ভাৰতীয় মুদ্ৰা
১৫ প্ৰবন্ধ
-
ভাৰতীয় টকা
ভাৰতীয় টকা (চিহ্ন:; ক’ড: INR) হৈছে ভাৰতৰ চৰকাৰী মুদ্ৰাৰ নাম। ভাৰতীয় মুদ্ৰাৰ মুখ্য নাম হৈছে ৰুপীয়া, ইংৰাজীত Rupee (ৰুপী), কিন্তু কেৱল বঙালী আৰু অসমীয়া ভাষাতহে ইয়াক টকা বুলি কোৱা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে টকা প্ৰস্তুত কৰি বাণিজ্যিক বেংকসমূহৰ দ্বাৰা ৰাইজৰ মাজত বিতৰণ কৰে।
-
ভাৰতীয় টকাৰ ইতিহাস
খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰাই ভাৰতীয় টকাৰ ইতিহাস আৰম্ভ হয়। চীনা ৱেন আৰু লিডিয়ান ষ্টেটাৰৰ লগতে প্ৰাচীন ভাৰত মুদ্ৰাৰ প্ৰাৰম্ভিক প্ৰচলনকাৰী দেশসমূহৰ অন্যতম। হিন্দী ৰূপিয়া শব্দটো মৰিয়াই চেপেটা কৰা ৰূপ (ধাতু) অৰ্থাৎ ৰূপৰ মূদ্ৰা বা মোহৰ মাৰি চিহ্নিত কৰা কাৰ্যক বুজোৱা সংস্কৃত শব্দ ৰূপৰ পৰা উদ্ভৱ হৈছে।
-
আহোম মুদ্ৰা
আহোমসকল বৃহত্তৰ টাই জাতিৰ এটা ঠাল। আহোমসকলৰ প্ৰথমজন ৰজা চুকাফা সেইসময়ৰ বৰ্ত্তমানৰ দক্ষিণ-পশ্চিম চীনদেশৰ মৌঙ মাও ৰাজ্যৰ পৰা ১২২৮ খ্ৰীষ্টাব্দত আহিছিল বুলি কোৱা হয়।
-
ভাৰতীয় টকাৰ চিহ্ন
ভাৰতীয় টকাৰ চিহ্ন ₹ (কোড: INR) হৈছে ভাৰতীয় টকাৰ মুদ্ৰা চিহ্ন, ভাৰতৰ চৰকাৰী মুদ্ৰা। উদয় কুমাৰৰ দ্বাৰা ডিজাইন কৰা, ইয়াক ভাৰত চৰকাৰে ১৫ জুলাই ২০১০ তাৰিখে জনসাধাৰণৰ আগত উপস্থাপন কৰিছিল, ভাৰতীয় বাসিন্দাসকলৰ মাজত মুকলি প্ৰতিযোগিতাৰ জৰিয়তে ইয়াৰ বাছনিৰ পিছত।
-
ডিজিটেল টকা
ডিজিটেল টকা (e₹) ( Digital Rupee) বা “e-INR’’ বা “ই-টকা’’ ভাৰতীয় টকাৰ এটা টোকেনাইজড ডিজিটেল সংস্কৰণ, যিটো ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) এ কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা (CBDC) হিচাপে জাৰি কৰে। ডিজিটেল টকা, ২০১৭ চনৰ জানুৱাৰী মাহত প্ৰস্তাৱ কৰা হৈছিল আৰু ২০২২ চনৰ ১ ডিচেম্বৰত মুকলি কৰা হৈছিল।
-
ব্ৰিটিছ ভাৰতৰ মুদ্ৰা
ভাৰতত ব্ৰিটিছ ট্ৰেডিং পোষ্টবোৰ প্ৰথমে সপ্তদশ শতিকাৰ আৰম্ভণিতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে (ইআইচি) স্থাপন কৰিছিল, যি দ্ৰুততাৰে উপমহাদেশৰ এক গুৰুত্বপূৰ্ণ অংশ সামৰি ডাঙৰ উপনিবেশলৈ বিকশিত হৈছিল।
-
ভাৰত চৰকাৰৰ টাকশাল, কলকাতা
ভাৰত চৰকাৰৰ টাকশাল, কলকাতা ১৭৫৭ চনত কলকাতাত প্ৰথমবাৰৰ বাবে ভাৰতৰ চৰকাৰী মিণ্ট বা টাকশাল (মুদ্ৰা তৈয়াৰ কৰা কাৰখানা) প্ৰতিষ্ঠা কৰা হৈছিল, আৰু ই পুৰণি দুৰ্গৰ ব্লেক হোলৰ ওচৰৰ এটা অট্টালিকাত আছিল, য'ত আজি জিপিঅ' (সাধাৰণ ডাকঘৰ) আছে।
-
ভাৰতীয় উপমহাদেশত কাগজৰ নোটৰ ইতিহাস
অষ্টাদশ শতিকাত বহু ইউৰোপীয় বাণিজ্যিক কম্পানীয়ে ভাৰতলৈ আগমন কৰিছিল। এই বাণিজ্যিক কম্পানীসমূহে ব্যক্তিগত বেংক স্থাপন কৰিছিল যিয়ে প্ৰথমবাৰৰ বাবে ভাৰতীয় উপমহাদেশত কাগজৰ নোট জাৰি কৰিছিল। কিন্তু সেই নোটসমূহ মূলতঃ টেক্সট্-ভিত্তিক আছিল।
-
ভাৰতীয় দহটকীয়া মুদ্ৰা
ভাৰতীয় ১০ টকীয়া মুদ্ৰা ভাৰতীয় টকাৰ এক মূল্য। ১০ টকীয়া মুদ্ৰাটো ২০০৫ চনত প্ৰৱৰ্তনৰ পিছত এয়া ভাৰতৰ দ্বিতীয় সৰ্বাধিক মূল্যৰ মুদ্ৰা হিচাপে পৰিগণিত হয়। বৰ্তমান প্ৰচলিত ১০ টকীয়া মুদ্ৰাটো ২০১৯ চনৰ ডিজাইনৰ। অৱশ্যে ২০১৯ চনৰ পূৰ্বে মুদ্ৰা কৰা পূৰ্বৰ ১০ টকাৰ মুদ্ৰাও ভাৰতত প্ৰচলিত হৈ থকা আইনী মুদ্ৰা।
-
ভাৰতীয় দুশ টকাৰ নোট
ভাৰতীয় ২০০ টকীয়া নোট (₹২০০) ভাৰতীয় টকাৰ এটা মূল্য। ২০১৬ চনৰ ভাৰতীয় বেংকনোটৰ বিমুদ্ৰাকৰণৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুন মুদ্ৰাৰ নোট ঘোষণা কৰে, সেইবোৰ হ'ল: ₹২,০০০, ₹৫০০, ₹২০০, ₹১০০, ₹৫০, ₹২০ আৰু ₹১০ টকীয়া নোট।
-
ভাৰতীয় ১০০ টকীয়া নোট
ভাৰতীয় ১০০ টকীয়া নোট হৈছে ভাৰতীয় টকাৰ এটা মূল্য। ১৯৩৫ চনত ভাৰতৰ ৰিজাৰ্ভ বেংকে ভাৰতৰ মুদ্ৰা নিয়ন্ত্ৰকৰ দায়িত্ব লোৱাৰ পিছৰেপৰা ইয়াৰ উৎপাদন অবিৰতভাৱে চলি আহিছে। বৰ্তমান প্ৰচলিত ১০০ টকাৰ বেংকনোটখন মহাত্মা গান্ধী নিউ ছিৰিজৰ এটা অংশ।
-
ভাৰতীয় ১০০০ টকীয়া নোট
ভাৰতীয় ১০০০ টকীয়া নোট (₹1000) ভাৰতীয় টকাৰ পুৰণি মূল্য। ১৯৩৮ চনত ব্ৰিটিছ শাসনৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াক প্ৰথম জাৰি কৰিছিল আৰু পিছলৈ ১৯৪৬ চনত ইয়াক বন্ধ কৰি দিয়া হৈছিল। স্বাধীনতাৰ পিছত ১৯৫৪ চনত এই মূল্য পুনৰ প্ৰৱৰ্তন কৰা হয়।
-
ভাৰতীয় ৫০০ টকাৰ নোট
ভাৰতীয় ৫০০ টকীয়া নোট (₹৫০০) ভাৰতীয় টকাৰ এটা মূল্য। ১৯৮৭ চনত ₹500 নোট প্ৰৱৰ্তন কৰা হয়, তাৰ পিছত একে বছৰতে ₹1,000 নোট প্ৰৱৰ্তন কৰা হয়। ২০১৬ চনৰ ১০ নৱেম্বৰৰপৰা প্ৰচলিত বৰ্তমানৰ ₹৫০০ নোটখন মহাত্মা গান্ধী নিউ ছিৰিজৰ অংশ।
-
মোহৰ
মোহৰ হ’ল, সোণৰ মুদ্ৰা, যাক পূৰ্বতে ব্ৰিটিছ ভাৰত আৰু ইয়াৰ আসে-পাশে থকা কিছুমান স্বাধীন ৰাজ্য, মোগল সাম্ৰাজ্য, মাৰাঠা সাম্ৰাজ্য, নেপাল ৰাজ্য আৰু পাৰস্য (মূলতঃ আফগানিস্তান)কে ধৰি কেইবাখনো চৰকাৰে মুদ্ৰিত কৰিছিল। সাধাৰণতে এটা মোহৰৰ মূল্য পোন্ধৰ ৰূপৰ টকাৰ সমতুল্য আছিল।
-
ভাৰতীয় মুদ্ৰা আৰু নোটৰ ইতিহাস
ভাৰতীয় টকা (চিহ্ন:; ক’ড: INR) হৈছে ভাৰতৰ চৰকাৰী মুদ্ৰাৰ নাম। ভাৰতীয় মুদ্ৰাৰ মুখ্য নাম হৈছে ৰুপীয়া, ইংৰাজীত Rupee (ৰুপী), কিন্তু অসমীয়াত টকা, বাংলাত টাকা আৰু ওড়িয়াত টঙ্কা বুলি কোৱা হয়। 'মূল প্ৰবন্ধ: ভাৰতীয় টকা, ভাৰতীয় টকাৰ চিহ্ন'