অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

চাকি

চাকি, দিয়া, দীপক, দীপ, হৈছে তেলৰ সহায়ত জ্বলোৱা একপ্ৰকাৰৰ মাটি বা ধাতুৰে তৈয়াৰী কম পোহৰৰ উৎস। চাকিৰ ধাৰক অংশত তেল বা ঘিঁউ দি কপাহৰে তৈয়াৰী শলিতাৰ সহায়ত চাকি জ্বলোৱা হয়। চাকিৰ উৎপত্তি ভাৰতবৰ্ষৰ বৈদিক সনাতনী সমাজত হোৱা বুলি ভাগৱত উল্লেখ আছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২১২ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

চাকি, দিয়া, দীপক, দীপ,১ হৈছে তেলৰ সহায়ত জ্বলোৱা একপ্ৰকাৰৰ মাটি বা ধাতুৰে তৈয়াৰী কম পোহৰৰ উৎস। চাকিৰ ধাৰক অংশত তেল বা ঘিঁউ দি কপাহৰে তৈয়াৰী শলিতাৰ সহায়ত চাকি জ্বলোৱা হয়। চাকিৰ উৎপত্তি ভাৰতবৰ্ষৰ বৈদিক সনাতনী সমাজত হোৱা বুলি ভাগৱত উল্লেখ আছে। এই চাকি ব্ৰহ্মাৰ নাভি কমল বুলি হিন্দু সমাজত প্ৰচলিত বাখ্যা বিভিন্ন পৌৰানিক কাব্যত উল্লেখ আছে। ঔ টেঙাৰ চাকিৰ ব্যৱহাৰ অসমত প্ৰথমে শ্ৰীমন্ত শংকৰদেৱে বৰদোৱা থানত ব্যৱহাৰ কৰিছিল আৰু পাছলৈ মাধৱদেৱে ঢেকীয়াখোৱা‌ বৰনামঘৰ প্ৰতিষ্ঠা কৰাৰ সময়ছোৱাত কৰা দেখা গৈছিল ২।৩ আজিকালি শিখ, বৌদ্ধ আৰু জৈন সকলে ঈশ্বৰ উপাসনাৰ বাবে চাকি জ্বলাই প্ৰাৰ্থনা কৰে। ইয়াৰোপৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠান, শুভ কৰ্মৰ আৰম্ভণি, বিবাহ, জন্মদিন, পোহৰৰ উৎসৱ দীপাৱলী আদিত চাকি জ্বলোৱা হয়।৪

প্ৰকাৰ

তামিলনাডুৰ অলংকৰিক নাচিয়াৰকইল লেম্পৰ শিৰ অংশ।
তামিলনাডুৰ অলংকৰিক নাচিয়াৰকইল লেম্পৰ শিৰ অংশ।ছবি: Portvp · CC BY-SA 3.0

সামগ্ৰী বাছনিৰ ক্ষেত্ৰত, চাকি বুলি ক'লে মাটিৰ চাকিক নিৰ্দেশ কৰা হয় যদিও একাধিক সামগ্ৰীৰে তৈয়াৰ কৰা চাকি যেনে ধাতৱীয় চাকি, (বেছিভাগ পিতল যাক চামাই বুলি জনা যায়) তথা অন্যান্য সামগ্ৰীৰ ভিতৰত পাতৰ পৰা তৈয়াৰ কৰা পাত্ৰাৱলী ওপঙা চাকি বা শিলেৰে তৈয়াৰ কৰা স্থায়ী চাকি আদিও প্ৰচলিত। চাকিৰ ডিজাইনৰ ক্ষেত্ৰত, এডাল শলীতা জ্বলাব পৰাকৈ প্ৰস্তুত কৰা চাকি সচৰাচৰ ব্যৱহাৰ হয়, ইয়াৰোপৰি দুই বা অধিক দিশৰ পৰা একেটা চাকিতে শলীতা জ্বলাব পৰাকৈ কেইবামুখি চাকিও তৈয়াৰ কৰা হয়। সামগ্ৰিক লেম্প ডিজাইনৰ ক্ষেত্ৰত, শোভাময় চাকিবোৰ বিভিন্ন ডিজাইন থাকে। প্ৰতীকী নাচিয়াৰকইল লেম্প (যাক "অন্নম লেম্প" বুলিও জনা যায়) তামিলনাডুৰ নাচিয়াৰ কইলৰ পাথৰ (কামমালাৰ) সম্প্ৰদায়ৰ দ্বাৰা প্ৰস্তুত কৰা হয়।৫৬

তথ্যসূত্ৰ

  1. ↑ (2008). Sacred Places of a Lifetime. National Geographic Society. পৃ. 270. ISBN 978-1-4262-0336-7
  2. ↑ শ্ৰীমন্ত শঙ্কৰদেৱে বৰদোৱা থানত ব্যৱহাৰ কৰিছিল এই চাকি অসমত পোন প্ৰথমবাৰৰ বাবে। মাধৱ দেৱে ঢেকীয়াখোৱা বৰনামঘ প্ৰতিষ্ঠা কৰাৰ সময়ত ঔ টেঙাৰ চাকি ব্যৱহাৰ কৰিছিল।
  3. ↑ বেদ,ঊপনিষদ,পদ্ম পুৰাণ
  4. ↑ Diwali: Significance of a Diya. Zee Media Corporation Ltd
  5. ↑ PM Narendra Modi gifts Xi Jinping Annam lamp, Times of India, 11 october 2019
  6. ↑ Makarand Shantaram Karandikar - Collected 1000+ Diya Set a World Record, World Records India, 09 november 2020

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাকি” প্ৰবন্ধৰ সংশোধন ৬৩১৯১১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।