চীনৰ লোকশিল্প
৭ প্ৰবন্ধ
-
চিৱান বাচন
চিৱান ৱেৰ বা চিৱান বাচন ( Shiwan ware, চীনা ভাষাত:石灣窯) হৈছে একপ্ৰকাৰ চীনা মৃৎশিল্প। গুৱাংডং গুৱাংঝুৰ প্ৰাদেশিক চহৰ ফছানৰ চিৱানজেন মহকুমাত অৱস্থিত ভাটিত এই মৃৎশিল্প তৈয়াৰ কৰা হয়। ই উপকূলীয় অঞ্চলৰ বৃহত্তৰ বাচন-বৰ্তন উৎপাদন গোটৰ এক অংশ, যাক সামগ্ৰিকভাৱে কেণ্টন ষ্ট’নৱেৰচ্ বুলি জনা যায়।
-
চীনা কাগজ ভাঁজ কৰাৰ শিল্প
চীনা কাগজ ভাঁজ শিল্প (Chinese paper folding) , বা ঝে-ঝি, হৈছে মধ্যযুগীয় চীনত উৎপত্তি হোৱা কাগজ ভাঁজ কৰাৰ এক শিল্পকলা। ২০শ শতিকাৰ জাপানী কাগজ শিল্পী আকিৰা য়োশিজাৱাৰ কৰ্মই জাপানী শব্দ অৰিগামিক ব্যাপক জনপ্ৰিয়তা প্ৰদান কৰে।
-
চীনা পৰম্পৰাগত সংগীত
পৰম্পৰাগত চীনা সংগীতত বিভিন্ন সংগীত ধাৰা অন্তৰ্ভুক্ত হৈছে যিবোৰ চীনে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে। বিশেষকৈ, এই শব্দটোৱে চিং ৰাজবংশ বা তাৰ আগৰ সময়ছোৱাত সৃষ্টি হোৱা সংগীত ধাৰাসমূহক বুজায়।
-
চেনিৰ চিত্ৰকলা
চেনি চিত্ৰকলা ( Sugar painting) হৈছে চীনৰ পৰম্পৰাগত লোকশিল্প আৰু চেনিৰ মিঠাইৰ এক প্ৰকাৰ য'ত মাৰ্বল বা ধাতুৰ পৃষ্ঠত গৰম, গলিত চেনি ব্যৱহাৰ কৰি দ্বিমাত্ৰিক (সমতল) আকৃতি সৃষ্টি কৰা হয়। গলিত চেনিখিনি কাঁহ বা তামৰ পৰা তৈয়াৰী সৰু লেডল এটাত স্কুপ কৰি লোৱা হয়।
-
ডোংয়াং কাঠ খোদাই শিল্প
ডোংয়াং কাঠ খোদাই (Dongyang Wood Carving) (东阳木雕) হৈছে চীনৰ ঝেজিয়াং প্ৰদেশৰ ডোংয়াং চহৰৰপৰা উৎপত্তি হোৱা চীনা শিল্পৰ এক পৰম্পৰাগত ধাৰা। এই শিল্পধাৰা জটিল নক্সা, সূক্ষ্ম কাৰুকাৰ্য আৰু সবিশেষৰ প্ৰতি বিশেষ মনোযোগৰ বাবে পৰিচিত।
-
ফল খোদাই কৰাৰ কলা
ফল খোদাই (Fruit carving) হৈছে ফলত বিভিন্ন আকৃতি আৰু নক্সা খোদাই কৰাৰ কলা। এছিয়া আৰু ইউৰোপৰ দেশসমূহত এই কলা যথেষ্ট প্ৰচলিত আৰু বিশেষকৈ থাইলেণ্ড, চীন আৰু জাপানত জনপ্ৰিয়। এই কামত বিভিন্ন ফল ব্যৱহাৰ কৰিব পাৰি; শিল্পীসকলে সাধাৰণতে তৰমুজ, আপেল, ষ্ট্ৰবেৰী, আনাৰস আৰু কেণ্টালুপ ব্যৱহাৰ কৰে।
-
ষ্ট্ৰ’ পেইণ্টিং
ষ্ট্ৰ’ পেইন্টিং ( Straw painting) হৈছে এক প্ৰকাৰৰ হস্তশিল্প য’ত খেৰক বিভিন্ন আকৃতি আৰু ডিজাইনত আকৃতি দি সৃষ্টি কৰা হয়। খেৰৰ সৈতে পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে মানুহে বিশেষকৈ মহিলাসকলে ইয়াৰ পৰা কলাত্মক বস্তু সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। সময়ৰ লগে লগে তেওঁলোক খেৰৰ কামত অধিক পাকৈত হৈ পৰিল।