বয়ন শিল্প
১২ প্ৰবন্ধ
-
কপাহ
কপাহ (Cotton) হৈছে বিশ্বৰ ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয় অঞ্চলত স্থানীয়ভাবে দেখা পোৱা এবিধ উদ্ভিদৰ প্ৰজাতি। ই প্ৰধানকৈ আমেৰিকা, আফ্ৰিকা আৰু ভাৰতত বিস্তৃত হৈ আছে। বনৰীয়া কপাহৰ আটাইতকৈ বেছি বৈচিত্ৰ্য মেক্সিকো ত দেখা পোৱা যায়।
-
ৰেচম
ৰেচম এক প্ৰকাৰৰ প্ৰাকৃতিক প্ৰ'টিন তন্তু, যাক বহু ধৰণৰ বস্ত্ৰশিল্প বয়নৰ বাবে ব্যৱহাৰ কৰা হয়। ৰেচমৰ সৰ্বাধিক পৰিচিত প্ৰকাৰ বম্বেক্স মৰি নামৰ ৰেচম পলুৰ বাহ বা খোলাৰ পৰা সংগ্ৰহ কৰা হয়। ভিন্ন প্ৰজাতিৰ ৰেচম পলুৰ পৰা ভিন ভিন সূতা পোৱা যায়।
-
বৃন্দাবনী বস্ত্ৰ
বৃন্দাৱনী বস্ত্ৰ ( Brindavoni Bastra) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনিয়ে বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ। বস্ত্ৰখনত বৃন্দাবনত কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে।
-
পশমিনা
পশমিনা (Pashmina) হৈছে কাশ্মীৰী ঊলৰ পৰা প্ৰস্তুত কৰা একপ্ৰকাৰৰ গাত লোৱা গৰম-চাদৰ। সৰ্ব প্ৰথমে ভাৰতৰ কাশ্মীৰত এই কাপোৰ তৈয়াৰ কৰা হৈছিল। পশমিনা শব্দটো ফৰাচী শব্দ পাচমিনাৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ ঊলৰ পৰা প্ৰস্তুত কৰা। কাশ্মীৰী জাতৰ পাহাৰীয়া ছাগলীৰ পৰা এই ঊল সংগ্ৰহ কৰা হয়।
-
ওড়িশা ইকাট
ওড়িশা ইকাট (Odisha Ikat) ভাৰতৰ ওড়িশা ৰাজ্যl উৎপত্তি হোৱা এক ৰং কৰাৰ কৌশল। "ওড়িশা বন্ধা" নামেৰে খ্যাত এই কৌশল ২০০৭ চনৰ পৰা ভৌগোলিকভাৱে ওড়িশাৰ এক টেগ কৰা সামগ্ৰী। বোৱাৰ আগতে তাঁতশালত ডিজাইন তৈয়াৰ কৰিবলৈ ৱাৰ্প আৰু ৱেফ্ট সূতা টাই-ডাই কৰা প্ৰক্ৰিয়াৰে ইয়াক তৈয়াৰ কৰা হয়।
-
চম্বা ৰুমাল
চম্বা ৰুমাল (Chamba Rumal) ভাৰতৰ হিমাচল প্ৰদেশত প্ৰচলিত পাৰম্পৰিক এম্ব্ৰইডাৰী কৰা হস্তশিল্প। এই শিল্প এসময়ত চম্বা ৰাজ্যৰ শাসকসকলৰ পৃষ্ঠপোষকতাত প্ৰচাৰ কৰা হৈছিল। উজ্জ্বল ৰঙৰ ব্যৱহাৰৰ সৈতে বিতং আৰ্হিৰ ৰুমালবোৰ হিমাচলত অতি জনপ্ৰিয়।
-
অসমীয়া তাঁতশালৰ সঁজুলি
বয়ন শিল্প অসমৰ কুটীৰ শিল্পসমূহৰ এটি অন্যতম ভাগ। অসমৰ বয়ন শিল্পৰ লগত জড়িত মুখ্য আহিলাবিধ হৈছে তাঁতশাল। তাঁতশাল দুই প্ৰকাৰৰ - তাঁতীশাল আৰু মাটিশাল।
-
কলমকাৰী
কলমকাৰী (Kalamkari) হ'ল হাতেৰে অঁকা বা ব্লক-প্ৰিণ্টেড কটন টেক্সটাইল, যি ইচফাহান আৰু ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলঙ্গানাত উৎপাদিত হয়। কেৱল প্ৰাকৃতিক ভাবে উৎপাদিত ৰং আৰু ৰঞ্জকহে কলমকাৰীত প্ৰয়োগ হয়। এইবোৰ তেইশটা প্ৰক্ৰিয়াৰ মাজেৰে তৈয়াৰ হয়।
-
জামদানী
জামদানী ( Jamdani) হৈছে বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ শীতলখোৱা নদীৰ পাৰৰ দক্ষিণ ৰূপসীত যুগ যুগৰে পৰা উৎপাদিত এবিধ মিহি মছলিন বস্ত্ৰ। ঐতিহাসিক জামদানী বস্ত্ৰৰ উৎপাদনক প্ৰতিশ্ৰুতিসম্পন্ন মোগল সম্ৰাটসকলে সাম্ৰাজ্যবাদী ক্ষমতাৰ দ্বাৰা পৃষ্ঠপোষকতা কৰিছিল।
-
ভৱানী জামাক্কালাম
ভৱানী জামাক্কালাম ভাৰতৰ তামিলনাডু ৰাজ্যৰ এৰোড জিলাৰ ভৱানীত উৎপাদিত কম্বল আৰু দলিচাজাতীয় পণ্য। এই শিল্পয়ে ২০০৫-২০০৬ চনত ভাৰতৰ ভৌগোলিক নিদৰ্শন চিহ্ন হিচাপে স্বীকৃতি লাভ কৰিছে।
-
হাবাসপুৰী শাৰী
হাবাসপুৰী শাৰী (Habaspuri sari) হ`ল ভাৰতবৰ্ষৰ উৰিষ্যাৰ কপাহ ভিত্তিক এক পৰম্পৰাগত হস্ততাঁত বস্ত্ৰ। হাবাসপুৰী শাৰী ইয়াৰ এক প্ৰধান উৎপাদিত সামগ্ৰী। উৰিষ্যাৰ কালাহাণ্ডি জিলাৰ চিচেগুডা ভুলিয়া তাঁতীসকল মূলতঃ হাবাসপুৰী কাপোৰ বয়নৰ বাবে বিখ্যাত।
-
ৱাংখেই ফি
ৱাংখেই ফি (Wangkhei Phee) ভাৰতৰ মণিপুৰ ৰাজ্যত বগা কপাহৰ দ্বাৰা নিৰ্মিত একপ্ৰকাৰৰ পাৰম্পৰিক বস্ত্ৰ। সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ অনুসৰি ইয়াক মণিপুৰৰ পৰা ভৌগোলিক স্বীকৃতি প্ৰাপ্ত হস্তশিল্প হিচাপে পঞ্জীয়ন কৰা হৈছে। ৱাংখেই ফি একপ্ৰকাৰৰ স্বচ্ছ বস্ত্ৰ।