চিলন চাহ (Ceylon tea) শ্ৰীলংকাত উৎপাদিত চাহৰ এবিধ ব্ৰেণ্ড। এই শব্দটোৱে ঐতিহাসিকভাৱে সেই দেশৰ চাহকো সূচায়। চিলন চাহক কেৱল ভৌগোলিক বৰ্ণনাকাৰী হিচাপেই নহয়, শ্ৰীলংকাৰ সংস্কৃতি, ঐতিহ্য আৰু পৰিচয়ৰ ঘাইখুঁটা হিচাপেও বৰ্ণনা কৰা হৈছে।১ শ্ৰীলংকা চাহ ব’ৰ্ড চিলন চাহৰ লায়ন ল'গ' বা সিংহৰ চিহ্নৰ আইনী স্বত্বাধিকাৰী। ২০১৯ চনত শ্ৰীলংকা বিশ্বৰ চতুৰ্থ বৃহত্তম চাহ উৎপাদনকাৰী আৰু তৃতীয় বৃহত্তম চাহ ৰপ্তানিকাৰক দেশ আছিল।২ ২০১৬ চনলৈকে লায়ন ল'গ' ৯৮খন দেশত পঞ্জীয়ন কৰা হৈছে।৩ চিলন চাহৰ উৎপাদন ব্যয় মূলতঃ মজুৰি, ইন্ধনৰ মূল্য আৰু উপযোগীতা ব্যয় বাঢ়ি যোৱাৰ বাবে বৃদ্ধিৰ সন্মুখীন হ'বলগীয়া হয়।৪
পেকেজিং
চাহৰ পেকেটত লায়ন ল’গ’টো অন্তৰ্ভুক্ত হ'বলৈ হ’লে ই চাৰিটা মাপকাঠী পূৰণ কৰিব লাগিব। ল'গ'টো কেৱল গ্ৰাহকৰ পেকতহে থাকিব লাগিব, পেকটোত ১০০ শতাংশ বিশুদ্ধ চিলন চাহ থাকিব লাগিব, ইয়াক শ্ৰীলংকাত পেক কৰিব লাগিব আৰু ইয়াৰ গুণগত মান শ্ৰীলংকা চাহ ব'ৰ্ডে নিৰ্ধাৰণ কৰা মান অনুসৰি হ'ব লাগিব।৫ চিলন চাহ নিয়ন্ত্ৰিত উৎপাদনৰ বাবে স্বীকৃতিপ্ৰাপ্ত চাহ আৰু অধিক লাভ কৰিবলৈ ইয়াৰ মূল্য-পৰিশোধিত ৰূপত বিক্ৰী কৰিব লাগে। লায়ন ল'গ'ৰ ব্যৱহাৰ কেৱল অনুজ্ঞাপত্ৰপ্ৰাপ্ত কোম্পানীসমূহৰ মাজত সীমিত কৰিলে চাহৰ মানদণ্ড নিশ্চিত হ'ব আৰু প্ৰমাণিত মানৰ সামগ্ৰীৰ প্ৰশংসা কৰা অধিক গ্ৰাহকক ই আকৰ্ষণ কৰিব বুলি ধাৰণা কৰা হৈছে।৬
বজাৰ আৰু প্ৰতিযোগিতা

"বিশুদ্ধ চিলন চাহ"ৰ দৰে বিশুদ্ধ চাহৰ বজাৰক এক নিৰ্দিষ্ট বজাৰ (niche market) বুলি গণ্য কৰা হয় আৰু ই বিশ্বৰ বজাৰৰ মাত্ৰ ১০ শতাংশহে দখল কৰে।৭ তথ্য বিশ্লেষণ কৰিলে এই কথা প্ৰকাশ পায় যে শ্ৰীলংকাৰ বজাৰ অংশীদাৰিত্ব ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে। আনহাতে কেনিয়াৰ চাহৰ অংশীদাৰিত্ব অধিক হাৰত বৃদ্ধি পাই শ্ৰীলংকাৰ বজাৰ অংশীদাৰিত্বত প্ৰভাৱ পেলাই আহিছে।৮
শ্ৰীলংকাৰ চাহ ৰপ্তানিৰ ৫০ শতাংশতকৈ অধিক এতিয়াও পৰম্পৰাগত সামূহিক চাহত থকাৰ বিপৰীতে মূল্য সংযোজিত চাহ (সেউজীয়া চাহ, সোৱাদযুক্ত চাহ, জৈৱিক চাহ, তাৎক্ষণিক চাহ, আইচড টী, আৰু ৰেডি টু ড্ৰিংক টী) ৰপ্তানিয়ে মুঠ চাহ ৰপ্তানিৰ ৪০ৰ পৰা ৪৫ শতাংশ দখল কৰি আছে। কিন্তু সকলো ধৰণৰ মূল্য সংযোজিত চাহৰ সামগ্ৰীয়ে সমূহীয়া বুজন পৰিমাণৰ চাহ ৰপ্তানিতকৈ অধিক মূল্য দিয়ে।৯ চাহৰ প্ৰতি বিশ্বব্যাপী গ্ৰাহকৰ পছন্দ সলনি হৈছে আৰু সেয়েহে অধিক সুবিধাজনক চাহৰ সামগ্ৰীয়ে বিশ্বৰ বজাৰত ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰে। শ্ৰীলংকাৰ চাহ উদ্যোগৰ প্ৰতিযোগিতামূলক সুবিধা থাকিলেও আন্তঃৰাষ্ট্ৰীয় বিপণন কাৰ্য্যকলাপত জড়িত হ'ব নোৱাৰাৰ বাবে ই সুবিধাৰ সদ্ব্যৱহাৰ কৰাত অসুবিধা পায়।১০
পৃষ্ঠপোষকতা
শ্ৰীলংকা চাহ ব'ৰ্ডে শ্ৰীলংকা ক্ৰিকেটৰ সৈতে ২০১৩ চনৰ জুন মাহৰ পৰা আৰম্ভ কৰি শ্ৰীলংকা ৰাষ্ট্ৰীয় ক্ৰিকেট দল আৰু শ্ৰীলংকা মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ পৃষ্ঠপোষকতা কৰিবলৈ চুক্তিবদ্ধ হয়১১ আৰু চিলন চাহে এতিয়াও ৰাষ্ট্ৰীয় দলসমূহৰ পৃষ্ঠপোষকতা কৰি আছে।
তথ্যসূত্ৰ
- ↑ Wijesinghe, W. A. S. S. (2015). The protection on geographical indications in developing countries: The case of Ceylon tea. Balance - Multidisciplinary Law Journal. পৃ. 11
- ↑ Annual Report 2019/20. Ceylon Tea Brokers
- ↑ Annual Report 2016. parliament.lk. Sri Lanka Tea Board
- ↑ Hilal, M. H. M. (2020). Sri Lanka’s Tea Economy: Issues and Strategies. Journal of Politics and Law. পৃ. 1
- ↑ Tea from Sri Lanka. srilankabusiness.com. Sri Lanka Export Development Board
- ↑ Johnsson, S. (2016). The green gold from Sri Lanka - An explorative research of the value chain of raw material in developing countries. School of Business and Economics at Linnaeus University. পৃ. 72
- ↑ Kelegama, S. (March 2010). The case for liberalization of tea imports for increasing value addition and enhancing tea exports of Sri Lanka. Institute of Policy Studies. পৃ. 8
- ↑ Kithsiri, K.H.S. K.; Jayamanna, V.S.; Abewickrama, L. M. (June 2020). Evaluation of Competitiveness of Ceylon Tea in the World Market. Sri Lankan Journal of Agriculture and Ecosystems. পৃ. 89-98
- ↑ Herath, H.M.U.N.; De Silva, S. (2011). Strategies for Competitive Advantage in Value Added Tea Marketing. Tropical Agricultural Research. পৃ. 251-262
- ↑ Hilal, M. I. M.; Kaldeen, M. (2016). International Tea Marketing and Need for Reviving Sri Lankan Tea Industry. Journal of Management. পৃ. 36
- ↑ ‘‘Ceylon Tea’’ - The Official Overseas Sponsor of Sri Lanka Cricket. srilankateaboard.lk. Sri Lanka Tea Board
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিলন চাহ” প্ৰবন্ধৰ সংশোধন ৩৯১৪৮১ (১৩ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।