বেংকিং
১৩ প্ৰবন্ধ
-
বেংক
বেংক হৈছে এক বিত্তীয় প্ৰতিষ্ঠান যিয়ে ৰাইজৰ পৰা জমা হিচাবে মুদ্ৰা গ্ৰহণ কৰে ঋণ বা বিনিয়োগ কৰাৰ বাবে। সেই মুদ্ৰা,চেক,ড্ৰাফ্ট,আদেশ (অৰ্ডাৰ) অথবা আন উপায়ে উলিয়াই অনাৰ ব্যৱস্থা থাকে।
-
আত্মসহায়ক গোট
আত্মসহায়ক গোট (Self-help group বা চমুকৈ SHG) হৈছে এক গ্ৰম্যাঞ্চলৰ স্থানীয় মহিলাসকলৰ বা কোনো কোনো ক্ষেত্ৰত পুৰুষসকলৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এক সমমাত্ৰিক গোট। সাধাৰণতে এনে গোটবোৰ চৰকাৰৰ ১৮ৰ পৰা ৪০ বছৰৰ বয়সৰ ১০ৰ পৰা ২০ গৰাকী স্থানীয় মহিলা বা পুৰুষৰ দ্বাৰা গঠিত।
-
এ টি এম
এ টি এমইংৰাজীত সম্পূৰ্ণ নাম automated teller machine,সংক্ষেপে এ টি এম (ATM) বুলি কোৱা আৰু লিখা হয়। এ টি এম হ'ল বেংক বা কোনো বিত্তীয় প্ৰতিষ্ঠানে কম্পিউটাৰ-দূৰসংযোগ ব্যৱস্থাৰ জৰিয়তে কোনো কৰ্মচাৰী নোহোৱাকৈ ৰাজহুৱা স্থানত তেওঁলোকৰ গ্ৰাহকক ধন পৰিশোধ কৰাৰ এটা পদ্ধতি তথা যন্ত্ৰ।
-
চে'ক
চে'ক (cheque), এনে এখন নথি যিয়ে কোনো ব্যক্তিৰ বেংক একাউণ্টৰ পৰা যিজন ব্যক্তিৰ নামত চেক জাৰি কৰা হৈছে তেওঁক নিৰ্দিষ্ট পৰিমাণৰ ধন দিবলৈ নিৰ্দেশ দিয়ে। চেক লিখা ব্যক্তিজনৰ লেনদেন বেংকিং একাউণ্টৰ পৰা হয়, য’ত ধন ৰখা হয়।
-
আইচিআইচিআই বেংক
আইচিআইচিআই বেংক লিমিটেড হৈছে ভাৰতীয় বহুজাতিক বেংক আৰু বিত্তীয় সেৱাৰ এক কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত আৰু বদোদৰাত পঞ্জীয়নভুক্ত কাৰ্যালয় অৱস্থিত।
-
ইউকো বেংক
ইউকো বেংক (ইংৰাজী: UCO Bank) হৈছে ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক আৰু ইয়াৰ মুখ্য কাৰ্যালয় পশ্চিমবংগৰ ৰাজধানী কলকাতাত অৱস্থিত। ১৯৪৩ চনত ইউনাইটেড কমাৰ্চিয়েল বেংক হিচাপে ইয়াক প্ৰতিষ্ঠা কৰা হয়। পিছলৈ ইয়াক চমু কৰি ইউকো বেংক কৰা হয়।
-
ফেডাৰেল বেংক
ফেডাৰেল বেংক লিমিটেড হৈছে কেৰালাৰ আলুভা, কোচিত মুখ্য কাৰ্যালয় থকা ভাৰতীয় ব্যক্তিগত খণ্ডৰ বেংক। ১৯৩১ চনত প্ৰতিষ্ঠা হোৱা এই বেংক ভাৰতৰ অন্যতম পুৰণি বেংক। সমগ্ৰ দেশতে বিস্তৃত বেংকটোৰ মুঠ ১৩৩৬টা শাখা আছে আৰু ১৬০০টা এটিএমৰ নেটৱৰ্ক আছে।
-
ডিমাণ্ড ড্ৰাফ্ট
বেংক ড্ৰাফ্ট হৈছে কোনো বেংকে (সাধাৰণতে*) সেই বেংকৰে কোনো নিৰ্দ্দিষ্ট শাখাক নিৰ্দ্দিষ্ট কাৰোবাক ধন দিবলৈ দিয়া আদেশপত্ৰ। এখন ড্ৰাফত এটা বেংক শাখা- আদেশ দিওতাৰ ৰূপত, অন্য এটা বেংক শাখা- আদেশ পালনকৰ্ত্তাৰ ৰূপত, আৰু এজন ব্যক্তি ধন গ্ৰহণ কৰোতাৰ ৰূপত জড়িত হৈ থাকে।
-
নিৰাপদ ঋণ
নিৰাপদ ঋণ হৈছে এনে এটা ঋণ য’ত আবেদনকাৰীয়ে ঋণ লোৱা কোম্পানীটোক ঋণ লোৱা ধনৰ নিৰাপত্তা হিচাপে এটা স্থায়ী সম্পত্তি প্ৰদান কৰিব লাগে। সহজ ভাষাত ক’বলৈ গ’লে য’ত যিকোনো বস্তু নিৰাপত্তা হিচাপে বন্ধকত ৰাখিব লাগে, তাক নিৰাপদ ঋণ বুলি কোৱা হয়।
-
এ টি এম কাৰ্ড
এ টি এম কাৰ্ড কোনো বিত্তীয় প্ৰতিষ্ঠানে (অৰ্থাৎ বেংক আদি) প্ৰদান কৰা নিৰ্দিষ্ট পেমেণ্ট কাৰ্ড, যিয়ে গ্ৰাহকক নিজৰ আৰু আনৰ স্বয়ংক্ৰিয় টেলাৰ মেচিন (এ টি এম)ৰ জৰিয়তে তেওঁলোকৰ বিত্তীয় একাউণ্টত প্ৰৱেশ কৰিবলৈ সুবিধা দিয়ে আৰু, কিছুমান দেশত অনুমোদিত ক্ৰয় কেন্দ্ৰত খুচুৰা লেনদেন কৰিবলৈ দিয়া হয়।
-
ক্ষেত্ৰীয় গ্ৰামীণ বেংক
ক্ষেত্ৰীয় গ্ৰামীণ বেংক (Regional Rural Bank) ভাৰতবৰ্ষৰ একপ্ৰকাৰৰ বেংক ব্যৱস্থা। ১৯৭৬ চনৰ ক্ষেত্ৰীয় গ্ৰামীণ বেংক আইনৰ অধীনত ক্ষেত্ৰীয় গ্ৰামীণ বেংক বা আঞ্চলিক গাঁৱলীয়া বেঙ্ক স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হয়।
-
পিগি বেংক
পিগি বেংক (Piggy Bank) হ'ল এটা বাকচ বা বন্ধ পাত্ৰ,য'ত মুদ্ৰা সাঁচি ৰাখিব পাৰি৷ কিন্তু এই বেংকৰ লগত পিগি বা গাহৰিৰ কোনো সম্পৰ্ক নাই৷ আনকি সাঁচিব জনা জন্তু হিচাপেও গাহৰিৰ নাম নাই৷ কুকুৰে কেতিয়াবা হাড় মাটিত পুতি ভৱিষ্যতৰ বাবে সাঁচি থয়,কেৰ্কটুৱায়ো বাদাম সাঁচে,কিন্তু গাহৰিয়ে একো সাঁচি নাৰাখে৷
-
ভাৰতীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠান
ভাৰতীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠান বা ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংক মেনেজমেণ্ট (Indian Institute of Bank Management) অসম গুৱাহাটীত অৱস্থিত এখন স্বায়ত্তশাসিত শৈক্ষিক গৱেষণা, প্ৰশিক্ষণ তথা বেংকিং পৰামৰ্শদাতা প্ৰতিষ্ঠান।