অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

নেচনেল ষ্টক একচেঞ্জ

নেচনেল ষ্টক এক্সচেঞ্জ অফ ইণ্ডিয়া লিমিটেড (NSE) (এন.এছ.ই.) হৈছে মুম্বাইস্থিত ভাৰতৰ এক আগশাৰীৰ ষ্টক এক্সচেঞ্জ। এনএছই বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান যেনে বেংক আৰু বীমা কোম্পানীৰ মালিকানাধীন। নেচনেল ষ্টক একচেঞ্জ ১৯৯২ চনত প্ৰতিষ্ঠা কৰা হৈছিল।ব্যৱসায়ৰ ক্ষেত্ৰত এইটো বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টক এক্সচেঞ্জ।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ৩৩৮ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ
২০০০ আৰু ২০২৪ চনৰ ভিতৰত এনআইএফটিৱাই ৫০ (NIFTY 50)সূচকাংকৰ প্ৰদৰ্শন
২০০০ আৰু ২০২৪ চনৰ ভিতৰত এনআইএফটিৱাই ৫০ (NIFTY 50)সূচকাংকৰ প্ৰদৰ্শনছবি: Skratata69 · Public domain

নেচনেল ষ্টক এক্সচেঞ্জ অফ ইণ্ডিয়া লিমিটেড (NSE) (এন.এছ.ই.) হৈছে মুম্বাইস্থিত ভাৰতৰ এক আগশাৰীৰ ষ্টক এক্সচেঞ্জ। এনএছই বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান যেনে বেংক আৰু বীমা কোম্পানীৰ মালিকানাধীন। নেচনেল ষ্টক একচেঞ্জ ১৯৯২ চনত প্ৰতিষ্ঠা কৰা হৈছিল।১ব্যৱসায়ৰ ক্ষেত্ৰত এইটো বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টক এক্সচেঞ্জ।২ ইয়াৰ ভি-ছেট টাৰ্মিনেলবোৰ ভাৰতৰ ৩২০খন চহৰত বিস্তৃত। এক আধুনিক আৰু সম্পূৰ্ণ স্বয়ংক্ৰিয় স্ক্ৰীণ-আধাৰিত ইলেক্ট্ৰনিক ট্ৰেডিং প্ৰণালী প্ৰদান কৰা এন.এছ.ই. হৈছে দেশৰ প্ৰথম বিনিময়ক। এন.এছ.ই.-ৰ সূচক- নিফটি ৫০(ৰাষ্ট্ৰীয় সূচক ফিফটি) ভাৰত আৰু সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলে ভাৰতীয় মূলধন বজাৰৰ বেৰোমিটাৰ হিচাপে ব্যাপকভাৱে ব্যৱহাৰ কৰে।

ইতিহাস

ভাৰতীয় ইকুইটি বজাৰত স্বচ্ছতা অনাৰ বাবে ১৯৯২ চনত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ অন্তৰ্ভুক্ত কৰা হৈছিল। ১৯৯১ চনত ফেৰৱানী সমিতিয়ে ৩নিৰ্ধাৰণ কৰা পৰামৰ্শৰ ওপৰত আধাৰিত কৰি ভাৰত চৰকাৰৰ নিৰ্দেশত নেচনেল ষ্টক একচেঞ্জ বা চমুকৈ এনএছই স্থাপন কৰা হৈছিলআৰু ১৯৯২ চনত আইডিবিআইৰ(IDBI) দ্বাৰা নিযুক্ত পাঁচজনীয়া সদস্যৰ (ৰবি নাৰায়ণ, ৰাঘৱন পুত্ৰন, কে কুমাৰ, চিত্ৰ শংকৰণ আৰু আশিসকুমাৰ চৌহান) এটা দলে এই বিষয়ে খচৰা প্ৰস্তুত কৰিছিল। সদস্যপদৰ ব্যৱসায় কৰাটো দালালৰ এটা গোটত সীমাবদ্ধ থকাৰ পৰিৱৰ্তে, এন.এছ.ই.-য়ে নিশ্চিত কৰিছিল যে যিকোনো ব্যক্তি যোগ্য, অভিজ্ঞ আৰু নিম্নতম বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰা লোকক বাণিজ্য কৰিবলৈ অনুমতি দিয়া হ'ব।৪ এন.এছ.ই. বা নেচনেল ষ্টক একচেঞ্জ লিমিটেডে ১৯৯৪ চনৰ ৩০ জুনত পাইকাৰী ঋণ বজাৰ (ডব্লিউ.ডি.এম.) শাখা আৰু ইকুইটি শাখাৰ কাম ১৯৯৪ চনৰ ৩ নভেম্বৰ তাৰিখে কাম আৰম্ভ কৰিছিল। ৫ইলেক্ট্ৰনিক বাণিজ্য সুবিধা প্ৰৱৰ্তন কৰা এইটো ভাৰতৰ প্ৰথম বিনিময়ক আছিল।৬ ইয়াৰ কাৰ্যকলাপ আৰম্ভ হোৱাৰ এবছৰৰ ভিতৰতে এনএছই-ত দৈনিক কাৰ্যকলাপ বোম্বাই ষ্টক একচেঞ্জতকৈ অধিক হয়।

ডেৰিভেটিভ শাখাত কাৰ্যকলাপ ২০০০ চনৰ ১২ জুন ৭ তাৰিখে আৰম্ভ হৈছিল। ২০০৮ চনৰ আগষ্ট মাহত এনএছইয়ে মুদ্ৰা ডেৰিভেটিভ প্ৰৱৰ্তন কৰে।৮

বজাৰৰ সময়

শনিবাৰে আৰু দেওবাৰৰ বাহিৰে সপ্তাহৰ প্ৰতিদিনে ইকুইটি লেনদেন হয়। ইয়াৰ উপৰিও, বিনিময়ৰ দ্বাৰা নিৰ্ধাৰিত ৰাজহুৱা বন্ধবোৰত লেনদেন কৰা নহয়। ইকুইটিৰ বাবে বজাৰৰ সময় নিম্নলিখিত ধৰণৰ:

প্ৰাক-মুক্ত বজাৰৰ সময়

  • লেনদেনৰ তথ্য প্ৰবিষ্ট কৰিবলৈ আৰু পৰিৱৰ্তন কৰিবলৈ ৰাতিপুৱা ৯:০০বজাত খোলে।

ৰাতিপুৱা ৯:০৮ বজাত বন্ধ হয়।

  • কেতিয়াবা ই এক মিনিটত ৰৈ যায়। ই বন্ধ হোৱাৰ লগে লগে, লেনদেনৰ পৰিমাণ মিলাবলৈ আৰম্ভ কৰে।

নিয়মীয়া বজাৰৰ সময়

  • ৰাতিপুৱা ০৯:১৫ বজাত, বজাৰখন নিয়মীয়া লেনদেনৰ বাবে খোলে।
  • লেনদেন প্ৰক্ৰিয়াটো আবেলি ০৩:৩০ বজাত সমাপ্ত হয়।
  • পৰৱৰ্তী দিনৰ আবেলি ০৪:০০ বজাৰ পৰা ০৯:০০ বজালৈ বজাৰৰ পিছৰ সময় বুলি গণ্য কৰা হয়।

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ www.nseindia.com/national-stock-exchange/history milestones
  2. ↑ economictimes.indiatimes.com/markets/stocks/news
  3. ↑ www.indiatoday.in/magazine/economy/story/1991093
  4. ↑ www.thehindu.com/business/markets/National-Stock
  5. ↑ www.nseindia.com/products/content/debt/wdm/ndm.h
  6. ↑ www.livemint.com/market/stock-market-news/despit
  7. ↑ www.livemint.com/news/india/india75-history-of-s
  8. ↑ www.livemint.com/Home-Page/TSlohUtvuNKds9Ciz6cpY

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেচনেল ষ্টক একচেঞ্জ” প্ৰবন্ধৰ সংশোধন ৫৭২৫৯০ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।