বজাৰ
৮ প্ৰবন্ধ
-
একচেটীয়া বজাৰ
একচেটীয়া বজাৰ বা একাধিকাৰ বজাৰ (Monopoly) এনে এখন বজাৰ য'ত কেৱল এটি মাথো উৎপাদকে পণ্যটো উৎপাদন কৰে আৰু বৃহৎ সংখ্যক উপভোক্তাক বিক্ৰী কৰে। বিশেষভাৱে, এই সংজ্ঞাই নিভাঁজ একাধিকাৰক বুজায়।
-
ছত্তা চ’ক
ছত্তা চ’ক (অৰ্থ আবৃত পথ) ভাৰতৰ পুৰণা দিল্লীৰ লালকিল্লাত অৱস্থিত এখন বজাৰেৰে সৈতে এটা দীঘলীয়া পথ। লালকিল্লাৰ লাহোৰী গেটৰ পিছফালে থকা ছত্তা চ’কটো এটা ধেনুভিৰীয়া পথৰ ওপৰত স্থাপন কৰা হৈছে। ইয়াত ৩২টা ধেনুভিৰীয়া মহলাৰে এটা দুমহলীয়া ফ্লেট আছে যিবোৰত দোকান দিয়া হয়।
-
খাৰী বাৱলী
খাৰী বাৱলী (Khari Baoli) ভাৰতৰ দিল্লীৰ পাইকাৰী গেলামালৰ দোকান আৰু এছিয়াৰ সৰ্ববৃহৎ পাইকাৰী মছলাৰ বজাৰৰ বাবে পৰিচিত য'ত বিভিন্ন ধৰণৰ মছলা, বাদাম, বনৌষধি আৰু খাদ্য সামগ্ৰী যেনে চাউল, চাহ আদি বিক্ৰী কৰা হয়।
-
দৰংগিৰি কল বজাৰ
দৰংগিৰি কল বজাৰ (Daranggiri banana market) গোৱালপাৰা জিলাৰ সদৰৰ পৰা ৪৩ কিল'মিটাৰ পূৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে দৰংগিৰি কল বজাৰ খন অৱস্থিত। এই বজাৰখন এছিয়াৰ ভিতৰতে অন্যতম বৃহৎ কলৰ বজাৰ হিচাপে জনাজাত।
-
মীনা বজাৰ
মীনা বজাৰ বা মীনা বাজাৰ (উৰ্দু: مینا بازار) হৈছে দাতব্য আৰু অলাভজনক সংস্থাৰ বাবে ধন সংগ্ৰহৰ বাবে সামগ্ৰী বিক্ৰী কৰা এক বিশেষ বজাৰ। এই শব্দ দুটাৰ দ্বাৰা আধুনিক যুগৰ কেইবাটাও শ্বপিং চেণ্টাৰ আৰু খুচুৰা বিপণীকো বুজোৱা হয়।
-
দিল্লী হাট
দিল্লী হাট হৈছে ভাৰতৰ দিল্লীত অৱস্থিত এখন প্ৰৱেশ-মূল্য দি সোমোৱাৰ ব্যৱস্থা থকা মুকলি বজাৰ, ফুড প্লাজা আৰু হস্তশিল্প থলী। এই অঞ্চলটো দিল্লী পৰ্যটন আৰু পৰিবহণ উন্নয়ন নিগমে (ডিটিটিডিচি) পৰিচালনা কৰে। ই গাওঁ অঞ্চলত বহা পৰম্পৰাগত সাপ্তাহিক বজাৰৰ দৰে নহয়; দিল্লী হাট এক স্থায়ী বজাৰ।
-
বাৰ্মিজ বজাৰ
বাৰ্মিজ বজাৰ হৈছে বাংলাদেশৰ কক্সবাজাৰ চহৰত অৱস্থিত এক প্ৰকাৰৰ বজাৰ। প্ৰসাধন সামগ্ৰীৰ পৰা আৰম্ভ কৰি চুৰিকটাৰী, লুঙি, শংখ, চকলেট, ডেকোৰেচনৰ সামগ্ৰী আদি কম দামত পোৱা যায়। ম্যানমাৰৰ পৰা ইয়ালৈ অহা সামগ্ৰীৰ বাবে ই বাৰ্মিজ বজাৰ নাম পাইছে। বাৰ্মিজ বজাৰ আচাৰৰ বাবেও জনপ্ৰিয়।
-
বিবাহ বজাৰ
বিবাহ বজাৰ হ’ল এনে এখন ৰাজহুৱা স্থান য’ত পিতৃ-মাতৃয়ে সন্তানৰ বাবে বৈবাহিক পত্নী বিচাৰি উলিওৱাৰ লক্ষ্যৰে বিজ্ঞাপন তালিকাভুক্ত কৰে। তাৰ পিছত মানুহে তাত গোট খায় আৰু তালিকাসমূহ পঢ়ে, প্ৰায়ে বৈবাহিক মিল বিচাৰি পোৱাৰ আশাত।