ৰেচম শিল্প
১৩ প্ৰবন্ধ
-
মুগা (ৰেচম)
মুগা ৰেচম অসমৰ এক স্বকীয় ৰেচম-উৎপাদন, যি মূলত এন্থেৰিয়া আছামেনছিছ প্ৰজাতিৰ পলুৰ কোকুনৰ পৰা পোৱা যায়। সোণোৱালী বৰণ, স্থায়িত্ব আৰু ঐতিহাসিক উল্লেখৰ বাবে মুগা অসমৰ প্ৰাচীন উদ্যোগ আৰু সাংস্কৃতিক পৰিচয়ৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।
-
মেখেলা চাদৰ
মেখেলা চাদৰ অসমৰ মহিলাসকলৰ এক পাৰম্পৰিক পৰিধেয় বস্ত্ৰ, যি দুটা মুখ্য অংশ—মেখেলা আৰু চাদৰ—ৰ সমাহাৰ। ই পৰিধান-পদ্ধতি, তাঁতশালত বোৱা নক্সা, আৰু কপাহ-ৰেচমভিত্তিক কাঁচামালৰ বাবে অসমীয়া বস্ত্ৰ-সংস্কৃতিত বিশেষ গুৰুত্ব বহন কৰে।
-
শাৰী
শাৰী ভাৰত, বাংলাদেশ সহ ভাৰতীয় উপমহাদেশৰ নাৰী সকলৰ ঐতিহ্যবাহী তথা নিত্যনৈমিত্তিক পৰিধেয় বস্ত্ৰ। শাৰী কোনো আকাৰ নোহোৱাকৈ নিছিলোৱা এক দীঘলীয়া কাপোৰ। সাধাৰণতে শাৰী এখনৰ দৈঘ্য ১৮ ফুট (৫.৫ মি) ৰ পৰা ২১ ফুট (৬.৪ মি) আৰু প্ৰস্থ ৬০ৰ পৰা ১২০ চেণ্টিমিটাৰ (২ৰ পৰা ৪ ফুট)।
-
চাদৰ
চাদৰ হৈছে এবিধ বহল আৰু দীঘলীয়া কাপোৰ বিশেষ। বিশেষকৈ অসমীয়া তিৰোতা মানুহে পৰিধান কৰা মেখেলা-চাদৰৰ এক অংশ। মেখেলা আৰু চাদৰ মিলি এক সংহতি গঠন কৰে। চাদৰখন শৰীৰৰ ওপৰ অংশত পৰিধান কৰা হয়।
-
এৰী ৰেচম
এৰী ৰেচম উত্তৰ-পূৱ ভাৰত আৰু চীন তথা জাপানৰ কিছু অঞ্চলত পোৱা ছেমিয়া ৰিচিনি নামৰ এবিধ পলুৰ পৰা আহৰণ কৰা হয়। এৰী নামটো অসমীয়া 'এৰা' শব্দটোৰ পৰা আহৰণ কৰা হৈছে; এৰা হৈছে এবিধ গুল্মজাতীয় উদ্ভিদ (castor plant), ইয়াৰ পাত এৰী পলুৰ প্ৰধান খাদ্য।
-
পাট
পাট বা মালবেৰী ৰেচম হৈছে কেইবা প্ৰকাৰৰো পলু, বিশেষকৈ বমবেক্স মেৰী নামৰ এবিধ পলুৰ পৰা আহৰণ কৰা এক প্ৰকাৰৰ ৰূপালী ৰেচম। অসমত এই পলুক পাট পলু বুলি কোৱা হয়। এই পলুৱে কেৱল নুনী গছ (Mulberry plant)ৰ পাত খায়। ই সম্পূৰ্ণৰূপে পোঁহনীয়া।
-
অসমৰ ৰেচম শিল্প
অসমৰ ৰেচম শিল্প বুলিলে প্ৰধানত পাট, মুগা আৰু এৰীসূতাৰে বোৱা বিভিন্ন সাজপোচাককে বুজায়। অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প। অসমৰ অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৄতিক দিশত ইয়াৰ গুৰুত্ব অশেষ।
-
অহিংস ৰেচম
অহিংসা ৰেচম (Ahimsa silk) ( সংস্কৃত ahiṃsā শব্দৰ অৰ্থ হৈছে 'অহিংসা')ক শান্তি ৰেচম বুলিও কোৱা হয়৷ ই হৈছে অহিংস পদ্ধতিৰে ৰেচম পলুৰ প্ৰজনন আৰু ৰেচম চপোৱাৰ এক পদ্ধতি। ঘৰচীয়া জাততকৈ বনৰীয়া ৰেচম মথৰ প্ৰজনন কৰা হয়।
-
ছিয়াংয়ুন সূতা
ছিয়াংয়ুন সূতা, যাক লিয়াংচৌ বা ইউনছা বুলিও কোৱা হয়, হৈছে তুঁহৰ ৰেচমৰ কাপোৰত ৰঙালাওৰ ৰস আৱৰণ দি, খনিজ পদাৰ্থ থকা নদীৰ বোকাৰে ঢাকি তাৰ পিছত ৰ’দত শুকুৱাই তৈয়াৰ কৰা একপ্ৰকাৰৰ ৰেচমৰ কাপোৰ। ছিয়াংয়ুন সূতাৰ উৎপত্তি আৰু মূল মূল প্ৰযুক্তি দুয়োটা নানহাইৰ জিকিয়াও পৰ্বতৰপৰা আহিছে।
-
জাৰি সূতা
জাৰি (Zari) সূতা হৈছে পৰম্পৰাগতভাৱে মিহি সোণ বা ৰূপৰ পৰা তৈয়াৰী এবিধ সূতা যি পৰম্পৰাগত ভাৱে ভাৰতীয়, বাংলাদেশী আৰু পাকিস্তানী কাপোৰত ব্যৱহাৰ কৰা হয়, বিশেষকৈ শাৰী আদিত পাৰী হিচাপে ব্যৱহাৰ কৰা হয়।
-
টছৰ পাট
টছৰ পাট (Tussar silk) সূতা, যাক কেতিয়াবা তুছাৰ, তাছৰ, তুছুৰ বা টুছাৰ বুলি বানান কৰা হয় আৰু ইয়াক সংস্কৃতত কোছা ৰেচম বুলিও কোৱা হয়। মথ প্ৰজাতিৰ অন্তৰ্গত কেইবাটাও প্ৰজাতিৰ পাট পলুৰ পৰা উৎপাদিত হয়।
-
পদুম ৰেচম
পদুম ৰেচম বা পদ্ম সূতা (lotus silk) হৈছে সূক্ষ্ম পদুমৰ কাণ্ডৰ আঁহ ব্যৱহাৰ কৰি উৎপাদিত এক প্ৰকাৰৰ সূতা আৰু ইয়াৰে উৎপাদিত বস্ত্ৰ। এই কাপোৰৰ উৎপত্তি প্ৰথমে ম্যানমাৰ (বাৰ্মা)ত হৈছিল, আৰু বৰ্তমান ভিয়েটনামৰ সৰু সৰু কুটিৰ উদ্যোগসমূহো ইয়াৰ উৎপাদন আৰু বয়নৰ সৈতে জড়িত হৈ পৰিছে।
-
বন্য ৰেচম
বন্য ৰেচম (Wild silk) খেতি কৰা ৰেচমৰ পলুতকৈ উৎপাদনৰ পৰিসৰ বহু কম যদিও বহু দেশত প্ৰাচীন কালৰ পৰাই বনৰীয়া ৰেচম জনা আৰু ব্যৱহাৰ কৰা হৈছে। ৰেচমৰ খোলা বা বাহ প্ৰায়ে কাগজ বা কাপোৰৰ সৈতে মিল খায় আৰু বহু সমাজত ইয়াৰ ব্যৱহাৰ স্বতন্ত্ৰভাৱে উদ্ভৱ হৈছে।