হিচাপবিদ্যা
৬ প্ৰবন্ধ
-
হিচাপবিদ্যা
হিচাপবিদ্যা বা হিচাপশাস্ত্ৰ (accounting বা accountancy) হ’ল অংশীদাৰ, পাওনাদাৰ, বেংক, চৰকাৰ আদিৰ সুবিধাৰ্থে বিত্তীয় তথ্যপাতি সংগ্ৰহ, তালিকাভুক্তি, শ্ৰেণীবিভাগ আৰু উপস্থাপন কৰা৷ ব্যৱসায়ৰ তথ্যপাতিসমূহ প্ৰকাশ কৰাৰ কিছুমান মাধ্যম থাকিলেও হিচাপবিদ্যাকে মুখ্য প্ৰচলিত নিয়ম হিচাপে স্বীকৃতি দিয়া হয়।
-
উদ্বৃত্তপত্ৰ
বিত্তীয় হিচাপকৰণত উদ্বৃত্তপত্ৰ বা বেলেঞ্চ শ্বিট (Balance sheet) হৈছে কোনো একক ব্যৱসায়, অংশীদাৰী ব্যৱসায়, কোম্পানী অথবা অন্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিত্তীয় স্থিতিসমূহৰ এক সংক্ষিপ্ত ৰূপ।
-
বাজেট
বাজেট (Budget) হৈছে এক নিৰ্ধাৰিত ম্যাদৰ (সাধাৰণতে এবছৰ) বাবে এক বিত্তীয় পৰিকল্পনা। ইয়াত পৰিকল্পিত বিক্ৰী-পৰিমাণ আৰু ৰাজহ, সম্পদৰ পৰিমাণ, খৰচ আৰু ব্যয়, সম্পত্তি, দায়বদ্ধতা বা লায়েবিলিটি আৰু নগদ প্ৰবাহ (কেশ্ব ফ্লো) অন্তৰ্ভুক্ত থাকিব পাৰে।
-
অ'ডিট
অ'ডিট বা হিচাপ পৰীক্ষণ হৈছে কোনো এক লাভকাৰী বা অলাভকাৰী প্ৰতিষ্ঠানৰ, আকাৰ বা আইনগত প্ৰকাৰৰ ভেদ নোহোৱাকৈ, কোনো মতামত দিবৰ উদ্দেশ্যেৰে চলোৱা বিত্তীয় তথ্য আৰু হিচাপ-পত্ৰসমূহৰ এক স্বতন্ত্ৰ পৰীক্ষণ কাৰ্য।
-
অৱক্ষয় (একাউণ্টিং)
হিচাপবিদ্যা বা একাউণ্টেঞ্চিত অৱক্ষয় (Depreciation) বা মূল্যহ্ৰাস হৈছে ব্যৱসায় এটাত ব্যৱহাৰ কৰা সম্পত্তি বা সম্পদ এটাৰ মূল্য হ্ৰাস হোৱা কাৰ্য। অৱক্ষয়ৰ ধাৰণাটোৰ দুটা দিশ আছে: প্ৰথমতে, সম্পদ এটাৰ ন্যায্য মূল্যৰ প্ৰকৃত হ্ৰাস, যেনে ব্যৱহাৰ কৰি থকাৰ বাবে প্ৰতি বছৰে কাৰখানাৰ সঁজুলি বা যন্ত্ৰ-পাতিৰ…
-
বিত্তীয় বৰ্ষ
চৰকাৰী হিচাপকৰণ বা গভৰ্ণমেণ্ট একাউণ্টিংত বাজেটৰ উদ্দেশ্যেৰে এক বিত্তীয় বৰ্ষ (Financial Year) (বা বাজেট বৰ্ষ) নিৰ্ধাৰণ কৰা হয়। দেশ অনুযায়ী এই বৰ্ষৰ আৰম্ভণি আৰু শেষ দিন পৃথক হয়। ইয়াক ব্যৱসায় আৰু অন্যান্য সংগঠনৰ দ্বাৰা বিত্তীয় প্ৰতিবেদনৰ বাবেও ব্যৱহাৰ কৰা হয়।