অসমৰ তেল শোধনাগাৰ
৪ প্ৰবন্ধ
-
গুৱাহাটী তেল শোধনাগাৰ
গুৱাহাটী তেল শোধনাগাৰ (Guwahati Refinery) অসমৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটীৰ নুনমাটিত অৱস্থিত এখন খাৰুৱা তেলৰ শোধনাগাৰ। গুৱাহাটী তেল শোধনাগাৰ ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ প্ৰথমটো শোধনাগাৰ। ১৯৬২ চনত ৰোমানিয়াৰ সহায়ত ১৭.২৯ কোটি টকাত এই শোধনাগাৰটো স্থাপন কৰা হৈছিল।
-
নুমলীগড় তেল শোধনাগাৰ
নুমলীগড় তেল শোধনাগাৰ (Numaligarh Refinery) অসমৰ গোলাঘাট জিলাৰ খুমটাই সমজিলাৰ নুমলীগড়ত অৱস্থিত এটা খাৰুৱা তেলৰ শোধনাগাৰ। অসম আন্দোলনৰ পাছত হোৱা স্বাক্ষৰিত হোৱা চুক্তি অনুসাৰে চতুৰ্থটো ৩ মিলিয়ন মেট্ৰিক টন ক্ষমতাৰ শোধনাগাৰটো স্থাপন কৰা হৈছিল। এই শোধনাগাৰটোৰ ১২.৩৪ শতাংশৰ অংশীদাৰ হৈছে অসম চৰকাৰ।
-
বঙাইগাঁও তেল শোধনাগাৰ
বঙাইগাঁও তেল শোধনাগাৰ (Bongaigaon Refinery) অসমৰ চিৰাং জিলাৰ (আগৰ বঙাইগাঁও জিলাৰ) ঢালিগাঁৱত অৱস্থিত এখন খাৰুৱা তেলৰ শোধনাগাৰ আৰু পেট্ৰ'ৰাসায়নিক শাখা। অসমত উৎপাদিত খাৰুৱা তেল বিহাৰৰ বাৰাউনী শোধন কৰিবলৈ শোধনাগাৰ স্থাপন কৰা প্ৰতিবাদত অসমবাসীয়ে আন্দোলন কৰি অসমৰ তৃতীয়টো শোধনাগাৰ বঙাইগাঁৱত পাবলৈ সক্ষম…
-
ডিগবৈ তেল শোধনাগাৰ
ডিগবৈ তেল শোধনাগাৰ (Digboi Refinery) অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত এখন খাৰুৱা তেলৰ শোধনাগাৰ। ১৯০১ চনত অসম ৰে’লৱে আৰু ট্ৰেডিং কোম্পানীয়ে এই শোধনাগাৰটো স্থাপন কৰিছিল। সুদীৰ্ঘ ১০০ বছৰৰ ডেওনা পাৰ কৰা এইটোৱেই এছিয়াৰ সৰ্বপ্ৰথম শোধনাগাৰ।