তেলংগানা
৪ প্ৰবন্ধ
-
তেলংগানা
তেলঙ্গানা (తెలంగాణ,; ) হৈছে ভাৰতৰ ২৯ তম ৰাজ্য। ই ভাৰতৰ দাক্ষিণাত্যত অৱস্থিত। ইয়াৰ সৰহভাগ অংশ নিজামৰ দ্বাৰা শাসিত হায়দৰাবাদ ৰাজ্যৰ (মেডাক আৰু ৱাৰাংগাল মহকুমা) অংশ আছিল। ব্ৰিটিছ শাসন কালত ১৯৪৭ চনলৈ আৰু স্বাধীনতাৰ পিছত ১৯৪৮ চনত ভাৰতৰ লগত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে ই নিজামৰ দ্বাৰা শাসিত আছিল।
-
আৰোগ্য লক্ষ্মী আঁচনি
আৰোগ্য লক্ষ্মী যোজনা তেলেংগানা চৰকাৰে গৰ্ভৱতী আৰু দুগ্ধপান কৰা মহিলাক সহায়ৰ বাবে আৰম্ভ কৰা এক পুষ্টি কাৰ্যসূচী। এই আঁচনিখন দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ওপৰৰ মহিলাসকলৰ বাবে উপলব্ধ।
-
নিজামছ্ গেৰাণ্টিড ষ্টেট ৰেলৱে
নিজামছ্ গেৰাণ্টিড ষ্টেট ৰেলৱে (Nizam's Guaranteed State Railway; NGSR) ১৮৭৯ চনৰ পৰা ১৯৫০ চনলৈকে ভাৰতত সক্ৰিয় হৈ থকা এটা ৰেল কোম্পানী আছিল। ই হায়দৰাবাদ প্ৰদেশৰ নিজামৰ মালিকানাধীন আছিল। ইয়াৰ সম্পূৰ্ণ নাম আছিল হিজ এক্সেলটেড হাইনেছ, দ্য নিজামছ্ গেৰাণ্টিড্ ষ্টেট ৰেলৱে।
-
শিল্পৰমম
শিল্পৰমম ভাৰতৰ তেলংগানাৰ হায়দৰাবাদৰ মাধাপুৰত অৱস্থিত এখন কলা আৰু কৃষ্টিৰ গাঁও। পৰম্পৰাগত শিল্পকৰ্ম সংৰক্ষণৰ পৰিৱেশ সৃষ্টিৰ ধাৰণাৰে গাঁওখনৰ কল্পনা কৰা হৈছিল। ইয়াত বিভিন্ন কাৰ্যসূচীৰে জনগোষ্ঠীয় উৎসৱ অনুষ্ঠিত হয়।