অৰ্থনীতি আৰু উদ্যোগ
কৃষি, চাহ, বাণিজ্য, উদ্যোগ আৰু জীৱিকা · ২৬০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ফাষ্ট আবুধাবি বেংক
ফাৰ্ষ্ট আবুধাবি বেংক (FAB) হৈছে সংযুক্ত আৰব আমিৰশ্বাহীৰ আবুধাবিত অৱস্থিত এটা বিত্তীয় প্ৰতিষ্ঠান। মধ্যপ্ৰাচ্যৰ অন্যতম বৃহৎ বেংক, ফাৰ্ষ্ট আবুধাবি বেংকৰ ভাৰতকে ধৰি বিশ্বৰ ১৯খন দেশত ইয়াৰ উপস্থিতি আছে।
-
অ'পেন (কোম্পানী)
অ'পেন (ইংৰাজী: Open) এটি বিত্তীয় প্ৰযুক্তি সম্বন্ধীয় কোম্পানী। এই কোম্পানীৰ মুখ্য দপ্তৰ ভাৰতত স্থিত। অ'পেন ভাৰতৰ এশতম্ একশৃংগ কোম্পানী হ'ল মে' ২০২২ চনত। ই এক নব্য-বেংক (neo-bank)। কোম্পানীটোৰ প্ৰায় ২.৩ নিযুত গ্ৰাহক আছিল ২০২২ চনত।
-
অক্সিজ'
অক্সিজ (ইংৰাজী: Oxyzo) এটি ভাৰতীয় বিত্ত প্ৰযুক্তি সম্বন্ধীয় কোম্পানী। এই কোম্পানীয়ে লঘু আৰু মধ্যমীয়া আকাৰৰ ব্যৱসায়সমূহক বিত্তীয় সেৱা প্ৰদান কৰে। ২০২২ চনত এই কোম্পানীয়ে একশৃংগ কোম্পানীৰ তালিকাত স্থান লাভ কৰিলে।
-
আমাগি
আমাগি (ইংৰাজী: Amagi) এটি ভাৰতীয় কোম্পানী যিয়ে কেবল, অভাৰ দ্য টপ (অ' টি টি) আদি মাধ্যমৰ বাবে চেনেল আদি সৃষ্টি কৰি দিয়ে। ই এটি SaaS বা চফ্টৱেৰ এজ এ' চাৰ্ভিছ কোম্পানী। কোম্পানীটো ২০২২ চনত এটি একশৃংগ কোম্পানী হৈ পৰিল।
-
আৰ্ডুইন'
আৰ্ডুইন হ'ল এটি ছফ্টৱেৰ প্ৰতিষ্ঠান, প্ৰকল্প তথা ব্যৱহাৰকাৰী সমাজ যিয়ে পৰিকলন যন্ত্ৰৰ মুক্ত-উৎসৰ ছফ্টৱেৰ, মাইক্ৰ'কণ্ট্ৰলাৰ-আধাৰিত বহু সৰঞ্জাম আৰু আন ব্যৱহাৰ্য্য বস্তু নিৰ্মাণ কৰে। পূৰ্বতে সঠিক অৱস্থাত সজ্জিত বা নিজে সজাই ল'ব পৰা ৰূপত আৰ্ডুইন'ৰ কিট ক্ৰয় কৰিবলৈ পোৱা যায়।
-
কৰিমনগৰৰ ৰূপৰ কাৰুশিল্প
কৰিমনগৰ ৰূপৰ কাৰুশিল্প ভাৰতৰ হায়দৰাবাদৰ কৰিমনগৰত নিৰ্মিত ৰূপৰ আলংকাৰিক কাম। ই কৰিমনগৰৰ এক প্ৰাচীন কলা।
-
গান্ধী বজাৰ
গান্ধী বজাৰ (Gandhi Bazaar) বেংগালুৰুৰ বচৱানগুড়িৰ এক ব্যস্ত বজাৰ অঞ্চল, যাক মুখ্যতঃ ইয়াৰ ফুল আৰু কনডিমেণ্ট হকাৰ দোকানৰ বাবে জনা যায়।
-
গুৱাহাটী চিটি চেণ্টাৰ মল
গুৱাহাটী চিটি চেণ্টাৰ মল হৈছে ভাৰতৰ অসম ৰাজ্যৰ গুৱাহাটীৰ মহানগৰৰ খ্ৰীষ্টান বস্তিত অৱস্থিত এটা শ্বপিং মল। এই মলটো উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ মল। ২০১৮ চনৰ ১ এপ্ৰিলত এই মলটো মুকলি কৰা হৈছিল আৰু ২০১৮ চনৰ ডিচেম্বৰ মাহত পুনৰ নিৰ্মাণ কৰা হৈছিল।
-
গৰ্ভধান
গৰ্ভধান (गर्भाधान) (আক্ষৰিক অৰ্থত: গৰ্ভত শুক্ৰ স্থাপন) হিন্দু ধৰ্মৰ ১৬টা সংস্কাৰৰ ভিতৰত প্ৰথমটো সংস্কাৰ।
-
ঙুল্ট্ৰুম (ভূটান)
ঙুল্ট্ৰুম (/əŋˈɡʌltrəm/; ISO 4217 code: BTN) (Dzongkha: དངུལ་ཀྲམ) ১৯৭৪ৰ পাছৰ ভূটানৰ মুদ্ৰা। এশ চেৰ্টামে (১৯৭৯লৈকে ধাতুৰ মুদ্ৰাত চেৰ্টমছ হিচাপে লিখিত) ১ ঙুল্ট্ৰুম।
-
চিতৰি শিল্প
চিতৰি শিল্প (Chitari art) হ'ল স্থানীয় ধৰ্মীয় আৰু সাংস্কৃতিক উৎসৱৰ লগত ওতপ্ৰোতভাৱে জড়িত গোৱাৰপৰা অহা এক পৰম্পৰাগত লোকশিল্প। ইয়াৰ স্পন্দনশীল ৰং আৰু জটিল ডিজাইনৰদ্বাৰা চিহ্নিত চিতাৰী শিল্পই ৰাজহুৱা উদ্যাপনসমূহক সজ্জিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, বিশেষকৈ গণেশ চতুৰ্থীৰ দৰে উৎসৱৰ সময়ত।
-
চুইছ প্ৰত্যাহ্বান
চুইছ প্ৰত্যাহ্বান (Swiss challenge) হৈছে কিছুমান অধিকাৰ ক্ষেত্ৰত প্ৰচলিত এক প্ৰকাৰৰ ৰাজহুৱা ক্ৰয়, যাৰ বাবে কোনো ৰাজহুৱা কৰ্তৃপক্ষৰ (সাধাৰণতে চৰকাৰৰ এটা সংস্থা) প্ৰয়োজন হয় যি ৰাজহুৱা প্ৰকল্পৰ বাবে (যেনে বন্দৰ, পথ বা ৰেলপথ), বা চৰকাৰক প্ৰদান কৰিব লগা সেৱাৰ বাবে নিবিচৰাকৈয়ে নিবিদা প্ৰাপ্ত কৰিছে।
-
নিঅʼবেংক
নিঅʼবেংক হৈছে পৰম্পৰাগত ভৌতিক শাখা নেটৱৰ্ক অবিহনে একান্তভাৱে অনলাইনত কাম কৰা এক প্ৰকাৰৰ প্ৰত্যক্ষ বেংক। ইয়াক অনলাইন বেংক, ইণ্টাৰনেট-অনলি বেংক, ভাৰ্চুৱেল বেংক বা ডিজিটেল বেংক বুলিও কোৱা হয়। নিঅʼবেংকসমূহে আগবঢ়োৱা সেৱাৰ পৰিসৰ পৰম্পৰাগত বেংকসমূহৰ দৰে বহল নহয়।
-
পোক্কালি ধান
পোক্কালি (ইংৰাজী: Pokkali) হৈছে এবিধ একক লৱণাক্ততা সহনশীল ধানৰ জাত। দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ আলাপ্পুঝা, কোট্টায়াম, ত্ৰিশূৰ আৰু এৰ্নাকুলাম জিলাৰ জলমগ্ন উপকূলীয় অঞ্চলৰ প্ৰায় ৫০০০ হেক্টৰ মাটিত এক জৈৱিক পদ্ধতিৰে ব্যাপক জলজ পালন ব্যৱহাৰ কৰি ইয়াৰ খেতি কৰা হয়।
-
ব'ন চাইনা
হাড়ৰ ছাই, ফিল্ডছ্পাৰ আৰু কেঅ'লিনেৰে তৈয়াৰী এবিধ কোমল পে'ষ্টৰ চীনামাটিক ব'ন চাইনা বোলা হয়। সংজ্ঞা অনুসৰি ই জন্তুৰ হাড়ৰ উৎসৰ ন্যূনতম ৩০% ফছ্ফেট আৰু নিৰ্দিষ্ট পৰিমাণৰ কেল্চিয়াম ফছ্ফেট থকা অস্বচ্ছ পাত্ৰ। শক্তি আৰু ভঙা প্ৰতিৰোধক্ষমতাৰ দিশৰ পৰা ব'ন চাইনা সকলোতকৈ শক্তিশালী চীনামাটি।
-
বাচ্ কীন-ৰবিনচ
বাচ্ কীন-ৰবিনচ (Baskin-Robbins) হৈছে আইচক্ৰীম ৰ'লাৰৰ এক আন্তঃৰাষ্ট্ৰীয় শৃংখলা। ইয়াত ৩০ৰো অধিক দেশত লাভ কৰা হৈছে। ৫৮০০ স্থানৰ ভিতৰত, ২৮০০খন আমেৰিকা যুক্তৰাষ্ট্ৰত আধাৰিত।
-
বাহিৰা ঋণ অনুযায়ী দেশৰ তালিকা
এয়া বাহিৰা ঋণ অনুযায়ী দেশৰ তালিকা, অৰ্থাৎ স্বীকৃত মুদ্ৰা, বস্তু বা সেৱাৰে দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডই বিদেশী লোকক পৰিশোধ কৰিবলগীয়া ঋণৰ পৰিমাণ অনুযায়ী দেশৰ তালিকা।
-
বেংক অফ আমেৰিকা
বেংক অফ আমেৰিকা (Bank of America; সংক্ষিপ্তত BofA আৰু BoA) হৈছে উত্তৰ কেৰ'লিনাৰ চাৰ্লটৰ কৰ্পৰেট চেণ্টাৰত মুখ্য কাৰ্যালয় থকা এটা আমেৰিকান বহুজাতিক বিনিয়োগ বেংক আৰু বিত্তীয় সেৱা প্ৰদানকাৰী কোম্পানী। কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত এই বেংকটো প্ৰতিষ্ঠা কৰা হৈছিল।
-
মানৱ উন্নয়ন প্ৰতিবেদন
মানৱ উন্নয়ন প্ৰতিবেদন হৈছে প্ৰতিবছৰে ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি (United Nations Development Programme) ৰ উদ্যোগত সদস্য ৰাষ্ট্ৰসমূহৰ মানৱ উন্নয়নৰ ওপৰত প্ৰকাশ কৰা প্ৰতিবেদন।
-
যথাৰ্থ অৰ্থবিজ্ঞান
যথাৰ্থ অৰ্থবিজ্ঞানে (Positive Economics) বিষয়সমূহ যেনেদৰে থাকে তেনেদৰেই অধ্যয়ন কৰে। অৰ্থাৎ যি অৰ্থবিজ্ঞানত বিষয়সমূহ যেনেদৰে থাকে তেনেদৰেই অধ্যয়ন কৰা হয় তাক যথাৰ্থ অৰ্থবিজ্ঞান বোলে। যথাৰ্থ অৰ্থবিজ্ঞানে অৰ্থনৈতিক সিদ্ধান্তসমূহৰ ওপৰত মূল্য বিচাৰ আৰোপ নকৰে।