ভাৰতীয় লোকশিল্প
৯ প্ৰবন্ধ
-
পট্টচিত্ৰ
পটচিত্ৰ বা পট্টাচিত্ৰ হৈছে পৰম্পৰাগত, কাপোৰত স্ক্ৰল চিত্ৰকলাৰ জৰিয়তে প্ৰস্তুত কৰা এক কাৰুকাৰ্য। এই কলা পূব ভাৰতৰ ৰাজ্য ওড়িশা, পশ্চিম বংগ আৰু বাংলাদেশৰ কিছু অংশত দেখিবলৈ পোৱা যায়। পটচিত্ৰ শিল্পৰূপ ইয়াৰ জটিল বিৱৰণৰ লগতে ইয়াত লিপিবদ্ধ পৌৰাণিক আখ্যান আৰু লোককথাৰ বাবে জনাজাত।
-
ফুলকাৰী
ফুলকাৰী(Phulkari ,Gurmukhi: ਫੁਲਕਾਰੀ; Shahmukhi: پھلکاری) দক্ষিণ এছিয়াৰ পঞ্জাব অঞ্চল আৰু সিন্ধৰ গুলকাৰীৰ লোক এম্ব্ৰয়ডাৰীক বুজায়। যদিও ফুলকাৰিৰ অৰ্থ হৈছে 'ফুলৰ কাম', ডিজাইনসমূহত কেৱল ফুলেই নহয়, আৱৰণৰ মটিফ আৰু জ্যামিতিক আকৃতিও অন্তৰ্ভুক্ত কৰা হৈছে।
-
কলমকাৰী
কলমকাৰী (Kalamkari) হ'ল হাতেৰে অঁকা বা ব্লক-প্ৰিণ্টেড কটন টেক্সটাইল, যি ইচফাহান আৰু ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলঙ্গানাত উৎপাদিত হয়। কেৱল প্ৰাকৃতিক ভাবে উৎপাদিত ৰং আৰু ৰঞ্জকহে কলমকাৰীত প্ৰয়োগ হয়। এইবোৰ তেইশটা প্ৰক্ৰিয়াৰ মাজেৰে তৈয়াৰ হয়।
-
চিত্ৰকথি
চিত্ৰকথি হৈছে এনে এটা বৃত্তিগত জাতিৰ নাম, যাৰ পৰম্পৰাগত জীৱিকা আছিল বিভিন্ন ঠাইত প্ৰবাস কৰা ছবিৰ সহায়ত কাহিনী কোৱা।
-
চিতৰি শিল্প
চিতৰি শিল্প (Chitari art) হ'ল স্থানীয় ধৰ্মীয় আৰু সাংস্কৃতিক উৎসৱৰ লগত ওতপ্ৰোতভাৱে জড়িত গোৱাৰপৰা অহা এক পৰম্পৰাগত লোকশিল্প। ইয়াৰ স্পন্দনশীল ৰং আৰু জটিল ডিজাইনৰদ্বাৰা চিহ্নিত চিতাৰী শিল্পই ৰাজহুৱা উদ্যাপনসমূহক সজ্জিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, বিশেষকৈ গণেশ চতুৰ্থীৰ দৰে উৎসৱৰ সময়ত।
-
জনজাতীয় মহিলা শিল্পী সমবায়
জনজাতীয় মহিলা শিল্পী সমবায় (Tribal Women Artists Cooperative, সংক্ষেপে TWAC) প্ৰথমে ১৯৯৩ চনত বুলু ইমামে প্ৰতিষ্ঠা কৰিছিল। এই সমবায়খন অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্ত, নতুন দিল্লীৰ পুঁজিৰে চলা এটা জনজাতীয় কলা প্ৰকল্পৰপৰা গঢ় লৈ উঠিছিল।
-
সিন্ধৰ সমাধি চিত্ৰ
সিন্ধৰ সমাধি চিত্ৰ (Tomb paintings of Sindh) হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ সমাধিৰ মাজত সিঁচৰতি হৈ থকা চিত্ৰ। দেৱাল চিত্ৰসমূহ মূলতঃ কাম্বাৰ-ছাহদাদকোট জিলাৰ শ্বাহদাদকোট তহচিলত পোৱা যায় যদিও দাদু আৰু সংঘৰ আৰু সিন্ধৰ অন্যান্য জিলাতো পোৱা যায়।
-
সোহৰাই আৰু খোভাৰ চিত্ৰকলা
সোহৰাই আৰু খোভাৰ হৈছে ভাৰতৰ পূব অংশত, বিশেষকৈ ঝাৰখণ্ড ৰাজ্যৰ হাজাৰীবাগ জিলাত প্ৰচলিত আদিবাসী দেৱাল অংকন বা মিউৰেল চিত্ৰকলাৰ পদ্ধতি। এই শিল্পকলা সোহৰাই উৎসৱৰ সৈতে সম্পৰ্কিত, যি দীপাৱলীৰ পিছত শৰৎকালত উদ্যাপন কৰা হয়। খোভাৰ চিত্ৰকলাৰ সৈতে বিশেষকৈ অঞ্চলটোৰ জনজাতিসকলৰ বিবাহ-অনুষ্ঠান জড়িত।
-
ৱৰ্লি চিত্ৰকলা
ৱৰ্লি চিত্ৰকলা হৈছে এক আদিবাসী কলা। ভাৰতৰ মহাৰাষ্ট্ৰৰ উত্তৰ সাহ্যাদ্ৰী ৰেঞ্জৰ লোকসকলে ঘাইকৈ এই কলা অনুশীলন কৰিছিল। পালঘৰ জিলাৰ দহানু, তালাচৰি, জৱহাৰ, পালঘৰ, মোখদা আৰু বিক্ৰমগড় চহৰ এই ৰেঞ্জৰ অন্তৰ্গত। এই কলা মহাৰাষ্ট্ৰতে প্ৰথম আৰম্ভ হৈছিল আৰু এতিয়াও ইয়াত অনুশীলন কৰা হয়।