মুদ্ৰা
১৭ প্ৰবন্ধ
-
ভাৰতীয় টকা
ভাৰতীয় টকা (চিহ্ন:; ক’ড: INR) হৈছে ভাৰতৰ চৰকাৰী মুদ্ৰাৰ নাম। ভাৰতীয় মুদ্ৰাৰ মুখ্য নাম হৈছে ৰুপীয়া, ইংৰাজীত Rupee (ৰুপী), কিন্তু কেৱল বঙালী আৰু অসমীয়া ভাষাতহে ইয়াক টকা বুলি কোৱা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে টকা প্ৰস্তুত কৰি বাণিজ্যিক বেংকসমূহৰ দ্বাৰা ৰাইজৰ মাজত বিতৰণ কৰে।
-
আমেৰিকান ডলাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰ বা আমেৰিকান ডলাৰ (United States dollar; চিহ্ন: $; কোড: USD; ইয়াক আন দেশৰ ডলাৰ মুদ্ৰাৰ পৰা পাৰ্থক্য কৰিবলৈ US$ ৰূপেৰেও সংক্ষিপ্ত কৰা হয়) হৈছে ১৭৯২ চনৰ মুদ্ৰা অধিনিয়ম অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ অঞ্চলসমূহৰ চৰকাৰী মুদ্ৰা।
-
মুদ্ৰা
অৰ্থব্যৱস্থাত মুদ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিকোনো বস্তু বা সামগ্ৰীৰ দাম মুদ্ৰাৰ মানত প্ৰকাশ কৰা হয়। সকলো বাণিজ্যিক লেনদেন মুদ্ৰাৰ মাধ্যমৰে সাধিত হয়।
-
ইউৰো
ইউৰো (চিহ্ন: €; কোড: EUR) হৈছে ইউৰোপিয়ান ইউনিয়নৰ ২৮খন সদস্য ৰাষ্ট্ৰৰ ১৯ খনেৰে গঠিত ইউৰোমণ্ডলৰ আনুষ্ঠানিক মুদ্ৰা। ইউৰোমণ্ডলৰ অন্তৰ্গত দেশসমূহ হৈছে অষ্ট্ৰিয়া, বেলজিয়াম, চাইপ্ৰাছ, এষ্ট’নিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, আয়াৰলেণ্ড, ইটালী, লেটভিয়া, লিথুৱেনিয়া, লাক্সেমবাৰ্গ,…
-
ডলাৰ
ডলাৰ (Dollar) হৈছে বিভিন্ন দেশত প্ৰচলিত কেইবাপ্ৰকাৰৰ মুদ্ৰাৰ সমূহীয়া নাম। ডলাৰক পেচ’ বা $ চিহ্নৰদ্বাৰা বুজোৱা হয়। এই মুদ্ৰাসমূহ হৈছে অষ্ট্ৰেলিয়ান ডলাৰ, বেলিজ ডলাৰ, ব্ৰুনেই ডলাৰ, কানাডিয়ান ডলাৰ, হংকং ডলাৰ, জামাইকান ডলাৰ, নামিবিয়ান ডলাৰ, নিউজিলেণ্ড ডলাৰ, চিংগাপুৰ ডলাৰ, চুৰিনাম ডলাৰ, নিউ টাইৱান…
-
প্ৰচলিত মুদ্ৰা (চলাৰ্থ)
অৰ্থনীতিত প্ৰচলিত মুদ্ৰাই সৰ্বজনগৃহীত বিনিময়ৰ মাধ্যমক সূচায়। সাধাৰণতে এখন নিৰ্দ্দিষ্ট চৰকাৰৰ প্ৰচলিত মুদ্ৰা আৰু কাগজৰ টকাই ৰাষ্ট্ৰখনৰ অৰ্থমুদ্ৰাৰ যোগানৰ কায়িক দিশটো সামৰি লয়।
-
বিটকইন
বিটকইন (Bitcoin, চিহ্ন: ₿) হৈছে একপ্ৰকাৰ ডিজিটেল মুদ্ৰা বা সাংকেতিক মুদ্ৰা (ক্ৰিপ্ট'কাৰেন্সী)। ইয়াক বিশ্বৰ সৰ্বপ্ৰথম মুক্ত-উৎসৰ ক্ৰিপ্ট'কাৰেন্সী আৰু কেন্দ্ৰীয় নিয়ন্ত্ৰণহীন অৰ্থাৎ প্ৰশাসকবিহিন বিকেন্দ্ৰীকৃত ডিজিটেল মুদ্ৰা ৰূপে গণ্য কৰা হয়।
-
ভাৰতীয় টকাৰ ইতিহাস
খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰাই ভাৰতীয় টকাৰ ইতিহাস আৰম্ভ হয়। চীনা ৱেন আৰু লিডিয়ান ষ্টেটাৰৰ লগতে প্ৰাচীন ভাৰত মুদ্ৰাৰ প্ৰাৰম্ভিক প্ৰচলনকাৰী দেশসমূহৰ অন্যতম। হিন্দী ৰূপিয়া শব্দটো মৰিয়াই চেপেটা কৰা ৰূপ (ধাতু) অৰ্থাৎ ৰূপৰ মূদ্ৰা বা মোহৰ মাৰি চিহ্নিত কৰা কাৰ্যক বুজোৱা সংস্কৃত শব্দ ৰূপৰ পৰা উদ্ভৱ হৈছে।
-
জাপানীজ য়েন
জাপানীজ য়েন হৈছে জাপানৰ আনুষ্ঠানিক মুদ্ৰা। বৈদেশিক মুদ্ৰা বজাৰত হোৱা বিনিময়ৰ ভিত্তিত আমেৰিকান ডলাৰ আৰু ইউৰোৰ স্থান ক্ৰমে প্ৰথম আৰু দ্বিতীয় হোৱাৰ বিপৰীতে জাপানীজ য়েন তালিকাৰ তৃতীয় স্থানত আছে। আমেৰিকান ডলাৰ, ইউৰো আৰু পাউণ্ড ষ্টাৰলিঙৰ লগতে য়েনো এক বহুলভাৱে গ্ৰহণীয় সঞ্চয় বা আৰক্ষিত মুদ্ৰা।
-
ডিজিটেল টকা
ডিজিটেল টকা (e₹) ( Digital Rupee) বা “e-INR’’ বা “ই-টকা’’ ভাৰতীয় টকাৰ এটা টোকেনাইজড ডিজিটেল সংস্কৰণ, যিটো ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) এ কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা (CBDC) হিচাপে জাৰি কৰে। ডিজিটেল টকা, ২০১৭ চনৰ জানুৱাৰী মাহত প্ৰস্তাৱ কৰা হৈছিল আৰু ২০২২ চনৰ ১ ডিচেম্বৰত মুকলি কৰা হৈছিল।
-
ডিজিটেল মুদ্ৰা
ডিজিটেল মুদ্ৰা (Digital currency; ডিজিটেল ধন, ইলেক্ট্ৰনিক ধন বা ইলেক্ট্ৰনিক মুদ্ৰা) হৈছে মূলতঃ ডিজিটেল কম্পিউটাৰ ব্যৱস্থাত বিশেষকৈ ইণ্টাৰনেটৰ জৰিয়তে পৰিচালিত, সংৰক্ষণ বা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহৃত যিকোনো মুদ্ৰা, ধন বা ধনৰ দৰে সম্পত্তি।
-
ভাৰতীয় উপমহাদেশত কাগজৰ নোটৰ ইতিহাস
অষ্টাদশ শতিকাত বহু ইউৰোপীয় বাণিজ্যিক কম্পানীয়ে ভাৰতলৈ আগমন কৰিছিল। এই বাণিজ্যিক কম্পানীসমূহে ব্যক্তিগত বেংক স্থাপন কৰিছিল যিয়ে প্ৰথমবাৰৰ বাবে ভাৰতীয় উপমহাদেশত কাগজৰ নোট জাৰি কৰিছিল। কিন্তু সেই নোটসমূহ মূলতঃ টেক্সট্-ভিত্তিক আছিল।
-
ভাৰতীয় দহটকীয়া মুদ্ৰা
ভাৰতীয় ১০ টকীয়া মুদ্ৰা ভাৰতীয় টকাৰ এক মূল্য। ১০ টকীয়া মুদ্ৰাটো ২০০৫ চনত প্ৰৱৰ্তনৰ পিছত এয়া ভাৰতৰ দ্বিতীয় সৰ্বাধিক মূল্যৰ মুদ্ৰা হিচাপে পৰিগণিত হয়। বৰ্তমান প্ৰচলিত ১০ টকীয়া মুদ্ৰাটো ২০১৯ চনৰ ডিজাইনৰ। অৱশ্যে ২০১৯ চনৰ পূৰ্বে মুদ্ৰা কৰা পূৰ্বৰ ১০ টকাৰ মুদ্ৰাও ভাৰতত প্ৰচলিত হৈ থকা আইনী মুদ্ৰা।
-
মোহৰ
মোহৰ হ’ল, সোণৰ মুদ্ৰা, যাক পূৰ্বতে ব্ৰিটিছ ভাৰত আৰু ইয়াৰ আসে-পাশে থকা কিছুমান স্বাধীন ৰাজ্য, মোগল সাম্ৰাজ্য, মাৰাঠা সাম্ৰাজ্য, নেপাল ৰাজ্য আৰু পাৰস্য (মূলতঃ আফগানিস্তান)কে ধৰি কেইবাখনো চৰকাৰে মুদ্ৰিত কৰিছিল। সাধাৰণতে এটা মোহৰৰ মূল্য পোন্ধৰ ৰূপৰ টকাৰ সমতুল্য আছিল।
-
ঙুল্ট্ৰুম (ভূটান)
ঙুল্ট্ৰুম (/əŋˈɡʌltrəm/; ISO 4217 code: BTN) (Dzongkha: དངུལ་ཀྲམ) ১৯৭৪ৰ পাছৰ ভূটানৰ মুদ্ৰা। এশ চেৰ্টামে (১৯৭৯লৈকে ধাতুৰ মুদ্ৰাত চেৰ্টমছ হিচাপে লিখিত) ১ ঙুল্ট্ৰুম।
-
মনেৰ’
মনেৰো (ইংৰাজী: Monero) হৈছে এক বিকেন্দ্ৰীভূত, মুক্ত-উৎসৰ ক্ৰিপ্ট'কাৰেন্সি, যি গোপনীয়তা আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ প্ৰাথমিক লক্ষ্য হৈছে ব্যৱহাৰকাৰীসকলৰ বাবে উচ্চ মাত্ৰাৰ গোপনীয়তা নিশ্চিত কৰা, য'ত লেন-দেনৰ বাবে প্ৰেৰক আৰু গ্ৰাহকৰ পৰিচয় গোপন ৰখা হয়। মনেৰোৰ মুদ্ৰা চিহ্ন হৈছে XMR।
-
ৰাই শিল
ৰাই শিল ( rai stone), বা ফেই শিল, মাইক্ৰ'নেছিয়াৰ য়াপ দ্বীপপুঞ্জৰ থলুৱা বাসিন্দাসকলে নিৰ্মাণ কৰা আৰু মূল্যৱান বহুতো বৃহৎ সামগ্ৰীৰ ভিতৰত অন্যতম। এইবোৰক য়াপেচ শিলৰ টকা নাম বুলিও জনা যায়। সাধাৰণ ৰাই শিলটো স্ফটিকীয় চূণশিলৰ পৰা তৈয়াৰ কৰা হয় আৰু ইয়াৰ আকৃতি ডিস্কৰ দৰে আৰু ইয়াৰ মাজত এটা ফুটা থাকে।