জয়াপ্ৰভা (জন্ম: ১৯৫৭) এগৰাকী ভাৰতীয় সমালোচক আৰু কবি, যিয়ে তেলুগু ভাষা ভাষাত সাহিত্য চৰ্চা কৰে। তেওঁক তেলুগু সাহিত্য সমালোচনা আৰু কবিতাত নাৰীবাদী আন্দোলনৰ এগৰাকী অগ্ৰণী ব্যক্তি হিচাপে গণ্য কৰা হয়।১২৩ জয়াপ্ৰভাৰ কবিতাই নাৰীৰ সমস্যা আৰু শক্তিৰ ওপৰত আলোকপাত কৰে আৰু প্ৰায়েই প্ৰচলিত লিংগ নীতিসমূহক প্ৰত্যাহ্বান জনায়।৪৫
জীৱনী
১৯৫৭ চনৰ ২৯ জুলাইত জয়াপ্ৰভাৰ জন্ম হৈছিল। তেওঁ তেলুগু সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু তেলুগু নাটকৰ প্ৰগতি আৰু স্থিতিৰ ওপৰত কৰা গৱেষণাৰ বাবে ওচমানিয়া বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰিছিল।৬ তেওঁ বৰ্তমান চিকাণ্ডৰাবাদত বাস কৰে।
কৰ্মজীৱন
১৯৮১ চনত জয়াপ্ৰভা আৰু কে. সত্যৱতীয়ে ‘লোহিত’ নামৰ এখন নাৰীবাদী মাহেকীয়া আলোচনী আৰম্ভ কৰে। ১৯৮৪ চনত তেওঁৰ প্ৰথমটো কবিতা সংকলন যুদ্ধোন্মুখমগা (যুদ্ধৰ দিশে) প্ৰকাশ পায়।৭
১৯৮৮ চনত তেওঁৰ দ্বিতীয়খন কাব্যগ্ৰন্থ ৱামনুদি মুডো পাদম (ৱামনৰ তৃতীয়টো ভৰি) প্ৰকাশ পায়। এই সংকলনটোত তেওঁৰ দুটা যুগান্তকাৰী নাৰীবাদী কবিতা ‘চুপুলু’ (দৃষ্টি) আৰু ‘পৈটানি তাগালেয়ালি’ (শাৰীখন পুৰি পেলাওক) অন্তৰ্ভুক্ত আছিল। ‘চুপুলু’ কবিতাটো পুৰুষৰ দৃষ্টি বা ‘মেল গেজ’ (male gaze) সম্পৰ্কীয়। ইয়াত তেওঁ কেনেদৰে প্ৰতিদিনে পুৰুষৰ দৃষ্টিৰ দ্বাৰা আক্ৰান্ত হয় তাৰ বৰ্ণনা কৰিছে আৰু শেষত আশা কৰিছে যে এনে এটা দিন আহিব যেতিয়া মহিলাই সেই দৃষ্টি ওলোটাকৈ ঘূৰাই দিব পাৰিব আৰু ৰাজহুৱা স্থানত নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব।৮৯ ‘পৈটানি তাগালেয়ালি’ কবিতাত জয়াপ্ৰভাই শাৰীখনক পৰম্পৰাগত লিংগ নীতিৰ সৈতে তুলনা কৰিছে আৰু কৈছে যে পৰম্পৰাগত লিংগ বৈষম্যৰ পৰা মুক্ত হ’বলৈ মহিলাই শাৰী ত্যাগ কৰিব লাগিব।১০১১
১৯৮৮ চনত জয়াপ্ৰভাই ভাৱ কবিতৱমলো স্ত্ৰী প্ৰকাশ কৰে, যি আছিল তেলুগু ৰোমাণ্টিক কবিতাত নাৰীৰ স্থিতিৰ ওপৰত এক সমালোচনা। এই অধ্যয়নত তেওঁ প্ৰধান পুৰুষ কবিসকলৰ ৰচনাত নাৰীৰ চিত্ৰায়ণৰ সমালোচনা কৰিছিল। তেলুগু সাহিত্যৰ নাৰীবাদী সমালোচনাৰ এক পথ প্ৰদৰ্শক হিচাপে বিবেচিত এই গ্ৰন্থখনে বিতৰ্ক আৰু প্ৰশংসা দুয়োটাই বুটলিবলৈ সক্ষম হৈছিল। কিছু সময়ৰ বাবে ই বাংগালুৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত আছিল।১২
১৯৯১ চনত আন এখন কবিতা সংকলন ইক্কাদা কুৰিচিনা বৰ্ষম, এক্কাদি মেঘানিদি? (বৰষুণ ইয়াত পৰিল, কিন্তু ডাৱৰ ক’ৰ?) প্ৰকাশ পায়। একে বছৰতে তেওঁ তেলুগু থিয়েটাৰৰ ওপৰত কৰা তেওঁৰ পিএইচডি গৱেষণা পত্ৰৰ সংশোধিত সংস্কৰণ নালুগো গোডা (চতুৰ্থখন দেৱাল) প্ৰকাশ কৰে।
২০০৫ চনত তেওঁৰ গ্ৰন্থ আনফ’ৰচিন এফেকচন এণ্ড আডাৰ পয়েমছ প্ৰকাশ পায়। ইয়াত তেওঁৰ কিছু নিৰ্বাচিত তেলুগু প্ৰেমৰ কবিতা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ দ্বাৰা ইংৰাজীলৈ কৰা অনুবাদ অন্তৰ্ভুক্ত কৰা হৈছে।১৩
নিৰ্বাচিত ৰচনা
কবিতা
- যুদ্ধোন্মুখমগা (১৯৮৪)
- ৱামনুদি মুডো পাদম (১৯৮৮)
- ইক্কাদ কুৰিচিনি বৰ্ষম, এক্কাদি মেঘানিদি (১৯৯১)
- আনফ’ৰচিন এফেকচন এণ্ড আডাৰ পয়েমছ (২০০৫)
তথ্যসূত্ৰ
- ↑ Kurian, Anna. (2006-10-05). Texts And Their Worlds - I Literature Of India An Introduction. Foundation Books. ISBN 9788175963009
- ↑ Poets translating Poets - Poets - Goethe-Institut. www.goethe.de
- ↑ (1994-01-01). Kakatiya Journal of English Studies. Department of English, Kakatiya University
- ↑ Kurian, Anna. (2006-10-05). Texts And Their Worlds - I Literature Of India An Introduction. Foundation Books. ISBN 9788175963009
- ↑ (1994-01-01). Kakatiya Journal of English Studies. Department of English, Kakatiya University
- ↑ jayaprabha. tramesh.tripod.com
- ↑ Tharu, Susie J.; Lalita, Ke. (1993-01-01). Women Writing in India: The twentieth century. Feminist Press at CUNY. ISBN 9781558610293
- ↑ Prasad, Amar Nath. (2003-01-01). New Lights on Indian Women Novelists in English. Sarup & Sons. ISBN 9788176256049
- ↑ Kurian, Anna. (2006-10-05). Texts And Their Worlds - I Literature Of India An Introduction. Foundation Books. ISBN 9788175963009
- ↑ Saccidānandan. (2001-01-01). Indian Poetry: Modernism and After: a Seminar. Sahitya Akademi. ISBN 9788126010929
- ↑ Bonnie, Zare; Afsar, Mohammed. (2012-04-01). Burn the Sari or Save the Sari? Dress as a Form of Action in Two Feminist Poems. ARIEL
- ↑ Tharu, Susie J.; Lalita, Ke. (1993-01-01). Women Writing in India: The twentieth century. Feminist Press at CUNY. ISBN 9781558610293
- ↑ The Daily Star Web Edition Vol. 5 Num 575
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়াপ্ৰভা” প্ৰবন্ধৰ সংশোধন ৬০৫৭৫৬ (১১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।