অৰ্থনীতি আৰু উদ্যোগ
কৃষি, চাহ, বাণিজ্য, উদ্যোগ আৰু জীৱিকা · ২৬০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ভাৰতীয় ৫০০ টকাৰ নোট
ভাৰতীয় ৫০০ টকীয়া নোট (₹৫০০) ভাৰতীয় টকাৰ এটা মূল্য। ১৯৮৭ চনত ₹500 নোট প্ৰৱৰ্তন কৰা হয়, তাৰ পিছত একে বছৰতে ₹1,000 নোট প্ৰৱৰ্তন কৰা হয়। ২০১৬ চনৰ ১০ নৱেম্বৰৰপৰা প্ৰচলিত বৰ্তমানৰ ₹৫০০ নোটখন মহাত্মা গান্ধী নিউ ছিৰিজৰ অংশ।
-
ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪
ভাৰতীয় ৰিজাৰ্ভ বেঙ্ক আইন, ১৯৩৪ হৈছে এখন আইন যাৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংক(আৰবিআই) গঠন কৰা হৈছিল। ১৯৩৬ চনত সংশোধন কৰা কোম্পানী আইনৰ সৈতে এই আইনখন ভাৰতত বেঙ্কিং প্ৰতিষ্ঠানসমূহৰ তত্ত্বাৱধানৰ বাবে এক পৰিকাঠামো প্ৰদান কৰাৰ বাবে কৰা হৈছিল।
-
ভাৰতৰ বেংকৰ তালিকা
এইখন হৈছে আৰ বি আই আইন, ১৯৩৪ৰ দ্বিতীয় সূচী অনুসৰি অনুসূচীত বেংক (ভাৰত) হিচাপে তালিকাভুক্ত হোৱা বেংকৰ তালিকা।
-
মহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্ লিমিটেড
মহীশূৰ পেইণ্টছ এণ্ড বাৰ্নিচ লিমিটেড, আগতে ইয়াৰ নাম আছিল মহীশূৰ লেক এণ্ড পেইণ্টছ লিমিটেড, দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ মহীশূৰ চহৰত অৱস্থিত এটা কোম্পানী। ভাৰতৰ ই একমাত্ৰ কোম্পানী যিয়ে নিৰ্বাচনী চিয়াঁহী উৎপাদন কৰিবলৈ অনুমোদিত, যিটো নিৰ্বাচনত ব্যৱহাৰ কৰা হয় যাতে মানুহে একাধিকবাৰ ভোটদান কৰিব নোৱাৰে৷…
-
মীনা বজাৰ
মীনা বজাৰ বা মীনা বাজাৰ (উৰ্দু: مینا بازار) হৈছে দাতব্য আৰু অলাভজনক সংস্থাৰ বাবে ধন সংগ্ৰহৰ বাবে সামগ্ৰী বিক্ৰী কৰা এক বিশেষ বজাৰ। এই শব্দ দুটাৰ দ্বাৰা আধুনিক যুগৰ কেইবাটাও শ্বপিং চেণ্টাৰ আৰু খুচুৰা বিপণীকো বুজোৱা হয়।
-
মোহৰ
মোহৰ হ’ল, সোণৰ মুদ্ৰা, যাক পূৰ্বতে ব্ৰিটিছ ভাৰত আৰু ইয়াৰ আসে-পাশে থকা কিছুমান স্বাধীন ৰাজ্য, মোগল সাম্ৰাজ্য, মাৰাঠা সাম্ৰাজ্য, নেপাল ৰাজ্য আৰু পাৰস্য (মূলতঃ আফগানিস্তান)কে ধৰি কেইবাখনো চৰকাৰে মুদ্ৰিত কৰিছিল। সাধাৰণতে এটা মোহৰৰ মূল্য পোন্ধৰ ৰূপৰ টকাৰ সমতুল্য আছিল।
-
মৰণা মৰা
মৰণা মৰা হৈছে শস্যৰ পৰা বীজ পৃথকীকৰণৰ এক প্ৰক্ৰিয়া। কৃষিজীৱি মানুহে পথাৰৰ পৰা শস্য কাটি আনি বিভিন্ন উপায়েৰে শস্যৰ গা-গছৰ পৰা গুটি বাহিৰ কৰি ভঁৰালত থয়। অসম কৃষিপ্ৰধান ৰাজ্য।
-
স্মল ফাইনেন্স বেংক
স্মল ফাইনেন্স বেংক (চমুকৈ এছএফবি) হৈছে ভাৰতৰ এক ধৰণৰ ক্ষুদ্ৰ বিত্তীয় বেংক। স্মল ফাইনেন্স বেংক (এছ এফ বি) অনুজ্ঞাপত্ৰ থকা বেংকে জমা ধন গ্ৰহণ আৰু ঋণ দিয়াৰ মৌলিক বেংকিং সেৱা আগবঢ়াব পাৰে।
-
অতিপাত বিশেষাধিকাৰ
অতিপাত বিশেষাধিকাৰ (Exorbitant privilege), এই পাৰিভাষিক বাক্যাংশটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত অনা এক বিশেষ অভিযোগ যাৰ মতে কোৱা হয় বোলে সেই দেশখনে নিজৰেই মুদ্ৰা (Currency) ডলাৰ আন্তৰ্জাতিক সংৰক্ষিত মুদ্ৰা (International Reserve Currency) হিচাপে ব্যৱহাৰ হোৱাৰ বাবে বৰ বেচি হিত উপভোগ কৰি আছে।
-
অসমীয়া তাঁতশালৰ সঁজুলি
বয়ন শিল্প অসমৰ কুটীৰ শিল্পসমূহৰ এটি অন্যতম ভাগ। অসমৰ বয়ন শিল্পৰ লগত জড়িত মুখ্য আহিলাবিধ হৈছে তাঁতশাল। তাঁতশাল দুই প্ৰকাৰৰ - তাঁতীশাল আৰু মাটিশাল।
-
অসমৰ ধান খেতিৰ সঁজুলিসমূহ
অতীজৰে পৰাই অসমীয়া মানুহে খেতিৰ লগত জড়িত হৈ আহিছে, কৃষি কৰ্মৰ লগত জড়িত কিছু সঁজুলিৰ হ'ল নাঙল আৰু যুঁৱলি, লাহনি, ওখোন আদি।
-
অসমৰ পিতল শিল্প
অসমত প্ৰাচীন কালৰে পৰা সোণ, ৰূপ আদি ধাতুৰ প্ৰচলন থকা আৰু এইবোৰৰ জৰিয়তে এক কুটীৰ উদ্যোগ গঢ়ি উঠাৰ দৰে অসমৰ ঘাইকৈ হাজো অঞ্চল পিতল শিল্পৰ বাবে জনাজাত৷ পিতলেৰে গঢ়া বিভিন্ন বাচন-বৰ্তন অসমীয়া সংস্কৃতিৰ অংগাংগী সম্পদ৷ সাধাৰণতে, মৰীয়া জনগোষ্ঠীৰ লোকসকলেই পিতলৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰে৷ এই মৰীয়াসকল…
-
অসমৰ বাঁহ-বেতৰ শিল্প
অসমৰ বাঁহ-বেতৰ শিল্প (Bamboo and cane culture of Assam) হৈছে অসমৰ এক কুটীৰ শিল্প। অসম প্ৰাকৃতিক সম্পদেৰে চহকী আৰু ইয়াৰ অধিকাংশ অৰণ্যত বিভিন্ন প্ৰজাতিৰ বাঁহ-বেত মজুত আছে। বাঁহ হৈছে এবিধ বহুমুখী কেঁচামাল আৰু ই পৌৰাণিক দিনৰে পৰা অসমৰ জীৱনশৈলী আৰু অৰ্থনীতিৰ এক অংগ।
-
অসমৰ স্বৰ্ণ শিল্প
অসমৰ স্বৰ্ণ শিল্পই (Gold crafts of Assam) কামৰূপৰ যুগৰে পৰা অসমৰ অৰ্থনীতিত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে৷ পৌৰাণিক গ্ৰন্থ যেনে অৰ্থশাস্ত্ৰ, কালিকা পুৰাণ বা যোগিনী তন্ত্ৰত প্ৰাচীন অসমৰ সোণ আৰু সোণৰ অলংকাৰৰ বিষয়ে উল্লেখ পোৱা যায়।
-
অসমৰ হাতী দাঁত শিল্প
হাতী দাঁত শিল্প ( Ivory Industries of Assam) পুৰণি অসমৰ কুটীৰ শিল্প সমূহৰ ভিতৰত অন্যতম আছিল৷ সেই সময়ত অসমৰ হাবিত প্ৰচুৰ পৰিমাণে হাতী পোৱা গৈছিল আৰু হাতীৰ দাঁত আৰু হাঁড়েৰে এই শিল্প গঢ়ি উঠিল৷ আহোম যুগৰ অৰ্থনীতিতো ই বিশেষ ভূমিকা পালন কৰিছিল৷ আহোম যুগত বৈদেশিক বাণিজ্যত হাতী দাঁত প্ৰচুৰ পৰিমাণে…
-
অহিংস ৰেচম
অহিংসা ৰেচম (Ahimsa silk) ( সংস্কৃত ahiṃsā শব্দৰ অৰ্থ হৈছে 'অহিংসা')ক শান্তি ৰেচম বুলিও কোৱা হয়৷ ই হৈছে অহিংস পদ্ধতিৰে ৰেচম পলুৰ প্ৰজনন আৰু ৰেচম চপোৱাৰ এক পদ্ধতি। ঘৰচীয়া জাততকৈ বনৰীয়া ৰেচম মথৰ প্ৰজনন কৰা হয়।
-
অৰ্থনৈতিক একত্ৰীকৰণ
অৰ্থনৈতিক একত্ৰিকৰণ হৈছে একাধিক ৰাষ্ট্ৰৰ অৰ্থনৈতিক নীতিসমূহৰ সমন্বিত বা একত্ৰিত ব্যৱস্থা। এই ব্যৱস্থাত একত্ৰিকৰণৰ পূৰ্বে অন্তৰ্ভুক্ত দেশসমূহে নিজৰ মাজত বিভিন্ন আমদানি শুল্ক আৰু অশুল্ক নিষেধসমূহ কিছু পৰিমাণে বা সম্পূৰ্ণভাৱে উঠাই লয়।
-
অৱক্ষয় (একাউণ্টিং)
হিচাপবিদ্যা বা একাউণ্টেঞ্চিত অৱক্ষয় (Depreciation) বা মূল্যহ্ৰাস হৈছে ব্যৱসায় এটাত ব্যৱহাৰ কৰা সম্পত্তি বা সম্পদ এটাৰ মূল্য হ্ৰাস হোৱা কাৰ্য। অৱক্ষয়ৰ ধাৰণাটোৰ দুটা দিশ আছে: প্ৰথমতে, সম্পদ এটাৰ ন্যায্য মূল্যৰ প্ৰকৃত হ্ৰাস, যেনে ব্যৱহাৰ কৰি থকাৰ বাবে প্ৰতি বছৰে কাৰখানাৰ সঁজুলি বা যন্ত্ৰ-পাতিৰ…
-
আন্না গুছ
আন্না গুছ (১৬২৭–১৬৯১), ১৬৭৪ চনৰপৰা ১৬৮১ চনলৈকে এণ্টৱাৰ্পৰ অফিচিনা প্লেণ্টিনানা (বৰ্তমান প্লেণ্টিন প্ৰেছ বুলি কোৱা হয়)ৰ মুদ্ৰক আৰু সহ-পৰিচালক আছিল। তেওঁ নিজৰ পুত্ৰ বালথাছাৰ দ্বিতীয় মৰেটাছক ব্যৱসায় চলাবলৈ প্ৰস্তুত কৰিছিল, ৰাজনৈতিক আৰু আৰ্থিকভাৱে অশান্ত সময়ত, যেনে ফ্ৰান্স-ডাচ যুদ্ধৰ সময়ত…
-
আবাদন সংকট
আবাদান সংকট (Abadan Crisis) (ইৰাণ তেল সংকট) ১৯৫১ চনৰপৰা ১৯৫৪ চনলৈকে চলিছিল, যেতিয়া ইৰাণে বিপি নিয়ন্ত্ৰিত এংলো-ইৰানিয়ান তেল কোম্পানী (AIOC) ৰ ইৰাণী সম্পত্তি ৰাষ্ট্ৰীয়কৰণ কৰিছিল আৰু বিদেশী কোম্পানীসমূহক ইৰানৰ আবাদন চহৰৰ তেল শোধনাগাৰৰপৰা বহিষ্কাৰ কৰিছিল।
-
আবুল কাছিম
মৌলৱী মহম্মদ আবুল কাছিম পাকিস্তানৰ তৃতীয় ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য আছিল, পূব পাকিস্তানৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ইণ্ডোনেছিয়াত ধান উৎপাদন
ইণ্ডোনেছিয়াত ধান উৎপাদন ৰাষ্ট্ৰীয় অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ। ইণ্ডোনেছিয়া বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম ধান উৎপাদনকাৰী দেশ। ইণ্ডোনেছিয়াৰ খাদ্যত চাউল প্ৰধান খাদ্য, গড় খাদ্যৰ আধাতকৈ অধিক কেলৰিৰ পৰিমাণ আৰু ১৯৮০ চনৰ শেষৰ ফালে প্ৰায় ২ কোটি পৰিয়ালৰ অৰ্থাৎ প্ৰায় ১০ কোটি লোকৰ জীৱিকাৰ উৎস।
-
এ টি এম কাৰ্ড
এ টি এম কাৰ্ড কোনো বিত্তীয় প্ৰতিষ্ঠানে (অৰ্থাৎ বেংক আদি) প্ৰদান কৰা নিৰ্দিষ্ট পেমেণ্ট কাৰ্ড, যিয়ে গ্ৰাহকক নিজৰ আৰু আনৰ স্বয়ংক্ৰিয় টেলাৰ মেচিন (এ টি এম)ৰ জৰিয়তে তেওঁলোকৰ বিত্তীয় একাউণ্টত প্ৰৱেশ কৰিবলৈ সুবিধা দিয়ে আৰু, কিছুমান দেশত অনুমোদিত ক্ৰয় কেন্দ্ৰত খুচুৰা লেনদেন কৰিবলৈ দিয়া হয়।
-
এন ৱাৰ্ড (মুদ্ৰক)
এন ৱাৰ্ড (১৭১৫/১৬ – ১০ এপ্ৰিল ১৭৮৯) এগৰাকী ব্ৰিটিছ প্ৰিণ্টাৰ আৰু ব্যৱসায়ৰ মালিক আছিল। ১৭৫৯ চনত স্বামী চিজাৰ ৱাৰ্ডৰপৰা তেওঁৰ ব্যৱসায় উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল আৰু ইয়ৰ্ক ক’ৰেণ্ট কাকত আৰু কেইবাখনো কিতাপ দুয়োখন ছপা কৰিছিল।
-
ঐশ্বৰ্য ঋতুপৰ্ণা প্ৰধান
ঐশ্বৰ্য ঋতুপৰ্ণা প্ৰধান (জন্ম: ১২ নৱেম্বৰ ১৯৮৩) হৈছে ভাৰতৰ প্ৰথম প্ৰকাশ্য ট্ৰান্সজেণ্ডাৰ অসামৰিক সেৱাকৰ্মী। তেওঁ ওড়িশা ফাইনেনচিয়েল চাৰ্ভিচেছ (OFS)-ৰ এগৰাকী বাণিজ্যিক কৰ বিষয়া হিচাপে পাৰাদ্বীপত কৰ্মৰত। পাব্লিক চাৰ্ভিচ কমিছনৰ পৰীক্ষাত সফল হৈ তেওঁ ২০১০ চনত OFS-ত যোগদান কৰে।
-
কংৰা চাহ
কংৰা চাহ ভাৰতৰ হিমাচল প্ৰদেশৰ কংৰা জিলাৰ এবিধ চাহ। ১৯ শতিকাৰ মাজভাগৰপৰা কংৰা উপত্যকাত ক’লা চাহ আৰু সেউজীয়া চাহ দুয়োটা উৎপাদন হৈ আহিছে। ২০০৫ চনত কংৰা চাহক ভৌগোলিক সূচক মৰ্যাদা দিয়া হৈছিল।
-
কলমকাৰী
কলমকাৰী (Kalamkari) হ'ল হাতেৰে অঁকা বা ব্লক-প্ৰিণ্টেড কটন টেক্সটাইল, যি ইচফাহান আৰু ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলঙ্গানাত উৎপাদিত হয়। কেৱল প্ৰাকৃতিক ভাবে উৎপাদিত ৰং আৰু ৰঞ্জকহে কলমকাৰীত প্ৰয়োগ হয়। এইবোৰ তেইশটা প্ৰক্ৰিয়াৰ মাজেৰে তৈয়াৰ হয়।
-
কাকজান চাহ বাগিছা
কাকজান চাহ বাগিছা যোৰহাট জিলাৰ মৰিয়নিৰ অন্তৰ্গত নকছাৰিৰ এখন লেখত লব লগীয়া বাগিছা ৷ ২০১১ চনত ইয়াৰ পৰা ভেলাগুৰি চাহ বাগিছাক পৃথক কৰাৰ আগলৈকে, কাকজান চাহ বাগিছা এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিছা হিচাপে পৰিগণিত হৈছিল৷
-
কাৰ্টেল
কাৰ্টেল (Cartel) হৈছে স্বতন্ত্ৰ বজাৰ-অংশগ্ৰহণকাৰীৰ এটা গোট যি তেওঁলোকৰ লাভৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আৰু বজাৰত আধিপত্য বিস্তাৰ কৰিবলৈ ইজনে সিজনৰ সৈতে মিত্ৰতা কৰে। কাৰ্টেল সাধাৰণতে একে ব্যৱসায়িক ক্ষেত্ৰৰ সংগঠন অৰ্থাৎ প্ৰতিদ্বন্দ্বীসকলৰ মিত্ৰতা।
-
কুবা শিল্প
কুবা শিল্পত বিভিন্ন ধৰণৰ মাধ্যমৰ শৃংখল থাকে, যাৰ বহুখিনি কুবা ৰাজ্যৰ মুখীয়াল আৰু ৰজাৰ দৰবাৰৰ বাবে সৃষ্টি কৰা হৈছিল। এনে কামত প্ৰায়ে সজ্জাৰ বৈশিষ্ট্য আছিল, য’ত শামুকৰ খোলা আৰু জন্তুৰ ছাল (বিশেষকৈ নাহৰফুটুকী) ধন, প্ৰতিপত্তি আৰু ক্ষমতাৰ প্ৰতীক হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।