অৰ্থনীতি আৰু উদ্যোগ
কৃষি, চাহ, বাণিজ্য, উদ্যোগ আৰু জীৱিকা · ২৬০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
শিল্পৰমম
শিল্পৰমম ভাৰতৰ তেলংগানাৰ হায়দৰাবাদৰ মাধাপুৰত অৱস্থিত এখন কলা আৰু কৃষ্টিৰ গাঁও। পৰম্পৰাগত শিল্পকৰ্ম সংৰক্ষণৰ পৰিৱেশ সৃষ্টিৰ ধাৰণাৰে গাঁওখনৰ কল্পনা কৰা হৈছিল। ইয়াত বিভিন্ন কাৰ্যসূচীৰে জনগোষ্ঠীয় উৎসৱ অনুষ্ঠিত হয়।
-
ষ্টেট বেংক অৱ মৰিচাছ (ইণ্ডিয়া)
পূৰ্বতে ষ্টেট বেংক অৱ মৰিচাছ (ইণ্ডিয়া) লিমিটেড নামেৰে জনাজাত এছ বি এম বেংক (ইণ্ডিয়া) লিমিটেড ভাৰতৰ মুম্বাইত অৱস্থিত এটা বাণিজ্যিক বেংক। এই বেংকটো মৰিচাছৰ বিত্তীয় সেৱা কোম্পানী এছ বি এম হোল্ডিংছ লিমিটেডৰ সহযোগী প্ৰতিষ্ঠান।
-
ষ্ট্ৰ’ পেইণ্টিং
ষ্ট্ৰ’ পেইন্টিং ( Straw painting) হৈছে এক প্ৰকাৰৰ হস্তশিল্প য’ত খেৰক বিভিন্ন আকৃতি আৰু ডিজাইনত আকৃতি দি সৃষ্টি কৰা হয়। খেৰৰ সৈতে পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে মানুহে বিশেষকৈ মহিলাসকলে ইয়াৰ পৰা কলাত্মক বস্তু সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। সময়ৰ লগে লগে তেওঁলোক খেৰৰ কামত অধিক পাকৈত হৈ পৰিল।
-
সঞ্চয়ী সম্ভাৱনা তত্ত্ব
সঞ্চয়ী সম্ভাৱনা তত্ত্ব (Cumulative prospect theory) ব্যৱহাৰবাদী অৰ্থনীতিৰ এটি তত্ত্ব যি মানুহে অনিশ্চয়তাৰ মাজত সিদ্ধান্ত কেনেকৈ গ্ৰহণ কৰে, সেই কথা ব্যাখ্যা কৰে। এই তত্ত্ব ডেনিয়েল কাহনেমেন আৰু এমছ ট্বাৰ্স্কিয়ে ১৯৯২ চনত আগবঢ়াইছিল।
-
সিন্ধৰ সমাধি চিত্ৰ
সিন্ধৰ সমাধি চিত্ৰ (Tomb paintings of Sindh) হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ সমাধিৰ মাজত সিঁচৰতি হৈ থকা চিত্ৰ। দেৱাল চিত্ৰসমূহ মূলতঃ কাম্বাৰ-ছাহদাদকোট জিলাৰ শ্বাহদাদকোট তহচিলত পোৱা যায় যদিও দাদু আৰু সংঘৰ আৰু সিন্ধৰ অন্যান্য জিলাতো পোৱা যায়।
-
সোহৰাই আৰু খোভাৰ চিত্ৰকলা
সোহৰাই আৰু খোভাৰ হৈছে ভাৰতৰ পূব অংশত, বিশেষকৈ ঝাৰখণ্ড ৰাজ্যৰ হাজাৰীবাগ জিলাত প্ৰচলিত আদিবাসী দেৱাল অংকন বা মিউৰেল চিত্ৰকলাৰ পদ্ধতি। এই শিল্পকলা সোহৰাই উৎসৱৰ সৈতে সম্পৰ্কিত, যি দীপাৱলীৰ পিছত শৰৎকালত উদ্যাপন কৰা হয়। খোভাৰ চিত্ৰকলাৰ সৈতে বিশেষকৈ অঞ্চলটোৰ জনজাতিসকলৰ বিবাহ-অনুষ্ঠান জড়িত।
-
হস্তান্তৰযোগ্য পত্ৰ
হস্তান্তৰযোগ্য পত্ৰ (Negotiable instrument) হ’ল এখন লিখিত দলিল যাক এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। হস্তান্তৰযোগ্য শব্দটিৰ অৰ্থ হ’ল হস্তান্তৰ কৰিব পৰা আৰু পত্ৰ শব্দটিৰ অৰ্থ হ’ল লিখিত দলিল বা নথি।
-
হাবাসপুৰী শাৰী
হাবাসপুৰী শাৰী (Habaspuri sari) হ`ল ভাৰতবৰ্ষৰ উৰিষ্যাৰ কপাহ ভিত্তিক এক পৰম্পৰাগত হস্ততাঁত বস্ত্ৰ। হাবাসপুৰী শাৰী ইয়াৰ এক প্ৰধান উৎপাদিত সামগ্ৰী। উৰিষ্যাৰ কালাহাণ্ডি জিলাৰ চিচেগুডা ভুলিয়া তাঁতীসকল মূলতঃ হাবাসপুৰী কাপোৰ বয়নৰ বাবে বিখ্যাত।
-
ৰাই শিল
ৰাই শিল ( rai stone), বা ফেই শিল, মাইক্ৰ'নেছিয়াৰ য়াপ দ্বীপপুঞ্জৰ থলুৱা বাসিন্দাসকলে নিৰ্মাণ কৰা আৰু মূল্যৱান বহুতো বৃহৎ সামগ্ৰীৰ ভিতৰত অন্যতম। এইবোৰক য়াপেচ শিলৰ টকা নাম বুলিও জনা যায়। সাধাৰণ ৰাই শিলটো স্ফটিকীয় চূণশিলৰ পৰা তৈয়াৰ কৰা হয় আৰু ইয়াৰ আকৃতি ডিস্কৰ দৰে আৰু ইয়াৰ মাজত এটা ফুটা থাকে।
-
ৱৰ্লি চিত্ৰকলা
ৱৰ্লি চিত্ৰকলা হৈছে এক আদিবাসী কলা। ভাৰতৰ মহাৰাষ্ট্ৰৰ উত্তৰ সাহ্যাদ্ৰী ৰেঞ্জৰ লোকসকলে ঘাইকৈ এই কলা অনুশীলন কৰিছিল। পালঘৰ জিলাৰ দহানু, তালাচৰি, জৱহাৰ, পালঘৰ, মোখদা আৰু বিক্ৰমগড় চহৰ এই ৰেঞ্জৰ অন্তৰ্গত। এই কলা মহাৰাষ্ট্ৰতে প্ৰথম আৰম্ভ হৈছিল আৰু এতিয়াও ইয়াত অনুশীলন কৰা হয়।
-
বাণিজ্য
বাণিজ্য (Commerce) হৈছে ব্যাপকভাৱে কৰা পণ্য সামগ্ৰী আৰু সেৱাৰ বিনিময়। যি প্ৰক্ৰিয়াৰ দ্বাৰা পণ্য বা দ্ৰব্যৰ ক্ৰয়-বিক্ৰয়ৰ পৰা আৰম্ভ কৰি, দ্ৰব্যসমূহৰ পৰিবহণ, বীমাকৰণ, সঞ্চয়কৰণ, বিত্তীয়কৰণ, শ্ৰেণীকৰণ ইত্যাদি কাৰ্যবিলাক সম্পন্ন কৰি ভোক্তাক সন্তুষ্ট প্ৰদান কৰা হয়, সেই ব্যৱস্থাৱলী সমষ্টিটোক বাণিজ্য…
-
ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা
ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাত ১৫ আগষ্ট, ১৯৪৭ তাৰিখে ভাৰত স্বাধীন হোৱাৰ দিনাৰে পৰা বৰ্তমানলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ব্যক্তিসকলৰ নাম সন্নিবিষ্ট কৰা হৈছে। বৰ্তমানলৈ ভাৰতত মুঠ তেৰখন লোকসভা গঠন কৰা হৈছে আৰু চৈধ্যগৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰীৰ বাব পাইছে।
-
গুৱাহাটী চাহ নিলাম কেন্দ্ৰ
গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (Guwahati Tea Auction Centre) হৈছে মূলতঃ অসমত উৎপাদিত চাহপাত বিক্ৰী কৰিবলৈ স্থাপন কৰা নিলাম কেন্দ্ৰ।
-
ভূমি (অৰ্থনীতি)
প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ সম্পদকে অৰ্থবিজ্ঞানত 'ভুমি' (Land) বুলি কোৱা হয়।
-
ফৰ্বছ আলোচনী অনুসৰি বিলিয়নাৰসকলৰ তালিকা
ফৰ্বছৰ বিলিয়নাৰসকলৰ তালিকাখন (Forbes list of billionaires) বাৰ্ষিক ধন সম্পত্তিৰ ওপৰত ভিত্তি কৰি ফৰ্বছ আলোচনীখনে প্ৰকাশ কৰে। সৰ্বশেষ তলিকাখন প্ৰকাশিত হৈছিল বিগত ২০১১ চনৰ ১০ মাৰ্চত। __TOC__
-
বম্বে ষ্টক বিনিময় কেন্দ্ৰ
বম্বে ষ্টক বিনিময় কেন্দ্ৰ বা বম্বে ষ্টক এক্সেঞ্জ (Bombay Stock Exchange, BSE) ভাৰতৰ এক ষ্টক বিনিময় কেন্দ্ৰ। ১৮৭৫ চনত মুম্বাইৰ দালাল ষ্ট্ৰীটত ইয়াক স্থাপিত কৰা হৈছিল এই বিনিময় কেন্দ্ৰ এছিয়াৰ প্ৰথম গুজৰাটৰ আহমেদাবাদত অৱস্থিত ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় এক্সেঞ্জ India International Exchange বম্বে…
-
বিত্তীয় বজাৰ
বিত্তীয় বজাৰ (Financial Market) হ’ল এক প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থা য’ত বিভিন্ন প্ৰকাৰৰ বিত্তীয় সম্পদ আৰু ঋণ আহিলাবোৰ যেনে- কাগজী মুদ্ৰা, চেক, বেংক আমানত, বিল, বণ্ড, প্ৰতিশ্ৰুতি পত্ৰ, নিৰাপত্তা পত্ৰ, ঋণপত্ৰ ইত্যাদিৰ লেনদেন সংঘটিত হয়।
-
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰসকলৰ তালিকা
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হৈছে বিত্তীয় প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্য্যবাহী বিষয়া। ভাৰতীয় টকাৰ কাগজী মুদ্ৰাসমূহত তেখেতৰ হস্তাক্ষৰ থাকে। সাধাৰণতে গভৰ্ণৰৰ কাৰ্যকাল ৩ বছৰ। এই তালিকাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত গভৰ্ণৰসকলৰ তথ্য দিয়া হৈছে।
-
মাৰ্ক জুকাৰবাৰ্গ
মাৰ্ক জাকাৰবাৰ্গ (Mark Elliot Zuckerberg) এগৰাকী আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু ইণ্টাৰনেট উদ্যামী। ইণ্টাৰনেটৰ জগতত তেওঁ ফেইচবুকক লৈ এক আলোৰণৰ সৃষ্টি কৰে। তেওঁৰ জন্ম হৈছিল ১৯৮৪ চনৰ ১৪ মে’ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ৰাজ্যৰ হুৱাইট প্লেইনছত।
-
বাংলাদেশৰ প্ৰধানমন্ত্ৰী
বাংলাদেশৰ প্ৰধানমন্ত্ৰী (Prime Minister of Bangladesh), আনুষ্ঠানিকভাৱে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰূপে বাংলাদেশৰ প্ৰধান কাৰ্যবাহী বিষয়া। প্ৰধান মন্ত্ৰী আৰু কেবিনেট তেওঁলোকৰ নীতি আৰু কাৰ্যকলাপৰ বাবে সংসদ, তেওঁলোকৰ ৰাজনৈতিক দল আৰু অৱশেষত ভোটাৰসকলৰ ওচৰত দায়বদ্ধ।
-
জিঅ' পেমেণ্টছ বেংক
জিঅ' পেমেন্টছ বেংক হৈছে ভাৰতৰ এখন পেমেন্টছ বেংক। ২০১৮ চনত ইয়াৰ স্থাপনা কৰা হৈছিল আৰু ই ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধীনস্থ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজক ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ.বি.আই) বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ৰ অধীনত নতুন পেমেণ্ট বেংক স্থাপনৰ বাবে নীতিগত অনুমোদন প্ৰদান কৰে।তাৰ পিছত ই ভাৰতীয় ষ্টেট…
-
ন'বেল বঁটা বিজয়ী (অৰ্থনীতি)
ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।
-
ফেৱিক'ল
ফেৱিক'ল হৈছে ভাৰতীয় কোম্পানী পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেদৰ দ্বাৰা উৎপাদিত আঠাৰ এটা ব্ৰেণ্ড।
-
বৰদা মুদ্ৰা
বৰদা মুদ্ৰা বা অভিষ্ঠ মুদ্ৰা, প্ৰায়ে ইচ্ছা প্ৰদানকাৰী মুদ্ৰা বুলিও কোৱা হয়, ভাৰতীয় ধৰ্মৰ মূৰ্তিচিত্ৰত প্ৰতীকিত হোৱা এক প্ৰতীকী ইংগিত। ই হাতৰ ইংগিতেৰে সংকেত দিয়ে আৰু ই বৰদানৰ প্ৰতীক। ইয়াক ভক্তৰ মূখৰ ফালে ধৰি ৰখা হাতৰ তলুৱাখনেৰে দেখুওৱা হয়, আঙুলিবোৰ মেলি সামান্য তললৈ আঙুলিয়াই দিয়া হয়।
-
উৰ্বশী ৰৌতেলা
উৰ্বশী ৰৌতেলা (জন্ম:২৫ ফেব্ৰুৱাৰী, ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী তথা মডেল। তেওঁ হিন্দী চলচ্চিত্ৰতো অভিনয় কৰিছে।মিছ ডিভা ইউনিভাৰ্চ,২০১৫ৰ ৰৌতেলাই বিজয়ী মুকুট পৰিধান কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁ মিছ ইউনিভাৰ্ছ,২০১৫ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
ঋণ
ঋণ হৈছে এনে এটা ধন যিটো কোনো ব্যক্তি বা সংস্থাই সুতৰ হাৰেৰে নিৰ্দিষ্ট সময়ৰ বাবে ঋণ দিয়ে। এই পৰিমাণৰ ধনক ঋণ বুলি কোৱা হয়। সহজ ভাষাত ক’বলৈ গ’লে ঋণ হ’ল যিকোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ সৈতে থকা ধন যিটো ই আন ব্যক্তি বা প্ৰতিষ্ঠানক প্ৰয়োজনৰ সময়ত প্ৰদান কৰে আৰু তাৰ পিছত ব্যক্তি বা প্ৰতিষ্ঠানে সেই ধন…
-
কৰ্ণাটক বেংক
কৰ্ণাটক বেংক লিমিটেড হৈছে মাংগালোৰত অৱস্থিত ভাৰতীয় ব্যক্তিগত খণ্ডৰ বেংক। ই ২২খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলত ৯০৫টা শাখা, ১টা এক্সটেনচন কাউণ্টাৰ, ৯০০টা এটিএম, নেটৱৰ্ক থকা এটা ‘এ’ শ্ৰেণী অনুসূচিত বাণিজ্যিক বেংক। ইয়াৰ শ্বেয়াৰ এন এছ ই আৰু বি এছ ইত তালিকাভুক্ত কৰা হৈছে।
-
চিটিবেংক ইণ্ডিয়া
চিটিবেংক ইণ্ডিয়া হৈছে ভাৰতৰ এটা বিদেশী বেংক যাৰ সম্পূৰ্ণ সেৱা অনশ্বৰ প্লেটফৰ্ম। ইয়াৰ ভাৰতীয় মুখ্য কাৰ্য্যালয় বন্দ্ৰ কুৰ্লা কমপ্লেক্স, মুম্বাই, মহাৰাষ্ট্ৰত। ই চিটি গ্ৰুপৰ এক সহযোগী প্ৰতিষ্ঠান। এটা বহুজাতিক বিত্তীয় সেৱা নিগম যাৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চহৰ, আমেৰিকা যুক্তৰাষ্ট্ৰত।
-
ডিমাণ্ড ড্ৰাফ্ট
বেংক ড্ৰাফ্ট হৈছে কোনো বেংকে (সাধাৰণতে*) সেই বেংকৰে কোনো নিৰ্দ্দিষ্ট শাখাক নিৰ্দ্দিষ্ট কাৰোবাক ধন দিবলৈ দিয়া আদেশপত্ৰ। এখন ড্ৰাফত এটা বেংক শাখা- আদেশ দিওতাৰ ৰূপত, অন্য এটা বেংক শাখা- আদেশ পালনকৰ্ত্তাৰ ৰূপত, আৰু এজন ব্যক্তি ধন গ্ৰহণ কৰোতাৰ ৰূপত জড়িত হৈ থাকে।
-
নিৰাপদ ঋণ
নিৰাপদ ঋণ হৈছে এনে এটা ঋণ য’ত আবেদনকাৰীয়ে ঋণ লোৱা কোম্পানীটোক ঋণ লোৱা ধনৰ নিৰাপত্তা হিচাপে এটা স্থায়ী সম্পত্তি প্ৰদান কৰিব লাগে। সহজ ভাষাত ক’বলৈ গ’লে য’ত যিকোনো বস্তু নিৰাপত্তা হিচাপে বন্ধকত ৰাখিব লাগে, তাক নিৰাপদ ঋণ বুলি কোৱা হয়।