নতুনগ্ৰামৰ কাঠৰ পুতলা হ’ল ভাৰতত জনপ্ৰিয় এবিধ কাঠৰ পুতলা, বিশেষকৈ পশ্চিমবংগৰ বৰ্ধমান জিলাত ইয়াৰ প্ৰচলন অধিক।১ কাঠৰ পুতলা তৈয়াৰ কৰাটো কিছুমান ভাৰতীয় সংস্কৃতিৰ এক পৰম্পৰাগত চৰ্চা আৰু নতুনগ্ৰামৰ পুতলাসমূহৰ বিশেষ সাংস্কৃতিক গুৰুত্ব আছে কাৰণ এইবোৰ পোনপটীয়াকৈ দেৱী লক্ষ্মীৰ সৈতে জড়িত। এনে পুতলাৰ অন্যান্য উদাহৰণৰ ভিতৰত আছে বিখ্যাত গৌৰ-নিতাই পুতলা, কৃষ্ণ পুতলা আৰু ৰাজকীয় দম্পতীৰ পুতলা।
ইতিহাস
নতুনগ্ৰামৰ শিল্পীসকলে প্ৰথমতে শিল খোদাইৰ কাম কৰিছিল আৰু বৰ্ধমানৰ স্থানীয় ৰজাসকলৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। অৱশ্যে ১৯৫১ চনত জমিদাৰী প্ৰথা বিলুপ্ত হোৱাৰ পিছত কাৰিকৰসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। বহুজনে শিল খোদাই উদ্যোগ ত্যাগ কৰি চাৰুকলা আৰু কাঠৰ শিল্পৰফালে ঢাল খায়; অৱশ্যে বৰ্তমান প্লাষ্টিক আৰু ধাতুৰ তুলনাত কাঠ খোদাইৰ দক্ষতাৰ অভাৱৰ বাবে খোদাইকাৰীৰ সংখ্যা হ্ৰাস পাইছে।
এট স্থানীয় পৰিয়ালৰ নাম হ’ল সূত্ৰধৰ, যিয়ে কাঠৰ কাম আৰু কাঠ খোদাইৰ সৈতে জড়িত উপাধিটোৰ সম্পৰ্ক প্ৰতিফলিত কৰে।২
নিৰ্মাণ
এই পুতলাবোৰ প্ৰায়ে গামাৰ কাঠ, আম কাঠ বা শিমলু কাঠৰপৰা তৈয়াৰ কৰা হয়।৩ পশ্চিমবংগৰ প্ৰায় ৫১টা পৰিয়াল পুতলা নিৰ্মাণৰ সৈতে জড়িত আৰু পৰিয়ালৰ সকলো সদস্যই এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। প্ৰতিজন কাৰিকৰৰ বাবে নিৰ্দিষ্ট কাম নিৰ্ধাৰণ কৰা থাকে: পুৰুষসকল কাঠ খোদাই কৰাত পাকৈত, আনহাতে মহিলাসকলে ৰং কৰাৰ কামটো চম্ভালে।
সলনি হোৱা সময় আৰু ধাতু, প্লাষ্টিক তথা মেচিনত নিৰ্মিত সামগ্ৰীৰ আগমনে পৰম্পৰাগত কাঠৰ শিল্পক বহু পৰিমাণে হ্ৰাস কৰিছে। আগতে পশ্চিমবংগৰ বহু ঠাইত কাঠৰ পুতলা আৰু খেলনা তৈয়াৰ কৰাৰ কলা প্ৰচলিত আছিল; অৱশ্যে বৰ্তমান এই শিল্পটো মাত্ৰ কেইটামান স্থানতহে সংৰক্ষিত হৈ আছে।
তথ্যসূত্ৰ
- ↑ Natungram: A place for Cultural tourism of rural Bengal. toureast.in
- ↑ (2016-08-06). Natungram of Bardhaman district is the hub for wooden doll making in West Bengal.. Hand Made Toys
- ↑ Archived copy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নতুনগ্ৰামৰ কাঠৰ পুতলা” প্ৰবন্ধৰ সংশোধন ৫৯৫১১৬ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।