৰা হয়।
-
বাণিজ্যিক বিমানৰ সৈতে জড়িত ঘটনা আৰু দুৰ্ঘটনাৰ তালিকা
বাণিজ্যিক বিমানৰ সৈতে জড়িত ঘটনা আৰু দুৰ্ঘটনাৰ এই তালিকাত উল্লেখযোগ্য পৰিঘটনাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে যাৰ সংশ্লিষ্ট তথ্য ইংৰাজী ৱিকিপিডিয়াত আছে। এই তালিকাত প্ৰৱেশৰ ক্ষেত্ৰত বাণিজ্যিকভাৱে চলি থকা আৰু এই তালিকাৰ আকাৰৰ মাপকাঠী নিৰ্ধাৰণ কৰা হৈছে যাত্ৰীবাহী বা মালবাহী বিমান, —কমেও ১০ জন যাত্ৰী বহিব…
-
বাৰ্মিজ বজাৰ
বাৰ্মিজ বজাৰ হৈছে বাংলাদেশৰ কক্সবাজাৰ চহৰত অৱস্থিত এক প্ৰকাৰৰ বজাৰ। প্ৰসাধন সামগ্ৰীৰ পৰা আৰম্ভ কৰি চুৰিকটাৰী, লুঙি, শংখ, চকলেট, ডেকোৰেচনৰ সামগ্ৰী আদি কম দামত পোৱা যায়। ম্যানমাৰৰ পৰা ইয়ালৈ অহা সামগ্ৰীৰ বাবে ই বাৰ্মিজ বজাৰ নাম পাইছে। বাৰ্মিজ বজাৰ আচাৰৰ বাবেও জনপ্ৰিয়।
-
বিত্তীয় বৰ্ষ
চৰকাৰী হিচাপকৰণ বা গভৰ্ণমেণ্ট একাউণ্টিংত বাজেটৰ উদ্দেশ্যেৰে এক বিত্তীয় বৰ্ষ (Financial Year) (বা বাজেট বৰ্ষ) নিৰ্ধাৰণ কৰা হয়। দেশ অনুযায়ী এই বৰ্ষৰ আৰম্ভণি আৰু শেষ দিন পৃথক হয়। ইয়াক ব্যৱসায় আৰু অন্যান্য সংগঠনৰ দ্বাৰা বিত্তীয় প্ৰতিবেদনৰ বাবেও ব্যৱহাৰ কৰা হয়।
-
বিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণ
বিত্তীয় স্বাক্ষৰতাই ব্যক্তিসকলক বিত্তীয় বিষয়ত সামগ্ৰীকভাৱে সুস্থিৰতা আনি দিয়ে আৰু বিত্তীয় বিষয়বোৰত হতাশা দূৰীকৰণত কাৰ্য্যকৰি ব্যৱস্থা লোৱাত সক্ষম কৰে৷ বিত্তীয় শিক্ষা বা বিত্তীয় স্বাক্ষৰতাৰ যোগেদি বিধিগত বিত্তীয় ব্যৱস্থাৰ বাহিৰত থকা দেশৰ সিংহভাগ লোকক বেংকিঙৰ জ্ঞান দি বেংকৰ সৈতে সম্পৰ্ক…
-
ভাৰতত ঘেঁহু উৎপাদন
ভাৰতৰ আটাইতকৈ বেছি ঘেঁহু উৎপাদন হয় ইণ্ডো-গংগা সমভূমিৰ উত্তৰ-পশ্চিম অংশত। ভাৰত হৈছে বিশ্বৰ দ্বিতীয় বৃহৎ ঘেঁহু উৎপাদক দেশ। জলবায়ু পৰিৱৰ্তনে ভাৰতৰ ঘেঁহু উৎপাদনত প্ৰভাৱ পেলাইছে। ভাৰতে ঘেঁহু ৰপ্তানি নিষিদ্ধ কৰিছে।
-
ভাৰতত স্বনিযুক্ত পেছা
ভাৰতত স্বনিযুক্ত কৰ্মীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। ২০২০ চনত ভাৰতত প্ৰায় ১৫ নিযুত স্বনিযুক্ত কৰ্মী বা স্বনিযুক্ত পেছাত জড়িত লোক আছিল বুলি অনুমান কৰা হৈছিল।
-
ভাৰতীয় মুদ্ৰা আৰু নোটৰ ইতিহাস
ভাৰতীয় টকা (চিহ্ন:; ক’ড: INR) হৈছে ভাৰতৰ চৰকাৰী মুদ্ৰাৰ নাম। ভাৰতীয় মুদ্ৰাৰ মুখ্য নাম হৈছে ৰুপীয়া, ইংৰাজীত Rupee (ৰুপী), কিন্তু অসমীয়াত টকা, বাংলাত টাকা আৰু ওড়িয়াত টঙ্কা বুলি কোৱা হয়। 'মূল প্ৰবন্ধ: ভাৰতীয় টকা, ভাৰতীয় টকাৰ চিহ্ন'
-
ভাৰতীয় ২০০০ টকাৰ নোট
ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০১৬ চনৰ ৮ নৱেম্বৰত ২০০০ টকীয়া নোট প্ৰৱৰ্তন কৰিছিল। দুৰ্নীতি, ক’লা ধন, জাল মুদ্ৰা ৰোধ কৰাৰ লক্ষ্যৰে চৰকাৰে কৰা বিমুদ্ৰাকৰণৰ এক অংশ আছিল এই উচ্চ মূল্যৰ নোট প্ৰৱৰ্তন। সেই অনুসৰি ভাৰত চৰকাৰে বৰ্তমানৰ ৫০০ টকা আৰু ১০০০ টকীয়া নোট বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল।
-
ভাৰতৰ কৃষিক্ষেত্ৰত মহিলা
ভাৰতৰ এক বৃহৎ অংশৰ জনসংখ্যাই কৃষিৰ দ্বাৰা জীবিকা অৰ্জন কৰে।উত্তৰত, সিন্ধু উপত্যকা, ব্ৰহ্মপুত্ৰ অঞ্চল আৰু গঙ্গা, আৰু লগতে বাৰিষা ঋতু, এই সকলোখিনি মিলি এক গুৰুত্বপূৰ্ণ কৃষিক্ষেত্ৰৰ সৃষ্টি কৰিছে। ২০১১ চনৰ বিশ্ব বেঙ্কৰ তথ্যৰ মতে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) মাত্ৰ ১৭.৫% কৃষি উৎপাদনৰ দ্বাৰা হয়।
-
ভাৰতৰ দুগ্ধ খণ্ড
ভাৰতীয় সমাজৰ খাদ্য, ধৰ্ম, সংস্কৃতি, অৰ্থনীতিকে ধৰি বহুতো দিশত দুগ্ধজাত সামগ্ৰীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে। ভাৰতত বিশ্বৰ সৰ্বাধিক দুগ্ধজাত সামগ্ৰী আছে য’ত ৩০০ মিলিয়নতকৈ অধিক গৰু আছে, য’ত ১৯ কোটি টনতকৈ অধিক গাখীৰ উৎপাদন হয়। গাখীৰ উৎপাদন আৰু ব্যৱহাৰ দুয়োটা দিশতে সকলো দেশৰ ভিতৰত ভাৰত প্ৰথম।
-
ভাৰতৰ নাৰিকলৰ আঁহৰ শিল্প
পৰিৱেশ অনুকূল কেঁচামাল হিচাপে নাৰিকল আঁহবোৰ একেলগে বান্ধি ভাঁজ কৰি সুন্দৰ শিল্পকৰ্ম যেনে, খেলনা আৰু অলংকাৰিক বস্তুলৈ ৰূপান্তৰিত কৰিব পাৰি। ইয়াকে কোৱা হয় নাৰিকলৰ আঁহৰ শিল্প (Coir craft)।
-
ভূটানৰ কৃষি
ভূটানৰ খেতি ভূটানৰ অৰ্থনীতিত ভূটানৰ কৃষিৰ প্ৰধান ভূমিকা আছে। ২০০০ চনত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ৩৫.৯% কৃষিৰ অংশ আছিল। জিডিপিত কৃষি খণ্ডৰ অংশ ১৯৮৫ চনত প্ৰায় ৫৫%ৰপৰা ২০০৩ চনত ৩৩%লৈ হ্ৰাস পায়। ভূটানত চৰাই-চিৰিকটি আৰু কৃষি স্বাভাৱিকতে জীৱিকাৰ পৰিপূৰক পদ্ধতি।
-
মনেৰ’
মনেৰো (ইংৰাজী: Monero) হৈছে এক বিকেন্দ্ৰীভূত, মুক্ত-উৎসৰ ক্ৰিপ্ট'কাৰেন্সি, যি গোপনীয়তা আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ প্ৰাথমিক লক্ষ্য হৈছে ব্যৱহাৰকাৰীসকলৰ বাবে উচ্চ মাত্ৰাৰ গোপনীয়তা নিশ্চিত কৰা, য'ত লেন-দেনৰ বাবে প্ৰেৰক আৰু গ্ৰাহকৰ পৰিচয় গোপন ৰখা হয়। মনেৰোৰ মুদ্ৰা চিহ্ন হৈছে XMR।
-
মাট্টা চাউল
কেৰালা মাট্টা চাউল বা পালক্কাডান মাট্টা চাউল অথবা ৰোজমাট্টা চাউল (পালক্কাডান/কেৰালা মাট্টা চাউল বা কাইমা চাউল বুলিও জনা যায়) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ পালক্কাড জিলাত উৎপাদিত এক পৰম্পৰাগত ধানৰ জাত। ই ইয়াৰ স্বকীয়তা আৰু স্বাস্থ্য উপকাৰিতাৰ বাবে পৰিচিত। কেৰালা আৰু উপকূলীয় কৰ্ণাটকত এই চাউল জনপ্ৰিয়।
-
মাৰাপাচি পুতলা
মাৰাপাচি পুতলা, যাক মাৰাপাচি বোম্মাই (আক্ষৰিক অৰ্থ: "কাঠৰ পুতলা") বুলিও জনা যায়, হ’ল বিশেষভাৱে ৰক্ত চন্দন (Pterocarpus santalinus) বা শিমলু গছৰ কাঠ (Bombax) বা ৰঙা কাঠৰ (Sequoioideae) দ্বাৰা তৈয়াৰী পৰম্পৰাগত পুতলা।
-
মাৰ্ফা ব’ৰেটস্কয়া
মাৰ্ফা ব’ৰেটস্কয়া, যাক মাৰ্থা দ্য মেয়ৰেছ বুলিও কোৱা হয়, এগৰাকী ৰাছিয়ান ব্যৱসায়ী আৰু সম্ভ্ৰান্ত মহিলা আছিল। ১৫ শতিকাৰ নভগ'ৰডৰ এজন প'ছাডনিক আইজাক ব'ৰেটস্কিৰ পত্নী আছিল। নভগ’ৰডৰ স্বাধীনতাৰ শেষৰ দশকবোৰত তেওঁ চহৰখনৰ ৰাজনীতিত অগ্ৰণী ভূমিকা পালন কৰিছিল।
-
মিজো শিল্প
মিজো শিল্পক মিজোৰামৰ হস্তশিল্প বুলিও কোৱা হয়। ই হ’ল "উত্তৰ-পূবৰ সুগায়ক পক্ষী" (Songbird of the North east) হিচাপে জনাজাত মিজোৰাম ৰাজ্যৰ বাসিন্দাসকলৰ এক পৰম্পৰাগত কলা আৰু কৌশল। এই লোকসকলক সামূহিকভাৱে মিজো বুলি জনা যায়। মিজো শিল্পকৰ্ম প্ৰাচীন কালৰে পৰা বৰ্তি আছে।
-
মুদ্ৰা বজাৰ
মুদ্ৰা বজাৰ (Money market) হ’ল এক প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থা য’ত ধৰুৱাক প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰা হয়। সেয়েহে এই বজাৰত হ্ৰাস্বকালীন প্ৰকৃতিৰ নিৰাপত্তা পত্ৰৰ লেনদেন বা বিনিময় কৰা হয়। ই বিত্তীয় বজাৰৰ এক আৱশ্যকীয় অংশ।
-
মেৰী ছিমনছ
মেৰী ছিমনছ (মৃত্যু প্ৰায় ১৬৮৭) এগৰাকী ইংৰাজ ছপা কৰোঁতা আছিল। ১৭ শতিকাত লণ্ডনত আমূল গ্ৰন্থ প্ৰকাশ কৰা ছিমনছ পৰিয়ালৰ সদস্য আছিল। ব্যৱসায়টোৰ আটাইতকৈ উল্লেখযোগ্য লেখক আছিল জন মিল্টন। ১৬৫৪ চনত মেৰীয়ে স্বামীৰপৰা ছপা ব্যৱসায়টো লৈছিল আৰু চলাইছিল।
-
মৰাপাট ব্যৱসায়
মৰাপাট ব্যৱসায় মূলতঃ ভাৰতৰ পশ্চিমবংগ আৰু অসম আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশক কেন্দ্ৰ কৰি মৰাপাটৰ ব্যৱসায় দেখা যায়। মৰাপাটৰ প্ৰধান উৎপাদনকাৰী দেশ হ'ল ভাৰত আৰু সৰ্বাধিক ৰপ্তানিকাৰক দেশ হ'ল বাংলাদেশ। এই অঞ্চলৰ প্ৰাকৃতিক উৰ্বৰ মাটিৰ বাবে মৰাপাটৰ উৎপাদন হয়।