অৰ্থনীতি
৭৪ প্ৰবন্ধ
-
অৰ্থনীতি
অৰ্থনীতি (economics) হৈছে সমাজ বিজ্ঞানৰ এটা বিভাগ। ই এখন দেশ অথবা এটা অঞ্চলৰ দ্ৰব্য আৰু সেৱাৰ উৎপাদন, যোগান, বিনিময়, বিতৰণ আৰু ভোগৰ বিষয়ে আলোচনা কৰে। মানুহৰ জীৱন ধাৰণাৰ বাবে বিভিন্ন সম্পদৰ প্ৰয়োজন। সম্পদ সীমিত কিন্তু অভাৱ অসীম।
-
ভৌগোলিক স্বীকৃতি
ভৌগোলিক স্বীকৃতি (বা চমুকৈ জি আই; geographical indication) হৈছে কোনো এক সামগ্ৰীত ব্যৱহাৰ কৰা বিশেষ নাম বা চিহ্ন। এই নাম বা চিহ্ন নিৰ্দিষ্ট সামগ্ৰীবিধৰ ভৌগোলিক অৱস্থিতি বা মূল (যেনে- এখন দেশ, একোটা অঞ্চল বা চহৰ) অনুসাৰে নিৰ্ধাৰণ কৰা হয়।
-
মুদ্ৰা
অৰ্থব্যৱস্থাত মুদ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিকোনো বস্তু বা সামগ্ৰীৰ দাম মুদ্ৰাৰ মানত প্ৰকাশ কৰা হয়। সকলো বাণিজ্যিক লেনদেন মুদ্ৰাৰ মাধ্যমৰে সাধিত হয়।
-
পুঁজিবাদ
পুঁজিবাদ বা ধনতন্ত্ৰ (Capitalism) হৈছে এক প্ৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থা আৰু উৎপাদন পদ্ধতি য’ত ব্যৱসায়, উদ্যোগ আৰু উৎপাদনৰ কাৰক বা উপাদানসমূহ সম্পূৰ্ণৰূপে নাইবা অধিকাংশই ব্যক্তিগত মালিকাধীন।
-
বেংক
বেংক হৈছে এক বিত্তীয় প্ৰতিষ্ঠান যিয়ে ৰাইজৰ পৰা জমা হিচাবে মুদ্ৰা গ্ৰহণ কৰে ঋণ বা বিনিয়োগ কৰাৰ বাবে। সেই মুদ্ৰা,চেক,ড্ৰাফ্ট,আদেশ (অৰ্ডাৰ) অথবা আন উপায়ে উলিয়াই অনাৰ ব্যৱস্থা থাকে।
-
উপভোক্তা আচৰণ তত্ত্ব
উপভোক্তা তত্ত্ব, উপভোক্তা আচৰণ তত্ত্ব বা গ্ৰাহক তত্ত্ব ব্যষ্টিবাদী অৰ্থনীতিৰ এটি ভাগ য'ত উপভোক্তাই গ্ৰহণ কৰা সিদ্ধান্ত অধ্যয়ন কৰা হয় আৰু বুজোৱা হয়। উপভোক্তা তত্ত্ব ব্যস্তিবাদী অৰ্থনীতিৰ এটি অতিকৈ কেন্দ্ৰীয় ভাগ। পৰম্পৰাগতভাৱে অৰ্থনীতিত উপভোক্তা এজনক "তৰ্কসংগত" বা "ৰেচনেল" মানি লোৱা হয়।
-
নাশ্ব সাম্যাৱস্থা
খেল সূত্ৰত নাশ্ব সাম্যাৱস্থা জন ফ'ৰ্বছ্ নাশ্বৰ নামৰ এটি সমাধানৰ ধাৰণা যি অসহযোগিতামূলক খেলৰ ক্ষেত্ৰত প্ৰযোজ্য। এনে খেলত এই সাম্যাৱস্থাত ধৰি লোৱা হয় যে প্ৰত্যেকজন খেলুৱৈয়ে আন খেলুৱৈসকলৰ সাম্যাৱস্থাৰ কৌশল বা কাৰ্যনীতি জানে, আৰু যদি আন কোনো খেলুৱৈয়ে নিজৰ কাৰ্যনীতি সলনি নকৰে, কোনো খেলুৱৈৰে নিজৰ…
-
উৎপাদকৰ আচৰণৰ তত্ত্ব
উৎপাদকৰ আচৰণৰ তত্ত্ব ব্যষ্টিবাদী অৰ্থনীতিৰ এক অতিকৈ গুৰুত্বপূৰ্ণ তত্ত্ব। এই তত্ত্বত কোনো উৎপাদকে সন্মুখীন হোৱা পৰিৱেশত কেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰে, তাক ব্যাখ্যা কৰা হয়। সাধাৰণতে নব্য-ধ্ৰুপদী অৰ্থনীতিত এই কথা মানি লোৱা হয় যে উৎপাদক তৰ্কসংগত।
-
কৰ
কৰ হৈছে কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানৰ ওপৰত দেশৰ প্ৰশাসনে আৰোপ কৰা এক বিত্তীয় ব্যয়ৰ ভাৰ। কৰ মূলতঃ দেশৰ সৰ্বজনীন কাৰ্যসমূহত ব্যয় কৰিবলৈ আৰোপ কৰা হয়। লেটিন ভাষাৰ শব্দ টেক্স’ৰ পৰা কৰৰ ইংৰাজী প্ৰতিশব্দ টেক্সৰ উদ্ভৱ হৈছে। কৰ পৰিশোধ কৰাত অপাৰগ হোৱা আৰু কৰ ফাঁকি দিয়া কাৰ্য আইনমতে দণ্ডণীয়।
-
উদ্যোগ
উদ্যোগ (ইংৰাজী: Industry) হৈছে কোনো এক অৰ্থনীতি অথবা দেশত হোৱা কোনো সামগ্ৰী নাইবা সেৱাৰ উৎপাদন। কোনো ব্যৱসায়িক প্ৰতিষ্ঠান বা গোটে কৰা আয়ৰ মুখ্য উৎসই ইয়াৰ সৈতে সম্পৰ্কিত উদ্যোগটোকে সূচায়।
-
ৱালৰাছৰ বিধান
সাধাৰণ সাম্যাৱস্থা সূত্ৰত ৱালৰাছৰ বিধানে কয় যে বাজেট বাধ্যতাৰ বাবে, অতিৰিক্ত চাহিদাৰ মানৰ (বা অতিৰিক্ত বজাৰ যোগান) যোগফল শূন্য হ'ব লাগিব, মূল্যসমূহ সাধাৰণ সাম্যাৱস্থাৰ মূল্য হওক বা নহওক। অৰ্থাত্ ⟨\sum_{j=1}^{k}p_j \cdot (D_j - S_j) = 0,⟩
-
উৎপাদন (অৰ্থনীতি)
অৰ্থবিজ্ঞান বা অৰ্থনীতিত উপযোগিতা সৃষ্টি কৰাকে উৎপাদন (Production) বোলে। সাধাৰণতে উৎপাদন বুলিলে কোনো বস্তু তৈয়াৰ কৰা বুজায়। কিন্তু মানুহে কোনো পদাৰ্থ নিজে তৈয়াৰ বা সৃষ্টি কৰিব নোৱাৰে। প্ৰকৃতি প্ৰদত্ত্ব সকলো বস্তুৱেই মানুহে নিজৰ বুদ্ধি, শ্ৰম আৰু কৌশল প্ৰয়োগ কৰি নিজৰ উপযোগী কৰি লয়।
-
কল্যাণ অৰ্থনীতিৰ মৌলিক উপপাদ্য
কল্যাণমূলক অৰ্থনীতিৰ ২ মৌলিক উপপাদ্য আছে। প্ৰথম উপপাদ্যৰ মতে কোনো বজাৰ দুৰ্বল পাৰেট' ইষ্টত্বৰ প্ৰতি অগ্ৰসৰ হ'ব যদি এই চৰ্ত পূৰ্ণ হয়: 1. পূৰ্ণ বজাৰ, শূণ্য লেনদেন খৰচ আৰু সেয়েহে প্ৰতি কৰ্মীৰ নিখুঁত তথ্য লাভ।
-
মহামন্দা
মহামন্দা বা বৃহৎ অৰ্থনৈতিক পতন (Great Depression) আছিল এক গুৰুতৰ বিশ্বজুৰা তীব্ৰ অৰ্থনৈতিক মন্দাৱস্থা যি ১৯৩০-ৰ দশকত ঘটিছিল। ইয়াৰ আৰম্ভ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। সমগ্ৰ বিশ্বত মহামন্দাৰ সময় বিভিন্ন আছিল; বেছিভাগ দেশত, ই ১৯২৯ চনত আৰম্ভ হৈছিল আৰু ১৯৩০ দশকৰ শেষভাগলৈ আছিল।
-
মূলধন (অৰ্থনীতি)
অৰ্থনীতিত মূলধন, মূলধনীজাত সামগ্ৰী বা প্ৰকৃত মূলধন বুলিলে পণ্য বা সেৱাৰ উত্পাদনত ব্যৱহৃত হোৱা পূৰ্বোত্পাদিত দীৰ্ঘস্থায়ী সামগ্ৰীকে সূচায়। মূলধনীজাত সামগ্ৰীসমূহৰ পূৰ্ণ ব্যৱহাৰ নহয় যদিও উত্পাদন প্ৰক্ৰিয়াত ইয়াৰ অৱক্ষয় হ'ব পাৰে।
-
দৰিদ্ৰতা
দৰিদ্ৰতা (Poverty) হৈছে এজন ব্যক্তিৰ মৌলিক প্ৰয়োজনীয়তাৰ বাবে পৰ্যাপ্ত ভৌতিক সম্পত্তি বা উপাৰ্জন নোহোৱাৰ স্থিতি। দৰিদ্ৰতাত সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক উপাদান অন্তৰ্ভুক্ত থাকিব পাৰে।
-
অৰ্থব্যৱস্থা
অৰ্থব্যৱস্থা হ'ল পণ্য আৰু সেৱাৰ উৎপাদন, বিতৰণ, বাণিজ্য আৰু উপভোগৰ ব্যৱস্থা। সাধাৰণতে, ইয়াক এনে এক সামাজিক ব্যৱস্থা বুলি বুজা হয় য'ত দুৰ্লভ সম্পদৰ উৎপাদন, ব্যৱহাৰ আৰু পৰিচালনাৰ সৈতে সম্বন্ধিত কাৰ্য, বাৰ্তা আৰু ভৌতিক প্ৰকাশ দেখা যায়।
-
বীমা
আইন আৰু অৰ্থনীতিৰ সংজ্ঞামতে বীমা (insurance) হ’ল এক দুৰ্যোগ ব্যৱস্থাপনা যাৰ সহায়ত সম্ভাব্য আৰ্থিক ক্ষতিৰ ক্ষতিপুৰণ দিবলৈ প্ৰয়াস কৰা হয়। বীমাৰ সংজ্ঞা হ’ল নিৰূপিত দেয়ৰ বিনিময়ত একপক্ষৰ সাম্ভাব্য ক্ষতিৰ বাবে আনপক্ষই ক্ষতি পূৰণ দিয়াৰ ব্যবস্থা।
-
শ্ৰম
উৎপাদন কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে অৰ্থবিজ্ঞানত 'শ্ৰম' (Labour) বোলে। অথবা আৰ্থিক বিবেচনাধীন হৈ মানুহে প্ৰবৃত্ত হোৱা শাৰীৰিক আৰু মানসিক সকলো কামকে অৰ্থবিজ্ঞানত শ্ৰম বোলে।("Any work, whether mental or manual, undertaken for a moneytary consideration is called Labour in Economics") উৎপাদনৰ…
-
আয়কৰ
আয়কৰ (income tax) হৈছে এগৰাকী ব্যক্তি বা এক সত্তাৰ (কৰদাতা) ওপৰত তেওঁলোকৰ দ্বাৰা উপাৰ্জন কৰা আয় বা লাভৰ (কৰযোগ্য আয়, taxable income) ক্ষেত্ৰত আৰোপ কৰা কৰ। আয়কৰ সাধাৰণতে কৰযোগ্য আয়ৰ কৰ হাৰৰ গুণফল হিচাপে গণনা কৰা হয়। কৰদাতাৰ প্ৰকাৰ বা বৈশিষ্ট্য আৰু আয়ৰ প্ৰকাৰ অনুসৰি আয়কৰৰ হাৰ ভিন্ন হ’ব পাৰে।
-
প্ৰচলিত মুদ্ৰা (চলাৰ্থ)
অৰ্থনীতিত প্ৰচলিত মুদ্ৰাই সৰ্বজনগৃহীত বিনিময়ৰ মাধ্যমক সূচায়। সাধাৰণতে এখন নিৰ্দ্দিষ্ট চৰকাৰৰ প্ৰচলিত মুদ্ৰা আৰু কাগজৰ টকাই ৰাষ্ট্ৰখনৰ অৰ্থমুদ্ৰাৰ যোগানৰ কায়িক দিশটো সামৰি লয়।
-
ব্যষ্টিবাদী অৰ্থনীতি
ব্যষ্টিবাদী অৰ্থনীতি হ'ল অৰ্থনীতিৰ এটি ভাগ যাৰ বিষয়বস্তু ব্যক্তি তথা ব্যৱসায়ৰ নিৰ্ণয় প্ৰক্ৰিয়া, বিশেষকৈ দুৰ্লভ সামগ্ৰীৰ বিতৰণৰ ক্ষেত্ৰত। নিৰ্ণয় গ্ৰহণ প্ৰক্ৰিয়াৰ লগতে তেনে নিৰ্ণয়গ্ৰহণকাৰীসকলৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াও ব্যষ্টিবাদী অৰ্থনীতিত অধ্যয়ন কৰা হয়।
-
ভূমি (অৰ্থনীতি)
প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ সম্পদকে অৰ্থবিজ্ঞানত 'ভুমি' (Land) বুলি কোৱা হয়।
-
মানৱ উন্নয়ন সূচক
মানৱ উন্নয়ন সূচক (Human Development Index) হৈছে জীৱন প্ৰত্যাশা, শিক্ষা আৰু জনমূৰি আয়ৰ ভিত্তিত গঢ়ি তোলা এটা সামগ্ৰিক পাৰিসাংখ্যিক মান যাৰ দ্বাৰা বিশ্বৰ দেশসমূহক মানৱ উন্নয়নৰ চাৰিটা স্তৰত ভগোৱা হয়।
-
মাৰ্চেলিয়ান চাহিদা ফলন
ব্যষ্টি অৰ্থনীতিত, কোনো উপভোক্তাৰ মাৰ্চেলিয়ান চাহিদা ফলনে (অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্চেলৰ সন্মানত) এই কথা নিশ্চিত কৰে যে সেই উপভোক্তাই প্ৰদান কৰা মূল্য আৰু আয় বা সম্পত্তিৰে কোনো পণ্য কিমান ক্ৰয় কৰিব, যদিহে তেওঁ উপযোগিতা বৃহদায়িত কৰে।
-
সমষ্টিবাদী অৰ্থনীতি
সমষ্টিবাদী অৰ্থনীতি (Macroeconomics) হ’ল অৰ্থনীতিৰ এটা ভাগ য’ত সামগ্ৰীক ভাৱে অৰ্থনীতিখন বা সমগ্ৰ অৰ্থনীতিখনৰ সমষ্টিবোৰৰ আচৰণ অধ্যয়ন কৰা হয়। সমাজৰ সমষ্টিগত অৰ্থনৈতিক বিষয়সমূহ, যেনে - সম্পূৰ্ণ নিয়োগ সমস্যা, সৰ্বমুঠ ৰাষ্ট্ৰীয় উৎপাদন, সামগ্ৰিক চাহিদা, সামগ্ৰিক যোগান, ৰাষ্ট্ৰীয় সঞ্চয় আৰু বিনিয়োগ…
-
গোলকীকৰণ
গোলকীকৰণ বা বিশ্বায়ন (globalization) বিংশ শতিকাৰ শেষভাগত উদ্ভূত এক আন্তঃৰাষ্ট্ৰীয় অৱস্থা য'ত পৃথিৱীৰ বিনিয়োগ, কৰ্মসংস্থান, উৎপাদন তথা বিপণন ব্যৱস্থা এখন দেশ বা অঞ্চলৰ চাৰিসীমা পাৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰিসৰত পৰিব্যাপ্তি লাভ কৰিছে।
-
ফৰ্বছ আলোচনী অনুসৰি বিলিয়নাৰসকলৰ তালিকা
ফৰ্বছৰ বিলিয়নাৰসকলৰ তালিকাখন (Forbes list of billionaires) বাৰ্ষিক ধন সম্পত্তিৰ ওপৰত ভিত্তি কৰি ফৰ্বছ আলোচনীখনে প্ৰকাশ কৰে। সৰ্বশেষ তলিকাখন প্ৰকাশিত হৈছিল বিগত ২০১১ চনৰ ১০ মাৰ্চত। __TOC__
-
বিত্তীয় বজাৰ
বিত্তীয় বজাৰ (Financial Market) হ’ল এক প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থা য’ত বিভিন্ন প্ৰকাৰৰ বিত্তীয় সম্পদ আৰু ঋণ আহিলাবোৰ যেনে- কাগজী মুদ্ৰা, চেক, বেংক আমানত, বিল, বণ্ড, প্ৰতিশ্ৰুতি পত্ৰ, নিৰাপত্তা পত্ৰ, ঋণপত্ৰ ইত্যাদিৰ লেনদেন সংঘটিত হয়।
-
মাধ্যিকা মতদাতা উপপাদ্য
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানত মাধ্যিকা মতদাতা উপপাদ্যই কয় যে যদি কোনো সমষ্টিত অধিকতা মতদান ব্যৱহাৰ কৰা হয় (অৰ্থাৎ, সৰ্বাধিক ভোট লাভ কৰা প্ৰতিযোগী বিজয়ী হয়), কেৱল দুই প্ৰতিদ্বন্দ্বী আছে আৰু সকলো মতদাতাৰ অগ্ৰাধিকাৰ সম্বন্ধৰ এটি শৃংগ আছে, তেন্তে দুয়ো প্ৰতিদ্বন্দ্বীয়ে প্ৰত্যেক নীতিত একেই স্থিতি…