দিল্লী হাট হৈছে ভাৰতৰ দিল্লীত অৱস্থিত এখন প্ৰৱেশ-মূল্য দি সোমোৱাৰ ব্যৱস্থা থকা মুকলি বজাৰ, ফুড প্লাজা আৰু হস্তশিল্প থলী। এই অঞ্চলটো দিল্লী পৰ্যটন আৰু পৰিবহণ উন্নয়ন নিগমে (ডিটিটিডিচি) পৰিচালনা কৰে। ই গাওঁ অঞ্চলত বহা পৰম্পৰাগত সাপ্তাহিক বজাৰৰ দৰে নহয়; দিল্লী হাট এক স্থায়ী বজাৰ। ই দক্ষিণ দিল্লীৰ প্ৰধান বজাৰ এলেকাত, আইএনএ মাৰ্কেটৰ বিপৰীতে অৱস্থিত। এই প্ৰকল্পটো প্ৰায় ৬ একৰ মাটিত অৱস্থিত, এই মাটিখিনি পুনৰুদ্ধাৰ প্ৰকল্পৰ অংশ হিচাপে উদ্ধাৰ কৰি প্লাজালৈ ৰূপান্তৰিত কৰা হৈছিল। ইয়াৰ কিছু দোকান স্থায়ী যদিও আন বিক্ৰেতাসমূহ পোন্ধৰ দিনৰ মূৰে মূৰে সলনি হয়।১ ইয়াত গোলাপ কাঠ আৰু চন্দন কাঠত খোদিত সামগ্ৰী, উটৰ চামৰাৰ জোতা, অত্যাধুনিক কাপোৰ, বিভিন্ন ৰত্ন, পিতলৰ বস্তু, ধাতুৰ শিল্পকৰ্ম, অন্যান্য থলুৱা শিল্পকৰ্ম আৰু ৰেচম তথা উলৰ কাপোৰ আদিৰ কিনা-বেচা হয়। কমপ্লেক্সটোত থকা প্ৰদৰ্শনী হলত হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰীৰ প্ৰচাৰৰ বাবে কেইবাটাও শ্ব’ অনুষ্ঠিত হয়। বস্তু বিক্ৰী কৰিবলৈ ইয়াত আবেদন প্ৰক্ৰিয়া আছে; বিক্ৰেতা কোনখন ৰাজ্যৰ সেই অনুসৰি স্থান আবণ্টন কৰা হয়।২ দিল্লী হাট, আই এন এ মাৰ্কেটত সৰ্বমুঠ ৬২টা ষ্টল আছে; এই ষ্টলসমূহ বিভিন্ন ৰাজ্যৰ থলুৱা বিক্ৰেতাসকলক ১৫ দিনীয়া সাল-সলনি ভিত্তিত আবণ্টন দিয়া হয় আৰু সৰ্বোচ্চ ১৫ দিনৰ বাবে প্ৰতিদিনে ১০০ টকাকৈ ইয়াৰ নিৰিখ ধাৰ্য কৰা হৈছে।৩
দৰ্শক তথা বিভিন্ন ঠাইৰ ভ্ৰমণকাৰীসকলে ইয়াত ভাৰতৰ বিভিন্ন ৰাজ্যক প্ৰতিনিধিত্ব কৰা সংগীত, নৃত্য তথা শিল্প প্ৰদৰ্শনীৰ মুকলি অনুষ্ঠান উপভোগ কৰিব পাৰে।

বুৰঞ্জী
দিল্লী পৰ্যটন (ডিটিডিচি), দিল্লী চৰকাৰ আৰু এনডিএমচি, ডি.চি.(হস্তশিল্প) আৰু ডি.চি. (হস্ততাঁত), বস্ত্ৰ আৰু পৰ্যটন মন্ত্ৰালয় তথা ভাৰত চৰকাৰৰ উমৈহতীয়া প্ৰচেষ্টাত দিল্লী হাট স্থাপন কৰা হয় আৰু ১৯৯৪ চনৰ মাৰ্চ মাহত ইয়াক মুকলি কৰা হয়।৩ প্ৰায় ২০০৩ চনৰপৰা এই বজাৰখনত হুইল চেয়াৰেৰে ঘূৰিব পৰাৰ সুবিধা হৈছে আৰু ইয়াত ৰাজহুৱা স্নানাগাৰৰো ব্যৱস্থা আছে।৪৫৬
পিতমপুৰাৰ দিল্লী হাট হৈছে দিল্লীৰ দ্বিতীয়খন দিল্লী হাট। ডিটিটিডিচিয়ে পিতমপুৰা টিভি টাৱাৰৰ ওচৰৰ প্ৰায় ৭.২ হেক্টৰ মাটিত এই বজাৰখন বিকশিত কৰিছিল আৰু ২০০৮ চনৰ এপ্ৰিল মাহত ইয়াক মুকলি কৰা হৈছিল।৭৮ দিল্লীৰ অন্যান্য অঞ্চলত আৰু অধিক দিল্লী হাট সৃষ্টিৰ পৰিকল্পনা কৰা হৈছে আৰু ২০১৩ চনৰ আগষ্ট মাহত জনকপুৰীত তৃতীয়খন হাট মুকলি কৰা হৈছে।৯
যোগাযোগ
২০১০ চনত মুকলি হোৱা দিল্লী মেট্ৰ’ৰ দিল্লী হাট - আইএনএ আণ্ডাৰগ্ৰাউণ্ড ষ্টেচনৰ জৰিয়তে দিল্লী হাট, আইএনএ বজাৰলৈ যাব পাৰি;১০ আনহাতে নেতাজী সুভাষ প্লেচ মেট্ৰ’ ষ্টেচনে পিতামপুৰাৰ দিল্লী হাটলৈ সেৱা আগবঢ়ায়।
আৱণ্টন প্ৰক্ৰিয়া
কেৱল ডিচি হস্তশিল্পৰ দ্বাৰা পঞ্জীকৃত কাৰিকৰসকলেহে দিল্লী হাটত স্থান লাভ কৰে। ভাৰতৰ বিভিন্ন ঠাইৰপৰা অহা শিল্পীসকলক নামমাত্ৰ ধনৰ বিনিময়ত প্ৰত্যেক ১৫ দিনৰ বাবে ষ্টলসমূহৰ আৱণ্টন দিয়া হয়।১১
তথ্যসূত্ৰ
- ↑ Dilli Haat. Delhi Guide
- ↑ Dilli Haat Operation and Management Rules– 2006
- ↑ Dilli Haat Delhi Tourism
- ↑ Society for Accessible Travel & Hospitality. The first barrier free tourist spot in New Delhi, India
- ↑ (2004-08-29). Barrier-free Dilli Haat fails to provide a wheel chair. The Hindu
- ↑ Module 4:Design Considerations. Rehabilitation Council of India (page 36 shows a photograph of a wheelchair ramp at Dilli Haat)
- ↑ (1 November 2003). Dilli Haat now in Pitampura. The Times of India
- ↑ (14 April 2008). CM inaugurates Pitampura Haat. Indian Express
- ↑ Delhi's third Dilli Haat planned in west Delhi. NDTV
- ↑ (26 July 2010). INA likely to be one of the busiest metro stations. The Hindu
- ↑ Dilli Haat
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিল্লী হাট” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৭৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।