অৰ্থনীতি আৰু উদ্যোগ
কৃষি, চাহ, বাণিজ্য, উদ্যোগ আৰু জীৱিকা · ২৬০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অসমৰ কুঁহিলা শিল্প
কুঁহিলা শিল্প অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প। কুঁহিলা পথাৰৰ পানী তল যোৱা ঠাইত হোৱা এবিধ গছ। কুঁহিলাৰ গা কোমল, সোপোকা আৰু পাতল। ইয়াৰ দ্বাৰা কঠ, পুতলা, মুখা, মূৰ্তি ইত্যাদি আদি তৈয়াৰ কৰা হয়। গোৱালপাৰাৰ কিছু অংশৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা, নলবাৰী জিলাৰ মাখিবাহা আৰু মাজুলীত দেখা যায়।
-
অসমৰ পুতলা শিল্প
পুতলা শিল্প (Toys of Assam) অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প। এই শিল্পত সাধাৰণতে শিশুসকলে খেলিবলৈ ব্যৱহাৰ কৰা পুতলা, খেলনা আৰু নানা ধৰণৰ সৌন্দৰ্যবৰ্ধক বস্তুৰ নিৰ্মাণ কৰা হয়।
-
অসমৰ মেটেকা শিল্প
মেটেকা বা পানী মেটেকাৰ শিল্প (Water hyacinth craft of Assam) অসমৰ এক উদীয়মান কুটিৰ শিল্প। এই শিল্পত মেটেকাৰ পৰা হেণ্ডবেগ, পইচা থোৱা বেগ, টেবুল মেট, ফাইল কভাৰ, কলমদানি আদি সজা হয়।
-
অসমৰ মৰাপাট শিল্প
মৰাপাট হৈছে মূলতঃ এছিয়াৰ উপগ্ৰীষ্মমণ্ডলীয় অঞ্চল বিশেষকৈ ভাৰত, বাংলাদেশ আৰু চীনত খেতি কৰা নল সদৃশ উদ্ভিদৰ বাকলিৰ পৰা আহৰণ কৰা আঁহ। কপাহৰ পিছতেই ই দ্বিতীয় বৃহত্তম উদ্ভিদৰ আঁহ আৰু ই বৃহৎ পৰিমাণে উপলব্ধ।
-
ই-কমাৰ্চ
ই-কমাৰ্চ (e-commerce; ইলেক্ট্ৰনিক কমাৰ্চ) হৈছে অনলাইন সেৱা বা ইণ্টাৰনেটৰ জৰিয়তে ইলেক্ট্ৰনিকভাৱে সামগ্ৰী ক্ৰয় বা বিক্ৰী কৰা কাৰ্য্যকলাপ। ই-কমাৰ্চে মোবাইল কমাৰ্চ, ইলেক্ট্ৰনিক ফাণ্ড ট্ৰেন্সফাৰ, চাপ্লাই চেইন মেনেজমেণ্ট, ইণ্টাৰনেট মাৰ্কেটিং, অনলাইন লেনদেন প্ৰচেছিং, ইলেক্ট্ৰনিক ডাটা ইণ্টাৰচেঞ্জ (EDI),…
-
ইয়েছ বেংক
ইয়েছ বেংক লিমিটেড হৈছে ভাৰতীয় ব্যক্তিগত খণ্ডৰ বেংক, ২০০৪ চনত ৰানা কাপুৰ আৰু অশোক কাপুৰে ইয়াক প্ৰতিষ্ঠা কৰিছিল। মহাৰাষ্ট্ৰৰ মুম্বাইত মুখ্য কাৰ্যালয় থকা এই বেংকটোৱে ভাৰতৰ কৰ্পৰেট আৰু খুচুৰা গ্ৰাহকক বেংকিং আৰু বিত্তীয় সামগ্ৰী আৰু সেৱা আগবঢ়ায়।
-
এদায়ুৰ জলকীয়া
এদায়ুৰ জলকীয়া (ইংৰাজী: Edayur chilli) হৈছে মূলতঃ ভাৰতৰ কেৰালা ৰাজ্যত খেতি কৰা এক প্ৰকাৰৰ জলকীয়া। এদায়ুৰ জলকীয়া এবিধ স্থানীয় জাত, যাৰ খেতি প্ৰধানকৈ কেৰালাৰ মালাপ্পুৰম জিলাৰ কিছুমান নিৰ্দিষ্ট অঞ্চলত কৰা হয়।
-
কৰ্পোৰেট ফাইনেন্স
কৰ্পোৰেট ফাইনেন্স (Corporate finance) হৈছে এক বিত্তীয় ক্ষেত্ৰ যিয়ে পুঁজিৰ উৎস আৰু ব্যৱসায়ৰ মূলধনী গাঁথনি, শ্বেয়াৰহোল্ডাৰসকলৰ বাবে ফাৰ্মৰ মূল্য বৃদ্ধিৰ উদ্দেশ্যে পৰিচালকে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ, আৰু বিত্তীয় সম্পদ আবণ্টন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি আৰু বিশ্লেষণৰ সৈতে জড়িত এক অৰ্থনীতিৰ ব্যৱস্থা।
-
খাৰী বাৱলী
খাৰী বাৱলী (Khari Baoli) ভাৰতৰ দিল্লীৰ পাইকাৰী গেলামালৰ দোকান আৰু এছিয়াৰ সৰ্ববৃহৎ পাইকাৰী মছলাৰ বজাৰৰ বাবে পৰিচিত য'ত বিভিন্ন ধৰণৰ মছলা, বাদাম, বনৌষধি আৰু খাদ্য সামগ্ৰী যেনে চাউল, চাহ আদি বিক্ৰী কৰা হয়।
-
চালচিত্ৰ
চালচিত্ৰ (Chalchitra) ভাৰতৰ পশ্চিম বংগত প্ৰচলিত পাৰম্পৰিক চিত্ৰশৈলী পটচিত্ৰৰ এটি ভাগ। পৰম্পৰাগতভাৱে ই দুৰ্গা প্ৰতিমাৰ উপৰিভাগত অংকিত অৰ্ধ গোলাকাৰ দেৱ-দেৱীৰ কাহিনীমূলক পটচিত্ৰ। চালচিত্ৰত পঞ্চানন শিৱ, মহিষাসুৰ বধ, নন্দীভৃঙ্গী, শুম্ভ-নিশুম্ভৰ যুদ্ধ আদি কাহিনী সমূহ প্ৰদৰ্শিত কৰা হয়।
-
চিকি ঘাঁহৰ শিল্প
চিকি ঘাঁহৰ শিল্প ভাৰত আৰু নেপালৰ মিথিলাঞ্চলত পোৱা চিকি নামেৰে পৰিচিত এবিধ বিশেষ ধৰণৰ ঘাঁহৰপৰা তৈয়াৰ কৰা বিভিন্ন হস্তশিল্প। চিকি ঘাঁহৰপৰা বস্তু তৈয়াৰ কৰাৰ কলা এটা প্ৰাচীন কলা।
-
জাপানীজ য়েন
জাপানীজ য়েন হৈছে জাপানৰ আনুষ্ঠানিক মুদ্ৰা। বৈদেশিক মুদ্ৰা বজাৰত হোৱা বিনিময়ৰ ভিত্তিত আমেৰিকান ডলাৰ আৰু ইউৰোৰ স্থান ক্ৰমে প্ৰথম আৰু দ্বিতীয় হোৱাৰ বিপৰীতে জাপানীজ য়েন তালিকাৰ তৃতীয় স্থানত আছে। আমেৰিকান ডলাৰ, ইউৰো আৰু পাউণ্ড ষ্টাৰলিঙৰ লগতে য়েনো এক বহুলভাৱে গ্ৰহণীয় সঞ্চয় বা আৰক্ষিত মুদ্ৰা।
-
জিএছটি
সামগ্ৰী আৰু সেৱা কৰ বা চমুকৈ জিএছটি (Goods and Services Tax or GST) হৈছে ভাৰতত সামগ্ৰী আৰু সেৱাৰ যোগানৰ ওপৰত ব্যৱহৃত পৰোক্ষ কৰ। ইয়াত কেইটামান ৰাজ্যিক কৰৰ বাহিৰে প্ৰায় সকলো পৰোক্ষ কৰ অন্তৰ্ভুক্ত কৰা হৈছে।
-
ডিজিটেল টকা
ডিজিটেল টকা (e₹) ( Digital Rupee) বা “e-INR’’ বা “ই-টকা’’ ভাৰতীয় টকাৰ এটা টোকেনাইজড ডিজিটেল সংস্কৰণ, যিটো ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) এ কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা (CBDC) হিচাপে জাৰি কৰে। ডিজিটেল টকা, ২০১৭ চনৰ জানুৱাৰী মাহত প্ৰস্তাৱ কৰা হৈছিল আৰু ২০২২ চনৰ ১ ডিচেম্বৰত মুকলি কৰা হৈছিল।
-
ডিজিটেল মুদ্ৰা
ডিজিটেল মুদ্ৰা (Digital currency; ডিজিটেল ধন, ইলেক্ট্ৰনিক ধন বা ইলেক্ট্ৰনিক মুদ্ৰা) হৈছে মূলতঃ ডিজিটেল কম্পিউটাৰ ব্যৱস্থাত বিশেষকৈ ইণ্টাৰনেটৰ জৰিয়তে পৰিচালিত, সংৰক্ষণ বা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহৃত যিকোনো মুদ্ৰা, ধন বা ধনৰ দৰে সম্পত্তি।
-
দৰংগিৰি কল বজাৰ
দৰংগিৰি কল বজাৰ (Daranggiri banana market) গোৱালপাৰা জিলাৰ সদৰৰ পৰা ৪৩ কিল'মিটাৰ পূৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে দৰংগিৰি কল বজাৰ খন অৱস্থিত। এই বজাৰখন এছিয়াৰ ভিতৰতে অন্যতম বৃহৎ কলৰ বজাৰ হিচাপে জনাজাত।
-
নাইনিতাল বেংক
নাইনিতাল বেংক লিমিটেড হৈছে ১৯২২ চনত প্ৰতিষ্ঠা হোৱা এটা অনুসূচিত বাণিজ্যিক বেংক। এইটো ভাৰতৰ উত্তৰাখণ্ডৰ নাইনিতালত অৱস্থিত। ভাৰতৰ পাঁচখন ৰাজ্য: উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা, আৰু ৰাজস্থানত এই বেংকৰ ১৫১টা শাখা আছে।
-
পে'মেণ্টছ বেংক
পেমেণ্ট বেংক হৈছে ২০১৫ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰৱৰ্তন কৰা বেংকৰ এক নতুন শ্ৰেণী। এই বেংকসমূহে ভাৰতৰ গ্ৰাহকসকলক ৰেমিটেন্স, মোবাইল পেমেণ্ট, আৰু অন্যান্য বেংকিং সেৱাকে ধৰি বিভিন্ন ডিজিটেল বেংকিং সেৱা আগবঢ়াবলৈ অনুজ্ঞাপত্ৰ লাভ কৰিছে।
-
ফাঁচি বজাৰ
ফাঁচি বজাৰ (Fancy Bazaar) হৈছে গুৱাহাটীৰ এক অঞ্চল। ইয়াক উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক ৰাজধানীও বোলা হয়। উত্তৰ-পূবৰ অৰ্থনীতিত এই বজাৰৰ এক নিৰ্ণায়ক প্ৰভাৱ আছে। ইয়াত দৈনিক প্ৰায় এক লক্ষাধিক লোকৰ সমাগম হয়। ইয়াৰ পাইকাৰী ব্যৱসায়ীসকলে সৰু-বৰ বজাৰসমূহ নিয়ন্ত্ৰণ কৰে।
-
ফুলকাৰী
ফুলকাৰী(Phulkari ,Gurmukhi: ਫੁਲਕਾਰੀ; Shahmukhi: پھلکاری) দক্ষিণ এছিয়াৰ পঞ্জাব অঞ্চল আৰু সিন্ধৰ গুলকাৰীৰ লোক এম্ব্ৰয়ডাৰীক বুজায়। যদিও ফুলকাৰিৰ অৰ্থ হৈছে 'ফুলৰ কাম', ডিজাইনসমূহত কেৱল ফুলেই নহয়, আৱৰণৰ মটিফ আৰু জ্যামিতিক আকৃতিও অন্তৰ্ভুক্ত কৰা হৈছে।
-
বাজেট
বাজেট (Budget) হৈছে এক নিৰ্ধাৰিত ম্যাদৰ (সাধাৰণতে এবছৰ) বাবে এক বিত্তীয় পৰিকল্পনা। ইয়াত পৰিকল্পিত বিক্ৰী-পৰিমাণ আৰু ৰাজহ, সম্পদৰ পৰিমাণ, খৰচ আৰু ব্যয়, সম্পত্তি, দায়বদ্ধতা বা লায়েবিলিটি আৰু নগদ প্ৰবাহ (কেশ্ব ফ্লো) অন্তৰ্ভুক্ত থাকিব পাৰে।
-
বিত্তীয় ব্যৱস্থা
বিত্তীয় ব্যৱস্থা (Financial System) বুলিলে এক প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থাকে (Institutional arrangement) বুজোৱা হয়। ইয়াৰ যোগেদি এখন দেশৰ অৰ্থনীতিত থকা বিত্তীয় ৰাহিবোৰ (Financial Surpluses) ৰাহি উৎস বা গোটৰ (Surplus units) পৰা আহৰণ কৰি অথবা সংগ্ৰহ কৰি ঘাটি গোটলৈ (Deficite units) স্থানান্তৰৰ…
-
ব্ৰিটিছ ভাৰতৰ মুদ্ৰা
ভাৰতত ব্ৰিটিছ ট্ৰেডিং পোষ্টবোৰ প্ৰথমে সপ্তদশ শতিকাৰ আৰম্ভণিতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে (ইআইচি) স্থাপন কৰিছিল, যি দ্ৰুততাৰে উপমহাদেশৰ এক গুৰুত্বপূৰ্ণ অংশ সামৰি ডাঙৰ উপনিবেশলৈ বিকশিত হৈছিল।
-
ভাৰতত শ্ৰম
ভাৰতত শ্ৰম বুলিলে ভাৰতৰ অৰ্থনীতিত থকা কৰ্মসংস্থাপনক বুজোৱা হয়। ২০২০ চনত ভাৰতত প্ৰায় ৪৭৬.৬৭ নিযুত শ্ৰমিক আছিল। এই সংখ্যা চীনৰ পিছত বিশ্বৰ দ্বিতীয় বৃহৎ কৰ্মশক্তি। ইয়াৰে কৃষি খণ্ডত ৪১.১৯ শতাংশ, উদ্যোগ খণ্ডত ২৬.১৮ শতাংশ আৰু সেৱা খণ্ডত ৩২.৩৩ শতাংশ কৰ্মশক্তি নিয়োজিত আছিল।
-
ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য
ৰাষ্ট্ৰসংঘ পৃথিৱীৰ দেশ সমূহক দুটা ভাগত ভাগ কৰিছে। উন্নত ৰাষ্ট্ৰ আৰু উন্নয়নশীল ৰাষ্ট্ৰ। ভাৰত এখন উন্নয়নশীল ৰাষ্ট্ৰ। ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য বিষয় তলত বহলে আলোচনা কৰা হল। কম জনমুৰি আয়:
-
ভাৰতীয় উপমহাদেশত কাগজৰ নোটৰ ইতিহাস
অষ্টাদশ শতিকাত বহু ইউৰোপীয় বাণিজ্যিক কম্পানীয়ে ভাৰতলৈ আগমন কৰিছিল। এই বাণিজ্যিক কম্পানীসমূহে ব্যক্তিগত বেংক স্থাপন কৰিছিল যিয়ে প্ৰথমবাৰৰ বাবে ভাৰতীয় উপমহাদেশত কাগজৰ নোট জাৰি কৰিছিল। কিন্তু সেই নোটসমূহ মূলতঃ টেক্সট্-ভিত্তিক আছিল।
-
ভাৰতীয় দহটকীয়া মুদ্ৰা
ভাৰতীয় ১০ টকীয়া মুদ্ৰা ভাৰতীয় টকাৰ এক মূল্য। ১০ টকীয়া মুদ্ৰাটো ২০০৫ চনত প্ৰৱৰ্তনৰ পিছত এয়া ভাৰতৰ দ্বিতীয় সৰ্বাধিক মূল্যৰ মুদ্ৰা হিচাপে পৰিগণিত হয়। বৰ্তমান প্ৰচলিত ১০ টকীয়া মুদ্ৰাটো ২০১৯ চনৰ ডিজাইনৰ। অৱশ্যে ২০১৯ চনৰ পূৰ্বে মুদ্ৰা কৰা পূৰ্বৰ ১০ টকাৰ মুদ্ৰাও ভাৰতত প্ৰচলিত হৈ থকা আইনী মুদ্ৰা।
-
ভাৰতীয় দুশ টকাৰ নোট
ভাৰতীয় ২০০ টকীয়া নোট (₹২০০) ভাৰতীয় টকাৰ এটা মূল্য। ২০১৬ চনৰ ভাৰতীয় বেংকনোটৰ বিমুদ্ৰাকৰণৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুন মুদ্ৰাৰ নোট ঘোষণা কৰে, সেইবোৰ হ'ল: ₹২,০০০, ₹৫০০, ₹২০০, ₹১০০, ₹৫০, ₹২০ আৰু ₹১০ টকীয়া নোট।
-
ভাৰতীয় ১০০ টকীয়া নোট
ভাৰতীয় ১০০ টকীয়া নোট হৈছে ভাৰতীয় টকাৰ এটা মূল্য। ১৯৩৫ চনত ভাৰতৰ ৰিজাৰ্ভ বেংকে ভাৰতৰ মুদ্ৰা নিয়ন্ত্ৰকৰ দায়িত্ব লোৱাৰ পিছৰেপৰা ইয়াৰ উৎপাদন অবিৰতভাৱে চলি আহিছে। বৰ্তমান প্ৰচলিত ১০০ টকাৰ বেংকনোটখন মহাত্মা গান্ধী নিউ ছিৰিজৰ এটা অংশ।
-
ভাৰতীয় ১০০০ টকীয়া নোট
ভাৰতীয় ১০০০ টকীয়া নোট (₹1000) ভাৰতীয় টকাৰ পুৰণি মূল্য। ১৯৩৮ চনত ব্ৰিটিছ শাসনৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াক প্ৰথম জাৰি কৰিছিল আৰু পিছলৈ ১৯৪৬ চনত ইয়াক বন্ধ কৰি দিয়া হৈছিল। স্বাধীনতাৰ পিছত ১৯৫৪ চনত এই মূল্য পুনৰ প্ৰৱৰ্তন কৰা হয়।