তৈল উদ্যোগ
৪ প্ৰবন্ধ
-
পাম তেল
পাম তেল ( Palm Oil)পামৰ ফলৰ ৰঙা ৰঙৰ ৰসাল আঁহৰ পৰা আহৰণ কৰা এবিধ উদ্ভিদজাত খোৱা তেল। খাদ্য প্ৰস্তুত, সৌন্দৰ্য সামগ্ৰী, জৈৱ ইন্ধন হিচাপে এই তেল ব্যৱহাৰ কৰা হয়। ২০১৪ চনত তৈলজাত শস্যৰ পৰা উৎপাদিত সমগ্ৰ বিশ্বৰ মুঠ তেলৰ প্ৰায় ৩৬% তেল পাম তেলৰ তেল আছিল।
-
বাৰ্মা অইল কোম্পানী
বাৰ্মা অইল কোম্পানী (Burmah Oil Company) এক আগশাৰীৰ ব্ৰিটিছ তেল কোম্পানী আছিল। ই এসময়ত এফ টি এছ ই ১০০ সূচকাংকৰ এটা গঠনকাৰী একক আছিল। ১৯৬৬ চনত বাৰ্মায়ে কেষ্ট্ৰল অধিগ্ৰহণ কৰে আৰু ইয়াৰ নাম বাৰ্মাহ-কেষ্ট্ৰল ৰখা হয়। ২০০০ চনত বি পি আমোকোৱে কোম্পানীটো ক্ৰয় কৰিছিল।
-
পাম্পজেক
পাম্পজেক (Pumpjack) খাৰুৱা তেল কূপৰ বাবে ভূপৃষ্ঠত অৱস্থিত পাৰস্পৰিক পিষ্টন পাম্পযুক্ত অভাৰগ্ৰাউণ্ড ড্ৰাইভ। মাটিৰ তলৰ পৰা তৰল পদাৰ্থক যান্ত্ৰিকভাৱে ওপৰলৈ তুলিবলৈ পাম্পজেক ব্যৱহাৰ কৰা হয়। যেতিয়া ভূপৃষ্ঠলৈ বৈ যাবলৈ পৰ্যাপ্ত চাপ নাথাকে তেনেক্ষেত্ৰত পাম্পজেক বহুলভাৱে ব্যৱহৃত হয়।
-
মহীশূৰ চন্দন তেল
মহীশূৰ চন্দন তেল ভাৰতৰ কৰ্ণাটকৰ মহীশূৰ জিলাৰ চান্টালুম এলবাম জাতৰ চন্দন কাঠৰ পৰা আহৰণ কৰা ট্ৰেডমাৰ্কযুক্ত সুগন্ধি তেল।