অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

চীনা কাগজ ভাঁজ কৰাৰ শিল্প

চীনা কাগজ ভাঁজ শিল্প (Chinese paper folding) , বা ঝে-ঝি, হৈছে মধ্যযুগীয় চীনত উৎপত্তি হোৱা কাগজ ভাঁজ কৰাৰ এক শিল্পকলা। ২০শ শতিকাৰ জাপানী কাগজ শিল্পী আকিৰা য়োশিজাৱাৰ কৰ্মই জাপানী শব্দ অৰিগামিক ব্যাপক জনপ্ৰিয়তা প্ৰদান কৰে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৫০০ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

চীনা কাগজ ভাঁজ শিল্প (Chinese paper folding) , বা ঝে-ঝি, হৈছে মধ্যযুগীয় চীনত উৎপত্তি হোৱা কাগজ ভাঁজ কৰাৰ এক শিল্পকলা।

২০শ শতিকাৰ জাপানী কাগজ শিল্পী আকিৰা য়োশিজাৱাৰ কৰ্মই জাপানী শব্দ অৰিগামিক ব্যাপক জনপ্ৰিয়তা প্ৰদান কৰে। অৱশ্যে চীন আৰু অন্যান্য চীনা ভাষী অঞ্চলত এই শিল্পক চীনা নাম ঝে-ঝি নামেৰে জনা যায়। পৰম্পৰাগত চীনা কাগজ ভাঁজ শিল্পত জাপানী অৰিগামিৰ দৰে জীৱ-জন্তু আৰু ফুলৰ আকৃতিৰ পৰিৱৰ্তে মূলতঃ নাও বা টুপীৰ দৰে জড় বস্তুৰ আকৃতি ভাঁজ কৰাত গুৰুত্ব দিয়া হয়। শেহতীয়া সময়ৰ এক নতুন সংযোজন হৈছে গল্ডেন ভেন্সাৰ ৰ প্ৰব্ৰজনকাৰীসকলৰ সৈতে জড়িত বৃহৎ প্ৰতিনিধিত্বমূলক বস্তু, যিবোৰ মডিউলাৰ কাগজ ভাঁজ পদ্ধতিৰে নিৰ্মাণ কৰা হয়।

ইতিহাস

কাগজ প্ৰথমে ছাই লুনে পূব হান বংশৰ সময়ত উদ্ভাৱন কৰিছিল। ষষ্ঠ শতিকাত বৌদ্ধ সন্ন্যাসীসকলে কাগজ জাপানলৈ লৈ যায়।১ কাগজ ভাঁজ কৰাৰ প্ৰাচীনতম নথিভুক্ত প্ৰমাণ হিচাপে ১৪৯০ চনত জোহানেছ ডি চেক্ৰ'বসস্কৰ Tractatus de sphaera mundi গ্ৰন্থৰ এটা সংস্কৰণত সৰু কাগজৰ নাওৰ ছবি পোৱা যায়। অৱশ্যে ইয়াৰ বহু আগতেই [[চীন] আৰু জাপানত ধৰ্মীয় বা আনুষ্ঠানিক উদ্দেশ্যে কাগজ ভাঁজ কৰাৰ প্ৰচলন আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হয়।

চীনত পৰম্পৰাগত অন্ত্যেষ্টিক্ৰিয়াত ভাঁজ কৰা কাগজ জ্বলাই দিয়াৰ প্ৰথা আছে। ইয়াত সাধাৰণতে সোণৰ টুকুৰা বা ইউয়ানবাওৰ প্ৰতীকী আকৃতি ব্যৱহাৰ কৰা হয়। চীনত কাগজ ক্ৰমান্বয়ে জনপ্ৰিয় আৰু সুলভ হৈ অহাৰ লগে লগে এই প্ৰথাৰ আৰম্ভণি হৈছিল বুলি অনুমান কৰা হয় আৰু ছং বংশৰ সময়ত (৯০৫–১১২৫ খ্ৰীষ্টাব্দ) ই যথেষ্ট সাধাৰণ হৈ পৰিছিল।২

জাপানত শিণ্টো বিবাহ অনুষ্ঠানত কাগজৰ পখিলা ব্যৱহাৰ কৰি দৰা-কইনাক প্ৰতিনিধিত্ব কৰা হৈছিল। সেয়েহে জাপানৰ ইতিহাসৰ হেইয়ান যুগ (৭৯৪–১১৮৫)ৰ সময়লৈকে আনুষ্ঠানিক কাগজ ভাঁজ এক গুৰুত্বপূৰ্ণ পৰম্পৰাত পৰিণত হৈছিল বুলি ধাৰণা কৰা হয়।৩

প্ৰাৰম্ভিক গুৰুত্বপূৰ্ণ প্ৰকাশন

মেয়িং ছুঙৰ ১৯৪৮ চনত প্ৰকাশিত দ্য আৰ্ট অৱ চাইনীজ পেপাৰ ফল্ডিং নামৰ গ্ৰন্থখনে ২০শ শতিকাত বিনোদনমূলক কাগজ ভাঁজ শিল্পক জনপ্ৰিয় কৰি তোলাত সহায় কৰিছিল। এই গ্ৰন্থখন সম্ভৱতঃ চীনা আৰু জাপানী কাগজ ভাঁজ শিল্পৰ মাজৰ পাৰ্থক্য স্পষ্টভাৱে দেখুওৱা প্ৰথম গ্ৰন্থসমূহৰ এখন। চীনাসকলে মূলতঃ নাও বা পেগোডাৰ দৰে জড় বস্তুৰ আকৃতি ভাঁজ কৰাত গুৰুত্ব দিছিল, আনহাতে জাপানীসকলে বগলীৰ দৰে জীৱন্ত বস্তুৰ আকৃতি উপস্থাপন কৰিছিল।৪

গ্ৰন্থখনত কেইবাটাও সৰল পৰম্পৰাগত নক্সা সন্নিৱিষ্ট কৰা হৈছিল, যাৰ কিছুমান আন দেশৰ কাগজ ভাঁজৰ পৰম্পৰাতো দেখা যায়। ইয়াৰ কেইবাটাও আৰ্হি ব্লিণ্টজ বেচ নামৰ এক ভাঁজ পদ্ধতিৰে নিৰ্মাণ কৰা হৈছিল, যি পৰম্পৰাগত ইউৰোপীয় আৰু জাপানী কাগজ ভাঁজ শিল্পতো সাধাৰণ। Old Scholar's Hat এই গ্ৰন্থত সন্নিৱিষ্ট প্ৰাচীন চীনা আৰ্হিসমূহৰ অন্যতম।

ত্ৰিমাত্ৰিক অৰিগামি

১৯৯৩ চনত গল্ডেন ভেন্সাৰ নামৰ জাহাজখনত থকা এদল চীনা শৰণাৰ্থীক আটক কৰি আমেৰিকাৰ এখন কাৰাগাৰত ৰখা হৈছিল। তাত তেওঁলোকে আলোচনীৰ বেটুপাত আদি সামগ্ৰী ব্যৱহাৰ কৰি পৰম্পৰাগত চীনা মডিউলাৰ কাগজ ভাঁজ পদ্ধতিক পেপিয়ে-মাশেৰ এক পদ্ধতিৰ সৈতে সংযুক্ত কৰি জটিল আৰ্হি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। এই আৰ্হিসমূহ শৰণাৰ্থীসকলক সহায় কৰা লোকসকলক দিয়া হৈছিল আৰু দাতব্য পুঁজি সংগ্ৰহৰ বাবেও বিক্ৰী কৰা হৈছিল। শৰণাৰ্থীসকলৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিয়ে পৰম্পৰাগত চীনা মডিউলাৰ কাগজ ভাঁজ শিল্পক বিশ্বজুৰি জনপ্ৰিয় কৰাত সহায় কৰে। এই পদ্ধতিটো পিছলৈ গল্ডেন ভেন্সাৰ ফল্ডিং নামেৰে পৰিচিত হয়।৫

এই ধৰণৰ মডিউলাৰ কাগজ ভাঁজ প্ৰায়ে চীনা কাগজৰ মুদ্ৰাৰ সহায়ত কৰা হয়। ১:২ অনুপাতৰ কাগজৰ একাধিক টুকুৰা ত্ৰিভুজাকাৰ কৰি ভাঁজ কৰা হয় আৰু এটা ত্ৰিভুজৰ ফ্লেপ পৰৱৰ্তী ত্ৰিভুজটোৰ এটা পকেটত সুমুৱাই সেইবোৰ সংযোগ কৰা হয়। জনপ্ৰিয় আকৃতিসমূহৰ ভিতৰত আনাৰস, ৰাজহাঁহ আৰু জাহাজ উল্লেখযোগ্য। এই মডিউলাৰ কাগজ ভাঁজ পদ্ধতিক সাধাৰণতে "3D origami" বুলি কোৱা হয়।

চাৰিৰঙী কাৰ্ড ব্যৱহাৰ কৰি নিৰ্মাণ কৰা 3D origami
চাৰিৰঙী কাৰ্ড ব্যৱহাৰ কৰি নিৰ্মাণ কৰা 3D origamiছবি: Outlookxp · CC BY-SA 3.0

বাহ্যিক সংযোগ

  • "Origami" at chine-culture.com. Retrieved 9 October 2016.

তথ্যসূত্ৰ

  1. ↑ Robinson, Nick (2004). The Origami Bible, p. 10
  2. ↑ Laing, Ellen Johnston. (2004). Up In Flames. Stanford University Press. ISBN 978-0-8047-3455-4
  3. ↑ Raffaele Leonardi. (1997). A brief history of origami. Centro Diffusione Origami
  4. ↑ Pang, Kevin. (1 August 2023). The History of origami and paper folding. Zenfolds
  5. ↑ Origami-rs. "Origami-rs ." Golden Venture Folding. Retrieved on 24 May 2007

সম্পৰ্কিত শ্ৰেণী

চীনা সংস্কৃতিচীনৰ লোকশিল্প

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চীনা কাগজ ভাঁজ কৰাৰ শিল্প” প্ৰবন্ধৰ সংশোধন ৬৩৯৯১৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।