ব্যৱসায়িক প্ৰতিষ্ঠান
৪ প্ৰবন্ধ
-
অ'পেন (কোম্পানী)
অ'পেন (ইংৰাজী: Open) এটি বিত্তীয় প্ৰযুক্তি সম্বন্ধীয় কোম্পানী। এই কোম্পানীৰ মুখ্য দপ্তৰ ভাৰতত স্থিত। অ'পেন ভাৰতৰ এশতম্ একশৃংগ কোম্পানী হ'ল মে' ২০২২ চনত। ই এক নব্য-বেংক (neo-bank)। কোম্পানীটোৰ প্ৰায় ২.৩ নিযুত গ্ৰাহক আছিল ২০২২ চনত।
-
অক্সিজ'
অক্সিজ (ইংৰাজী: Oxyzo) এটি ভাৰতীয় বিত্ত প্ৰযুক্তি সম্বন্ধীয় কোম্পানী। এই কোম্পানীয়ে লঘু আৰু মধ্যমীয়া আকাৰৰ ব্যৱসায়সমূহক বিত্তীয় সেৱা প্ৰদান কৰে। ২০২২ চনত এই কোম্পানীয়ে একশৃংগ কোম্পানীৰ তালিকাত স্থান লাভ কৰিলে।
-
আমাগি
আমাগি (ইংৰাজী: Amagi) এটি ভাৰতীয় কোম্পানী যিয়ে কেবল, অভাৰ দ্য টপ (অ' টি টি) আদি মাধ্যমৰ বাবে চেনেল আদি সৃষ্টি কৰি দিয়ে। ই এটি SaaS বা চফ্টৱেৰ এজ এ' চাৰ্ভিছ কোম্পানী। কোম্পানীটো ২০২২ চনত এটি একশৃংগ কোম্পানী হৈ পৰিল।
-
গ্ৰীণপ্লাই ইণ্ডাষ্ট্ৰীজ লিমিটেড
গ্ৰীণপ্লাই ইণ্ডাষ্ট্ৰীজ লিমিটেড (Greenply), এটা ভাৰতীয় গৃহ অভ্যন্তৰ আন্তঃগাঁথনি কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় পশ্চিম বংগৰ কলকাতাত। কোম্পানীটো নেচনেল ষ্টক এক্সচেঞ্জ (NSE) আৰু বম্বে ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কৰা হৈছে।