গুণ্টুৰ জলকীয়া হৈছে ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ আৰু প্ৰকাশম জিলাত উৎপাদিত জলকীয়াৰ এক প্ৰকাৰ। এই জলকীয়াবোৰ বিশ্বব্যাপী প্ৰসিদ্ধ আৰু ভাৰতৰ পৰা এছিয়াৰ অন্যান্য দেশ, কানাডা আৰু ইউৰোপলৈ ৰপ্তানি কৰা হয়। গুণ্টুৰ জিলা হৈছে ভাৰতৰ পৰা শ্ৰীলংকা, বাংলাদেশ, মধ্য প্ৰাচ্য, দক্ষিণ কোৰিয়া, ইউকে, আমেৰিকা আৰু লেটিন আমেৰিকাৰ দৰে অঞ্চললৈ সৰ্বাধিক প্ৰকাৰৰ জলকীয়া আৰু জলকীয়া গুৰিৰ মুখ্য উৎপাদক আৰু ৰপ্তানিকৰ্তা। জলকীয়াবোৰত থকা কেপচাইচিনৰ স্তৰৰ বাবে এইবোৰ বিভিন্ন ৰং আৰু সোৱাদ যুক্ত। গুণ্টুৰ জলকীয়াই ভাৰতৰ অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ তৰকাৰী আৰু বিভিন্ন জনপ্ৰিয় ব্যঞ্জনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে ভূমিকা পালন কৰে। গুণ্টুৰ জলকীয়াৰ মুখ্য ব্যৱসায়িক স্থানটোক গুণ্টুৰ মিৰ্চি য়াৰ্ড বুলি কোৱা হয়। এই য়াৰ্ড হৈছে এছিয়াৰ সৰ্ববৃহৎ শুকান ৰঙা জলকীয়া বজাৰ। ১ এই জলকীয়াৰ বজাৰ মূল্য ৰাষ্ট্ৰীয় কৃষি বজাৰ বা e-NAM. দ্বাৰা নিৰ্ধাৰণ কৰা হয়।২
গুণ্টুৰ জলকীয়াৰ জাত
- ৩৩৪ জলকীয়া হৈছে এক প্ৰিমিয়াম ৰপ্তানি-মানদণ্ডৰ জলকীয়া।৩
- তেজা জলকীয়া৪ ] হৈছে গুণ্টুৰ জলকীয়াৰ এক উন্নত জাত।৫
- গুণ্টুৰ সান্নাম – এছ৪ প্ৰকাৰ হৈছে গুণ্টুৰ জলকীয়াবোৰৰ ভিতৰত আটাইতকৈ বিখ্যাত আৰু জনপ্ৰিয় প্ৰকাৰ। সমগ্ৰ বিশ্বতে ইয়াৰ যথেষ্ট চাহিদা আছে। ই অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ, প্ৰকাশম, ৱাৰাংগল আৰু খাম্মাম জিলাত বহুল ভাৱে উৎপাদিত হয়। গুৰি কৰা জলকীয়াৰ ছাল ডাঠ, ৰঙা আৰু জলা। ডিচেম্বৰৰ পৰা মে মাহলৈ ইয়াৰ উৎপাদনৰ পৰিমাণ সৰ্বাধিক। এই প্ৰকাৰৰ বাৰ্ষিক উৎপাদন হৈছে প্ৰায় ২৮০,০০০ টন। ইয়াৰ এএছটিএ ৰঙৰ মান ৫০-৮০ আৰু জলা-গোন্ধৰ মাত্ৰা হৈছে ৩৫-৪৫ এছ.ইউ.।
- ২৭৪ জলকীয়া হৈছে এক সাধাৰণ শিৰা যুক্ত জলকীয়া।
অন্যান্য গুণ্টুৰ জলকীয়াবোৰ হৈছে ফাটকি, ইণ্ডো-৫, অংকুৰ, ৰোশনি, বেদকী, আৰু মধুবালা।
তথ্যসূত্ৰ
- ↑ Dried Red Chilli Exports, Guntur Dried Red Chillies Live Rates, Guntur Dried Red Chillies Live Prices, Guntur Mirchi Live Rates, Guntur Mirchi Live Prices, Guntur Market Yard Live Rates, Guntur Mirchi Yard Live Prices, Guntur Mirchi Yard, Guntur Mirchi Exports. gunturmirchi.in
- ↑ (12 December 2019). Agriculture marketing: How e-NAM has become an 'inam' for farmers. Indian Express
- ↑ (14 June 2013). Fresh crop seen boosting Guntur chili mandi volumes. Business Standard
- ↑ Fresh arrivals fail to pull down chili prices
- ↑ Finer grade of Teja variety fetches Rs. 9,700 per quintal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুণ্টুৰ জলকীয়া” প্ৰবন্ধৰ সংশোধন ৩০৯৯৯২ (১ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।