কৃষি
২৪ প্ৰবন্ধ
-
কৃষি
কৃষি হ'ল জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় জীৱ-জন্তু, পক্ষী, উদ্ভিদ তথা অন্যান্য জীৱ ভিত্তিক খাদ্য নাইবা পণ্যৰ উৎপাদন প্ৰণালী। ইয়াক খেতি বুলিও কোৱা হয়। কৃষি আদিম মানৱ সভ্যতাৰ বিকাশৰ এক চালিকা শক্তি।
-
মৰাপাট
মৰাপাট হৈছে এক দীঘল, খহটা, চিকমিকীয়া বাকলি আঁহ যাক সূতা কাটি শক্তিশালী, মোটা সূতা তৈয়াৰ কৰিব পাৰি। ই Malvaceae পৰিয়ালৰ Corchorus গণৰ পুষ্পী উদ্ভিদৰপৰা উৎপন্ন হয়। আঁহৰ মূল উৎস হৈছে Corchorus olitorius, কিন্তু এনে আঁহক Corchorus capsularisৰপৰা পোৱা আঁহতকৈ নিম্নমানৰ বুলি গণ্য কৰা হয়।
-
কীটনাশক
কীটনাশক হৈছে বিষাক্ত পদাৰ্থ যিয়ে পোক-পৰুৱা বিনাশ কৰাত সহায় কৰে। ৰাসায়নিক কীটনাশক মূলতঃ পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ প্ৰয়োগে পোক-পৰুৱাৰ কণী আৰু পলু ধ্বংস কৰে। কৃষিকে ধৰি চিকিৎসা, উদ্যোগিক আৰু ঘৰুৱা কামত প্ৰয়োগ কৰা হয়।
-
জোৱাৰ
জোৱাৰ (Sorghum, হিন্দী: বজ্ৰা, বৈজ্ঞানিক নাম: Sorghum bicolor) খেতি কৰা হয় মানুহৰ খাদ্য, পশুৰ খাদ্য, ইথানল উৎপাদন, সুৰা প্ৰস্তুত কৰা আদি বিভিন্ন কামৰ বাবে। ই একবৰ্ষীয় উদ্ভিদ। জোৱাৰৰ উৎপত্তি আফ্ৰিকাত হৈছিল, আৰু বৰ্তমান ইয়াৰ খেতি গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অঞ্চলত ব্যাপকভাৱে কৰা হয়।
-
জলসিঞ্চন
জলসিঞ্চন হৈছে কৃষি উৎপাদনৰ বাবে কৃত্ৰিমভাবে মাটিত পানী দিয়াৰ ব্যবস্থা। স্বল্প বৃষ্টি আৰু অনাবৃষ্টিৰ সময়ত পানীৰ অভাৱত কৃষি উৎপাদন যাতে বাধাগ্ৰস্থ নহয় তাৰবাবে উদ্ভিদৰ বৃদ্ধি নিশ্চিত কৰিবলৈ কৃত্ৰিমভাবে মাটিত এই পানী সৰবৰাহ কৰা হয়।
-
ঝুম খেতি
ঝুম বা ঝুম খেতি উত্তৰ-পূব ভাৰতৰ কিছুমান বিশেষ অঞ্চলত আৰু বাংলাদেশৰ চিট্টাগং পাহাৰীয়া অঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে কৰা কটা-পোৰা কৃষি পদ্ধতিৰ এটা ৰূপ। ই এক পৰম্পৰাগত কৃষি কৌশল।
-
নাঙল
নাঙল হৈছে ভাৰতৰ আদিম কৃষি যন্ত্ৰ। ই সাধাৰণত কৃষি কাৰ্যত ব্যৱহাৰ হোৱা এক ধৰণৰ যন্ত্ৰ। বীজ অথবা পুলি ৰোপণৰ বাবে মাটি তৈয়াৰি কৰিবলৈ নাঙল ব্যৱহাৰ কৰা হয়। কৃষি কাৰ্যত ব্যৱহৃত ই অন্যতম পুৰাতন যন্ত্ৰ।
-
খাদ্যশস্য
খাদ্যশস্য (Cereal) বা হৈছে ঘাঁহ জাতীয় উদ্ভিদৰ এনে বীজ যাক খাদ্যৰূপে ব্যৱহাৰ কৰা হয়। এই শস্যবোৰ Poaceae বা Gramineae পৰিয়ালৰ অন্তৰ্গত উদ্ভিদৰ পৰা আহে। খাদ্যশস্য বিশ্বজনীনভাৱে মানৱ জাতিৰ বাবে শক্তিৰ মুখ্য উৎস হিচাপে বিবেচিত।
-
নবান্ন
নবান্ন হৈছে বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰা আৰু অসমৰ বৰাক উপত্যকাত পালন কৰা কৃষিভিত্তিক উৎসৱ। এই উৎসৱ সাধাৰণতে খাদ্য আৰু নৃত্য-সংগীতেৰে উদ্যাপন কৰা হয়। এই উৎসৱত পিঠাৰ দৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰা হয়। এই উৎসৱ অসমৰ ন-খোৱা আৰু ওড়িশাৰ নুৱাখাইৰ সমপৰ্যায়ৰ।
-
অসমৰ কুঁহিয়াৰ শাল
অসমত সৰহীয়া কুঁহিয়াৰৰ খেতিয়কে ঘৰুৱাভাৱে গুৰ প্ৰস্তুত কৰোঁতে কুঁহিয়াৰৰ ৰস চেপিবলৈ পৰম্পৰাগত ভাৱে এই প্ৰৱন্ধত উল্লেখ কৰা কুঁহিয়াৰ শালখন ব্যৱহাৰ কৰে। অৱশ্যে যান্ত্ৰিকীকৰণৰ ফলত এসময়ত উজনি অসমৰ অনেক খেতিয়কে ব্যৱহাৰ কৰা এই শালখনৰ গুৰুত্ব আজিকালি প্ৰায় লোপ পাইছে।
-
এদায়ুৰ জলকীয়া
এদায়ুৰ জলকীয়া (ইংৰাজী: Edayur chilli) হৈছে মূলতঃ ভাৰতৰ কেৰালা ৰাজ্যত খেতি কৰা এক প্ৰকাৰৰ জলকীয়া। এদায়ুৰ জলকীয়া এবিধ স্থানীয় জাত, যাৰ খেতি প্ৰধানকৈ কেৰালাৰ মালাপ্পুৰম জিলাৰ কিছুমান নিৰ্দিষ্ট অঞ্চলত কৰা হয়।
-
মৰণা মৰা
মৰণা মৰা হৈছে শস্যৰ পৰা বীজ পৃথকীকৰণৰ এক প্ৰক্ৰিয়া। কৃষিজীৱি মানুহে পথাৰৰ পৰা শস্য কাটি আনি বিভিন্ন উপায়েৰে শস্যৰ গা-গছৰ পৰা গুটি বাহিৰ কৰি ভঁৰালত থয়। অসম কৃষিপ্ৰধান ৰাজ্য।
-
অসমৰ ধান খেতিৰ সঁজুলিসমূহ
অতীজৰে পৰাই অসমীয়া মানুহে খেতিৰ লগত জড়িত হৈ আহিছে, কৃষি কৰ্মৰ লগত জড়িত কিছু সঁজুলিৰ হ'ল নাঙল আৰু যুঁৱলি, লাহনি, ওখোন আদি।
-
ইণ্ডোনেছিয়াত ধান উৎপাদন
ইণ্ডোনেছিয়াত ধান উৎপাদন ৰাষ্ট্ৰীয় অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ। ইণ্ডোনেছিয়া বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম ধান উৎপাদনকাৰী দেশ। ইণ্ডোনেছিয়াৰ খাদ্যত চাউল প্ৰধান খাদ্য, গড় খাদ্যৰ আধাতকৈ অধিক কেলৰিৰ পৰিমাণ আৰু ১৯৮০ চনৰ শেষৰ ফালে প্ৰায় ২ কোটি পৰিয়ালৰ অৰ্থাৎ প্ৰায় ১০ কোটি লোকৰ জীৱিকাৰ উৎস।
-
খলিহৈ
খলিহৈ (ইংৰাজী: Mustard Oil Cake বা Mustard Cake) হৈছে সৰিয়হ গুটিৰ পৰা তেল উলিওৱাৰ পাছত অৱশিষ্ট থকা পদাৰ্থ। এই জৈৱিক উপজাত দ্ৰব্যটো জৈৱিক সাৰ আৰু পশু-পক্ষীৰ খাদ্য হিচাপে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। সৰিয়হ খলিহৈত উচ্চ মানৰ প্ৰ'টিন, নাইট্ৰ'জেন, ফছফ'ৰাছ আৰু পটেছিয়াম থাকে।
-
গুণ্টুৰ জলকীয়া
গুণ্টুৰ জলকীয়া হৈছে ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ আৰু প্ৰকাশম জিলাত উৎপাদিত জলকীয়াৰ এক প্ৰকাৰ। এই জলকীয়াবোৰ বিশ্বব্যাপী প্ৰসিদ্ধ আৰু ভাৰতৰ পৰা এছিয়াৰ অন্যান্য দেশ, কানাডা আৰু ইউৰোপলৈ ৰপ্তানি কৰা হয়।
-
নেপালৰ কৃষি
নেপালৰ কৃষি নেপালৰ অৰ্থনীতিত কৃষিয়ে আধিপত্য বিস্তাৰ কৰিছে। ১৯৮০ চনৰ শেষৰ ফালে ই ৯০%তকৈ অধিক জনসংখ্যাৰ জীৱিকাৰ ব্যৱস্থা কৰিছিল। কিন্তু মুঠ মাটিৰ প্ৰায় ২০%হে খেতি কৰিব পৰা আছিল।৫ কৃষি খণ্ড ৰাষ্ট্ৰীয় অৰ্থনীতিৰ মেৰুদণ্ড হৈয়েই আছে।
-
পাকিস্তানৰ ধান উৎপাদন
পাকিস্তানৰ ধান উৎপাদন বিশ্বৰ ধানৰ বজাৰত পাকিস্তানে উল্লেখযোগ্য স্থান দখল কৰাৰ লগতে ধান উৎপাদনকাৰী দেশসমূহৰ ভিতৰত অন্যতম। ধান খণ্ডই দেশৰ অৰ্থনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ, জনসংখ্যাৰ এক বুজন অংশক জীৱিকাৰ যোগান ধৰাৰ লগতে কৃষি ৰপ্তানিত যথেষ্ট অৰিহণা যোগায়। পাকিস্তান বিশ্বৰ দশম বৃহত্তম ধান উৎপাদনকাৰী দেশ।
-
পুষ্প-শস্য বিজ্ঞান
পুষ্প-শস্য বিজ্ঞান (Floriculture, floris + culture-ৰপৰা উৎপত্তিপ্ৰাপ্ত) বা ফ্লʼৰিকালচাৰ হৈছে দৃষ্টিনন্দন, বৰ্ণিল তথা ভক্ষণযোগ্য পুষ্প আৰু পত্ৰ উৎপাদনকাৰী উদ্ভিদসমূহৰ দক্ষ উৎপাদন সম্পৰ্কীয় বিজ্ঞানসন্মত অধ্যয়ন। ই সমগ্ৰ বিশ্বতে প্ৰচলিত উদ্যানবিদ্যা আৰু কৃষিকৰ্মৰ এক বাণিজ্যিকভাৱে সফল শাখা।
-
পোক্কালি ধান
পোক্কালি (ইংৰাজী: Pokkali) হৈছে এবিধ একক লৱণাক্ততা সহনশীল ধানৰ জাত। দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ আলাপ্পুঝা, কোট্টায়াম, ত্ৰিশূৰ আৰু এৰ্নাকুলাম জিলাৰ জলমগ্ন উপকূলীয় অঞ্চলৰ প্ৰায় ৫০০০ হেক্টৰ মাটিত এক জৈৱিক পদ্ধতিৰে ব্যাপক জলজ পালন ব্যৱহাৰ কৰি ইয়াৰ খেতি কৰা হয়।
-
ভাৰতত ঘেঁহু উৎপাদন
ভাৰতৰ আটাইতকৈ বেছি ঘেঁহু উৎপাদন হয় ইণ্ডো-গংগা সমভূমিৰ উত্তৰ-পশ্চিম অংশত। ভাৰত হৈছে বিশ্বৰ দ্বিতীয় বৃহৎ ঘেঁহু উৎপাদক দেশ। জলবায়ু পৰিৱৰ্তনে ভাৰতৰ ঘেঁহু উৎপাদনত প্ৰভাৱ পেলাইছে। ভাৰতে ঘেঁহু ৰপ্তানি নিষিদ্ধ কৰিছে।
-
ভাৰতৰ কৃষিক্ষেত্ৰত মহিলা
ভাৰতৰ এক বৃহৎ অংশৰ জনসংখ্যাই কৃষিৰ দ্বাৰা জীবিকা অৰ্জন কৰে।উত্তৰত, সিন্ধু উপত্যকা, ব্ৰহ্মপুত্ৰ অঞ্চল আৰু গঙ্গা, আৰু লগতে বাৰিষা ঋতু, এই সকলোখিনি মিলি এক গুৰুত্বপূৰ্ণ কৃষিক্ষেত্ৰৰ সৃষ্টি কৰিছে। ২০১১ চনৰ বিশ্ব বেঙ্কৰ তথ্যৰ মতে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) মাত্ৰ ১৭.৫% কৃষি উৎপাদনৰ দ্বাৰা হয়।
-
ভাৰতৰ দুগ্ধ খণ্ড
ভাৰতীয় সমাজৰ খাদ্য, ধৰ্ম, সংস্কৃতি, অৰ্থনীতিকে ধৰি বহুতো দিশত দুগ্ধজাত সামগ্ৰীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে। ভাৰতত বিশ্বৰ সৰ্বাধিক দুগ্ধজাত সামগ্ৰী আছে য’ত ৩০০ মিলিয়নতকৈ অধিক গৰু আছে, য’ত ১৯ কোটি টনতকৈ অধিক গাখীৰ উৎপাদন হয়। গাখীৰ উৎপাদন আৰু ব্যৱহাৰ দুয়োটা দিশতে সকলো দেশৰ ভিতৰত ভাৰত প্ৰথম।
-
ভূটানৰ কৃষি
ভূটানৰ খেতি ভূটানৰ অৰ্থনীতিত ভূটানৰ কৃষিৰ প্ৰধান ভূমিকা আছে। ২০০০ চনত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ৩৫.৯% কৃষিৰ অংশ আছিল। জিডিপিত কৃষি খণ্ডৰ অংশ ১৯৮৫ চনত প্ৰায় ৫৫%ৰপৰা ২০০৩ চনত ৩৩%লৈ হ্ৰাস পায়। ভূটানত চৰাই-চিৰিকটি আৰু কৃষি স্বাভাৱিকতে জীৱিকাৰ পৰিপূৰক পদ্ধতি।