বাণিজ্য
১৮ প্ৰবন্ধ
-
ভৌগোলিক স্বীকৃতি
ভৌগোলিক স্বীকৃতি (বা চমুকৈ জি আই; geographical indication) হৈছে কোনো এক সামগ্ৰীত ব্যৱহাৰ কৰা বিশেষ নাম বা চিহ্ন। এই নাম বা চিহ্ন নিৰ্দিষ্ট সামগ্ৰীবিধৰ ভৌগোলিক অৱস্থিতি বা মূল (যেনে- এখন দেশ, একোটা অঞ্চল বা চহৰ) অনুসাৰে নিৰ্ধাৰণ কৰা হয়।
-
বাণিজ্য
বাণিজ্য (Commerce) হৈছে ব্যাপকভাৱে কৰা পণ্য সামগ্ৰী আৰু সেৱাৰ বিনিময়। যি প্ৰক্ৰিয়াৰ দ্বাৰা পণ্য বা দ্ৰব্যৰ ক্ৰয়-বিক্ৰয়ৰ পৰা আৰম্ভ কৰি, দ্ৰব্যসমূহৰ পৰিবহণ, বীমাকৰণ, সঞ্চয়কৰণ, বিত্তীয়কৰণ, শ্ৰেণীকৰণ ইত্যাদি কাৰ্যবিলাক সম্পন্ন কৰি ভোক্তাক সন্তুষ্ট প্ৰদান কৰা হয়, সেই ব্যৱস্থাৱলী সমষ্টিটোক বাণিজ্য…
-
সম্পত্তি
বিত্তীয় হিচাপকৰণত (Financial Accounting) সম্পত্তি (Asset) -ৰ অৰ্থ হৈছে অৰ্থনৈতিক বিভৱ বা উপাদান। যোগাত্মক অৰ্থনৈতিক মূল্য থকা আৰু অধিকাৰ স্থাপন তথা মূল্য উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যিকোনো স্পৰ্শনীয় বা অস্পৰ্শনীয় বস্তুকে সম্পত্তি হিচাপে গণ্য কৰা হয়।
-
হিচাপবিদ্যা
হিচাপবিদ্যা বা হিচাপশাস্ত্ৰ (accounting বা accountancy) হ’ল অংশীদাৰ, পাওনাদাৰ, বেংক, চৰকাৰ আদিৰ সুবিধাৰ্থে বিত্তীয় তথ্যপাতি সংগ্ৰহ, তালিকাভুক্তি, শ্ৰেণীবিভাগ আৰু উপস্থাপন কৰা৷ ব্যৱসায়ৰ তথ্যপাতিসমূহ প্ৰকাশ কৰাৰ কিছুমান মাধ্যম থাকিলেও হিচাপবিদ্যাকে মুখ্য প্ৰচলিত নিয়ম হিচাপে স্বীকৃতি দিয়া হয়।
-
উদ্বৃত্তপত্ৰ
বিত্তীয় হিচাপকৰণত উদ্বৃত্তপত্ৰ বা বেলেঞ্চ শ্বিট (Balance sheet) হৈছে কোনো একক ব্যৱসায়, অংশীদাৰী ব্যৱসায়, কোম্পানী অথবা অন্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিত্তীয় স্থিতিসমূহৰ এক সংক্ষিপ্ত ৰূপ।
-
চে'ক
চে'ক (cheque), এনে এখন নথি যিয়ে কোনো ব্যক্তিৰ বেংক একাউণ্টৰ পৰা যিজন ব্যক্তিৰ নামত চেক জাৰি কৰা হৈছে তেওঁক নিৰ্দিষ্ট পৰিমাণৰ ধন দিবলৈ নিৰ্দেশ দিয়ে। চেক লিখা ব্যক্তিজনৰ লেনদেন বেংকিং একাউণ্টৰ পৰা হয়, য’ত ধন ৰখা হয়।
-
বিত্তীয় বজাৰ
বিত্তীয় বজাৰ (Financial Market) হ’ল এক প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থা য’ত বিভিন্ন প্ৰকাৰৰ বিত্তীয় সম্পদ আৰু ঋণ আহিলাবোৰ যেনে- কাগজী মুদ্ৰা, চেক, বেংক আমানত, বিল, বণ্ড, প্ৰতিশ্ৰুতি পত্ৰ, নিৰাপত্তা পত্ৰ, ঋণপত্ৰ ইত্যাদিৰ লেনদেন সংঘটিত হয়।
-
আইচিআইচিআই বেংক
আইচিআইচিআই বেংক লিমিটেড হৈছে ভাৰতীয় বহুজাতিক বেংক আৰু বিত্তীয় সেৱাৰ এক কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত আৰু বদোদৰাত পঞ্জীয়নভুক্ত কাৰ্যালয় অৱস্থিত।
-
দেনা
বিত্তীয় হিচাপকৰণত দেনাৰ অৰ্থ হৈছে এটা প্ৰতিষ্ঠানৰ ন্যায়িক ধাৰ বা কৰ্ত্তব্যসমূহ যি ব্যৱসায়িক কাৰ্যকলাপৰ পৰা উদ্ভৱ হয়। সময়ৰ লগে লগে দেনাসমূহ টকা, সামগ্ৰী বা সেৱাকে ধৰি অৰ্থনৈতিক লাভৰ হস্তান্তৰৰদ্বাৰা নিৰ্বাহ কৰা হয়।
-
ই-কমাৰ্চ
ই-কমাৰ্চ (e-commerce; ইলেক্ট্ৰনিক কমাৰ্চ) হৈছে অনলাইন সেৱা বা ইণ্টাৰনেটৰ জৰিয়তে ইলেক্ট্ৰনিকভাৱে সামগ্ৰী ক্ৰয় বা বিক্ৰী কৰা কাৰ্য্যকলাপ। ই-কমাৰ্চে মোবাইল কমাৰ্চ, ইলেক্ট্ৰনিক ফাণ্ড ট্ৰেন্সফাৰ, চাপ্লাই চেইন মেনেজমেণ্ট, ইণ্টাৰনেট মাৰ্কেটিং, অনলাইন লেনদেন প্ৰচেছিং, ইলেক্ট্ৰনিক ডাটা ইণ্টাৰচেঞ্জ (EDI),…
-
বাজেট
বাজেট (Budget) হৈছে এক নিৰ্ধাৰিত ম্যাদৰ (সাধাৰণতে এবছৰ) বাবে এক বিত্তীয় পৰিকল্পনা। ইয়াত পৰিকল্পিত বিক্ৰী-পৰিমাণ আৰু ৰাজহ, সম্পদৰ পৰিমাণ, খৰচ আৰু ব্যয়, সম্পত্তি, দায়বদ্ধতা বা লায়েবিলিটি আৰু নগদ প্ৰবাহ (কেশ্ব ফ্লো) অন্তৰ্ভুক্ত থাকিব পাৰে।
-
বিত্তীয় ব্যৱস্থা
বিত্তীয় ব্যৱস্থা (Financial System) বুলিলে এক প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থাকে (Institutional arrangement) বুজোৱা হয়। ইয়াৰ যোগেদি এখন দেশৰ অৰ্থনীতিত থকা বিত্তীয় ৰাহিবোৰ (Financial Surpluses) ৰাহি উৎস বা গোটৰ (Surplus units) পৰা আহৰণ কৰি অথবা সংগ্ৰহ কৰি ঘাটি গোটলৈ (Deficite units) স্থানান্তৰৰ…
-
অৱক্ষয় (একাউণ্টিং)
হিচাপবিদ্যা বা একাউণ্টেঞ্চিত অৱক্ষয় (Depreciation) বা মূল্যহ্ৰাস হৈছে ব্যৱসায় এটাত ব্যৱহাৰ কৰা সম্পত্তি বা সম্পদ এটাৰ মূল্য হ্ৰাস হোৱা কাৰ্য। অৱক্ষয়ৰ ধাৰণাটোৰ দুটা দিশ আছে: প্ৰথমতে, সম্পদ এটাৰ ন্যায্য মূল্যৰ প্ৰকৃত হ্ৰাস, যেনে ব্যৱহাৰ কৰি থকাৰ বাবে প্ৰতি বছৰে কাৰখানাৰ সঁজুলি বা যন্ত্ৰ-পাতিৰ…
-
কাৰ্টেল
কাৰ্টেল (Cartel) হৈছে স্বতন্ত্ৰ বজাৰ-অংশগ্ৰহণকাৰীৰ এটা গোট যি তেওঁলোকৰ লাভৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আৰু বজাৰত আধিপত্য বিস্তাৰ কৰিবলৈ ইজনে সিজনৰ সৈতে মিত্ৰতা কৰে। কাৰ্টেল সাধাৰণতে একে ব্যৱসায়িক ক্ষেত্ৰৰ সংগঠন অৰ্থাৎ প্ৰতিদ্বন্দ্বীসকলৰ মিত্ৰতা।
-
ঙাহ ল'ও ডৰ
ঙাহ ল'ও ডৰ (Nghah Lou Dawr/Nghah Loh Dawr) হৈছে মিজোৰামত পৰম্পৰাগতভাৱে প্ৰচলিত কিনা-বেচাৰ এক পদ্ধতি য'ত বিক্ৰেতাৰ অবিহনেই বিপণী এখনৰ পণ্যসামগ্ৰী গ্ৰাহকসকলে পছন্দ অনুসৰি নিৰ্দিষ্ট মূল্য পৰিশোধ কৰি ক্ৰয় কৰাৰ ব্যৱস্থা আছে।
-
চুইছ প্ৰত্যাহ্বান
চুইছ প্ৰত্যাহ্বান (Swiss challenge) হৈছে কিছুমান অধিকাৰ ক্ষেত্ৰত প্ৰচলিত এক প্ৰকাৰৰ ৰাজহুৱা ক্ৰয়, যাৰ বাবে কোনো ৰাজহুৱা কৰ্তৃপক্ষৰ (সাধাৰণতে চৰকাৰৰ এটা সংস্থা) প্ৰয়োজন হয় যি ৰাজহুৱা প্ৰকল্পৰ বাবে (যেনে বন্দৰ, পথ বা ৰেলপথ), বা চৰকাৰক প্ৰদান কৰিব লগা সেৱাৰ বাবে নিবিচৰাকৈয়ে নিবিদা প্ৰাপ্ত কৰিছে।
-
বিত্তীয় বৰ্ষ
চৰকাৰী হিচাপকৰণ বা গভৰ্ণমেণ্ট একাউণ্টিংত বাজেটৰ উদ্দেশ্যেৰে এক বিত্তীয় বৰ্ষ (Financial Year) (বা বাজেট বৰ্ষ) নিৰ্ধাৰণ কৰা হয়। দেশ অনুযায়ী এই বৰ্ষৰ আৰম্ভণি আৰু শেষ দিন পৃথক হয়। ইয়াক ব্যৱসায় আৰু অন্যান্য সংগঠনৰ দ্বাৰা বিত্তীয় প্ৰতিবেদনৰ বাবেও ব্যৱহাৰ কৰা হয়।
-
হস্তান্তৰযোগ্য পত্ৰ
হস্তান্তৰযোগ্য পত্ৰ (Negotiable instrument) হ’ল এখন লিখিত দলিল যাক এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। হস্তান্তৰযোগ্য শব্দটিৰ অৰ্থ হ’ল হস্তান্তৰ কৰিব পৰা আৰু পত্ৰ শব্দটিৰ অৰ্থ হ’ল লিখিত দলিল বা নথি।