ডেইৰী মিল্ক (Cadbury Dairy Milk) যুক্তৰাষ্ট্ৰৰ দ্য হাৰ্শ্বে কোম্পানী কেডবাৰীৰ দ্বাৰা উৎপাদিত এবিধ মিল্ক চকলেট। ১৯০৫ চনত ইউ কেত ইয়াৰ আত্মপ্ৰকাশ ঘটে।
ইতিহাস
১৯০৫ চনৰ জুন মাহত আগৰ সকলো উৎপাদতকৈ বেছি অনুপাতত গাখীৰ লৈ প্ৰথম ডেইৰী মিল্ক প্ৰস্তুত কৰে আৰু ১৯১৩ লৈ ই কোম্পানীৰ শ্ৰেষ্ঠ বিক্ৰী হোৱা উপাদান হয়। ইয়াৰ প্ৰস্তুতকৰ্তা আছিল জৰ্জ কেডবাৰী কনিষ্ঠ। ডেইৰী মিল্ক শ্ৰেণীৰ উৎপাদ হিচাপে ১৯২৮ তফ্ৰুট এণ্ড নাট্ আৰু ১৯৩৩ ত হোল নাট্ প্ৰস্তুত কৰা হয়। ডেইৰী মিল্কৰ গাখীৰৰ পৰ্যাপ্ত পৰিমাণক সূচাবলৈ ১৯২৮ চনত কেডবাৰীয়ে 'গ্লাচ এণ্ড এ হাফ্' শ্লোগান প্ৰচাৰ কৰে১।
উৎপাদন
ডেইৰী মিল্কৰ বহুতো নতুন প্ৰকাৰ আয়াৰলেণ্ড, ফ্ৰান্স আৰু পোলেণ্ডতো নিৰ্মিত হয়। বহুতৰ মতে ই আগৰ মান হেৰুৱাই পেলাইছে।
যুক্তৰাষ্ট্ৰত ডেইৰী মিল্ক কেডবাৰীৰ লেবেলত বিক্ৰী হয় যদিও ইয়াৰ প্ৰকৃত নিৰ্মাতা পেনছিলভেনিয়াৰ দ্য হাৰ্শ্বে কোম্পানী।
বিজ্ঞাপন
"এ গ্লাচ এণ্ড এ হাফ অফ ফুল ক্ৰীম মিল্ক ইন এভৰী হাফ পাউণ্ড" আৰু এটা গিলাচ ৰ পৰা গাখীৰ পৰি এটা চকলেট সৃষ্টি হোৱা আদি বিজ্ঞাপনৰ দ্বাৰা কেডবাৰীয়ে সদায় ডেইৰী মিল্কত গাখীৰৰ পৰিমাণক প্ৰচাৰ কৰি আহিছে।
২০০৪ ত কেডবাৰীয়ে ইউ.কে. আৰু আয়াৰলেণ্ডত টেলিভিছন বিজ্ঞাপনৰ এক শৃংখলা আৰম্ভ কৰে য'ত এজন মানুহ আৰু এটা জন্তুৱে বিভিন্ন চকলেটৰ মাজত কিয়ডেইৰী মিল্কহে খাব লাগে তাক লৈ তৰ্ক কৰে।
ইয়াৰ পিছত ২০০৭ চনত ড্ৰাম বজাই থকা গৰিলা,২০০৮ ত গান শুনি আগবাঢ়ি থকা ট্ৰাক,২০০৮ তেই এটা নতুন সংগীতৰ সৈতে গৰিলা আৰু আন বহুতো বিজ্ঞাপনেৰে দৰ্শকৰ মন কাঢ়ে।
ভাৰততো শেহতীয়াকৈ কুছ মীঠা হো যায়ে (অলপ মীঠা খাই লোৱা যাওঁক) শীৰ্ষকেৰে প্ৰচাৰ কৰা বিজ্ঞাপন সমূহে বহুল জনপ্ৰিয়তা পাইছে। পৰিয়ালৰ সকলোটিলৈ লক্ষ্য ৰাখি সৃষ্টি কৰা এই বিজ্ঞাপন সমূহে দৰ্শকক আকৰ্ষিত কৰিছে আৰু এতিয়া ভাৰতীয় উৎসৱ পাৰ্বণ সমূহতো ডেইৰী মিল্কে আকৰ্ষণীয় স্থান পাবলৈ লৈছে।
আৰু চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ begins in Cadbury Dairy Milk ads . Cadbury plc website. Accessed 30 May 2010
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেডবাৰী ডেইৰী মিল্ক” প্ৰবন্ধৰ সংশোধন ৫৩৫৩০৭ (২৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।